মিছা কথাৰ ঠেং(১)
আপুনি মিছা কথা কয়নে ? আপুনি কেতিয়াও মিছা কোৱা নাই বুলি বুকুত হাত দি নিশ্চয় আপুনি ক'ব নোৱাৰে । ধৰ্মৰাজ বুলি প্ৰসিদ্ধ যুধিষ্ঠিৰেও মিছাৰ কাষ চাপিবলৈ বাধ্য হৈছিল । অশ্বস্থমা হত ইতি গজ । আমিনো কোন কুটা ? মিছা কথাৰ হেনো ঠেং চুটি । আপোনালোকেও কিজানি কথাটো শুনিছে । মই সৰুতেই শুনিছিলো । মিছা কথাৰ যে ঠেং আছে তেতিয়া মই বিশ্বাস কৰা নাছিলো । কিন্তু আজি অনুভব কৰোঁ মিছা কথাৰ ঠেং সঁচাকৈয়ে আছে । তাৰ প্ৰমাণ মই পাই থৈছোঁ ।
মই মিছা কথা সাধাৰণতে নকওঁ । প্ৰায়েই ধৰা পৰোঁ । অৱশ্যে একেবাৰে সত্যবাদীও নহওঁ । কেতিয়াবা নকলে নোহোৱা মিছা কথা কওঁ, সেইবোৰে কাৰো একো অপকাৰ নকৰে । তেনেবোৰ মিছা কথা কৈয়ো কিজানি অন্য এক মজা আছে । এবাৰ কি হ'ল জানেনে ? এজন আদহীয়া ব্যক্তি আমাৰ কাৰ্য্যালয়লৈ আহিল । কথা প্ৰসংগত তেখেতে প্ৰথমে মোৰ নাম সুধিলে । মই ভদ্ৰতাৰ খাতিৰত ভদ্ৰভাবেই উত্তৰ দিলো । তাৰ পাছত আকৌ মই ক'ত থাকো সুধিলে । সিদিনা মোৰ মুৰটো অলপ গৰমেই হৈ আছিল, মানুহজনৰ এই অলাগতিয়াল (মোৰ বাবে সেইসময়ত সেইটো অলাগতিয়াল কথাই আছিল) কথা শুনি টিঙিছকৈ খং উঠি আহিল । কি দৰকাৰ মই ক'ত থাকো ? কিয়ই বা লাগে ? কাম নাই আৰু !! বিৰক্তি ভাব মুখলৈ আহিবলৈ নিদিলোঁ । যিহওঁক মোতকৈ বয়সত ডাঙৰ.....গতিকে ভদ্ৰভাবেই উত্তৰ দিলো - ''কুমাৰপাৰাত'' । মানুহজন মোৰ উত্তৰ শুনি অলপ উৎসাহিত হল, ক'লে - ''কুমাৰপাৰাৰ কোনখিনিত ?'' কথাশুনি মোৰ আৰু খং উঠিল, পেটে পেটে ভাবিলো, কাম নাই আৰু কত থাকো তাকো লাগে....হুহ । খং ভাব মুখলৈ আহিবলৈ নিদি গহীনাই ক'লো - "কুমাৰ পাৰাৰ পাঁচআলিটোৰ ওচৰতে ।" মানুহজন এইবাৰ দুগুণ উৎসাহিত হ'ল, আকৌ পেঘেনিয়াবলৈ লাগিল - "হয় নেকি ? কোৱাচোন ঠিক কোনখিনিত । ময়ো কুমাৰপাৰাৰ বুঢ়াগোঁসাই থানৰ ওচৰতে থাকোঁ । তোমাক দেখোন দেখা মনত নপৰে !" হে হৰি ! এখেতো আকৌ তাতেই থাকিবলৈ পায়নে.....ভিতৰি ভিতৰি মই ভোৰ ভোৰাই উঠিলো...মহা মস্কিল, ফাঁকিতো কামত নাহিল । সামান্য ঘাম কপালত বিৰিঙি উঠিল মোৰ । এতিয়া কি কৰা যায়....মানুহজনৰ পৰা কেনেকৈ হাত সৰা যায় ! আৰু বা কি কি সোধে ? মিছাৰ মালা গঁঠাৰ অভ্যাস নাই । মানুহজনৰ মুখামুখি হোৱাৰ সাহস মোৰ তেতিয়া নাছিল...আন কিবা কামৰ অজুহাত দেখুৱাই মই পলাই পত্ৰং দিলো সেই ঠাইৰ পৰা ।
গ'ল কথা গুছিল, ঘটনাটো মই পাহৰিছিলোৱেই । কিছুদিন মান পাছত এটা কাম লৈ মই গ'লো মোৰ মাহীহঁতৰ ঘৰলৈ । মাহী থাকে কাহিলীপাৰাত । মাহীৰ ঘৰত কিছুসময় হাঁহি স্ফুৰ্তি কৰি কটাবলৈ পালো কি নাই সোমাই আহিল এজন আগন্তুক । দেখিয়েই মোৰ ধাতু ওলাই বাজ হোৱাৰ অৱস্থা হ'ল । সেইজন স্বয়ং সিদিনা মই ৰাম ফাঁকি দিয়া মানুহজন ! মোৰ অৱস্থা ফাট দিয়া বসুমতী পাতালে লুকাওঁ । মহাই হাঁহি হাঁহি আগবাঢ়ি আহি মানুহজনক আদৰি আনিলে ভিতৰলৈ । গম পালো মানুহজন মহাৰ বন্ধু । মোৰ লগত চিনাকি কৰি দিবলৈ নাপাহৰিলে । মোৰ চিনাকি দি তেখেতে ক'লে - ''এয়া মোৰ ভতিজী ছোৱালী ।'' মই মানুহজনক প্ৰতি নমস্কাৰ দিলো । মানুহজনে ক'লে - "অ...এওঁক মই সিদিনা লগ পাইছিলো....।" মই সেমেনা সেমেনিকৈ হাঁহিলো । তাত আৰু তেখেত সকলৰ লগত থকাৰ সাহস মোৰ ন'হল......আৰু বা কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হয় । খৰধৰকৈ মই মহাহঁতৰ পৰা বিদায় লৈ ভিতৰ পালোগৈ । সিদিনাৰ পৰা মই কেতিয়াও মোৰ ঠিকনা কাকো ভুলকৈ নকওঁ । দুনাই আকৌ লাজত পৰিব পাৰি নেকি বাৰু ???
মিছা কথাৰ ঠেং (২)
কিছুমান মিছা কথাই সম্পৰ্কবোৰৰ মাজত সৃষ্টি কৰিব পাৰে, বহু দূৰত্বৰ ।
আন এটা কলেজীয়া দিনৰে ঘটনা । এটা বিষয়ৰ প্ৰসংগ পুথি বিচাৰি আমি হায়ৰাণ ।পানবজাৰৰ কেইবাখনো কিতাপৰ দোকান, লাইব্ৰেৰীবোৰত বিচাৰি চলাথ কৰিলো । নাইযে নাইয়েই, সেইবিষয়ৰ কোনো কিতাপেই নাই, ইফালে পৰীক্ষালৈ মাত্ৰ দুমাহমানহে বাকী । এনে দুৰ্য্যোগৰ সময়তেই বন্ধু এজনে কৰবাৰ পৰা হাতে লিখা নোট এখন আনি দিলেহি । দিওঁতে কলে - এইখন কিন্তু কাকো নিদিবা আৰু পোৱা বুলিও আন কাকো নকবা । সেইখন কেৱল সি মোক বুলিহে দিছে...। মই হোলাৰ ভাই মোলা । তাক কথা দিলো, কাকো নিদিওঁ আৰু নকওঁ ।
সাধাৰণতে নাৰীজাতিৰ এটা দুৰ্নাম আছে - পেটত একো কথা নাথাকে । দুয়োখন কাণেৰে কথাবোৰ শুনে আৰু মুখেৰে সকলো উলিয়াই দিয়ে । মই সেই দুৰ্নাম যিমান পাৰোঁ খণ্ডন কৰিবলৈ চেষ্টা কৰোঁ । কিয় কথা ৰাখিব কেৱল পুৰুষেহে পাৰে নেকি ? আমিও পাৰোঁ, সেয়ে কথা দিলে কথা ৰাখিবলৈ চেষ্টা কৰোঁ । মোৰ আন এটা দুৰ্বলতাও আছে, মোৰ ওচৰত থকা বস্তু কোনোবাই বিচাৰিলে সাধাৰণতে মই নাই বুলি কব নোৱাৰোঁ । বহুতে মোৰ এই দুৰ্বলতাৰ সদব্যৱহাৰ কৰে । অৱশ্যে তাৰ বাবে মই বহুতৰ পৰা মই বিচৰাখিনিও পাইছোঁ । কিছু দিব লাগে কিছু লব লাগে - কথাষাৰ মই বিশ্বাস কৰোঁ । এবাৰ মোৰ লগৰ ছোৱালী এজনীয়ে মোক আমি হাবাথুৰি খাই বিচাৰি থকা নোটৰ কথা সুধিলে । মনত তীব্ৰ দুখ থাকিলেও মই মিছা মাতিলো, উপাই নাই বন্ধুজনক কথা দি থৈছোঁ । তাই মোক আচৰিত হৈ সুধিলে - তোমাক মঞ্জুৱে দিয়া নাই ? মই মঞ্জুৱে যে মোক একো নোট দিয়া নাই তাইক কলো । তাই নোটখন পাইছে । তাই উৎসাহেৰে কৈ গল - মঞ্জুৱে মোক নোটখন দিছিল, তুমি নাই পোৱা যদি লৈ যোৱা । মোক আকৌ ঘূৰাই দিবা । মঞ্জুক হেনো দীপকে দিছিল । তাই নোটখন আনি মোৰ হাতত দিলে । নোটখন দেখি মই বিৰ্চূতি খালো । সেইখন মোক কিছুদিন আগতে দীপকে দিয়াখনেই । বিস্ময়ত,খঙত,দুখত মই ম্ৰিয়মান হৈ পৰিলো । কি দৰকাৰ আছিল মোক এনেকৈ হেয় প্ৰতিপন্ন কৰাৰ ! মোৰ সৰলমনা বান্ধৱীজনীয়েতো নাজানে সেইখন মই কেতিয়াবাই পাইছিলো, দীপকৰেই কথা ৰাখি মই তাইক মিছা কৈছিলো । এজনৰ অপ্ৰিয় বিশ্বাস ৰাখিবলৈ গৈ মোৰ প্ৰতি থকা তাইৰ যি সহজ সৰল বিশ্বাস তাক জানো মই আঘাত নিদিলো । আন দুখত কৈ সেই দুখে মোক খুলি খুলি খাবলৈ ধৰিলে । মই তাইৰ পৰা নোটখন ললো । সেইখন লৈ চিধাই মোৰ ভণ্ড বন্ধুজনৰ ওচৰলৈ আহিলো । তীব্ৰ খঙত কঁপিছিলো মই । তাৰ ওচৰত তাৰ নোটখন দলিয়াই দি সুধিলো - "এইবোৰ ধেমালি কিয় ? মোক কেলৈ কৈছিলা মই আন কাকো এইখন পোৱা বুলি ক'ব নালাগে ?" সিদিনা সি সেমেকা নিৰ্লজ হাঁহিৰে নিৰুত্তৰ হৈয়ে ৰ'ল মোৰ ওচৰত । খঙে দুখে অপমানে মই জলন্ত অগ্নিকুণ্ড হৈ তাৰ পৰা বিদায় লৈছিলো । সি লাজ পালে নে নাপালে নাজানিলো, মই কিন্তু তীব্ৰ লাজ পালো মোৰ সেই বান্ধৱীজনীৰ আগত । সিদিনা সেই ভণ্ড বন্ধুজনে মোৰ ওচৰত হেৰুৱাইছিল বন্ধুত্বৰ মূল্য । সেইখন লৈ মই পুণৰ মোৰ ঘৰলৈ ঘূৰি আহিলো । কাৰণ মই সেইখন লিখি মোৰ বান্ধৱীজনীৰ হাতত গতাবলৈ আছে !
(৩)
নিশা ৯টা মান বাজিছে । মই ৰান্ধনীশালত ৰন্ধাত ব্যস্ত । তেনেতে মোৰ মোবাইলটো বাজি উঠিল সশব্দে । মোবাইলটো তুলি লৈ সঁহাৰি জনালোঁ । মোৰ সঁহাৰি পাই সি ফালৰ পৰা নাৰী কণ্ঠই সুধিলে - "তুমি সাৰদাই কৈছা নেকি" ? মই হয় বুলি উত্তৰ দিলো । সিফালৰ পৰা আকৌ ক'লে - "মই অজন্তাৰ মায়ে কৈছোঁ....তুমি আজি ভঙাগড়লৈ আহিছিলা নেকি" ? মই ভয়ঙ্কৰ ভাৱে আচৰিত হ'লো । দিনটো অফিচত ব্যস্ত, অফিচৰ পৰা ওলায়েই কেতিয়া ঘৰ গৈ পাওঁ তাৰে ধান্দাত থাকোঁ । ভঙাগড়লৈ যাবলৈ মোক কিবা পগলা কুকুৰে কামুৰিছে নেকি ? পৰম বিস্ময়েৰে উত্তৰ দিলো - "নাইতো মই ভঙাগড়লৈ আজিয়েই কিয়...বহুদিন হ'ল যোৱা নাই ! কিয় সুধিলে জানিব পাৰোনে" ? অজন্তাৰ মাকে পুণৰ ক'লে - "নহয় মই ভঙাগড়লৈ গৈছিলো, বজাৰ অলপ কৰিবলৈ । তাত তোমাক দেখা যেন পালো । তোমাৰ নিচিনা কাৰোবাক দেখিলো কিজানি তেনেহ'লে। সোধা বাবে বেয়া নাপাবা দেই"। মই বেয়া নাই পোৱা বুলি কোৱাত তেখেতে ''আজিলৈ ৰাখোঁ'' বুলি ফোনৰ কানেকচন কাটি দিলে । তেখেতে ফোনৰ লাইন কাটি দিলে হয়...পিছে মোৰহে মগজুৰ তাঁৰবোৰ লাহে লাহ গৰম হ'বলৈ ধৰিলে । কোনো দিনা অজন্তাৰ মাকে কিয় দৰকাৰ নপৰিলে অজন্তায়ো মোক ফোন নকৰে । অজন্তা মোৰ সহকৰ্মী । এই ৰাতিখন মাকে সেইটোকে সুধিবলৈ মোক ফোন কৰিলেনে ? কথাটোত মই কিবা ৰহস্যৰ গোন্ধ পালো । যিমানে কথাটো ভাবিলো, সিমানে মূৰটো বেছিকৈহে গৰম হৈ আহিল । নাই ইয়াৰ শুংসূত্ৰ নাপালে মোৰ মূৰটো ফাটিব । মই লগে লগে আমাৰে সহকৰ্মী শৰ্মালৈ ফোন কৰিলো । অজন্তাহঁতৰ ঘৰৰ লগত তেখেতৰ ভাল পৰিচয় আছে । অজন্তায়ো বহুসময়ত তেখেতৰ সৈতেহে কথাবোৰ শ্বেয়াৰ কৰে । শৰ্মাৰ কথাৰ পৰা বুজিলো অজন্তাই মোৰ কান্ধত বন্দুক থৈ গুলীয়াবলৈ চেষ্টা কৰিছিল, পিছে ব্যৰ্থ হ'ল । তাই অফিচৰ পৰা ডেটিংলৈ গৈছিল । ঘৰ গৈ পাওঁতে বহু পলম হ'ল । মাকৰ জেৰাৰ কোবত জীয়া ফাঁকি এটা দিলে, মোৰ লগত ৰুবীৰ মাকৰ খবৰ ল'বলৈ ভঙাগড়লৈ গৈছিল । তাতেই বেমাৰীৰ লগত লাগি থাকিব লগীয়া হোৱাত পলম হ'ল । ৰুবীৰ মাক বহুদিনৰ পৰা ভঙাগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন । ৰুবীও আমাৰ লগৰে সহকৰ্মী । মাকৰ সন্দেহ হোৱাত মোক ফোন কৰি সুধিলে । শৰ্মাকো হেনো মাকে ফোন কৰি তাইৰ বিৰুদ্ধে বিষোদগাৰ কৰিছিল । মই শৰ্মাৰ পৰা আদ্যোপান্ত জানি কিছু আস্বস্ত্ব হলো যদিও অজন্তাজনীৰ কথা ভাবি পুণৰ ধৰফৰাই উঠিলো । মোৰ পৰা বিতং জনাৰ পাছত মাকে তাইক কিমান যে ধুলে তাৰ ঠিক নাই ।