কিছুমান কথা কেতিয়াও পাহৰিব নোৱাৰি । কালৰ সোঁতত সেইবোৰ কেতিয়াবা মনৰ অতল তলীত সুপ্ত হৈ থাকিলেও কেতিয়াবা সময় পালেই হঠাৎ সাৰ পাই উঠে । মধুৰ স্মৃতিয়ে ওঁঠলৈ বোৱাই আনে এটা মিঠা মিচিকিয়া হাঁহি, হৃদয়লৈ বোৱায় আনে সুখৰ নিজৰা আৰু দুখময় স্মৃতিয়ে বুকুত তুলে হুমনিয়াৰ কলীয়া ডাৱৰৰ ঢৌ । এটা তেনেকুৱাই দুখদায়ক স্মৃতিয়ে মাজে মাজে মোক জোকাই যায়, দি যায় এমুঠি বেদনা যি মোৰ হৃদয়জুৰি তোলে কৰুণ সুৰৰ ৰাগিনী । তেতিয়া মই তৃতীয় শ্ৰেণীত পঢ়ো । নিচেই সৰু আছিলো যদিও কথাবোৰ কিছু বুজিব পৰা হৈছিলো । আমাৰ পঢ়াশালিত আমাৰ লগতে পঢ়া লগৰ সমনীয়া আছিল দুগৰাকী ভাই ভনী, বিশ্বজিত আৰু বিনীতা । বিনীতা আছিল আমাৰ কাণ সমনীয়া আৰু বিশ্ব আমাতকৈ বয়সত ডাঙৰ আছিল । সিহঁতৰ ঘৰো আছিল স্কুলখনৰ নিচেই কাষতে । সেয়ে প্ৰায় সদায়েই সিহঁত পঢ়াশালিলৈ আহিছিল । এবাৰ সিহঁত একেৰাহে কেইবাদিনো পঢ়াশালিলৈ অহা নাছিল । আমি সমনীয়াবোৰে সিহঁতৰ কাষতে থকা সমনীয়া কিছুমানক সিহঁত দুটা কেলেই স্কুললৈ অহা নাই সুধিলো । সিহঁতৰ কথা শুনি আমি আটায়ে হতবাক । সিহঁতে ক'লে যে সিহঁতৰ মাক দেউতাকৰ বিচ্ছেদ হৈছে । সেইটো বয়সত বিচ্ছেদ সম্পৰ্কে আমাৰ তেনে কোনো ধাৰণা হোৱা নাছিল । সেয়া আমাৰ বাবে আছিল সপোনৰো অগোচৰ, এক অপাৰ বিস্ময় । জীৱনত প্ৰথমবাৰ এক বিস্ময়কৰ অভিজ্ঞতা হৈছিল ।
বিচ্ছেদ হোৱা বাবে মাক - দেউতাক একেলগে নাথাকে । সিহঁত দেউতাকৰ লগত থাকে দেউতাকৰ পৰিয়ালৰ লগত । মাকে চাকৰী কৰে, বেলেগে থাকে । সিদিনা শনিবাৰে স্কুল ছুটিৰ পিছত মাক সিহঁতলৈ ৰৈ আছিল হেনো । সিহঁতলৈ পুতলা, চকলেট, বিস্কুট, নতুন কাপোৰ আনি সিহঁতক দিছিল মৰমতে । দেউতাকে সিহঁতৰ হাতত উপহাৰবোৰ দেখি কোনে দিলে, ক'ত পালে সুধিলে । সিহঁতৰ মাকে সেইবোৰ দিয়া বুলি জানিব পাৰি দেউতাক সিহঁতৰ ওপৰত খড়্গহস্ত হৈ উঠিল আৰু উধাই মুধাই সিহঁতক পিটিলে । সেয়াই নহয় সিহঁতক স্কুললৈকো আহিবলৈ নিদিয়ে হেনো । কিন্তু সিহঁত অৱশ্যে পিছলৈ স্কুললৈ আহিছিল । এই কথাখিনি কেতিয়াবা মোৰ মনত পৰে, যেতিয়াই মনত পৰে বুকুখন যেন কৰবাত এক অজান বিষত বিষাই উঠে ।তেতিয়া হয়তু কথাবোৰ বৰ ভালকৈ বুজা নাছিলো । মাথো বুজিছিলো দেউতাকে তেনেকৈ সিহঁতহালক মাৰি ভাল কাম কৰা নাই । মাকজনীতো আহিবই সিহঁতক চাবলৈ বা সিহঁতেওতো বিচাৰিব নিজৰ মাকক । কেৱল সিমানেই বুজিছিলো । আজি বহুত কথাই বুজিব পৰা হৈছোঁ । বুজিব পৰা হৈছোঁ এটা পৰিয়ালৰ গুৰুত্ব । মাক দেউতাকৰ বাবে সন্তান যিমান মৰমৰ, সন্তানৰ বাবেও মাক দেউতাৰ অতিশয় মৰমৰ । মাক - দেউতাক কোনো এজনকে বাদ দি কোনো সন্তানে পৰিয়ালৰ কথা চিন্তা কৰিব নোৱাৰে । মাৰ - দেউতাকৰ মৰমৰ উমত জীপাল হয় সিহঁতৰ কোমল মনবোৰ । মই আজি অনুভব কৰিব পাৰিছোঁ সন্তানে কেৱল মাককহে নিবিচাৰে, দেউতাককো সমানে বিচাৰে । সিহঁতৰ বাবে মাকৰ মৰমৰ গুৰুত্ব যিমান, দেউতাকৰ মৰমৰ গুৰুত্ব তাৰ তুলনাত কোনো গুণে কম নহয় । কোনো মাক বা দেউতাকৰ যদি মৃত্যু হয় তেন্তে কথা সুকীয়া । পিতৃ-মাতৃৰ বিয়োগৰ শোক কিমান বেদনাদায়ক সেই কথা বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই বোধকৰোঁ । তথাপি থাকিও নাথাকাতো যে কিমান বেদনাদায়ক ! মই ভাবো, পতি-পত্নীয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, সিহঁতৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে এজনে আনজনৰ প্ৰতি কিছু সহনশীল হ'ব পাৰে । এটা পৰিয়ালত নানান সমস্যা আহিব পাৰে, সেই সমস্যাবোৰ দুয়ো বুজা পৰাৰ মাজেৰে সমাধানৰ পথ উলিয়াব পাৰে । এই ক্ষেত্ৰত কোনো হিতৈষী বন্ধু-বান্ধৱ, তথা বয়োজ্যোষ্ঠজনৰ সহায়ে সমস্যাৰ সমাধানত অৰিহণা যোগাব পাৰে ।বিচ্ছেদে সমস্যাৰ সমাধান নকৰে, বৰং দুগুণ বঢ়াইহে । কিন্তু শিশুৰ ভৱিষ্যত বিকলাংগ কৰি তোলে ই ধুৰূপ ।
সাৰদা শ্ৰেষ্ঠ
১৪.০২.১২
(নীলা চৰাইত প্ৰকাশিত)
No comments:
Post a Comment