Monday, 11 May 2015

হাজাৰ টকাৰ এটা সৰু কাহিনী

  হাজাৰ টকাৰ এটা সৰু কাহিনী

"এই হিতেশ...হাজাৰ টকাটোৰে কি কৰিলি ?" ৰাজীৱৰ প্ৰশ্নত হিতেশ আচৰিত হ’ল, ক’লে – "হাজাৰ টকাৰে কি কৰিলি মানে ?" "পাহৰিলি ? তই যে মোৰ পৰা হাজাৰ টকা এটা লৈ গৈছিলি" – ৰাজীৱে হিতেশক হাজাৰ টকীয়াৰ কথা সুঁৱৰাই দিবলৈ যত্ন কৰিলে । "ঐ... ঐ......কথা নকবি ! মই তোৰ পৰা লৈ যোৱা নাছিলো, তোৰ পৰা সাতশ টকা দি কিনি লৈছিলো, তোৰ নকলি হাজাৰ টকাটো । হুহ্.......তোৰ টকা ! কথা চেলাবলৈ আহিছ...."- হিতেশৰ মুৰটো গৰম হৈ আহিল । হিতেশৰ কিছুদিনৰ আগৰ কথা মনত পৰিল । কাৰ্য্যালয়ত চাহখোৱা মেলত ৰাজীৱে কৈছিল তাৰ হাজাৰ টকাৰ কাহিনী । সি দেৱালীৰ কিছুদিন আগতে আটাচবাজী-আলোকসজ্জাৰ খৰচৰ বাবে এ.টি.মৰ পৰা টকা অলপ উলিয়াইছিল । তাতেই টকাবোৰৰ মাজত হাজাৰ টকীয়া এটা নকল আহিল । টকাটো সি তাৰ লগৰ কেইটাক দেখুৱাইছিল । সকলোৰে মাজত কিছুসময় সৰস আলোচনা চলিল নকল টকাক লৈ । হিতেশে তাক টকাতো খুজিছিল যদিও ৰাজীৱে তাক টকাটো দিবলৈ অস্বীকাৰ কৰিছিল । অৱশেষত হিতেশে সাতশ টকা দি তাৰ পৰা নকল হাজাৰ টকাটো কিনি লৈছিল । নকল টকা ক'ত কেনেকৈ চলাব লাগে সি জানে ! ৰাজীৱে তাৰ মৌনতা ভাঙি পুণৰ সুধিলে – "তই একো নামাতিলি যে ! ক না কাৰ মূৰত কঁঠাল ভাঙিলি" -  ৰাজীৱ প্ৰায় অধৈৰ্য্য হৈ পৰিল তাৰ পৰা হাজাৰ টকীয়াৰ ৰসাল কাহিনী শুনিবলৈ । হিতেশে তাৰ মৌনতা ভাঙি ক’লে – "ইন্টেৰেচটিং বুজিছ । দেৱালীৰ দিনা মই ঝাণ্ডি মুণ্ডিত সোমালো নকলি হাজাৰ টকাটো লৈ...ভাগ্যক ধিয়াই....... ।"  তাৰ কথা শেষ নৌহওঁতেই ৰাজীৱে টপৰাই মাত দিলে – "তই হাৰিলি নে জিকিলি ?" "আৰে বাবা......কৈ আছোঁ, কৈ আছোঁ, ....কৈ আছোঁ । প্ৰথমদিনা জিকিলো তিনি হাজাৰ ছয়শ টকা । বিৰাট স্ফুৰ্তি লাগিল । পিছদিনা নেখেলোঁ বুলিয়েই ঠিক কৰি লৈছিলো । পিছে মনটোৱে নামানিলে । কিজানি আৰু জিকোৱেই ! সেই বুলি সিদিনাও গলো বেলেগ এঠাইত খেলিবলৈ ....ভেৰী বেড লাক ভাই । মই সিদিনা নোযোৱা হ’লেই ভাল আছিল । সিদিনা গাধ হাৰা দিলো ।জিকাখিনিটো হাৰিলোৱেই মোৰ নিজৰ পৰা আৰু পাঁচশমান টকা হাৰিলো" – দুখমনেৰে হিতেশে তাৰ হাজাৰ টকীয়া কাহিনী শেষ কৰিলে । তাৰ কথা শুনি ৰাজীৱৰো বেয়া লাগিল । ধেত্, হিতেশে পিছদিনা খেলিবলৈ নোযোৱা হ’লেই ভাল আছিল ! সি নিজেই অতিৰিক্ত পাঁচশ টকা হেৰুৱালে । সি উষ্মা মিহলি কণ্ঠেৰে ক’লে – "তইতো নিজে হাৰিলিয়েই...লগতে মোৰ টকা তিনিশও পানীত পেলালি ! কি দৰ্কাৰ আছিল আকৌ পিছদিনাও জুৱা খেলিবলৈ যাবলৈ । কাম বিচাৰি পোৱা নাছিলি হা ?" তাৰ কথা শুনি হিতেশ দস্তুৰমত আচৰিত হ’ল । "এই....এই...তই কি কলি ? তোৰ তিনিশ টকা মই পানীত পেলালো ! কি আবোল তাবোল বকিবলৈ লৈছ ? তোৰ মূৰটো ঠিকেই আছে নে ? মোৰ মূৰটো নাখাবি আৰু.......বুজিলি ?" –হিতেশৰ মূৰটো আকৌ গৰম হৈ আহিল । তাৰ খং দেখি ৰাজীৱে লাহেকৈ হাঁহিলে আৰু তাক বুজালে – "চা ভাই খং নকৰিবি । মই আচলতে তোক বুজাব খুজিছিলো যে...তই পিছদিনা খেলিবলৈ নগলে তই তিনি হাজাৰ ছয়শ টকা লাভত থাকিলি হেঁতেন । হয়নে নহয় ?" হিতেশে তাৰ কথা শুনি লাহেকৈ মূৰ দুপিয়ালে আৰু ক'লে – "ঠিক, কিন্তু তোৰ তিনিশ টকা মই কেনেকৈ পানীত পেলালো !! যা তা কথাবোৰ কিয় বকি থাক ?" দুষ্টামি ভৰা একোমোৰা হাঁহি লৈ সি ক'লে – "আৰে ....ভাই, তই কথাবোৰ একদম বুজি নাপাব ! তই ইমান টকা লাভত থকা হ'লে মোক তোৰ বন্ধু বুলি ভাবি মোৰ বাকী তিনিশ টকাও মোক নিদিলি হেঁতেন জানো ! মানে মোৰ নকলি হাজাৰ টকাৰ বিনিময়ত মই সাতশ টকাহে পাইছিলো, বাকী তিনিশ টকাও পালোহেঁতেন দেছোন তই ইমান টকা জিকা হ'লে ! ৰাজীৱৰ কথা শুনি হাঁহিবই নে কান্দিব হিতেশে ভাবি নাপালে, ক'লে – "ৱাহ ৰে দোস্ত ! মই পাঁচশ টকা হাৰিলো তাত একো নাই .....তাৰ নকলি তিনিশ টকা মইহে পানীত পেলালো ! তোৰ তিনিশটকাৰ কাৰণে ঘড়িয়ালৰ চকুপানী টুকিছ ? ৱাহ ৰে দুনীয়া ! দোস্ত হো তো এইচা !!"