Monday, 11 May 2015

হাজাৰ টকাৰ এটা সৰু কাহিনী

  হাজাৰ টকাৰ এটা সৰু কাহিনী

"এই হিতেশ...হাজাৰ টকাটোৰে কি কৰিলি ?" ৰাজীৱৰ প্ৰশ্নত হিতেশ আচৰিত হ’ল, ক’লে – "হাজাৰ টকাৰে কি কৰিলি মানে ?" "পাহৰিলি ? তই যে মোৰ পৰা হাজাৰ টকা এটা লৈ গৈছিলি" – ৰাজীৱে হিতেশক হাজাৰ টকীয়াৰ কথা সুঁৱৰাই দিবলৈ যত্ন কৰিলে । "ঐ... ঐ......কথা নকবি ! মই তোৰ পৰা লৈ যোৱা নাছিলো, তোৰ পৰা সাতশ টকা দি কিনি লৈছিলো, তোৰ নকলি হাজাৰ টকাটো । হুহ্.......তোৰ টকা ! কথা চেলাবলৈ আহিছ...."- হিতেশৰ মুৰটো গৰম হৈ আহিল । হিতেশৰ কিছুদিনৰ আগৰ কথা মনত পৰিল । কাৰ্য্যালয়ত চাহখোৱা মেলত ৰাজীৱে কৈছিল তাৰ হাজাৰ টকাৰ কাহিনী । সি দেৱালীৰ কিছুদিন আগতে আটাচবাজী-আলোকসজ্জাৰ খৰচৰ বাবে এ.টি.মৰ পৰা টকা অলপ উলিয়াইছিল । তাতেই টকাবোৰৰ মাজত হাজাৰ টকীয়া এটা নকল আহিল । টকাটো সি তাৰ লগৰ কেইটাক দেখুৱাইছিল । সকলোৰে মাজত কিছুসময় সৰস আলোচনা চলিল নকল টকাক লৈ । হিতেশে তাক টকাতো খুজিছিল যদিও ৰাজীৱে তাক টকাটো দিবলৈ অস্বীকাৰ কৰিছিল । অৱশেষত হিতেশে সাতশ টকা দি তাৰ পৰা নকল হাজাৰ টকাটো কিনি লৈছিল । নকল টকা ক'ত কেনেকৈ চলাব লাগে সি জানে ! ৰাজীৱে তাৰ মৌনতা ভাঙি পুণৰ সুধিলে – "তই একো নামাতিলি যে ! ক না কাৰ মূৰত কঁঠাল ভাঙিলি" -  ৰাজীৱ প্ৰায় অধৈৰ্য্য হৈ পৰিল তাৰ পৰা হাজাৰ টকীয়াৰ ৰসাল কাহিনী শুনিবলৈ । হিতেশে তাৰ মৌনতা ভাঙি ক’লে – "ইন্টেৰেচটিং বুজিছ । দেৱালীৰ দিনা মই ঝাণ্ডি মুণ্ডিত সোমালো নকলি হাজাৰ টকাটো লৈ...ভাগ্যক ধিয়াই....... ।"  তাৰ কথা শেষ নৌহওঁতেই ৰাজীৱে টপৰাই মাত দিলে – "তই হাৰিলি নে জিকিলি ?" "আৰে বাবা......কৈ আছোঁ, কৈ আছোঁ, ....কৈ আছোঁ । প্ৰথমদিনা জিকিলো তিনি হাজাৰ ছয়শ টকা । বিৰাট স্ফুৰ্তি লাগিল । পিছদিনা নেখেলোঁ বুলিয়েই ঠিক কৰি লৈছিলো । পিছে মনটোৱে নামানিলে । কিজানি আৰু জিকোৱেই ! সেই বুলি সিদিনাও গলো বেলেগ এঠাইত খেলিবলৈ ....ভেৰী বেড লাক ভাই । মই সিদিনা নোযোৱা হ’লেই ভাল আছিল । সিদিনা গাধ হাৰা দিলো ।জিকাখিনিটো হাৰিলোৱেই মোৰ নিজৰ পৰা আৰু পাঁচশমান টকা হাৰিলো" – দুখমনেৰে হিতেশে তাৰ হাজাৰ টকীয়া কাহিনী শেষ কৰিলে । তাৰ কথা শুনি ৰাজীৱৰো বেয়া লাগিল । ধেত্, হিতেশে পিছদিনা খেলিবলৈ নোযোৱা হ’লেই ভাল আছিল ! সি নিজেই অতিৰিক্ত পাঁচশ টকা হেৰুৱালে । সি উষ্মা মিহলি কণ্ঠেৰে ক’লে – "তইতো নিজে হাৰিলিয়েই...লগতে মোৰ টকা তিনিশও পানীত পেলালি ! কি দৰ্কাৰ আছিল আকৌ পিছদিনাও জুৱা খেলিবলৈ যাবলৈ । কাম বিচাৰি পোৱা নাছিলি হা ?" তাৰ কথা শুনি হিতেশ দস্তুৰমত আচৰিত হ’ল । "এই....এই...তই কি কলি ? তোৰ তিনিশ টকা মই পানীত পেলালো ! কি আবোল তাবোল বকিবলৈ লৈছ ? তোৰ মূৰটো ঠিকেই আছে নে ? মোৰ মূৰটো নাখাবি আৰু.......বুজিলি ?" –হিতেশৰ মূৰটো আকৌ গৰম হৈ আহিল । তাৰ খং দেখি ৰাজীৱে লাহেকৈ হাঁহিলে আৰু তাক বুজালে – "চা ভাই খং নকৰিবি । মই আচলতে তোক বুজাব খুজিছিলো যে...তই পিছদিনা খেলিবলৈ নগলে তই তিনি হাজাৰ ছয়শ টকা লাভত থাকিলি হেঁতেন । হয়নে নহয় ?" হিতেশে তাৰ কথা শুনি লাহেকৈ মূৰ দুপিয়ালে আৰু ক'লে – "ঠিক, কিন্তু তোৰ তিনিশ টকা মই কেনেকৈ পানীত পেলালো !! যা তা কথাবোৰ কিয় বকি থাক ?" দুষ্টামি ভৰা একোমোৰা হাঁহি লৈ সি ক'লে – "আৰে ....ভাই, তই কথাবোৰ একদম বুজি নাপাব ! তই ইমান টকা লাভত থকা হ'লে মোক তোৰ বন্ধু বুলি ভাবি মোৰ বাকী তিনিশ টকাও মোক নিদিলি হেঁতেন জানো ! মানে মোৰ নকলি হাজাৰ টকাৰ বিনিময়ত মই সাতশ টকাহে পাইছিলো, বাকী তিনিশ টকাও পালোহেঁতেন দেছোন তই ইমান টকা জিকা হ'লে ! ৰাজীৱৰ কথা শুনি হাঁহিবই নে কান্দিব হিতেশে ভাবি নাপালে, ক'লে – "ৱাহ ৰে দোস্ত ! মই পাঁচশ টকা হাৰিলো তাত একো নাই .....তাৰ নকলি তিনিশ টকা মইহে পানীত পেলালো ! তোৰ তিনিশটকাৰ কাৰণে ঘড়িয়ালৰ চকুপানী টুকিছ ? ৱাহ ৰে দুনীয়া ! দোস্ত হো তো এইচা !!"


Tuesday, 17 February 2015

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" - এটি আলোচনা

(এজন কনিষ্ঠ বন্ধু সমীৰণ বৰগোঁহায়ে ( Samiron Borgohain ) মোৰ বাৰ্তাবাকচত মোলৈ কেইটামান ফেচবুক সম্পৰ্কীয় প্ৰশ্ন কৰিছিল । প্ৰশ্ন উত্তৰৰ প্ৰয়োজনীয়তা অনুভব কৰি ইয়াত আপোনালোকলৈকো আগবঢ়ালো । ফেচবুকৰ নেতিবাচক দিশ কিছুমান থকাৰ দৰে ইতিবাচক দিশ কিছুমানো আছে । )

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" সম্পৰ্কে এটা সৰু অধ্যয়ন চলাইছো ৷
অনুগ্ৰহ কৰি তলৰ প্ৰশ্ন কেইটিৰ উত্তৰ প্ৰদান কৰি অধ্যয়নটি সফল কৰাত সহায় কৰে যেন ৷

১. আপুনি ফেচবুক কিয় ব্যবহাৰ কৰে ?
২. ফেচবুকে অসমৰ সামাজিক প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনে ? ফেচবুকৰ জৰিয়তে সমাজসেৱা সম্ভৱনে ?
৩. অসমৰ যুৱ প্ৰজন্মৰ সাহিত্য চৰ্চাত ফেচবুকে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনেকি ? যদি হৈছে কেনেদৰে ? অনুগ্ৰহ কৰি আপোনাৰ মতামত প্ৰদান কৰে যেন ৷
৪. ফেচবুকে অসমত যুৱ উশৃংখলতা সৃষ্টিত উদগনি যোগাইছে নেকি ?

৫. ফেচবুকে অসমৰ যুৱ প্ৰজন্মৰ ওপৰত সামগ্ৰিকভাৱে কেনেধৰণৰ (নেতিবাচক/ইতিবাচক) প্ৰভাৱ পেলাইছে বুলি আপুনি অনুভৱ কৰে ?

এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈ অধ্যয়ন কৰিছা । মই মোৰ অনুভবেৰে যি পাৰোঁ উত্তৰ দিবলৈ যত্ন কৰিম ।

ক্ৰম অনুযায়ী উত্তৰবোৰ দিলো -

১. ফেচবুকলৈ কিয় আহো ? এইলৈ মই এবছৰ আগতে এটা প্ৰবন্ধ লিখিছিলো । তথাপি আজি আকৌ চমুকৈ কওঁ । ফেচবুকলৈ আহি মই সতেজ অনুভব কৰোঁ । বিভিন্ন মনৰ বিভিন্ন স্বভাৱৰ মানুহক লগ পাওঁ । তেওঁলোকৰ জৰিয়তে মই নিজকো বিশ্লেষণ কৰাৰ সুবিধা পাওঁ । একেবাৰে সঁচা কথা হ’ল মই ফে’চবুকত মই এক সুখ বিচাৰি আহোঁ। এটা ভাল কবিতা, এটা ভাল লগা গল্প, এটা সুন্দৰ লেখা পঢ়িবলৈ, এটা মন প্ৰাণ জুৰ পেলাব পৰা ছবি চাবলৈ পালে মই বিচৰি পাওঁ মই বিচৰা সুখ। মোৰ অনুভব শব্দৰ ৰূপেৰে আনৰ আগত ব্যক্ত কৰিব পাৰিলে আৰু তাৰ প্ৰতি উচিত সঁহাৰি পালে মই বিচাৰি পাওঁ মই বিচাৰি অহা সুখ। মোৰ দৰে সকলোৱেই কিজানি সুখ বিচাৰিয়েই আহে ফে’চবুকলৈ। সেই সুখৰ সংজ্ঞাও কিজানি সকলোৰে বাবে একে নহয়। হয়তু একে হ’বও নোৱাৰে ।

২. দ্বিতীয় প্ৰশ্নৰ উত্তৰ হিচাপে কওঁ একে আষাৰে -ফেচবুকৰ জৰিয়তে সমাজ সেৱা কৰিব পাৰি । মই ফেচবুকৰ সহায় নামৰ গোট এটাৰ সৈতে জড়িত । এই গোটটোৱে প্ৰতি বছৰে মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে অলপ হলেও সকাহ দিবলৈ যত্ন কৰি আহিছে । ইয়াৰ বাবে প্ৰয়োজন হোৱা পুঁজিলৈ ফেচবুকৰে সদস্যসকলেই তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াই আহিছে । তদুপৰি ফেচবুকৰ পৰাই কেইজনমান হৃদয়বান লোকে সহায়ৰ সহযোগতেই অলপতে উৰিয়াম ঘাটত হোৱা সংঘৰ্ষত দিকহাৰা হোৱা লোকসকলৰ সহায়ৰ অৰ্থে দেহেকেহে খাটিছিল । ফোন-যোগে, ফেচবুকৰ জৰিয়তে হোৱা বাৰ্তালাপৰ জৰিয়তে এই কাম তীব্ৰ গতিত সকলোৰে সহযোগত কৰিব পৰা গৈছিল ।

আন এটা গোটো আছে যিয়ে আমাৰ সাহিত্যৰ উন্নতিৰ হকে কাম কৰি আহিছে । সেইটো হৈছে ৱিকিপিডিয়াৰ আৰু ইয়াৰ অন্তৰ্গত ৱিকিচ'ৰ্চ বা ৱিকিউৎস । ৱিকিপিডিয়া গোটৰ জৰিয়তে বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে । তেনেকৈ ৱিকিচ’ৰ্চ বা ৱিকিউৎসই অসমীয়া সাহিত্যক ইউনিকোডৰ জৰিয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় । নিস্বাৰ্থভাৱে কেইবাজনো সাহিত্যসেৱীয়ে এইক্ষেত্ৰত তেওঁলোকৰ সহযোগীতা আগবঢ়াই আহিছে ।

৩. আজিৰ যুগত সাহিত্য চৰ্চাত ফেচবুকৰ প্ৰভাৱক কেতিয়াও অৱহেলা কৰিব নোৱাৰি । সাহিত্য চৰ্চাৰ উদ্দেশ্যে ইয়াত বহুতো গোটৰ জন্ম হৈছে । বহুকেইটা গোটে নিজাকৈ প্ৰায় প্ৰতিমাহে একোটাকৈ সুস্থ আলোচনীৰ জন্ম দি আহিছে । নিজৰ ঘৰুৱা কৰ্তব্য, নিজৰ ব্যৱসায়, চাকৰি এইবোৰ হাজাৰটা কামৰ মাজতো ক্ষন্তেক সময় উলিয়াই আলোচনী এখন উলিয়াবলৈ কিমান কষ্ট স্বীকাৰ কৰিব লগীয়া হয় …তাক বুজাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । এইবোৰ কাম হেলাৰঙে, হাজাৰটা বাধাকো নেওচি আমাৰেই কেইজনমান সাহিত্য প্ৰেমী ফেচবুকীয়ান সকলে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে চলাই গৈছে । এই আলোচনীৰ লেখাবোৰৰ কোনোবাটো লেখাৰ মানদণ্ড হয়তো ছপা মাধ্যমৰ আলোচনীৰ সৈতে ফেৰ মাৰিব পৰা নহয় । তথাপি এইবোৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত এক কৰ্মশালাৰ দৰে কাম কৰিবলৈ সক্ষম হৈছে । বহুতে ইয়াত সাহিত্য চৰ্চা আৰম্ভ কৰি সাহিত্যৰ জগতত নিজৰ বলিষ্ঠ পদক্ষেপ আগবঢ়াবলৈ সক্ষম হৈছে ।
স্পন্দন শব্দৰ পৰা হৃদয়লৈ, আখৰুৱা, অসমীয়া কথা বতৰা, চিঠি গোট এইবোৰ সাহিত্য চৰ্চাৰ এক কঠিয়াতলী বুলিব পাৰি । তদুপৰি ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্চ বা ৱিকিউৎসৰ কথা ২ নং প্ৰশ্নৰ উত্তৰত উল্লেখ কৰিছোঁ ।

৪. এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ লৈ মোৰ মনে হাহাকাৰ কৰি উঠিছে । ভাল বেয়া সকলোতে আছে । গতিকে ফেচবুকৰো এইটো এটা বেয়া দিশ । ইয়াত ভাল কাম যেনেকৈ হয়, তেনেকৈ বেয়া কামো হয় । সমাজ এখনত যেনেকৈ ভাল বেয়া মানুহ আছে, তেনেকৈ ফেচবুক সমাজখনতো এই দুই শ্ৰেণীৰ মানুহ আছে । সকলোৱে ভাল উদ্দেশ্য লৈ ফেচবুকলৈ নাহে, সমস্যা তাতেই । ইয়াত বিভিন্ন মনৰ বিভিন্ন ৰুচিৰ মানুহ আহে । স্বভাৱ তথা বয়সৰ ফালৰ পৰা অপৰিপক্ক মানুহৰ পৰা পৰিপক্ক মানুহলৈ সকলো শ্ৰেণীৰ মানুহ যেতিয়াই মন যায় তেতিয়াই ফেচবুকলৈ আহি তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰত বিচৰণ কৰিবলৈ লয় । কেতিয়াবা সৰু সাধাৰণ ঘটনা এটাকো অযুক্তিকৰ যুক্তিৰে ভ্ৰমিত কৰিবলৈ চেষ্টা কৰা দেখোঁ । যিবোৰে ফেচবুক সমাজকে নহয় আমাৰ বাস্তৱৰ সমাজকো ভ্ৰমিত কৰাৰ সম্ভাৱনা দেখা পাওঁ । ফেচবুক প্ৰেম এটা এতিয়া এক বিতৰ্কিত বিষয় হৈ পৰিছে । খৱৰ কাগজত প্ৰায়েই এনে ব্যাভিচাৰী প্ৰেমৰ খৱৰ সকলোৱে পাই আহিছে । অচিন কাঠৰ থোৰা লগাবলৈ গৈ বহুতে বিপদত পৰা দেখা গৈছে । ইয়াৰ বাবে ফেচবুকক নিশ্চয় জগৰীয়া কৰিব নোৱাৰি । সেয়া নিৰ্ভৰ কৰে মানুহৰ নিজৰ মানসিকতাৰ ওপৰত । আমি নিজে সচেতন নহলে যিকোনো পৰিস্থিতিতেই জীয়াতু ভুগিব লগীয়া হয় ।

৫. মোৰ ওপৰৰ উত্তৰ কেইটাতেই ইয়াৰ উত্তৰো বিচাৰি পাব নিশ্চয় । ফেচবুকক আমি ইতিবাচক হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ইতিবাচক ফলাফলেই পাম তেনেকৈ নেতিবাচক উদ্দেশ্যেৰে ইয়াক ব্যৱহাৰ কৰিলে নেতিবাচকেই ফল পাম ..এয়া পৰিষ্কাৰ কথা । সদৌ শেষত মই মোৰ এজন ভাতৃপ্ৰতিমবন্ধু কবি লক্ষণ কুমাৰৰ মন্তব্য ইয়াত মই উল্লেখ কৰিব বিচাৰিম, কবি লক্ষণ কুমাৰে কৈছে - “ফে’চবুকক মই এখন মন্দিৰ বুলিয়েই ভাবো। এই মন্দিৰলৈ প্ৰতিদিনে অগণন ভক্ত আহে নিজৰ সুখ-দুখৰ কথা ক’বলৈ,আনৰ সুখ-দুখৰ সমভাগী হ’বলৈ। ময়ো আহোঁ ইয়ালৈ, আন একো কৰিব নোৱাৰিলেও টিলিঙাকে বজাই দিওঁ….অন্তৰৰ মলিনতা দূৰ হৈ যায় ।” লক্ষ্মণ কুমাৰৰ দৰেই আমি সকলোৱে মন্দিৰৰ দৰে পবিত্ৰস্থান বুলি ভাবিব নোৱাৰোঁনে ?

পৰম্পৰা

পৰম্পৰা

যেতিয়াই তেতিয়াই
উফৰি আহে
আটাইতকৈ জটিল প্ৰশ্ন
কি খৱৰ ?

ভালেই…
উত্তৰটো বৰ সহজ
এটি শব্দৰে সৈতে
মিচিকি হাঁহি এটা সৰি পৰে

অভিনয় নহয়
নিতৌ ভালে থকাৰ আখৰা কৰা
এয়া এটা প্ৰাচীন পৰম্পৰা

হাঁহিৰ চৌপাশে নিগৰি থকা
বিষাদবোৰে লুকাভাকু খেলে
হৃদয়ৰ ইপাৰে সিপাৰে
কোনেও নেদেখে ।

ණসাৰদা শ্ৰেষ্ঠ
২২/১১/১৪

বেবেৰিবাং (৩)

বেবেৰিবাং (৩)

এটা সপোনৰ সন্ধানত

ৰাতিপুৱা তন্দ্ৰাগ্ৰস্থ অৱস্থাতেই ভাবিলো, দেউতা গ’ল কলৈ, কিয় আজি এতিয়ালৈকে ঘূৰি অহা নাই ? সময়মতে সদায় ঘৰলৈ অহা দেউতাই আজিলৈকে কেতিয়াও এনেকুৱাতো কৰা নাই ? আমি দেউতাৰ কিনো জগৰ লগালো ? যিমানেই প্ৰ্শ্নবোৰে মূৰটোত খুন্দিয়াই থাকিল, সিমানে বুকুখনৰ ধৰফৰনি বাঢ়িল, লগে লগে অনুভব কৰিলো, মূৰটো যেন ক্ৰ্মে গধূৰ হৈ পৰিছে । আগে পিছে দেউতা ইমান দিন এনেকৈ ঘৰলৈ নহাকৈ কেতিয়াও থকা নাই । বৰং আমি কেতিয়াবা ঘৰ এৰি ক’ৰবাত থাকিলেও দেউতাই কাহানিও ঘৰ এৰি বা আমাক এৰি থকা নাই । আমাৰ বাবে কিমান যে পৰিশ্ৰম নকৰে তেখেতে !! কেতিয়াও কোনো ওজৰ আপত্তি নাই...নাই কোনো দুখ ভাগৰ, নীৰৱে সকলো কষ্ট মূৰ পাতি লোৱা মোৰ দেউতা তেনেই সৰল প্ৰকৃতিৰ । দেউতাৰ সৰলতাৰ কোনো দিনেই আমি সুযোগ লোৱা নাই, তেওঁৰ কষ্ট আমি ভালকৈয়ে অনুভব কৰোঁ । আমি কোনেওটো কেতিয়াও দেউতাই আঘাত পোৱা কাম কৰা নাই । তেনেহ’লে দেউতাৰ এই অভিমান কিয় ? কাৰ প্ৰতি এই অভিমান ? নাই,,,দেউতা নিশ্চয় আহিব । দেউতাই আমাক এনেকৈ এৰি থাকিব নোৱাৰে । আজি ইমান দিনে ক’ত কি কৰি আছেনো দেউতাই ? নাই ...এনেকৈ আহিব আহিব বুলি আৰু বাট চাই থাকিলে নহ’ব ... থানাত এজাহাৰ দিবই লাগিব । দুচকুত তেতিয়াও মোৰ টোপনি টোপনি ভাব...চকু দুটা মেল খাবই খোজা নাই...ইফালে মনত তীব্ৰ আলোড়ন । দেউতা কিয় নাহিল ? দেউতাই এনেকুৱা কিয় কৰিলে ? নিৰুদ্দিষ্ট দেউতাৰ কথাই ভাবি তন্দ্ৰাগ্ৰস্থ অৱস্থাতো মনটো বহুত সময় অভাবনীয় ভাবে ধৰফৰাই থাকিল । এটা সময়ত তন্দ্ৰা ভাগিল । জঠৰ হোৱা হাত ভৰি ভালকৈ পোন কৰি ল’লো । আকৌ ভাবিলো, দেউতাই এনেকুৱা কিয় কৰিলে ? তেতিয়াও মনটোৰ বিষ কমা নাই । কোনে কি কৰিলে দেউতাৰ ?? মনত অপাৰ প্ৰশ্ন...দুখ ব্যথা, বিস্ময় সকলোবোৰে একেলগে জুমুৰি দি ধৰিছে । হঠাৎ মনত পৰিল, হাৰে...মই কি ভাবি আছোঁ ? কিয় এনেকৈ ভাবি আছোঁ ? ধেইইত...দেউতা আহিবনো কেনেকৈ ? দেউতা ঢুকুৱাই দেখোন বহু বছৰ হ’ল ! মইনো কেলেই এনেকুৱা অদ্ভুত কথা ভাবি আছোঁ ? মোৰ মূৰৰ বিকৃতি ঘটিল নেকি ?এনেকুৱা ভাব মোৰ মনলৈ আহিলেই বা কিয় ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকোতেই মনত পৰিল...মই অলপ আগতে সপোন দেখি আছিলো...হয়, ঠিকেই মই সপোনেই দেখিছিলো । দেউতা কিবা কাৰণত ঘৰৰ পৰা ওলাই গৈছে, ওলাই যোৱাৰ কাৰণ স্পষ্ট নহয়...সপোনতেই আমি দিনৰ পাছত দিন দেউতা আহিব আহিব বুলি ৰৈ আছোঁ...। সপোন দেখি থকা সময়খিনিত এটা আশা আছিল, দেউতা আহিব...যেনেকৈ হ’লেও দেউতাক বিচাৰি আনিবই লাগিব ।এনেকৈ দেউতাক হেৰুৱাই থাকিব নোৱাৰি । পিছে, সাৰ পাই বাস্ত্ৱ জগতলৈ ঘূৰি আহি মনটো এক অদ্ভুত ধৰণে কেৰমেৰাই উঠিল । দেউতা সঁচাকৈয়ে নাই ! বাস্তৱলৈ ঘূৰি নহা হ’লেই ভাল আছিল । অন্তত এটা আশাতো আছিল, দেউতাক যেনেকৈ হ’লেও বিচাৰি আনিম, দেউতা আহিব । মোৰ মৰমৰ দেউতাক আকৌ ঘূৰাই পাম !! দেউতা ঘৰলৈ নহাৰ বেদনাত মনটো ধৰফৰাই থাকিলেও, মনৰ এটা চুকত আশা এটাও তিৰবিৰাই জ্বলি আছিল ...দেউতাক ঘূৰাই পাম । সাৰ পাই প্ৰকৃত সত্য উদ্ঘাটন হোৱাত মনটো আৰু অধিক গধূৰ হৈ পৰিল । গধূৰ মন এটা লৈ বিচনাৰ পৰা নামি আহিলো । ৰাতিপুৱাৰ কামবোৰত ধৰিলোগৈ । ৰুটিন মতে এটাৰ পাছত এটা কাম কৰি গৈছোঁ যদিও, সপোনটোৱে মোক পাছে পাছে খেদি ফুৰিবলৈ এৰা নাই । সপোনটোৱে যেতিয়াই জোকাই, তেতিয়াই মনে হাহাকাৰ কৰি কৈ উঠে – “দেউতাক বিচাৰি পোৱাৰ সপোন এটা মই আকৌ দেখিবলৈ পোৱা হ’লে” !!
বাস্তৱ জগতলৈ ঘূৰি আহি মোৰ কামবনত লাগিলো । সপোনটোৰ কথা বৌক কলো । বৌৱে সপোন বিশেজ্ঞাৰ দৰে উত্তৰ দিলে – “সপোনত মৃত মানুহ ঘৰলৈ ঘূৰি নহা দেখাতো ভাল । ইয়াৰ অৰ্থ হৈছে মৃতকৰ আত্মাই মুক্তি পাইছে” । মোৰ মনে বৌৰ কথা মানি ল’বলৈ টান পালে । তাৰমানে ইমানদিনে মোৰ দেউতাৰ আত্মাই মুক্তি পোৱা নাছিল ? কিয় ?? তেখেতৰ মৃত্যুৰ পিছত ৰীতিমতে সকলো সংস্কাৰেইতো আমি কৰিছিলো !! মোৰ দেউতাই ইমান দিনে মুক্তি নোপোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে । যি কেতিয়াও আনক কোনো কাৰণতেই কষ্ট দি পোৱা নাই সেইজনে কিহৰ অপৰাধত মুক্তি নোপোৱাকৈ থাকিব ? দেউতাক হেৰুৱাৰ দিনাও কিজানি মই আজিৰ দৰে ইমান ব্যথা অনুভব কৰা নাছিলো । সপোনতে দেউতাৰ অনুসন্ধান কৰাটোতো কিজানি অলপ সুখ আছিল ! সপোনটো আকৌ এবাৰ দেখাবলৈ পোৱা হলে !
দিনটো ব্যস্ততাৰ মাজত সপোনৰ কথা সন্ধিয়ালৈ কিছু পাহৰিছিলো । এজন বন্ধুক লগ পালো, সন্ধিয়া । কথা প্ৰসংগত বন্ধুজনে ক’লে – “আজি হূলস্থুল লাগিছে আমাৰ শ্ৰীমতীৰ মোমায়েকৰ ঘৰত । খুলশালীটোৱে মানে শ্ৰীমতীৰ মোমায়েকৰ ল’ৰাই অলপ আগতে ফোন কৰিছিল “দেউতা যোৱা কালিৰে পৰা এতিয়ালৈকে ঘৰত নাই অহা । সকলোতে খৱৰ কৰিও একো খৱৰ পোৱা নাই” । তেওঁ সাধাৰণতে যলৈ যায় সেইসকলো ঠাইতে ফোনেৰে সোধা পোছা হৈ গৈছে । ক’ত বা গৈছে ! আজি এতিয়া কিজানি থানালৈকেহে যাব লাগিব । কথা শুনি মই অবাক হ’লো, দেউতাক হেৰুৱা মোৰ সপোনটোৰ সৈতে এই ঘটনাৰ কিবা সংযোগ আছে নেকি ? মই বাৰু মোৰ দেউতাক হেৰুৱা সপোন দেখিলোৱেই । এতিয়া আন এজন দেউতা হেৰুৱা খৱৰটোনো মই কেলেই পাব লাগে ? বন্ধুক একো নক’লো, যদিও মনে মনে প্ৰাৰ্থনা কৰিলো, খুলশালীজনে যাতে তেওঁৰ জীৱিত দেউতাক একো হানি বিঘিনি নোহোৱাকৈ বিচাৰি পায় । দিন কালো দিনে দিনে ভয়ঙ্কৰ হৈ উঠিছে । আগলৈ আৰু ভাবিবলৈ মন নগ’ল মোৰ ।
বাস্তৱ আৰু সপোন দুয়োটা যেন দুটা মেৰুত থকা বেলেগ দুটা জগত ।বাস্তৱ যেনেকৈ সপোন হ’ব নোৱাৰে তেনেকৈ সপোনো কেতিয়াও বাস্তৱ হ’ব নোৱাৰে । এইটো সঁচা, বাস্তৱৰ আঙুলিত ধৰি সপোনে কেতিয়াবা বাট বুলে । দিঠকতো কেতিয়াবা আমি সপোন ৰচোঁ । সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰোঁ । সেই সপোনবোৰ সাময়িকভাৱে কিছু সাকাৰ হ’লেও আমাৰ জীৱন সাৰ্থক হোৱা বুলি আমি সন্তুষ্টি লাভ কৰোঁ । ভাল সপোনবোৰ সকলোৱে বাস্তৱ হোৱাটো বিচাৰে আৰু ময়ো ।
ණসাৰদা শ্ৰেষ্ঠ

বেবেৰিবাং (২)

বেবেৰিবাং (২)

বিহুৰ উৰুকা । চুবুৰীৰ কেইগৰাকীমানে লগে ভাগে পিঠাগুৰি খুন্দা, লাৰু-পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত । ব্যস্ততাৰ মাজতে নিজৰ ঘৰুৱা কথা-বতৰা, নিজৰ সাজ-পোছাক, চুবুৰীৰ নানা কাহিনী তথা হাঁহি স্ফুৰ্তিৰে বেছ জমি উঠিছে তেওঁলোকৰ আড্ডা । হঠাতে এজনীয়ে কথা প্ৰসংগত কলে, অহা সপ্তাহত তেওঁলোকৰ আত্মীয় এঘৰত সকাম পাতিছে তালৈ যাব । সেইঘৰ আত্মীয়ৰ ছোৱালীজনী দুবাৰকৈ কোনোমতে বাচিলে । তাই একাদশ শ্ৰেণীত পঢ়ে । বৰ সাহসী ছোৱালী । এবাৰ টিউচনৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে আন্ধাৰ হৈছিল । সেই আন্ধাৰৰ সুযোগ লৈ কেইটামান বদমাচে মুখত গামোচাৰে সোপা দি ধৰি নিবলৈ যত্ন কৰিছিল, তাই সেইবাৰ সেইকেইটাৰ সৈতে যুঁজি গামোচাৰ সোপা আঁতৰাই পলাই আহিল সেইকেইটা বদমাচৰ হাতৰ পৰা । তাই অৱশ্যে সিহঁতক ধৰিব পাৰিছিল । সিহঁতৰ ওচৰ পাজৰৰে ল’ৰা আছিল সেইকেইটা । ঘটনাটোৰ কেইদিনামান পাছত মাক-দেউতাকৰ সৈতে বজাৰলৈ আহোঁতে দুটাক চিনিব পাৰি মানুহবোৰৰ মাজতে দেউতাকক কৈ দিলে, এই দুটাও আছিল সিদিনাৰ ঘটনাটোত । তাই চিনাক্ত কৰাৰ লগে লগে দেউতাকে মানুহবোৰৰ সহযোগত দুটাকে কৰায়ক্ত কৰিলে । ৰাইেজে দুয়োটাকে উত্তম মাধ্যম সোধাই ভৱিষ্যতে তেনে জঘন্য কাম নকৰিবলৈ সকীয়াই এৰি দিলে । আকৌ এবাৰ স্কুলত হোৱা ফাংচনৰ পৰা ঘৰলৈ অহাৰ বাটত কেইটামানে তাইক আগভেটি ধৰিবলৈ যত্ন কৰিছিল । সেইবাৰো তাই সিহঁতৰ হাতৰ পৰা কোনোমতে পলাই আহিল । আটাইকেইজনীয়ে মালতীৰ কথা শুনি আচৰিত হ’ল । ইচ ইচচ...তাইৰ কপাল ভাল, তাই সাহস আছে বাবেই এনেকৈ বাচি আহিল…কি যে দিন কাল আহিল’…প্ৰত্যুত্তৰত কেইটামান বাক্য আড্ডাৰ মাজৰ পৰা এনেকৈয়ে উফৰি আহিল । জোনাকীয়ে ক’লে, “তাকেই…সিদিনা মোৰ সৰুভনীজনীয়ে ফোন কৰি জনালে যে তাই আমাৰ ঘৰলৈ আহিব দুপৰীয়া ভাত খোৱাকৈ । দুপৰীয়া আহিম বোলা ছোৱালীজনী সন্ধিয়ালৈকে নাহিল, মোৰ যে ইমান চিন্তা । উচপিচাই থাকিলো তাই নহালৈকে । মোৰ উচপিচনি দেখি এওঁ আকৌ মোকেই জোকাই…কেলেই ইমান চিন্তা কৰাহে, তাই আজিৰ ছোৱালী । একো নহয়..আহিব দিয়া । ইফালে তাই আৰামত বান্ধৱী এজনীৰ ঘৰত সোমাই তাইৰ তাতেই বহু সময় থাকি সন্ধিয়াৰ পাছতহে আহিল । আহি পোৱাৰ লগে লগে ধমক লগালো, অন্তত ফোন এটাটো কৰিব পাৰ” । তাইৰ সেইবোৰ একো চিন্তা ভাবনাই নাই, কয় – “ইমান চিন্তানো কেলেই কৰিব লাগে । মই কিবা সৰু ছোৱালী নেকি ? মোৰ নোটচ এটা প্ৰিয়াৰ ওচৰত আছিল বাবেই তাইৰ ঘৰত সোমালো, গ’লো যেতিয়া অলপ সময় থাকিব লগা হ’ল । তোক ফোন কৰিছিলো, নেটৱৰ্ক নাছিল কিজানি তোৰ ফোনৰ …ফোন নালাগিল” । আকৌ গীতিকাই ক’লে, “হয় দেই…ছোৱালীবোৰ সময়ত ঘৰ আহি নাপালে চিন্তা লাগেই….দিনবোৰেই এনেকুৱা হ’ল । সিদিনা আমাৰ বাইদেউৰ ঘৰৰ কাষৰে এজনী ১১ বছৰীয়া ছোৱালী এজনীক এঘৰত ফুৰিবলৈ গৈছিল । তাই ফুৰিবলৈ যোৱা ঘৰখনৰ ওচৰতে এটা কাৰখানা । কাৰখানাত কাম কৰা কেইটামান পাষণ্ডই তাইক ধৰি লৈ গৈ মুৰ্মুষ অৱস্থাত পেলাই থৈ গৈছিল । তাইক ততাতৈয়া কৈ হস্পিতালত ভৰ্তি কৰাই নিদিয়া হ’লে তাই বাচি নাথাকিলহেঁতেন” । তাকে শুনি এজনীয়ে ক’লে, “আজিকালি যিহে দিনকাল হ’ল...ছোৱালীবোৰক কাৰাটে, কংফু নাইবা বক্সিংৰ প্ৰশিক্ষণ দিব লাগে । অন্তত নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজে কৰিব পাৰে” । সুমিত্ৰাই তাইৰ দুবছৰীয়া একমাত্ৰ ছোৱালীজনীক কোলাত লৈ কথাৰ মহলা মৰাৰ লগতে তাইক নিচুকাই আছিল । কথাবোৰ শুনি তাই তাইৰ ছোৱালীজনীক তপক তপককৈ দুটামান চুমা খাই ক’বলৈ ধৰিলে – “মোৰ যে এইজনীক লৈ এতিয়াৰ পৰাই চিন্তা । আমাৰ দিনতেই এনেকুৱা নাৰকীয় ঘটনাবোৰ ঘটে । ইহঁতৰ দিনবোৰ বা আৰু কেনেকুৱা হয়গৈ !
ණসাৰদা শ্ৰেষ্ঠ
১৬.০১.১৫

Monday, 16 February 2015

বেবৰিবাং (১)


বেবৰিবাং
(১)

তিনিচকীয়া এখনত বহি যাত্ৰা কৰিছোঁ । লক্ষ্যস্থান কি...ভবা নাই । মোৰ সৈতে মোৰ সহযাত্ৰী দুজনো আছে লগত । গৈ থাকোতে হঠাতে মন কৰিলো, চালকৰ আসনখন শূন্য ! অথচ গাড়ী নিজৰ গতিত ঠিকেই গৈ আছে ! আচৰিত হ'লো ঠিকেই, ভয় কিন্তু নাখালো । মনত এবাৰো নেখেলালে, চালক নোহাৱাকৈ কেনেকৈ গাড়ীখন চলি থাকিব পাৰে ! গাড়ীখন কোনো ভূতে চলোৱা নাইতো ! নাই, তেনে কোনো ভাব মোৰ মনলৈ অহাই নাই ! মই হয়তো ভূতৰ অস্তিত্বক স্বীকাৰ নকৰোঁ, সেইবাবেই মোৰ তেনে ভাব মনলৈ নাহিব পাৰে । মাজতে মই ভাবিলো, গাড়ীখন সঠিক বাটেৰে চলিব পৰাকৈ মই গাড়ীৰ ষ্টিয়াৰিংটো ধৰি লওঁ । কেৱল ভাবিয়েই নাথাকিলো, হাত দুখন মোৰ আসনৰ পৰা উঠি ষ্টিয়াৰিং ধৰিবলৈ আগুৱাই দিলো । মই যে গাড়ী চলাব নাজানো ! মোৰ কাষত বহি থকা মোৰ অচিনাকী সহযাত্ৰী দুজনে কেনেকৈ জানিলে মই যে গাড়ী চলাব নাজানো ! মোৰ হাতদুখন ষ্টিয়াৰিংৰ পিনে আগবঢ়া দেখি কৈ উঠিল - "নালাগে, থাকক । গাড়ীখন চলিতো আছে....চলি থাকিব । আপুনি হাত দিব নালাগে !"  :P  ওখোৰা মোখোৰা ৰাস্তাৰে গাড়ীখন ঠিকেই ঢলং পলং কৈ আগবাঢ়ি গৈ আছে । এনেতে টাৰ্নিং পইন্ট এটা আহিল, মই ভাবিলো, গাড়ীখন ঠিকেই ঘূৰিবনে লুটি খাই পৰিব ? চাওঁতে চাওঁতে গাড়ীখনে ঠিকেই বাগৰি নপৰাকৈয়ে টাৰ্নিং সলালে । টাৰ্নিংটো কেনেবাকৈ সহজে পাৰ হৈ উশাহ সলালো ! উহ...ৰক্ষা, গাড়ীখন এতিয়ালৈকে ঠিকেই চলি আছে । গাড়ীখনৰ পৰা নামিব লগা নহ'ল :) সাৰ পালো :P ।

(কি যে বেবেৰিবাং সপোনবোৰ দেখি থাকো :) :) সঁচাই জীৱনটো চাগৈ এনেকুৱাই...এবচাৰ্ড ! )

(কবিতা) পাহাৰৰ সপোন

পাহাৰৰ সপোন

নিতৌ পাহাৰখনে প্ৰসৱ কৰে
এটি নতুন সূৰুজ
চিকুন পুৱা পাহাৰখনৰ বুকুত
লৰি ঢাপৰি ফুৰে
কেঁচুৱা সুৰুজটো ।
সূৰুজৰ শৈশৱৰ ধেমালিত
ৰঙীন হোৱা পাহাৰখন
সূৰুজৰ মমতাত মোহময় হৈ পৰে ।
সূৰুজৰ মিঠা কাকলিত
মুখৰ হৈ উঠে পাহাৰখনৰ প্ৰতিটো চুক ।

এসময়ত সূৰুজটো শিশুৰ পৰা কৈশোৰ হয়
ক্ৰমে সূৰুজটো ওখ হয়
সদ্য যৌৱন প্ৰাপ্ত সূৰুজটোৱে
পাহাৰখনৰ বোকোচা এৰি
ঢাপলি মেলে
এক কৰ্মময় জীৱনলৈ ।
পাহাৰখন কৰ্মব্যস্ত সূৰুজলৈ চাই
গৌৰৱত জিলিকি থাকে ।
যিমানে সূৰুজটো ওখ হয়
পাহাৰখন সিমানে জীপাল হয়
অমিয়া সুখ এটা
পাহাৰৰ বুকুত জুৰি হৈ বয় ।

টগবগাই টগবগাই পোহৰ বিলাই
এসময়ত আলৰ হোৱা সূৰুজটো
আকৌ ন সূৰুজ হোৱাৰ বাসনাৰে
সিটো মূৰৰ পাহাৰৰ শীতল বুকুত ঢলি পৰে ।
সূৰুজৰ মৃত্যুত
আকাশখনে শোকসভা পাতে ।
পাহাৰখনে ক’লা চাদৰ মেৰিয়াই নীৰৱে উচুপে,
মাজনিশা এটা সপোন দেখে
সোণালী পোহৰ এবুকু লৈ
পুঁৱতি নিশা ভুমিষ্ঠ হ’ব
আকৌ এটা নতুন সূৰুজ ।
ණসাৰদা শ্ৰেষ্ঠ ।

Sunday, 15 February 2015

(গল্প) বাৰ্তা বিভ্ৰাট

(গল্প)
বাৰ্তা বিভ্ৰাট
চন্দনা মোৰ ভনী । ভনী মানে তাই মোৰ তেজ সম্পৰ্কৰ ভনী নহয় । তাই মোৰ কনিষ্ঠ সহকৰ্মী, আমি দুয়ো একেটা ব্যক্তিগত খণ্ডত চাকৰি কৰিছিলো । সেই সূত্ৰেই তাইৰ সৈতে মোৰ চিনাকি । তেজৰ সম্পৰ্ক থাকিলেহে যে সম্পৰ্কবোৰ নিকপকপীয়া হয়, সেই কথা মই কাহানিও স্বীকাৰ নকৰোঁ । বৰং বহু সময়ত তেজৰ সম্পৰ্কই আহুকালৰহে সৃষ্টি কৰে । বঙহেই মঙহ খোৱাৰ উদাহৰণ আমাৰ সমাজত ঢেৰ । সাধাৰণ কথাতেই পুতেকে বাপেক মাকক, বাপেকে পুতেকক, ভায়ে ভাইক হত্যা কৰে । সমাজত নিজৰ কলংক ঢাকিবলৈ নিজৰ সদ্যজাত সন্তানক মৃত্যুৰ গহ্বৰলৈ নিক্ষেপ কৰিবলৈকো মাতৃ কুণ্ঠিত নহয় । এয়াতো বাৰু আজিৰ কথা, পুৰণি সমাজতো তেজৰ সম্পৰ্কত ঘূণে ধৰাৰ অলেখ কাহিনী আমাৰ পুৰাণ-উপপুৰাণ আদিবোৰেই দিয়ে । নিজৰ আত্মীয়ৰ তেজেৰে ৰঞ্জিত হৈছিল কুৰুক্ষেত্ৰৰ ৰণাংগণ । তেনেদৰে যদুবংশও ধ্বংস হৈছিল আত্মীয়ৰ তেজেৰেই । তেনেক্ষেত্ৰত তেজৰ সম্পৰ্কই সকলো বুলি ক’মনো কেনেকৈ ? কেতিয়াবা তেজৰ সম্পৰ্ক নথকা মানুহৰ মাজৰ সম্পৰ্ক তেজৰ সম্পৰ্কতকৈয়ো দৃঢ় হোৱা দেখিবলৈ পাওঁ । আচলতে মনৰ মিলেহে সম্পৰ্ক এটাৰ স্থায়ীত্ব নিৰ্ভৰ কৰে । চন্দনা, মোৰ তেজৰ সম্পৰ্ক থকা ভনী নহ’লেও মোৰ আত্মজ ভনীৰ দৰেই আদৰৰ । তায়ো মোক তাইৰ বায়েকৰ দৰেই আদৰ-সন্মান কৰে । তাইৰ মৰমৰ আব্দাৰেৰে মোক ডুবাই ৰাখে । তাইৰ ব্যক্তিগত সকলো ভাল বেয়া, ক’ব লগা নলগা সকলো কথাই মোৰ আগত অকপটে কৈ গৈছিল । তাই মোতকৈ কেইবাবছৰে সৰু হ’লেও বয়সৰ ব্যৱধানে আমাৰ মাজত কেতিয়াও কোনো ধৰণৰ আহুকালৰ সৃষ্টি কৰা নাছিল । বৰং মই তাইৰ সান্নিধ্যত নতুনত্ব বিচাৰি পাই আনন্দিত হৈছিলো । তেনেকৈ তায়ো মোৰ মাজত তাইৰ জ্যোষ্ঠ ভগ্নীৰ লগতে বান্ধৱী এগৰাকীক হয়তো বিচাৰি পাইছিল । কিবা কামত অ’লৈ ত’লৈ যাব লগা হ’লেও তাই মোৰ সহচৰী হৈছিল । এনেকৈ অ’লৈ ত’লৈ যাওঁতে প্ৰায়ে বাটে ঘাটে অ’ত ত’ত সোমাই যেতিয়াই যি মন যায় তাকে দুয়োজনীয়ে গোগ্ৰাসে গিলো । সঁচা অৰ্থত ক’বলৈ গ’লে ক্ৰমে নিৰস হ’বলৈ ধৰা মোৰ জীৱন তাইৰ চঞ্চল মুখৰ সান্নিধ্যই জীপাল কৰি তুলিছিল । জীৱনৰ বহু মিঠা স্মৃতি তাইৰ সৈতে পাৰ হৈছে মোৰ । তাই মোৰ চুবুৰীয়া নহ’লেও আমাৰ ঘৰো একেটা ঠাইতে হোৱা বাবে কাম সামৰি দুয়ো একেলগেই ঘৰলৈ বুলি বাট বুলিছিলো । মোৰ কাম শেষ হ’লেও মই তাইলৈ ৰখো আৰু তাইৰ শেষ হলেও তাই মোৰ কাম শেষ হোৱালৈকে ৰৈ দিয়ে । কেতিয়াবা দুয়ো বৰষুণত তিতি বুৰি ঘৰ গৈ পাওঁ । কেতিয়াবা বাট জাম হোৱা বাবে গাড়ীত ৰৈ ৰৈ আমনি লাগিলে দুয়ো খোজ কাঢ়ি কাঢ়িয়ে ঘৰলৈ বাট পোনাও, আমনি নালাগে বৰং কথাত মছগুল হৈ আমিনো কিমান দূৰ বাট আহোঁ খৱৰেই নাথাকে ।
এইটো ঠিক যে মই তাইক কেতিয়াও মোৰ কনিষ্ঠ সহকৰ্মী হিচাপে ব্যৱধান নাৰাখিছিলো, কামৰ সময়ত যেতিয়াই তাইৰ প্ৰয়োজন হয়, মই তাইৰ ওচৰত থিয় হ’বলৈ অকণো দ্বিধা বোধ কৰা নাছিলো । তাৰ ফলত কেৱল তাইয়েই যে মোৰ পৰা লাভাম্বিত হৈছিল এনে নহয়, তাইৰ পৰা ময়ো সমানে লাভাম্বিত হৈছিলো । তাই যেনেকৈ মোৰ পৰা তাই নজনা বহু কথাই আহৰণ কৰিবলৈ সক্ষম হৈছিল, তেনেকৈ মই কাহানিও নজনা কথা কিছুমান তাইৰ সহযোগত জানিবলৈ সক্ষম হৈছিলো । এনে নহয় যে আমাৰ মাজত কেতিয়াও কোনো মান অভিমান নহৈছিল । কেতিয়াবা তাইৰ কিছুমান কামে মোক ক্ষুণ্ণ নকৰাকৈয়ো থকা নাছিল । তাইৰ প্ৰতি খং উঠিলেও মই কঠোৰ হ’ব নোৱাৰি নিজে তাইৰ পৰা আঁতৰি ফুৰিছিলো । তাইৰ অনুভবী মনে সহজেই বুজিছিল, তাইৰ ভুল ক’ত হৈছে আৰু কেনেকৈ হৈছে । সেয়ে কোনো সংকোচ নকৰাকৈ তাই মোক তাইৰ ভুলৰ বাবে ক্ষমা খুজিছিল । তাইৰ তেনে ব্যৱহাৰে মোক তাইৰ প্ৰতি কোমল হ’বলৈ বাধ্য কৰিছিল । তাইৰ তেনে ব্যৱহাৰত মই আকৌ আগৰ দৰেই সহজ হৈ পৰিছিলো । আমাৰ সময়বোৰ এনেকৈয়ে ক’ব নোৱাৰাকৈয়ে বাগৰিছিল সুখ-দুখ বুকুত সাৱটি । সময় সদায় নিজৰ মতেই নিজৰ গতিতেই চলে, ই কাৰো সুবিধা-অসুবিধা, ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি নচলে ।
এদিন চিৰাচৰিত সামাজিক নিয়মমতে তাই জীয়ৰী জীৱনৰ অৱসান ঘটাই এঘৰৰ বোৱাৰী হ’ল । মাক দেউতাকে ঠিক কৰি দিয়া সম্ভ্ৰান্ত ঘৰৰ ল’ৰা এজনৰ সৈতে সামাজিক ৰীতিমতেই বিয়া হ’ল তাইৰ । আপত্তি কৰিব লগীয়া তাইৰ একো নাছিল । যিজনক হিয়া দিছিল, সেইজনৰ সৈতে এসময়ত মতৰ অমিল হোৱাত সেই সম্পৰ্কই কেতিয়াবাই ফাঁট মেলিছিল । বিয়া হৈ যোৱাৰ পাছত ঘৰৰ মানুহে তাইক চাকৰি কৰিবলৈ অনুমতি নিদিলে । শহুৰ-শাহু, দেওৰেক, ননদেৰে গিজগিজাই থকা এটা যৌথ সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী তাই । বিয়াৰ আগতে মনৰ দাপোনত যি কাৰেং সাজিছিল, সেই কাৰেংঘৰটো বিয়াৰ পিছতেই চপৰা চপৰে ক্ৰমে সহিবলৈ লৈছিল । মোক প্ৰায়ে ফোন কৰে, তাইৰ সমস্যাৰ বিষয়ে কৈ খেদ প্ৰকাশ কৰে । মই তাইক প্ৰবোধ দিওঁ, আৰম্ভণীতে সংসাৰিক জীৱনত আউল লাগেই । সৰুৰে পৰা এটা পৰিবেশত ডাঙৰ হৈ আন এঘৰত আন এক পৰিবেশত নিজকে খাপ খোৱাই ল’বলৈ যাওঁতে নানান সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় । তাই সকলো বুজি পায়, কিন্তু নকৈ অহা সমস্যাসমূহে তাইক জৰ্জৰিত কৰি তোলে, পাহৰি যায় তাইৰ শুভাকাংখীসকলে তাইক দিয়া ধৈৰ্যৰ সকলো পাঠ ।
তেনেকৈয়ে চলিছিল তাইৰ সংসাৰ । প্ৰায়েই হতাশা ভৰা কথাৰে মোৰ চৌপাশ গধুৰ কৰি তুলিছিল তাই । ময়ো কোনো ক্ৰুটি নৰখাকৈ তাইক বুজনি দিওঁ । বহুদিন তাইৰ পৰা কোনো ফোন পোৱা নাই । কৰ্মব্যস্তাতেই হওঁক বা মোৰ অমনোযোগীতাতেই হওঁক ময়ো তাইলৈ ফোন কৰা নাছিলো । কিমাননো আৰু তাইৰ পেনপেননি শুনি থাকিম ! মোৰ নিজৰো সমস্যা আছে ! নিজৰ সমস্যাবোৰৰ সৈতে যুঁজ দিমনে তাইৰ সমস্যাক লৈ মূৰটো ঘোলা কৰিম ! গতিকে তাইৰ চিন্তা লাহে লাহে মনলৈ আনিবলৈ বাদ দিছিলো । এদিন দুপৰীয়া মোৰ মোবাইলত মেচেজ টিউন এটা বাজিল, মোবাইলটো হাতত লৈ মেচেজটো খুলি চালো – চন্দনায়েই মোলৈ মেচেজ দিছে । মেচেজটো খুলি চালো – “ৰেল আহিছে…” মাত্ৰ দুটা শব্দৰ এই বাৰ্তাই মোৰ গোটেই মানুহজনীক মূৰৰ পৰা ভৰিলৈকে কঁপাই তুলিলে । এই পাগলীজনীয়ে এয়া কি লিখিছে ! কি হ’ল এইজনীৰ ? ৰেল আহিছে মানে ? একো অঘটন কৰিবলৈ লোৱা নাইতো ! মনত নানান দুচিন্তাই খলকনি তুলিলে । নাই, তাইক এটা ফোন কৰোঁ বুলি তাইলৈ ফোন লগালো । নেটবৰ্ক বিজি । সিটো মূৰৰ পৰা ধাতৱ উত্তৰ ভাঁহি আহে –“subscribe is busy, please deal sometime, আপনে জীচ নম্বৰ পে ডাইল কিয়া ৱহ ইচ সময় উপলব্ধ নহী হ্যায়” । যিমানবাৰেই লগাওঁ সিমানবাৰেই মোবাইলটোৱে সহযোগ নকৰিলে । এচিৰ বতাহজাকেও তেতিয়া মোৰ শৰীৰলৈ শীতলতা আনিবলৈ অসমৰ্থ হ’ল । অনামী অঘটনৰ কথা ভাবি ঘামিবলৈ ধৰিলো মই । বহু সময় চেষ্টা কৰাৰ মূৰত এবাৰ কেনেবাকৈ লাগিল । ফোন ৰিচিভ কৰাত স্বস্তিৰ নিস্বাশ এৰিলো । মেচেজৰ কথা সুধিলত সহজভাবেই উত্তৰ দিলে – এহ নক’ব বুজিছে বা, মাৰ্কেটলৈ আহিছিলো । ৰেলৱে ক্ৰচিঙত বহু দেৰি গাড়ীত বহি বহি আমনি লাগিল । সেয়ে মেচেজকে কৰিলো আপোনালৈ । মৃদু ধমকেৰে ক’লো – “সেইবাবেই এনেকৈ মেচেজ দিয়েনে ? হুমম…মেচেজ পেক ভৰাই লৈছাতো ! মেচেজ পেক যদি আছিলেই দুটা শব্দ আৰু বেচিকৈয়ো লিখিব পাৰিলাহেঁতেন…ৰেলৱে ক্ৰ্চিংত ৰৈ আছোঁ বুলি । এনেকৈ মানুহক ভয় খুৱাই দিয়েনে ?” তাইৰ মেচেজটোৱে মোৰ হৃদয়ত কেনে দুচিন্তাৰ সৃষ্টি কৰিছিল তাক তাইক বুজাই ক’লো । তাই মোৰ দুচিন্তাৰ কথা অমূলক বুলি কৈ সশব্দে হাঁহি উঠিল ।
তাৰ পাছতো তাইৰ পৰা প্ৰায়েই ফোন পাওঁ, মেচেজ পাওঁ । প্ৰায় প্ৰতিবাৰেই তাইৰ হতাশা আৰু দুচিন্তাৰ মুখামুখি হওঁ । প্ৰতিবাৰৰ দৰে সান্তনা দিওঁ সময়ত সকলো ঠিক হ’ব । দুখ যাতনাৰ হাত ধৰিয়েই সুখবোৰে বাট বুলে । মোৰ কথাত আস্বস্ত হয় তাই । বৰদিনৰ আগদিনাখন মোৰ মোবাইলত আকৌ তাইৰ মেচেজ এটা আহিল মোলৈ । “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” – বাৰ্তাটোত সিমান গুৰুত্ব দিব লগীয়া বুলি ভবা নাছিলো । মই মেচেজ পেক কেতিয়াও নভৰাওঁ । মেচেজ দিয়াতকৈ চিধাই কথা পাতি লোৱাই উচিত বুলিয়েই ভাবোঁ । নিতান্তই দৰকাৰ নহ’লে সেয়ে পৰাপক্ষত কথাই মই কথাই পাতোঁ । সিদিনাখনো তাইৰ শুভেচ্ছাৰ প্ৰত্যুত্তত ফোন কৰি কথাই পাতো বুলি ফোন লগালো । ফোন ৰিং হৈ হৈ বন্ধ হৈ গ’ল । আকৌ ফোন লগালো, এইবাৰ this scriber is currently switch off please try after sometime…ইচ সময় উপভোক্তা কি মোবাইল switch off হ্যেই অনুগ্ৰহ কৰকে থোড়ী দেৰ বাদ ফোন কৰে… ।
কেইবাবাৰো ফোন কৰিও সংযোগ নাপাই মোৰ চিন্তা লাগিল । মেচেজটো আকৌ এবাৰ খুলি লৈ পঢ়িলো - “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” । এইবাৰ মেচেজৰ অৰ্থৰ গভীৰতাৰ কথা ভাবি মনটো ধৰফৰাই উঠিল …হে হৰি ! এইজনীয়ে আকৌ একো এয়া কি বুজাব খুজিছে ! বাৰে বাৰে ফোন লগাও, সেই একেই মোবাইল চুইচ অফ । মোৰ দৈনিক ঘৰুৱা তথা অফিচৰ কামবোৰ যন্ত্ৰ্ৱৎ কৰি গৈছো…একোতে ভালকৈ মন বহাব পৰা নাই । তাইৰ বা কি হ’ল…তাইৰ অঘটনৰ চিন্তাই মনটোক ব্যাকুল কৰি তোলে, বাৰে বাৰে । তাইক যোগাযোগ কৰাৰ আন কোনো উপায়েই মোৰ হাতত নাছিল । সেয়ে কেৱল দুচিন্তাত মনটোক ভাৰাক্ৰান্ত কৰাৰ বাহিৰে আন একো গত্যান্তৰ নাছিল । তাইৰ মাকৰ ঘৰ এখন ভিতৰুৱা গাঁৱত । নতুন ঘৰখনো আমাৰ বাবে অচিনাকি । অফিচলৈ আহি সহকৰ্মী সকলক তাইৰ মেচেজৰ কথা ক’লো । মোৰ কথা শুনি সিহঁতেও ভয় খালে । সিহঁতেও পাৰে মানে ফোন লগালে নাই সেই একেই অৱস্থা – “আপুনি ডায়েল কৰা নম্বৰটো এতিয়া উপলব্ধ নহ’ব, কিছুসময়ৰ পাছত ফোন কৰক” । আমি উপাইহীন হৈ তাইৰ ভাগ্যৰ হাততে সকলো এৰি দুসহ বেদনা বুকুত সামৰি থলো । সকলো কথাৰে সীমা থাকে …আজিৰ কথাবোৰ কাইলৈ পুৰণি হয়, তেনেকৈ সতেজ ঘাঁবোৰো এদিন শুকায় । ব্যস্ততাময় জীৱনে যাতনাবোৰ কিছুপৰিমাণে শিথিল কৰি দিয়ে । নিতৌ নতুন নতুন যাতনাবোৰে পুৰণি যাতনাবোৰৰ ঠাই আহি পূৰণ কৰি দিয়েহি । ভোগালী বিহুৰ দুদিনমান আগৰ কথা, মোবাইল ফোনটোৱে তাৰ নিজস্ব ষ্টাইলত সুহুৰিয়াবলৈ ধৰিলে । মোবাইলটো হাতত লৈ স্কীনটোত জিলিকি থকা নামটো দেখি আচৰিত নহৈ নোৱাৰিলো । স্কীনটোত জিলিকি থকা নামটো আছিল চন্দনাৰ । বিস্ময়েৰেই মাত দিলো – “হেল্লো…” । “বা, ভালে আছেনে ? কি খৱৰ আপোনাৰ ? বিহুৰ শুভেচ্ছা থাকিল….” তাইৰ স্বাভাবিক মাত । তাইৰ মাত শুনি মোৰ যিমান ভাল লাগিল সিমান খং আৰু অভিমানো যাগিল । সাধাৰণ বাৰ্তা বিনিময়ৰ পাছত তাইক ক’লো – কোনোবা দিনা হাৰ্ট ফেইল কৰাই মাৰিবা মোক । “কি হ’লনো ? কিয় তেনেকৈ কয় ? কিনো কৰিলো মই ?” তাইৰ প্ৰ্শ্নৰ উত্তৰ দি মই তাইক তাইৰ নৱবৰ্ষৰ বাৰ্তা আৰু তাইক ভালেকেইদিন ফোন কৰিও তাইৰ ফোনৰ সংযোগ নাপাই মোৰ মনলৈ অহা দুচিন্তাৰ কথা তাইক বিবৰি ক’লো । মোৰ পৰা গোটেইখিনি শুনি তাই তাইৰ স্বাভাবসুলভেৰে আগৰ দৰেই হা হাকৈ হাঁহি উঠিল – “আপুনিও যে ! সৰু সৰু কথাতেই ইমান চিৰিয়াচ কেলেই হৈ যায়নো ? মই দেখোন আপোনাক কৈছিলোৱেই আগতে… মই আপোনাৰ ভনী, জীৱনত সহজে হাৰ মানি পলাই যোৱাৰ কথা নাভাবোঁ । আপুনিয়েই জানো মোক শিকোৱা নাই জীৱনত যুঁজিবলৈ ? মই মোৰ মানুহজনৰ সৈতে বৰদিনৰ আগদিনা দিল্লীলৈ গলো, যোৱাৰ আগে আগে আপোনাক মেচেজটো দিলো । হাতত সময় নাছিল, কথা পাতিবলৈ । মেচেজ দি উঠিয়েই মই যাবলৈ লৰালৰিকৈ ওলালো । এবাৰ ফোনটো চাওঁতে আপোনাৰ মিচ কল দেখিছিলো যদিও ফোন কৰা নহ’লগৈ, সেইখিনি সময়ত ফ্লাইট ধৰিবলৈ খৰখেদা লাগিছিল । আপুনি মোৰ মেচেজটো ইমান চিৰিয়াছলি ল’ব বুলি মই ভবাও নাছিলো । আনৰ কথাবোৰ ইমানকৈ চিন্তা নকৰিব বুজিছে ।” তাইৰ কথাখিনি শুনি নিজকে জগতৰ আটাইতকৈ মূৰ্খ যেন লাগিল । তাই পঠিওৱা সেই সামান্য বাৰ্তাকে লৈ অযথা মই ভালেমান দিন বুকুত কঢ়িয়াই ফুৰিলো এক বুজাব নোৱাৰা ব্যথা । সেইবোৰ যে তেনেই অৰ্থহীন আছিল ! ব্যথা কিছুমানে যিমানে পুৰণি হয় সিমানে এক সুখো দিয়ে ….এই অৰ্থহীন ব্যথায়ো আজি মোক সুখ দিয়ে….মহানগৰীৰ যান্ত্ৰিকতা আৰু কোলাহলত হেৰাই নোযোৱা হৃদয় এখনতো আছে মোৰ !
ණসাৰদা শ্ৰেষ্ঠ

কাবৌ কৰিছোঁ...জোনাক নিসিঁচিবি তই

(কবিতা)
কাবৌ কৰিছোঁ...জোনাক নিসিঁচিবি তই

জোন ঐ...
কাবৌ কৰিছোঁ
পূৰ্ণিমাৰ ৰাতি
মুঠিয়ে মুঠিয়ে
জোনাক নিসিঁচিবি তই

অলেখ তৰাই গুণগুণাই
মোৰ বুকুত তুলিব
... সুৰৰ ৰাগিনী

পূৰ্ণিমাৰ ৰাতি
জোনাক নিসিঁচিবি তই
মোৰ বুকুজুৰি বিয়পিব
ভেটফুলৰ শুকুলা হাঁহি

জোনাকত গা ধুই
বাট হেৰুৱা উদঙীয়া সপোনবোৰ
মোৰ দুচকুলৈ ঢপলিয়াই আহিব
আশাবোৰ আকৌ এবাৰ
সেউজীয়া হ'ব

নালাগে জোন...
কাবৌ কৰিছো তোক
পূৰ্ণিমাৰ ৰাতি
জোনাক নিসিঁচিবি তই
মোৰে শপত
জোনাক নিঁচিসিবি তই...

ණসাৰদা শ্ৰেষ্ঠ

Saturday, 14 February 2015

সোণৰ হৰিণ(আধা মিনিটৰ গল্প)

(অনুগল্প)

সোণৰ হৰিণ
ফুটপাথৰ কাষতে সাতবছৰীয়া কণমানি জীৱন দেউতাকৰ লগতে বহিছিল গোমধানৰ পোহাৰ মেলি । দেউতাকে কয়লা জ্বলাই তাতেই গোমধান পুৰি বিক্ৰী কৰে সদায় । তাৰেই সিহঁতৰ পৰিয়ালৰ জোৰা টাপলি মাৰে । গোমধানৰ পোহাৰ লৈ বহাৰ কিছু সময় হৈছিল, মাজে মাজে দুই এজন গ্ৰাহকে সিহঁতৰ গোমধান কিনি লৈ গৈছিল । সি দেউতাকক হাতে কামে লাগি দি মাজে মাজে কিছু সহায় কৰি দি আছিল । কাষৰ জকমকীয়া দোকানখনত জিলিকি থকা নানাধৰণৰ ৰংচঙীয়া পেকেটবোৰে তাৰ কোমলীয়া মনটোক প্ৰলোভিত কৰিবলৈ এৰা নাছিল । সি দেউতাকক পাঁচটকা খুজিলে । দেউতাকে চিন্তা কৰিলে, পাঁচটকা এটা ৰংচঙীয়া পেকেটৰ নামত খৰচ কৰিবলৈ পুতেকক কেনেকৈ দিব ! খৰছৰ বাটটো যে বৰ দীঘলীয়া । দেউতাকক বাৰে বাৰে কুটুৰি থাকিও টকা পাঁচটা নাপাই জীৱন তেনেকৈয়ে টোপনিয়ালে । কিছু সময় পাছত দেউতাকে দেখিলে জীৱন তেওঁৰ ওচৰত নাই । ওচৰে পাজৰে চাই তাক ক’তো নেদেখি তেওঁ আতঙ্কিত হ’ল । নিশা নামি আহিছিল ক্ৰমে ধৰালৈ । এপাকত তেওঁৰ চকু গ’ল তেওৰ কাষৰ খোলা ফুটপাথৰ অংশটোলৈ । তেওঁ শিহঁৰি উঠিল । তেওঁৰ গাতে গা লগাই থেনথেনাই থকা জীৱন কেতিয়ানো তাত পৰি গ’ল তেওঁ ততেই ধৰিব নোৱাৰিলে । তেওঁ তুলি আনিলে তাক ফুটপাথৰ ভিতৰৰ পৰা, তাৰ মূৰ ফাটি তেজ বৈছিল । সংজ্ঞাহীন হৈ পৰিছিল কণমানি জীৱন । কণমানি জীৱনক লৈ তেওঁ ওচৰৰ ফাৰ্মাচীলৈ ঢাপলি মেলিলে ।

মৰমৰ অত্যাচাৰ

আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা কোনো কোনো ক্ষণত মৰমৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয় । মই নিজেও কেইবাবাৰো এনে অত্যাচাৰৰ বলি হৈছোঁ । তেনেকুৱা পৰিস্থিতিৰ কথা মনত পৰিলে আজিও এক অজান পুলকত পুলকিত হৈ উঠে মন প্ৰাণ । মোৰ জীৱনত ঘটা তেনে দুটামান ঘটনা ব্যক্ত কৰিবলৈ ওলাইছোঁ ।
আমাৰ চুবুৰীতে এগৰাকী শিক্ষয়ত্ৰী অকলে বাস কৰিছিল । তেখেত এগৰাকী সহকাৰী শিক্ষয়ত্ৰী আছিল । মোৰ সৰুমাহী তেখেতৰ সহকৰ্মী হোৱা হেতুকে তেখেতৰ লগত আমাৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল । মানুহগৰাকীক আমি জেঠাই বুলি মাতিছিলো । জেঠাই কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল আৰু আমিও কেতিয়াবা তেখেতৰ ঘৰলৈ গৈছিলো । মহিলাগৰাকী যথেষ্ট পৰিপাটি আৰু নিয়মানুবৰ্ত্তী আছিল । তেখেতক তেখেতৰ স্কুলৰ ছাত্ৰীসকলে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল । তেখেত ঘৰৰ বাহিৰত থকা দেখিলে, সেই বাটেৰে তেখেতৰ ছাত্ৰী সততে ঘূৰি ফুৰিবলৈ ভয় কৰিছিল । ধকধকীয়া বগা মেখেলা চাদৰেৰে তেখেতৰ কোমল অথচ দৃঢ় মুখায়ব মোৰ আজিও মনত আছে । মই তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী । বিধবা জেঠাই দুজন পুত্ৰ যদিও জেঠাই অকলে থাকে । কেতিয়াবা অসুখ হলে, মই তেখেতৰ লগতে ৰাতি থাকি দিছিলোগৈ । তালৈকে কিতাপ পত্ৰও লৈ গৈ পঢ়িছিলো, তেখেতে মোৰ পঢ়াখিনিও মাজে মাজে চাই দিবলৈ এৰা নাছিল । মই এদিন সন্ধিয়া জেঠাইৰ তালৈ গ’লো খবৰ কৰিবলৈ ।জেঠাইৰ গা অসুখ বাবে এজনী দহ বাৰ বছৰীয়া ছোৱালী লগত ৰাখিছিল । মই গৈ দেখিলো তাই মাছ বাছি আছে, মাছটো ডাঙৰেই আছিল; বোধহয় ৰৌ মাছ, মই মাছ ভালকৈ চিনি নাপাওঁ, আজিও । মোক দেখি জেঠাইয়ে ক’লে-“তই আহিলি ভালেই হ’ল, পাৰ যদি তইয়েই ৰান্ধ আজি । কমলাক(সেই ছোৱালীজনীৰ নাম)মই পাগঘৰত কাম কৰিবলৈ এতিয়ালৈকে দিয়া নাই,তাই সৰু ছোৱালী । তাই তোক যোগাৰ বিলাক দিব তই ৰান্ধিলেই হ’ল’’। মই সৰুৰে পৰাই মাছ নেখাইছিলো, সেয়ে কোনোদিনে মাছ ৰান্ধি পোৱা নাছিলো, ৰান্ধি পোৱাটো দূৰৰে কথা, হাতেৰে নুচুইছিলোও । সঁচা কথা ক’বলৈ গ’লে আজিলৈকে ৰান্ধিও পোৱা নাই । জেঠাইৰ ঘৰত সেইদিনাই মাছ ৰন্ধা মোৰ জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা । কিন্তু মই জেঠাইক মাছ ৰান্ধিব নাজানো বুলি ক’ব নোৱাৰিলো । ইমান আন্তৰিকতাৰে মোক দায়িত্ব এটা দিলে মই বাৰু কেনেকৈ নোৱাৰোঁ বুলি কওঁ ! মাক মাছ ৰন্ধা দেখিছিলো, কি কি যোগাৰ লাগে জানিছিলো, গতিকে পাছ নুহুকিলোঁ । কিন্তু মাছখিনি ভাজিবলৈ লৈ দেখিলো মাছৰ ওপৰৰ ছালখন এৰাই গৈ বগা হৈ পৰিল, মই সাংঘাটিক ভয় খালো সেয়া কি হ’ল বুলি । ভজা মাছবোৰ চোন মই ৰঙচুৱাহে হোৱা দেখোঁ, এয়া যে বগা পৰিছে ! মই ওচৰতে থকা কমলাক সুধিলো, “মাছবোৰৰ চালবোৰ এৰাই গৈছে যে কিয় ?” তাই সহজভাৱেই ক'লে, “তেলত দিলে বাকলিখিনি এৰাই যায়েই ।" তাই জানিয়েই তেনেকৈ কৈছিল নে নজনাকৈয়ে তেনেকৈ কৈছিল মই নাজানিলো, তথাপি মোৰ সাধ্যানুসৰি ৰান্ধিলো । মই পেটে পেটে বৰ ভয় খাইছিলো, জেঠায়ে নিশ্চয় সোৱাদ নাপাই মোক বেয়া পাব, ৰান্ধিবও নাজানে বুলি । সিদিনা মই নিজে অৱশ্যে মাছ নাখালো, গতিকে কেনে হ’ল তাক মই গম নাপালো । কিন্তু মাছৰ আঞ্জা খাই সিদিনা জেঠাই বা কমলা কোনেও কোনো ধৰণৰ অসন্তুষ্টি নেদেখুৱালে । ময়ো ভয়তে নুসুধিলো, কেনে হ’ল খাবলৈ বুলি । আকৌ আন এদিনৰ কথা, মই দুপৰীয়া ঘৰতেই ভাত পানী খাই আজৰি হৈ চিধাই জেঠাইৰ ঘৰ ওলালোগৈ, খৱৰ কণ লৈ আহোঁ বুলি । মোৰেই ভাগ্য নে দুৰ্ভাগ্য ক’ব নোৱাৰোঁ; জেঠায়ে কাঁহী দুখন উলিয়াই কমলা আৰু নিজলৈ বুলি ভাত বাঢ়িবলৈ লৈছিলহে, হাজিৰ হলোগৈ নহয় মই । মোক দেখি জেঠাই উত্সাহিত হৈ উঠিল ক’লে, “অ’, সাৰদা তই আহিলি, ভালেই হ’ল দে । তয়ো বহ ভাত খাহি । মই কলো, “মই এইমাত্ৰ ভাত খায়েই আহিছোঁ, আপোনালোকে খাওঁক ।" নাই তেখেতে মোৰ কথা নুশুনেই, কাঁহী আৰু এখন আনি ভাত বাঢ়িবলৈ ল’লেই । আকৌ ৰান্ধিছে সিদিনাও মাছ ! মাছ নহ’লে ভাত হেনো ডিঙিৰে নসৰকেই ! মই মহা আপত্তি কৰিলো, এফালে পেট ফুল তাতে আকৌ মাছৰে খাব লাগিব । মই বাৰে বাৰে নাখাওঁ নাখাওঁ কৰাত তেখেতে কান্দিয়েই পেলালে, ক’লে – “তই মোক বেয়া পাৱ ! মোক ঘিণ কৰ !” “তেনেকৈ কিয়নো কয় আপুনি, মইনো বাৰু আপোনাক বেয়া পাম কিয়? আপোনাক বেয়া পালে আহোনে দৌৰি দৌৰি খৱৰ কৰিবলৈ ?” – মই ক’লো । তেখেতে কিন্তু নেৰিলে, ক’লে – “মই ৰন্ধা তেনেহলে তই কিয় নাখাৱ ? খা একো নহয়, অলপ খাব পাৰিবি ।" মই মহা বিমোৰত পৰিছিলো, মানুহজনীক ভাত খোৱা পৰতে আহি অযথা কষ্ট দিলো । উপাই নাপাই সিদিনা তেখেতৰ মৰমৰ অত্যাচাৰৰ ওচৰত হাৰ মানি, জীৱনত প্ৰথমবাৰৰ বাবে মাছেৰে ভাত খালোঁ । স্ফূৰ্তিত হাঁহিম নে খঙে দুখে কান্দিম ঠাৱৰ কৰিব পৰা নাছিলো সেই মুহূৰ্ত্তত । মোৰ অৱস্থা কি হৈছিল সিদিনা, মোৰ বাহিৰে কিজানি কোনেও উপলব্ধি কৰিব নোৱাৰিব । জেঠাই আজি নাই, কিন্তু আজি জেঠাইৰ মৰমৰ অত্যাচাৰ বোৰ মনত পৰিলে এক বুজাব নোৱাৰা আনন্দত মন ভৰি উঠে ।

আন এবাৰৰ ঘটনা । এইবাৰৰ ঘটনাৰ নায়ক কাহিলীপাৰাত থকা মোৰ মহা । মোৰ মহায়েও মানুহক খুৱাই বৰ ভাল পাইছিল । তেনেকৈ যে কেতিয়াবা মানুহক অত্যাচাৰো কৰা হয়, তাক তেখেতে কেতিয়াও ভাবি নাপাইছিল । এবাৰ মই গৈ ওলালো, ৰাতিপুৱা । মাহীৰ ঘৰলৈ গ’লে সাধাৰণতে তাতেই ভাত সাজ খোৱা হয় । মহাই সাধাৰণতে পাগঘৰত কাম নকৰে । সেইদিনা মহাই নিজেই নিজৰ খুচীৰে ৰান্ধিছে ডাঠা শাক, বিলাহী আৰু সৰিয়হৰে নিজৰ পছন্দ মতে । মই খোৱা বোৱাত সৰুৰে পৰা বেয়া, ভালেমান শাক পাচলি মোৰ খোৱা লিষ্টৰ বাহিৰত । মই ভাত খাবলৈ বহিলোহে, মহাই মহা আনন্দেৰে বিলাহী-সৰিয়হ দি ৰান্ধা ডাঠাশাক ভজা লৈ আহি মোৰ পাতত দি ক’লে, “খাই চোৱা আজি মই ৰান্ধিছোঁ।" শাকভজা যে সোৱাদেই হৈছে, তাক তাৰ চেহেৰাই কৈছিল । কিন্তু ডাঠা শাক বুলিলেই মই সাতজাপ মাৰো...মোৰ যেন ডিঙি বেজবেজাই উঠে । মাহঁতৰ গালি খাই কেতিয়াবা সামান্য মুখত দিওঁ যদিওঁ মোৰ ডিঙিৰে খুউব কষ্টেৰেহে সৰকিছিল । মহাই মহানন্দেৰে আগবঢ়াই দিয়া শাক ভজাখিনি দেখিয়েই মোৰ মূৰটো ঘূৰাই গ’ল ।মই কৰুণকাতৰ ভাবেৰে মহালৈ চাই ক’লো, “মই ডাঠাশাক নাখাওঁ, ভাল নালাগে”। মই কথাখিনি কৈ শেষ কৰিবই নোৱাৰিলো । মহাই ক’লে, ‘‘আৰে, এবাৰ খাই চোৱা । তাৰ পাছত কবা...হে হে হে...।’’ মহাৰ মুখত বিশ্বজয়ৰ হাঁহি । মহাৰ মৰমৰ অত্যাচৰক আওকাণ কৰাৰ সাহসো মোৰ নাছিল ।অগত্যা, খাবলৈ চেষ্টা কৰিলো । বিশ্বজয়ৰ হাঁহি মুখত ওলোমাইলৈ মহাই মোক সুধিলে, “কেনে হৈছে....?” মহাৰ প্ৰশ্নৰ উত্তৰত ভাল হৈছে বুলি ক’বলৈ মই বাধ্য । পেটে পেটে মোৰ মহাৰ ওপৰত খংটো উঠিছিলেই নিজৰ ওপৰতো খং উঠি আহিছিল, বান্দৰেনো কি বুজে নাৰিকলৰ মোল ! মহা এটা সময়ত আমাৰ কাষৰ পৰা উঠি গ’ল, সেই সুযোগৰ সদ্ ব্যৱহাৰ কৰি বাকী থকা শাকখিনি মোৰ ভনীজনীৰ পাতত দি দিলো, মনে মনে বৰ শান্তি পালো..... বাচিলো ! অলপ পাছতে মহা আকৌ ঘূৰি আহিল, দেখিলে মোৰ পাতৰ শাক শেষ ! মহা বোধহয় উৎসাহিত হ’ল, তাৰমানে শাক নোখোৱা ছোৱালীয়ে খাই তৃপ্তি পাইছে ! তাৰমানে তেখেতে ৰন্ধা শাক যথেষ্ট সোৱাদ হৈছে !! পলম নকৰি আকৌ আনি বাকি দিলে শাক অলপ মোৰ পাতত । সিদিনা মোৰ ব্যথা কেৱল মোৰ ভনীজনীয়েহে বুজিছিল, যদিও মনে মনে মোৰ অৱস্থালৈ চাই পৰম কৌতুক অনুভব কৰিছিল ।
আকৌ আন এদিনৰ ঘটনা । তেতিয়া মই চাকৰিত সোমোৱা বেছি দিন হোৱা নাই । মোৰ কামত মই ব্যস্ত হৈ আছিলো । এনেতে, মোৰ কাৰ্য্যালয়লৈ সোমাই আহিল মহা, মোৰ খৱৰ ল’বলৈ ।মহাৰ লগত তেখেতৰ বোৱাৰী মানে মোৰ বৌজনী আৰু মহাৰ কোলাত মোৰ অকণমাণি ভতিজী লীনা । মহাই জনালে,কিছু দিনৰ পৰা লীনাৰ জ্বৰ আৰু বমি হৈ আছে, সেয়ে তাইক ডক্তৰৰ ওচৰলৈ দেখুৱাবলৈ লৈ আহিছে । কুঁশল বাৰ্তা লৈ মহা যাবলৈ ওলাই মোক ক’লে – “ব’লা ৰেষ্টুৰণ্টলৈ, চাহ খাই আহিবা ।" মই টিফিন কৰা বেছি সময় হোৱা নাই । “মাত্ৰ খাই উঠিছোহে, আজি আৰু নাযাওঁ” – ক’লো, মই । কিন্তু মোৰ কথা মহাৰ একাণেদি সোমাই সিকাণেদি ওলাই গ’ল । ক’লে, “কিয়, বচলৈ ভয় কৰিছা নেকি ? ঠিক আছে মই পাৰ্মিচন লৈ দি আছোঁ । মোৰ ছোৱালী, মই চাহ খুৱাবলৈ অকণ সময় লৈ যাব নোৱাৰিম নেকি?” কৈয়েই মহা চিধাই বচৰ কেবিন পালেগৈ, তাতে তেখেতৰ লগত নিজে চা চিনাকি হ’ল, আৰু মোক অলপ সময়ৰ কাৰণে বাহিৰলৈ লৈ যোৱাৰ অনুমতি বিচাৰিলে । মোৰ হাতত কোনো উপাই নাছিল, মহা আৰু বৌক অনুসৰণ কৰিলোঁ । মহাই বৌ আৰু মোক মহাৰ চিনাকী ৰেষ্টুৰেণ্ট এখনলৈ লৈ গ’ল । প্ৰথমেই এখন পৰঠাৰ অৰ্ডাৰ দিলে । কোনো আপত্তি নকৰি খালো । পৰঠা শেষ হ’বই নাপালে, বিলনীয়া ল’ৰাটোক মাতিলে – “ইফালে মলাই চমচম আৰু ৰসমিঠাই দুটাকৈ দিয়া” আৰু আমালৈ চাই ক’লে, “ইয়াৰ মলাই চমচম আৰু ৰসগোল্লা বৰ সোৱাদ । আমি আপত্তি কৰিলো যদিও তেখেতে কোনো কেৰেপেই নকৰিলে । মিঠাই দুটা শেষ হ’ল কি নহ’ল এইবাৰ আকৌ বিলনীয়াটোক চিঞৰি ক’লে – “ঐ...ল’ৰা, ইফালে চিঙৰা দুটা দিবি ।" আমি দুয়োজনীয়ে একেলগে চিঞৰি উঠিলো, “নাই নাই নালাগে নালাগে” বুলি, কিন্তু মহা এইবাৰো নাচোৰবান্দা খুৱাই হে এৰিব । ক’লে, “তোমালোকো কি ছোৱালীহে ! এইখিনিকো খাব নোৱাৰা । পাৰিবা পাৰিবা, খোৱা একো নহয় । ইয়াৰ চিঙৰা আঃ কি যে সোৱাদৰ হয়.....।“ নিজে হ’লে একো নাখালে মাত্ৰ খা্দ্য বস্তু বোৰৰ প্ৰসংশা কৰি কৰি আমাক এটাৰ পিছত এটাকৈ খোৱাবলৈ লাগিল । বৌৱেও আপত্তি কৰিব নোৱাৰে, ময়ো বলে নোৱাৰো মহাক । অগত্যা চিঙৰাও চোৱাবলৈ ল’লো । তেখেতে চিঙৰা খাই থাকোতে আকৌ ল’ৰাটোক মাতি ক’লে – “ঐ...ল’ৰা, দৈ আছেনে ?” এইবাৰো আমি আপত্তি কৰিলো, “দৈ নাখাওঁ পেট ওফন্দি উঠিছে আৰু খাব নোৱাৰিম ।" তেখেতে ক’লে, “খোৱাৰ শেষত দৈ খাব লাগে, হজম হয় । দৈ খোৱা ভাল....খোৱা খোৱা, ভাল লাগিব ।" ইতিমধ্যে ল’ৰাই আনি দৈ দুবাতি দি গ’লেই । অগত্যা আমি নিৰ্বিবাদে দৈ গলাধকৰণ কৰাত লাগিলো । খাই খাই অৱস্থা মোৰ কাহিল হৈ গৈছিল । দৈ খাই শেষ কৰি উঠিবহে খুজিছিলো, মহাই আকৌ ক’লে – “বহাচোন বহা....ইমান কিহৰ খৰধৰ কৰিছা ?" এইবাৰ পুণৰ ল’ৰাটোক মাতিলে – “ইফালে দুটা কচৌৰী দি যাবি । মই বৌলৈ চালো, কৰুণভাবে ক’লো, “বৌ আৰু নোৱাৰোঁ । খোৱাবোৰ টেটু পাইছেহি । বৌৱেও ক’লে, “ময়ো আৰু নোৱাৰো.। ল’ৰাটোৱে কচৌৰী দুটা আনি আমাৰ আগত থলেহি । মহাই আমাক খাবলৈ কৈ এইবাৰ বিল দিবলৈ বুলি কাউন্টাৰলৈ উঠি গ’ল । আমি এই সুযোগৰ সদব্যৱহাৰ কৰি কচৌৰী দুটা বৌৱে লীনাৰ বাবে লগত অনা সৰু পলিথিনৰ বেগত ভৰাই দিলো । আমি লৰালৰিকৈ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলো । খৰখেদাতে বৌৰ হাতৰ পৰা টোপোলাটো সৰি পৰিল । য’তে বাঘৰ ভয়, ত'তে ৰাতি হয়....কথাষাৰ আমাৰ ক্ষেত্ৰত সিদিনা ভালকৈয়ে ফলিয়াইছিল । টোপোলাটো সৰি পৰাৰ লগে লগে কচৌৰী দুটাও বেগৰ পৰা ওলাই ল'ৰ মাৰিলে । টোপোলা সৰি পৰা দেখি মহাই ঘূৰি চাই কচৌৰী দুটা দেখিলে, বৌ আৰু মই দুয়ো দুয়োলৈ চালো, হাঁহিম নে কান্দিম অৱস্থা তেতিয়া আমাৰ দুয়োৰে । মহাই পিছে কচৌৰী দুটা দেখিও মুখেৰে একো নামাতি নেদেখা ভাও জুৰি আগুৱাই গ'ল । অহ্, বেয়া বাচিলো । বৌ আৰু মহাৰ পৰা বিদায় লৈ মই মোৰ কাৰ্মক্ষেত্ৰলৈ আহিলো । এই কথা মনত পৰিলে মই আজিও বেছ কৌতুক অনুভব কৰোঁ । ইমানকৈ খালো যদিও সিদিনা কিন্তু একো নহ'ল মোৰ । মৰমৰ অত্যাচাৰতেই কিজানি হজম হৈ গ’ল সকলো ।
ණসাৰদা শ্ৰেষ্ঠ

(কবিতা) ঘাঁ

(কবিতা)
 ঘাঁ
শুকাবলৈ লৈছে
মোৰ ঘাঁ টুকুৰা
টুকুৰিয়াই নিদিবা তাক ।
ই আকৌ বিয়পিব
মোৰ হৃদয়জুৰি ।
যাণ্ত্ৰনাই
আকৌ খেদিব মোক ।
যাণ্ত্ৰনাৰ হলাহল পি
পুণৰ মাতাল হ'ব নুখোজোঁ মই ।
নুখুজোঁ মই,
এবাৰ আকৌ হেৰুৱাব নিজক ।

(প্ৰৱন্ধ) সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

(প্ৰৱন্ধ)
                                                      সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

আজি কিছুদিন ধৰি কিছুমান অভাৱনীয় ঘটনা সমূহে গোটেই অসমৰ আকাশ বতাহ ভালকৈয়ে কঁপাই তুলিছে । প্ৰথমে বানপানীত উটি আহিল টকা এয়া এক ভাবিব নোৱাৰা আৰু অবিশ্বাস্য ঘটনা হলেও ইয়েই সত্য তাক অস্বীকাৰ কৰাৰ কোনো উপাই নাই । তাৰ পাছত ওঁঠ টিপিলেই গাখীৰ ওলোৱা ল'ৰা - ছোৱালীবোৰৰ এক অভিজাত হোটেলত মাজনিশা জুৱা আৰু মদৰ আড্ডা । শেহতীয়াকৈ জি এছ ৰোড কাণ্ড । যি  অধিক লজ্জাজনক আৰু দুখজনক ।এই কাণ্ডই কেৱল অসমকে নহয় সমগ্ৰ বিশ্বতেই তোলপাৰ লগাইছে । এই ঘটনা প্ৰবাহে আমাৰ বিশৃংখল সমাজৰেই পৰিচয় দিয়ে  ।
সাম্প্ৰতিক অসমৰ সমস্যা বহুত । এই সমস্যাবোৰৰ বিষয়ে আমি সকলো কম বেছি পৰিমানে অৱগত । কিন্তু এই সমস্যাবোৰলৈ চকু কাণ দিবলৈ যেন কাৰো আহৰি নাই । মদৰ দোকান (সভ্য ভাষাত আজি বাৰ হ'ল, বাৰ বুলি ক'লে মনটো  আধুনিকৰ পৰশত অলপ ফুলি উঠে, মদৰ দোকান বুলি ক'লে আমাৰ ইজ্জতত লাগে !) লৈ নিশা দুগৰাকী মহিলা মদ খাবলৈ গ'ল, তাতেই মদ খাই মাতলামি কৰিলে । এয়া আমাৰ সমাজৰ  ভাল লক্ষণ বুলি কোনোপধ্যেই ক'ব নোৱাৰি । এতিয়া প্ৰশ্ন উঠিব পাৰে, "নাৰীয়ে মদৰ দোকানলৈ গৈ মদ খাব নোৱাৰে নেকি ? নাৰীৰ নিজস্ব স্বাধীনতা নাইনে ?" নাৰীৰ স্বাধীনতাত মই হস্তক্ষেপ কৰিব নোখোজোঁ । মই নিজে এগৰাকী নাৰী, গতিকে মই নিজেও বিচাৰিম নাৰীৰ সম্পূৰ্ণ স্বাধীনতা । কিন্তু স্বাধীনতাৰ দোহাই দি আমি স্বাধীনতাৰ কিমানখিনি সুবিধা গ্ৰহণ কৰা উচিত ? যিখিনি স্বাধীনতাই আমাৰ সমাজক দূষিত কৰিব পাৰে, তেনে স্বাধীনতাৰ সুবিধা আমি নোলোৱাকৈ থাকিব নোৱাৰোনে । সমাজৰ শৃংখলা বজাই ৰাখিবলৈ হলে আমি সংযমী হোৱাটোও অতি জৰুৰী বুলিয়েই মই ভাবো । মদৰ দোকানলৈ নিশা মদ খাবলৈ গৈ মাতলামি কৰা নাৰীতো বাদেই পুৰুষকো সৌসিদিনালৈকে ভাল চকুৰে চোৱা হোৱা নাছিল । আজি আমি অতি আধুনিক হলো, এইবোৰ এতিয়া আমাৰ বাবে একেবাৰে সৰু কথা হৈ পৰিল ।
এগৰাকী নাৰীৰ ওপৰতেই ঘৰখনৰ সৰ্বাধিক দায়িত্ব আৰু কৰ্তব্য থাকে । সন্তানৰ শাৰীৰিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত পিতৃতকৈ মাতৃৰ ভূমিকাই সৰ্বাধিক । কাৰণ বেছিভাগ সন্তানেই মাকৰ বেছি ওচৰ সান্নিধ্য লাভ কৰে । সন্তানে গৰ্ভত স্থিতি লোৱাৰ পৰা ভুমিষ্ঠ হোৱালৈ আৰু ভুমিষ্ঠ হোৱাৰ পৰা নিজে নিজৰ কামখিনি কৰিব পৰা হোৱালৈকে প্ৰায় চৈধ্য পোন্ধৰ বয়সলৈকে সন্তান বহুখিনি মাকৰ ওপৰতেই নিৰ্ভৰশীল । গতিকে এগৰাকী মাকৰ ওপৰতেই এটি শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে বুলি কলেও বঢ়াই কোৱা নহ'ব ।এনেক্ষেত্ৰত ঘৰৰ নাৰীয়েই যদি নিশা মদ পান কৰিবলৈ মদৰ দোকানলৈ যায় তেন্তে তেনে ঘৰৰ অৱস্থা কি হ'ব পাৰে সি সহজে অনুমেয় । আমি পাহৰিলে নহ'ব যে এখন ঘৰৰ সুস্থ পৰিবেশে আমাৰ চুবুৰীৰ পৰিবেশ সুস্থ কৰি তুলিব পাৰে, ঠিক সেইদৰে এখন সুস্থ, নিকা চুবুৰীয়ে সুস্থ কৰি তুলিব পাৰে এখন সমাজ ।
এতিয়া মই শুনিবলৈ পোৱা মতে ৰাইজে দাবী তুলিছে যে নাৰীৰ নিৰাপত্তাৰ খাতিৰত নিশা মদৰ দোকান বিলাকৰ ওচৰে পাজৰে মহিলা আৰক্ষী নিয়োগ কৰিব লাগে । এয়া মোৰ বোধেৰে এক বাতুলামি মাত্ৰ । যি সময়ত "সত্যমেৱ জয়তে''ৰ জৰিয়তে অলপতে মদৰ অপকাৰীতা আৰু ইয়াৰ পৰা হ'ব পৰা বহুতো উপসৰ্গ সমূহৰ বিষয়ে সজাগতা আনিবলৈ বলিউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে প্ৰচেষ্টা হাতত লৈছে, সেই সময়ত ৰাইজৰ এনে দাবী এক অসুস্থ মানসিক চিন্তাৰেই প্ৰতিফলন বুলিব পাৰি । আচৰিত হৈছোঁ, ৰাইজে মদৰ দোকান উঠোৱাৰ কথা চিন্তা কৰাৰ বিপৰীতে মদাহীবোৰক সুৰক্ষা দিব বিচৰা কাৰ্য্যত । এনে হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম যে অচিৰেই ধংসৰ অতল গহ্বৰলৈ নিক্ষেপিত হ'ব সেয়া এশ শতাংশই খাটাং ।
মই মদ একেবাৰেই খাব নালাগে বুলিও ক'ব থোজা নাই । কিছুমান জাতি -  জনজাতিৰ মাজত মদ খোৱাটো এটা পৰম্পৰা ৰূপে অতি প্ৰাচীন কালৰে পৰা চলি আহিছে, গতিকে ইয়াক একেবাৰে বৰ্জন কৰাটো সহজ কথা নহয় । কিন্তু যিটো বস্তু যি খিনি পৰিমাণে গ্ৰহণ কৰিলে নিজৰো ক্ষতি নহয় আৰু আনেও তাৰ কুফল ভোগ কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মদ পান কৰিলে হয়তু কোনো অৰাজকতাৰ সৃষ্টি কেতিয়াও নহ'ব । কিন্তু এইটো কথাও ঠিক যে মদ ৰাগীয়াল বস্তু হোৱা হেতুকে ইয়াৰ প্ৰতি থকা দুৰ্বলতা মদাহীয়ে ক'ব নোৱাৰাকৈয়ে অনুভব কৰে ।

(আমি অসমীয়াত প্ৰকাশিত)

ভূতৰ অদ্ভুত কাহিনী

(অনুভব)
সৰুৰে পৰা ভূতৰ অলেখ কাহিনী শুনিছোঁ । সেইবোৰ শুনি এফালে ভয়ত যেনেকৈ পেঁপুৱা লাগিছিলো আনফালে তেনেকৈ ভূতৰ অস্তিত্ব সম্পৰ্কে কৌতূহলী হৈ উঠিছিলো । ভুত আছে নে নাই তাক খাটাংকৈ ক'ব নোৱাৰো, কাৰণ এই সম্পৰ্কে মই কোনো গৱেষণা কৰা নাই । কেতিয়াবা ভুতৰ বিপক্ষে ক'বলৈ ললেও ভূতৰ সপক্ষে যিবোৰ জোৰদাৰ মন্তব্য শুনো তেতিয়া মোৰ যুক্তি ক'ৰবাত উফৰি যায় ।মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, ''ঈশ্বৰৰ বাহিৰে আন কালৈকো ভয় নকৰিবা ।'' মই ঈশ্বৰক ভয় কৰাৰ বাদেও আন এবিধ প্ৰাণীকো ভয় কৰো,সেয়া হ'ল দুঠেঙীয়া মানে মানুহ । ঈশ্বৰতকৈও দুঠেঙীয়া প্ৰাণীলৈহে কেতিয়াবা মোৰ বেছি ভয় হয় । মই ভাবো মানুহতকৈ ভয়ানক হয়তো আন কোনো জীৱ নাই । মানুহে এহাতে যেনেকৈ ঐশ্বৰিক শক্তিৰে ঈশ্বৰত্ব লভিবলৈ সক্ষম হৈছে আনহাতে তেনেকৈ পৈশাচিক শক্তিৰে বলিয়ান হৈ ভয়ঙ্কৰতকৈও ভয়ঙ্কৰ হৈ উঠিবলৈকো কেতিয়াবা কুণ্ঠাবোধ নকৰে । বাৰু সেইবোৰ থওঁ, আচল কথালৈ আহোঁ । ভূতক লৈ মোৰ সাধাৰণ কিছু অভিজ্ঞতাৰ বিষয়েহে আপোনালোকক ক'বলৈ খুজিছোঁ ।
এবাৰ মই মামাহঁতৰ ঘৰলৈ থকাকৈ গৈছিলো সৰুতে । সৰু মানে ৬ - ৭ মান বয়সৰ কথা হ'ব বোধকৰোঁ । মামাহঁতৰ ঘৰ ৰজাদুৱাৰত । তেতিয়া সেইখন গাওঁৱেই বুলিব পৰা গৈছিল । ঘৰত কোনো নাছিল, কেৱল মামাৰ ল'ৰা, (মোৰ ভাই, মোতকৈ কেইমাহ মানে সৰু) আৰু মই । মাহী আৰু মামী দুয়ো অকণমানি ভনীজনীক (মামীৰ জী) লৈ গুৱাহাটীলৈ পাৰ হৈ আহিল সোনকালেই আহিম বুলি কৈ । ক্ৰমে সন্ধিয়া নামি আহিল । সন্ধিয়া হৈ অহাৰ লগে লগে আমাৰ মন এক অজান ভয়ত দুৰু দুৰু কঁপিবলৈ লৈছিল । অকলে তেনেকৈ কেতিয়াও থাকি পোৱা নাছিলো আগতে । ভয় ভাবে মনটোক আলোড়িত কৰা সময়তে ভাইটোৱে মোক ক'বলৈ ধৰিলে - ''আমাৰ ইয়াত দেৱতা আছে । সন্ধিয়া ওলায় ।" ভুত সম্পৰ্কে মই শুনিছিলো যদিও সিমান ভয় কৰিব লগা বুলি ভবা নাছিলো । কিন্তু তাৰ মুখত ভুতৰ কথা কাণ্ডবোৰ শুনি মোৰ পেটতে হাত ভৰি লুকুৱা অৱস্থা হ'ল । তেনেকুৱাতে আমাৰ দুৱাৰত কোনোৱাই টুকুৰিয়ালে । ভয়ে ভয়ে দুৱাৰ মেলি দি চাওঁ, কোনো নাই । ভয়ত আমি থৰহৰি কম্পমান । এইবাৰ আকৌ চপৰাবোৰ দলিওৱা শব্দ হ'ল দুৱাৰত । দুৱাৰৰ ফাঁকেৰে চাই দেখিলো সেইবোৰ মাটিৰ চপৰা । ভাইটোৱে কৈ উঠিল - ''দেৱতাই দলিয়াইছে জানঅ' । দেৱতাই শিল নদলিয়ায়, মাটিৰ চপৰাহে দলিয়ায় ।''আগতে কেতিয়াও এনে পৰিস্থিতিত পৰা নাই । কি কৰা যায় এতিয়া ! মামীহঁতৰো কোনো দেখা দেখি নাই । মই সুধিলো, তাক আমি কি কৰা উচিত । এইবাৰ সি বিজ্ঞৰ দৰে দিহা দিলে - "দেৱতাই লোহা দেখিলে নাহে আৰু জুইক দেৱতাই ভয় কৰে ।'' যেন কথা তেন কাম । মই হোলাৰ ভাই মোলা । সি যি কৈছে তাকেই কৰি গৈছো । হাতত চিপৰাং,কটাৰি য'ত যি পালো দুয়ো ললো, জুইৰ বাবে চাকি জ্বলাই ললো । নাই তাৰ পাছতো ভূতৰ উপদ্ৰৱ নকমিল, বৰং আগতকৈ বাঢ়িলহে । এইবাৰ সি, "তই যি কৰঅ ক'ৰ, মই হ'লে ইয়াত থকাত নাই,'' বুলি কৈ হাতত লৈ থকা চিপৰাং দলিয়াই ভিৰাই লৰ দিলে কাষতে থকা ডাঙৰ মামাৰ ঘৰলৈ বুলি । ময়ো তাৰ পাছে পাছে দৌৰিলো । আমাক দুয়োটাকে হেফাই ফেপাই উধাতু খাই লৰি অহা দেখি ডাঙৰ মামীয়ে সুধিলে, ''তহঁতৰ কি হ'ল অ,এনেকৈ উধাতু খাই লৰ ধৰিছ কিয় ।'' আমি আদ্যোপান্ত বিৱৰি ক'লো । মামীয়ে হাঁহিলে । ক'লে,'' যা কোনো দেৱতাই দলিওৱা নাই । সেয়া ৰামৰ (ডাঙৰ মামাৰ ল'ৰা,আমাৰ দাদা) কাম, তহঁত অকলে থকা বুলি জানি সিয়েই তহঁতক জোকাবলৈ এনে কৰিছে ।''
মই সৰু থকা কালৰে আন এটা ঘটনা । আমাৰ ঘৰৰ ওচৰতে এটা ঘৰত দুজন ভাই ককাই ভাড়া লৈ একেলগে বাস কৰিছিল । দুয়ো চাকৰি কৰিছিল । তেওঁলোকৰ ঘৰৰ চাবি এপাটেই থকা হেতুকে চাবিপাট আমাৰ ঘৰতে দি গৈছিল । যিজনেই প্ৰথমে আহিছিল, তেওঁৱেই চাবিপাট নিছিলহি । এদিন ৰাতি সম্ভৱত ৯ বাজি গৈছিল, মই পঢ়ি আছিলো । তেনেতে মায়ে মোক ক'লে, "যাচোন মামা আহিছে চাবিপাট দি আহগৈ ।" মাৰ আদেশ মানি লগে লগে পঢ়া এৰি চাবিপাট লৈ বাহিৰলৈ দৌৰি গ'লো । কিন্তু বাহিৰত কাকো নেদেখি তেওঁলোক থকা ঘৰলৈকে গ'লো, চাবি খুজি তালৈকে গ'ল বুলি ভাবি । নাই কোনো নাই । তেতিয়া, মানে আমি সৰু থকা কালত মানূহ সিমান নাছিল । ৯ বজা মানে ভালেখিনি ৰাতি । মই ঘূৰি আহি বাহিৰত যে কোনো নাই ক'লো, লগতে ইয়াকো ক'বলৈ নাপাহৰিলো যে মই তেওঁলোকৰ তালৈকেও তেওঁলোকক বিচাৰি গৈছিলো । মা দস্তুৰমত ভয় খালে, মই অৱশ্যে সিমান ভয় খোৱা নাছিলো । মায়ে মোক দবিয়ালে, - "তই সেইফালে কিয় গৈছিলি? নাছিল নাই ঘুৰি আহিব লাগে ।" তাৰ পাছত মায়ে আনৰ আগত কোৱা শুনিছিলো মাক হেনো সাইলাখ মামাজনে মতাৰ নিচিনাকৈ 'বাইদেউ', 'বাইদেউ' বুলি মতা শুনি মায়ে মোক পঠিয়াইছিল চাবি দিবলৈ বুলি । যিয়ে শুনিলে সিয়ে ইহ্ ইহ্ কৰিলে । মাক ওলোটাই ধৰিলে ৰাতি বিয়লি মোক তেনেকৈ পঠিয়াই ভাল কাম নকৰিলে বুলি ।মোৰ গ্ৰহ গতি ভাল আছিল বাবেহে হেনো মই বাছিলো । মই পিছত জানিব পাৰিলো সেয়া হেনো ভূতৰ কাম । ভূতে হেনো তিনিবাৰতকৈ বেছি নামাতে । যদি চাবিৰ গৰাকীয়েই হ'লহেতেন নিশ্চয় সিহঁত তেনেকৈ অন্তৰ্দ্ধান নহলহেঁতেন । সেয়া ভূতে মাতিছিল নে একান্তভাৱে কামত ব্যস্ত থকা বাবে মাৰ ভ্ৰম হৈছিল সেয়া আজিও মোৰ বাবে সাঁথৰ হৈ থাকিল ।
আন এটা ঘটনা, য'ত মই প্ৰত্যক্ষভাবে জড়িত নহয় । আমাৰ দাদা এদিন ঘৰলৈ আহি ক'বলৈ ধৰিলে - আজি অদ্ভূত ঘটনা এটা ঘটিল । আমি আটায়ে উত্সুকতাৰে তালৈ চোৱাত সি আকৌ কৈ গ'ল - "ৰূক্মিনীয়ে (সম্পৰ্কত মোৰ বাইদেউ) মোক দেখি আচৰিত কথা ক'লে ।" তাই ক'লে বুলি কৈ দাদাই ৰুক্মিনীৰ ভাষাৰেই ক'বলৈ ধৰিলে - "সিদিনা সন্ধিয়া তোমাৰ লগত কথা পাতি থকাৰ মাজতে কথা শেষ নকৰাকৈয়ে তোমাক বিদায় দিলো । সেইবাবে চাগৈ তুমি মোক বেয়াই পাইছা । আচলতে সিদিনা সেইসময়ত মই বেয়া বস্তু দেখিহে তোমাক সোনকালে বিদাই দি ঘৰমুৱা হৈছিলো ।দাদাই কি বেয়া বস্তু দেখিছিল বুলি সুধিলত তেওঁ হেনো ক'লে - "সিদিনা তোমাৰ লগত কথাপাতি থাকোতে মই সেই দূৰৈৰ কেঁকুৰীটোত কেইটিমান শিশু আহি থকা দেখিছিলো । কিন্তু সিহঁত আকৌ ঠাইতে অদৃশ্য হৈ গ'ল । সিহঁত আচলতে মানুহৰ পোৱালী নহয় । মই আগে পাছেও সেইখিনিত বেয়াবস্তু ওলোৱাৰ কথা শুনিছিলো । সেয়ে যথেষ্ট ভয় খালো যদিও তোমাক একো নকলো তুমি ভয় খাবা বুলি । ইচ্ চোৱাচোন কথাখিনি ভবাৰ লগে লগে কেনেকৈ গাৰ নোমবোৰ থিয় হৈছে ।" এইখিনি কৈ দাদাই আকৌ ক'লে -"মই সেইবাটেৰেই ঘৰলৈ আহিলো সিদিনা, কিন্তু একো গম নাপালো ।" কিন্তু দাদাও যে মনে মনে ভয় খাইছিল বাইদেউগৰাকীৰ কথা শুনি তাক বুজাত মোৰ ভুল নহ'ল । অৱশ্যে সিদিনা দাদাক মই একো নকলো যদিও আজি ভাবিছোঁ, সেয়া বাৰু বাইদেউৰ দৃষ্টিভ্ৰম আছিল নেকি ?
আমি থকা ঠাইডোখৰতো ভূত আছে বুলি বহুলোকে কোৱা শুনিছোঁ । ৰাতি হেনো বিভিন্ন ৰূপ লৈ ঘূৰি ফুৰে । মই কিন্তু আজিলৈ ভূত বা ভূতুনীক দেখা নাই । ৰাতি কেতিয়াবা প্ৰাকৃতিৰ আহ্বানত বাহিৰলৈ ওলাব লাগে । মই কেতিয়াও ভুতৰ ভয়ত ৰাতি বাহিৰলৈ নোলোৱাকৈ থকা নাই । অকলেই বাহিৰলৈ ওলাই যাওঁ । কোনো ভূতৰ সাহস হোৱা নাই মোক জোকাবলৈ । কাৰ্য্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহোতে সদায় সন্ধিয়া হয়, নিশা নামি আহে ধৰালৈ ।আমাৰ ঘৰলৈ অহাৰ বাটত এঠাইত অলপ আন্ধাৰ হয় । মানূহৰ ঘৰ আছে যদিও বাহিৰত লাইট জ্বলাই নোথোৱাৰ বাবে ঠাইখিনি আন্ধাৰ হৈ থাকে । এবাৰ মই সেইফালেদি আহোঁতে হঠাত্ দেখিলো আন্ধাৰত এজন মানুহে গায়ে মূৰে কাপোৰ লৈ বহি আছে । ওচৰে পাজৰে কোনো নাছিল । হঠাত্ মনলৈ আহিল আন্ধাৰত সেইটো ভূত নে মানুহ । মানুহেই যদি তাত এই আন্ধাৰত কৰিছে কি ? ভূতেই নেকি বাৰু ? কথাটো মনলৈ অহাৰ লগে লগে লাহেকৈ যেন কঁপি উঠিব খুজিলে মন । কিন্তু মোৰ ভিতৰত এটা জবৰদস্ত সাহসী মন এটাও থাকে । মোৰ দুৰ্বল মনটোক সাহসী মনটোৱে দবিয়াই উঠিল - ''এয়া ভূত কেনেকৈ হ'ব ! মিছাই ভয় খাৱ ! বল আগবাঢ় ।'' তাত কিছু সময় ৰৈ নিৰক্ষীণ কৰিবলৈ চেষ্টা কৰিলো, আচলতে বস্তুটোনো কি ! নাই একো ঠাৱৰ কৰিব নোৱাৰিলো । পিছদিনা সেই বাটেৰেই কাৰ্য্যালয়লৈ বুলি আহিলো । আগদিনাৰ কথা মনত পৰাত কৌতুহলী হৈ উঠিল মন । ঠাইখিনিত অলপ ৰৈ চাবলৈ চেষ্টা কৰিলো কালি দেথা ঠাইখিনিত প্ৰকৃততে কি আছে । ভালকৈ নিৰিক্ষণ কৰি যি দেখিলো, মোৰ মুখত হাঁহি বিৰিঙাবলৈ যথেষ্ট আছিল । মই দেখিলো, এটা গছৰ মূঢ়া প্ৰায় ২ ফুট ওখ হ'ব । তাৰ কাষতে এজোপা সৰু কলগছ, মানে মূঢ়াটোতকৈ এফূট মান ওখ, তাৰ পাত এটা আহি মূঢ়াটোৰ মূৰত চুইছেগৈ । ৰাতিৰ আন্ধাৰত তাৰ ছাঁ এনেভাবে পৰে যে দেখিলে ভাব হয় কোনোবাই মূৰ ঢাকিহে বহিছে । ৰাতি উভতি আহোঁতে আকৌ পৰীক্ষা কৰি চালো মোৰ অনুমান সঁচা হয়নে নহয় । মোৰ অনুমানেই সঁচা ।
ভূত নাই বুলি মই ডাঠি ক'ব নোৱাৰো । আগতেও কৈছোঁ, মোৰ হাতত এনে কোনো প্ৰামাণিক তথ্য নাই যে মই ডাঠি ক'ব পাৰো ভূত আছে নে নাই । ঈশ্বৰকো আমি নেদেথোঁ । তথাপি বিশ্বাস কৰোঁ, এই সুবিশাল বিশ্ব ব্ৰহ্মাণ্ড যি সুনিৰ্দিষ্ট নীতি নিয়মত চলিছে সেয়া একান্ত ভাব ঈশ্বৰৰ ইচ্ছাতে সম্ভৱ হৈছে । এই কথা সফল বিজ্ঞানী তথা মিছাইল মেন এ.পি.আব্দুল কালাম আজাদেও বিশ্বাস কৰে অন্তৰৰ সৰলতাৰে ।
মানুহ আওমৰণে মৰিলে হেনো ভূত হয়, লোকবিশ্বাস । সেই ভুতেই হেনো সময় সুবিধা পালে মানুহৰ অনিষ্ট কৰে, প্ৰতিশোধ লয় । কথাটোত কিবা সত্যতা আছে বুলি মই নাভাবোঁ । কাৰণ দিনৌ আমাৰ এই অসম মুলুকত কিমান মানুহক হত্যা কৰা হয়, কিমান মানুহ কিমান দুৰ্ঘটনাত পতিত হয়, ক'তা কেতিয়াওতো শুনা নাই হত্যাকৰীজনক কোনো মৃত আত্মাই আহি প্ৰতিশোধ লৈছে ! ধেমাজী কাণ্ড,গনেশগুৰিত কাণ্ডৰ পাছত অশৰীৰী আত্মাই হেনো ইনাই বিনাই কন্দা তাৰে বহু লোকে শুনিছিল । হ'ব পাৰে ! কিন্তু কোনোৱে জানো আজিলৈকে শুনিলে, যি সকল দুষ্কৃতিকাৰীয়ে তাত বোমা বিস্ফোৰণ ঘটাইছিল ভূতে তেওঁলোকক মাৰি প্ৰতিশোধ লৈছে ! তেনেকুৱা হ'লে হয়তু ভালেই হ'লহেঁতেন অন্তত নিৰপৰাধীক বিনাকাৰণত হত্যা কৰা কিজানি বন্ধ হ'লহেঁতেন ।
২৯.০৩.১২
(স্পন্দনত প্ৰকাশিত)

তাই যে সীতা...(কবিতা)

(কবিতা)
তাই যে সীতা...

নিজৰ ইচ্ছাবোৰক
চিতাত তুলি দি
তাই ভাবিলে
ইচ্ছাবোৰৰ লগতে
মৃত্যু হ’ল তাইৰ ।
তাই যে সীতা !
তাইৰ মৃত্যু কেনেকৈ হ’ব ?
ණসাৰদা শ্ৰেষ্ঠ

ওকে একটা লেংগুৰ দিলো না ভগবান

(কৌতুক)
টিংকু স্কুলত যোৱা দুবছৰমান হৈছে, কে, জি ২ ত পঢ়ে । মহা অঘাইটং । অঘাইটং মানে সাংঘাটিক অঘাইটং । তাৰ ককায়েক আৰু বায়েকো সেইখন স্কুলতে পঢ়ে, তাতকৈ ক্ৰমে  ৬ - ৩ বছৰে ডাঙৰ । কিন্তু সিহঁতক টিংকুৰ ককায়েক আৰু বায়েক বুলিহে সকলোৱে চিনি পায় । এবাৰ তাক তাৰ শ্ৰেণীৰ পাঠ দান ৰত এগৰাকী শিক্ষয়ত্ৰীয়ে তাক ইংলিচৰ Rhyme মাতিবলৈ দিলে । সি থিয় হ'ল ঠিকেই কিন্তু কৰিব কি তাৰ Rhyme যে মনত নাই ! তথাপি কিবা এটা গাব দিছে, গাবতো  লাগিবই... সিও কম শিয়ান নহয় । পটা পট গাই গ'ল - ''ছোড় ছাড় কে অপনী....ছলিম কে গলি....ডিল্কো চলি অনাৰকলি ।'' মেডামে প্ৰথমে তাক দবিয়ালে,কিন্তু পাছত হাঁহি সামৰিব নোৱাৰিলে । মেডাম গৰাকী বেংগলী সম্প্ৰদায়ৰ আছিল, ছুটিৰ পাছত মাকক লগ পাই মেডামে ক'লে - ''উস্...রাম উকে একটা লেংগুর দিল না ভগবান...." ।

সূৰ্যাস্ত (গল্প)

সূৰ্যাস্ত                 

মৃত্যু অৱধাৰিত...জন্ম হোৱা সকলোৱেই এদিন মৃত্যুৰ শীতল কোলাত শেষ আশ্ৰয় বই লাগিব  তথাপি কিছুমান মৃত্যু সহজে স্বীকাৰ কৰি বলৈ টান লাগে তেনেকুৱাই এটা আকস্মিক মৃত্যুৰ খৱৰে সুৰেশহঁতৰ ঘৰখনক জোকাৰি পেলালে বৃদ্ধ মাক-দেউতাক, সুন্দৰী ঘৈণীয়েক মমতা আৰু দুটি কিশোৰ পুত্ৰ-কন্যা কনক আৰু পূৰবীক এই পৃথিৱীত অকলশৰীয়াকৈ এৰি থৈ সুৰেশ হঠাতেই আঁতৰি ল কাকো একো আগজাননী নিদিয়াকৈ সম্পূৰ্ণ সুস্থভাৱে সকলোকে হাঁহি-মাতি কামলৈ পুৱাই ওলাই যোৱা সুৰেশ যে মাজনিশা মৃতদেহ হৈ ঘৰলৈ উভতি আহিব তাক কোনেও সপোনতো ভবাই নাছিল ঘৰৰ কোনেও ভবা নাছিল শেষমুহূৰ্তত এনেকৈ কাকো একো মাত নিদিয়াকৈ হঠাতেই আঁতৰি যাব সুৰেশ পৰিয়াল-পৰিজন, বন্ধু-মহল, আত্মীয়-কুটুম কোনেও সুৰেশৰ এই আকস্মিক মৃত্যুক সহজ ভাবে নোৱাৰিলে যিয়েই প্ৰথমে শুনিলে, সিয়েই চক খাই উঠিল – “হাৰে কি কথা ! এয়া জানো সম্ভৱ !! আজি পুৱাইতো দেখিছিলোকালিয়েইতো হাঁহি মাৰি সুধিছিল  মোৰ খৱৰধেইত  মিছা কথা, পৰহি দেখোন বজাৰতে লগ পাইছিলোএইবোৰ ফাল্টু ধেমালি নকৰিবি, কি কয় হে… আজি ৰাতিপুৱা একেলগে পানদোকানত সোমাই পান খাই কথাপাতি পাতিছিলো আমি দুয়ো....”  ইত্যাদি…ইত্যাদি বহুতৰে মুখত বহুত কথা । এনে হোৱা স্বাভাৱিকো, কোনে জানে কেতিয়ানো নিয়তিয়ে কাৰ সৈতে কি খেল খেলে ! স্বত্তেও ইয়াক অস্বীকাৰ কৰাৰো কোনো উপা নাছিল কাৰো এটা পলকতে তল ওপৰ হৈ যাব পাৰে একোটা জীৱন । যিমান নিৰ্মম, অপ্ৰিয় লেও সত্যক স্বীকাৰ কৰি বলৈ সকলো বাধ্য নিয়তিয়ে কাৰো মুখলৈ চাব নাজানে, নুশুনে কাৰো অভাৱ-আভিযোগ সেইবোৰ যেন সকলোৰে ভাগ্যত জন্মৰ পূৰ্বেই নিয়তিয়ে নিৰ্ধাৰিত কৰি দিয়ে...যাৰ ভাগত যি থাকে সি তাক স্বীকাৰ কৰি বই লাগিব। এয়েই নিয়তিৰ নীতি,এয়েই বিধাতাৰ বিধান

নিজৰ কৰ্তব্য সামৰি নিজা বাইকেৰে ঘৰলৈ আহি আছিল সুৰেশ ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী সুৰেশৰ প্ৰায়েই পলম হয় ঘৰলৈ উভতি আহোতে । আনদিনাৰ দৰেই সেইদিনাও পলম হৈছিল তেওঁৰ সময় তেতিয়া নিশা ১০ বাজি গৈছিল  নিশা ৰাজআলি সম্পূৰ্ণ মুকলি পাই তীব্ৰবেগেৰেই চলাই দিছিল তেওঁ বাইকখন হেডফোনত লগাই লৈছিল নিজৰ প্ৰিয় গীত তেতিয়া প্ৰকৃতিৰ বুকুত গৰমকালিৰ দপদপনি । গৰম বতাহজাকক নেওচা দি ক’ৰবাৰ পৰা বৈ আহিছিল এজাক মৃদু বতাহ । বতাহজাকে তেওঁক যেন আদৰণীহে জনাইছিল । মুকলি মনেৰে মুকলি পথত মুকলি পখীটিৰ দৰেই যেন উৰিহে ফুৰিছিল তেওঁ । হঠাতে যেন শৰবিদ্ধ হ’ল মুকলি পখী ! বিপৰীত দিশেৰে অহা মালবাহী ট্ৰাক এখনে তেওঁক মহতিয়াই নিলে সেই সময়ত তাত মানুহো কম আছিল যিসকলে দেখিলে দৌৰা-ঢপৰা লগালে গাড়ী এখনত তুলি সুৰেশক নিমিষতে তেওঁলোকে হস্পিতাললৈ লৈ আহিল ইতিমধ্যে তেতিয়ালৈকে বহুত পলম হৈ গৈছিল পৰীক্ষা কৰাৰ অন্তত ডাক্তৰে সুৰেশক মৃত বুলি ঘোষণা কৰিলে ঘটনাথলীতেই মৃত্যু হৈছিল সুৰেশৰ

মাজনিশালৈ সুৰেশ ঘৰ আহি নোপোৱা দেখি উদ্বিগ্ন হৈ পৰিছিল মাক আৰু মমতা । মাজনিশালৈকে সুৰেশৰ কোনো দেখা দেখি নাই । এটা অনামী ভয়ে দুয়োকে চেপি ৰাখিছিল । মাক বাৰে বাৰে শুবলৈ লৈয়ো উঠি উঠি আহে, বোৱাৰীয়েকক সোধে – “বোৱাৰী….ই আহি পালেনে, ইমান দেৰি কেলেই হ’ল বা আজি? মানুহজনী এনেয়েই বেমাৰী, বাতৰ অসুখত প্ৰায়েই ধৰফৰাই থাকে । মমতাই শাহুৱেকক প্ৰবোধ দি কয় – আহিব দিয়ক, আপুনি শুই থাককচোন । মই আছোঁ” । শাহুৱেকক তেনেকৈ প্ৰবোধ দিলেও ভিতৰি তাই নিজে আতংকিত হৈ পৰে ভাবে – “অন্তঃত এটা ফোনতো কৰিব পাৰে ! আনদিনা পলম হ’লেতো কৈ দিয়ে” । কেইবাবাৰো ফোন কৰিও  সিফালৰ পৰা তাই কোনো সঁহাৰি পোৱা নাছিল । কিবা এটা ৰিঙা ৰিঙা, উদাস উদাস ভাব এটাই আজি দুপৰীয়াৰে পৰা তাইক যেন খেদি ফুৰিছে । অইন কোনো দিনেই তাইৰ এনে ভাব মনলৈ নাহে । তাই কথাটোত সিমান গুৰুত্ব দিয়া নাছিল । যিমানে সুৰেশৰ পলম হৈছে সিমানেই তাইৰ মনত শংকাই জুমুৰি দি ধৰিছে । মানুহটোৰ একো বিপদ হোৱা নাইতো ! সাবিত্ৰীয়েও যোৱা নিশা সুৰেশৰ দুৰ্ঘটনা হোৱা সপোন দেখিছিল । ভয়াবহ সপোনটো দেখি সাৰ পাই উঠিছিল, তেওঁ । ভয় লগা সপোনটোৰ কথা কাকো ক’বও পৰা নাছিল । তেওঁ শুনিছিল, নিজৰ কিবা হোৱা দেখিলে আনৰহে জীৱনত ঘটে ! সেয়ে সপোনটোৰ কথা পাহৰিবলৈ যত্ন কৰিছিল । নিশা অধিক হৈ অহাৰ লগে লগে সাবিত্ৰীৰ মনতো শংকা জাগিছে । মনতে ভাবিছে  ল’ৰাকণ ভালে ভালে ঘৰ আহি পালেই হয় । উজাগৰী নিশা কটাইছিল মমতা আৰু সাবিত্ৰীয়েমনত এটাই আশা ….সুৰেশ আহিব….এই আহিবএই আহিব  অহা নাছিল সুৰেশহয়, ফোনকল এটা আহিছিললগত আহিছিল এটা হৃদয় বিদাৰক খৱৰসুৰেশ হস্পিতালতগুৰুতৰ ভাবে আহত, যিমান পাৰে সোনকালে হস্পিতাললৈ আহিব লাগে । ঘৰখনত হুলস্থূল লাগিছিল নিমিষতে ।হস্পিতালত উপস্থিত হৈ মমতাহঁতে গম পালে সুৰেশ এই সংসাৰত আৰু নাই । পোষ্টমৰ্টেমৰ অন্তত মৃতদেহ চমজি লোৱাৰ বাহিৰে কৰিবলগীয়া তাত একোৱেই বাকী থকা নাছিল । মাক আৰু মমতাৰ হিয়া ভগা কান্দোন, পুত্ৰ-কন্যাৰ কৰুণ বিননি, দেউতাকৰ উচুপনি একোৱেই উভতাই আনিব নোৱাৰিলে সুৰেশক । গ’ল যে গ’লেই ।         

সুৰেশৰ
মৃতদেহ ঘৰলৈ আহি পোৱাৰ আত্মীয়-কুটুমে,ওচৰ-চুবুৰীয়াৰে সুৰেশহঁতৰ ঘৰৰ চোতাল ভৰি পৰিল । তুলসীজোপাৰ তলত সুৰেশৰ মৃতদেহ ৰখা হ’ল । ঘৰৰ উপাৰ্জনক্ষম, কৰ্মঠ পুৰুষজনৰ মৃত্যুত পৰিয়ালটিলৈ নামি অহা অমানিশাৰ কলীয়া আন্ধাৰে মৃতকৰ ঘৰত উপস্থিত হোৱা সকলোকে মৰ্মাহত কৰিলে হিয়া ঢাকুৰি কান্দি থকা মমতা, বাৰে বাৰে ভ্ৰম বকিবলৈ লোৱা মাক, ফেকুৰি ফেকুৰি কান্দি থকা কনক আৰু পূৰবী তথা বোবা বেদনাত মুক হৈ পৰা দেউতাকক বহুতে বহুত ধৰণেৰে সান্ত্বনা দিবলৈ চেষ্টা কৰিলে সকলোৱে জানে, মৃত্যুক ৰুধিব পৰা শক্তি কাৰোৱেই নাই যাৰ যেতিয়া সময় হয়, তেতিয়া এই ধৰাৰ মায়া মমতা সকলো এৰি এদিন যাবই লাগে তথাপি ভুক্তভুগীয়েহে জানে, সেইসময়ত তেওঁলোকৰ মনৰ অস্থিৰতাৰ কথা বুজনি দিয়া সহজ, বহু সময়ত তাক স্বীকাৰ কৰাহে টান হৈ পৰে কন্দা-কটা, হুৱা-দুৱাৰ অন্ত পেলাই এচাম লোক মৃতকৰ সৎকাৰৰ বাবে তৎপৰ আত্মাহীন শৰীৰ অলাগতিয়াল আবৰ্জনাৰ দৰেই হাজাৰ মায়ায়ো কাকো বান্ধি ৰাখিব নোৱাৰে । সকলোৰে তৎপৰতাত চাওঁতে চাওঁতেই মৃতকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই আহি পালে । নিমিষতেই চাঙি সজা হৈ গ’ল । পৰম্পৰা অনুযায়ী শৱদেহক গঙ্গাজলেৰে স্নান কৰোৱাই চাঙিত তুলিলে আৰু বগা কাপোৰেৰে মৃতকক দেহ ঢাকিলে তাৰপাছত ধূপ-ধুনা, চাকি জ্বলাই মৃতকক শেষ শ্ৰদ্ধা জনালে শোকাহত সকলোৱে অশ্ৰুপূৰ্ণ অন্তৰেৰে ফুল-পাত,তুলসী আদিৰে মৃতকক সকলোৱে শ্ৰদ্ধা জনালে ঘৰুৱা ৰীতি-নীতিৰ অন্তত এটা সময়ত মৃতকক লৈ আত্মীয়সকলে সুৰেশৰ দেউতাক,কিশোৰ পুত্ৰক লগত লৈ শৱ-সৎকাৰৰ বাবে শ্মশানলৈ যাত্ৰা কৰিলে


শ্মশানত উপস্থিত হৈ সকলো ভাগে ভাগে কামত লাগিল । এটা সময়ত চিতা সজা শেষ ল । চিতাত মৃতকক তুলিবলৈ লওঁতেই আচম্বিতে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন মৃতকক দাহ কৰিবলৈ অহা লোকসকল তেওঁলোকে দেখিলে এগৰাকী মহিলাই এটি পাঁচবছৰীয়া পুত্ৰক লগত লৈ শ্মশানলৈ বাউলি হৈ ঢপলিয়াই আহিছে মূৰৰ ঘন দীঘল চুলি আউলি বাউলি, অবিন্যস্ত কাপোৰ কানি, দুয়োহাতত দুজাপ খাৰু, শিৰত সেন্দুৰ আৰু কপালত ৰঙচুৱা মজলীয়া বেলি মানুহজনী কাৰোবাৰ বিবাহিতা তাক বুজিবলৈ কাৰো বাকী নাথাকিল । মানুহকেইজনে উদভ্ৰান্ত হৈ ঢপলিয়াই অহা মহিলাগৰাকীলৈ হতবাক হৈ  চাই থাকোঁতেই মানুহজনী শবদেহটোৰ ওপৰতে উবুৰি খাই পৰিলহি আৰু হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে মহিলাগৰাকীৰ এনে আচম্বিত আগমন  আৰু আশ্চৰ্যকৰ কাৰ্য-কলাপত শ্মশানত উপস্থিত মানুহখিনি বিস্ময়ত হতবাক হ’ল । মানুহগৰাকীক শৱদেহৰ পৰা আঁতৰাবলৈ গৈয়ো মানুহগৰাকীৰ হিয়াভগা কান্দোনৰ আগত নতশিৰ হবলৈ বাধ্য হ’ল । এহাতে পৰম বিস্ময় তথা কৌতূহল আৰু আনহাতে বেদনাহত হৈ তেওঁলোক ৰৈ গ’ল । তেওঁৰ হিয়াভগা কান্দোনত সকলো কিছুসময় মূক হৈ পৰিল যেন সময়ো স্তব্ধ হৈ পৰিল কিছুসময় মাকক কন্দা দেখি অকণমানি শিশুটিয়ো চিঞৰি চিঞৰি কান্দি তাৰ অকণি হাত দুখনেৰে মাকক শটোৰ পৰা তুলিবলৈ চেষ্টা কৰিলে মানুহ কেইজনে কিছু সময় বিমূঢ় হৈ চাই থাকিল, সেই হৃদয়বিদাৰক নিকৰুণ দৃশ্য এটা সময়ত সকলোৱে গুণা গঁথা কৰি মানুহজনীৰ পৰা শটোক মুকলি কৰিলে ইতিমধ্যে বেলি লহিয়াবলৈ লৈছিল । যথাসময়ত শটোক চিতাত তুলি অগ্নি সংযোগ কৰা শটো ক্ৰমে আধাপোৰা হৈছিল । ইমানপৰে গছৰ পাত সৰুৱাই কান্দি থকা মানুহজনী হঠাতে থিয় আৰু  নিজৰ হাতত থকা কাঁচৰ খাৰু কেইপাত ওচৰতে থকা শিলত আঁচাৰ মাৰি ভাঙি পেলালে ৰাউচি জুৰি কন্দাৰ লগে লগে মানুহজনীয়ে নিজৰ কপালত জিলিকি থকা সূৰুজটোক নিজ হাতেৰে মোহাৰি পেলালে  কিছুসময় তেনেদৰে কান্দি থকাৰ অন্তত প্ৰকৃতিস্থ হৈ ৰৈ ৰৈ কান্দি থকা নিজৰ কণমানিটোৰ চকু মুক মোহাৰি আঁকোৱলি ল’লে । ল সোণ...আজিৰ পৰা তই সঁচাকৈয়ে পিতৃহাৰা হলি”-এইবুলি কৈ মানুহজনীয়ে উচুপি উচুপিয়েই অকণিটোক কোলাত তুলি অহাবাটেই গুছি গ’ল । তেতিয়ালৈ পশ্চিমাকাশত বেলিটোও ডুব গৈছিল সন্তৰ্পনে । শৱ-সৎকাৰৰ বাবে শ্মশানলৈ অহা মানুহখিনি ঠাইতেই শিল পৰা কপৌৰ দৰে থৰ লাগিল  
সাৰদা শ্ৰেষ্ঠ