Saturday, 14 February 2015

সূৰ্যাস্ত (গল্প)

সূৰ্যাস্ত                 

মৃত্যু অৱধাৰিত...জন্ম হোৱা সকলোৱেই এদিন মৃত্যুৰ শীতল কোলাত শেষ আশ্ৰয় বই লাগিব  তথাপি কিছুমান মৃত্যু সহজে স্বীকাৰ কৰি বলৈ টান লাগে তেনেকুৱাই এটা আকস্মিক মৃত্যুৰ খৱৰে সুৰেশহঁতৰ ঘৰখনক জোকাৰি পেলালে বৃদ্ধ মাক-দেউতাক, সুন্দৰী ঘৈণীয়েক মমতা আৰু দুটি কিশোৰ পুত্ৰ-কন্যা কনক আৰু পূৰবীক এই পৃথিৱীত অকলশৰীয়াকৈ এৰি থৈ সুৰেশ হঠাতেই আঁতৰি ল কাকো একো আগজাননী নিদিয়াকৈ সম্পূৰ্ণ সুস্থভাৱে সকলোকে হাঁহি-মাতি কামলৈ পুৱাই ওলাই যোৱা সুৰেশ যে মাজনিশা মৃতদেহ হৈ ঘৰলৈ উভতি আহিব তাক কোনেও সপোনতো ভবাই নাছিল ঘৰৰ কোনেও ভবা নাছিল শেষমুহূৰ্তত এনেকৈ কাকো একো মাত নিদিয়াকৈ হঠাতেই আঁতৰি যাব সুৰেশ পৰিয়াল-পৰিজন, বন্ধু-মহল, আত্মীয়-কুটুম কোনেও সুৰেশৰ এই আকস্মিক মৃত্যুক সহজ ভাবে নোৱাৰিলে যিয়েই প্ৰথমে শুনিলে, সিয়েই চক খাই উঠিল – “হাৰে কি কথা ! এয়া জানো সম্ভৱ !! আজি পুৱাইতো দেখিছিলোকালিয়েইতো হাঁহি মাৰি সুধিছিল  মোৰ খৱৰধেইত  মিছা কথা, পৰহি দেখোন বজাৰতে লগ পাইছিলোএইবোৰ ফাল্টু ধেমালি নকৰিবি, কি কয় হে… আজি ৰাতিপুৱা একেলগে পানদোকানত সোমাই পান খাই কথাপাতি পাতিছিলো আমি দুয়ো....”  ইত্যাদি…ইত্যাদি বহুতৰে মুখত বহুত কথা । এনে হোৱা স্বাভাৱিকো, কোনে জানে কেতিয়ানো নিয়তিয়ে কাৰ সৈতে কি খেল খেলে ! স্বত্তেও ইয়াক অস্বীকাৰ কৰাৰো কোনো উপা নাছিল কাৰো এটা পলকতে তল ওপৰ হৈ যাব পাৰে একোটা জীৱন । যিমান নিৰ্মম, অপ্ৰিয় লেও সত্যক স্বীকাৰ কৰি বলৈ সকলো বাধ্য নিয়তিয়ে কাৰো মুখলৈ চাব নাজানে, নুশুনে কাৰো অভাৱ-আভিযোগ সেইবোৰ যেন সকলোৰে ভাগ্যত জন্মৰ পূৰ্বেই নিয়তিয়ে নিৰ্ধাৰিত কৰি দিয়ে...যাৰ ভাগত যি থাকে সি তাক স্বীকাৰ কৰি বই লাগিব। এয়েই নিয়তিৰ নীতি,এয়েই বিধাতাৰ বিধান

নিজৰ কৰ্তব্য সামৰি নিজা বাইকেৰে ঘৰলৈ আহি আছিল সুৰেশ ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী সুৰেশৰ প্ৰায়েই পলম হয় ঘৰলৈ উভতি আহোতে । আনদিনাৰ দৰেই সেইদিনাও পলম হৈছিল তেওঁৰ সময় তেতিয়া নিশা ১০ বাজি গৈছিল  নিশা ৰাজআলি সম্পূৰ্ণ মুকলি পাই তীব্ৰবেগেৰেই চলাই দিছিল তেওঁ বাইকখন হেডফোনত লগাই লৈছিল নিজৰ প্ৰিয় গীত তেতিয়া প্ৰকৃতিৰ বুকুত গৰমকালিৰ দপদপনি । গৰম বতাহজাকক নেওচা দি ক’ৰবাৰ পৰা বৈ আহিছিল এজাক মৃদু বতাহ । বতাহজাকে তেওঁক যেন আদৰণীহে জনাইছিল । মুকলি মনেৰে মুকলি পথত মুকলি পখীটিৰ দৰেই যেন উৰিহে ফুৰিছিল তেওঁ । হঠাতে যেন শৰবিদ্ধ হ’ল মুকলি পখী ! বিপৰীত দিশেৰে অহা মালবাহী ট্ৰাক এখনে তেওঁক মহতিয়াই নিলে সেই সময়ত তাত মানুহো কম আছিল যিসকলে দেখিলে দৌৰা-ঢপৰা লগালে গাড়ী এখনত তুলি সুৰেশক নিমিষতে তেওঁলোকে হস্পিতাললৈ লৈ আহিল ইতিমধ্যে তেতিয়ালৈকে বহুত পলম হৈ গৈছিল পৰীক্ষা কৰাৰ অন্তত ডাক্তৰে সুৰেশক মৃত বুলি ঘোষণা কৰিলে ঘটনাথলীতেই মৃত্যু হৈছিল সুৰেশৰ

মাজনিশালৈ সুৰেশ ঘৰ আহি নোপোৱা দেখি উদ্বিগ্ন হৈ পৰিছিল মাক আৰু মমতা । মাজনিশালৈকে সুৰেশৰ কোনো দেখা দেখি নাই । এটা অনামী ভয়ে দুয়োকে চেপি ৰাখিছিল । মাক বাৰে বাৰে শুবলৈ লৈয়ো উঠি উঠি আহে, বোৱাৰীয়েকক সোধে – “বোৱাৰী….ই আহি পালেনে, ইমান দেৰি কেলেই হ’ল বা আজি? মানুহজনী এনেয়েই বেমাৰী, বাতৰ অসুখত প্ৰায়েই ধৰফৰাই থাকে । মমতাই শাহুৱেকক প্ৰবোধ দি কয় – আহিব দিয়ক, আপুনি শুই থাককচোন । মই আছোঁ” । শাহুৱেকক তেনেকৈ প্ৰবোধ দিলেও ভিতৰি তাই নিজে আতংকিত হৈ পৰে ভাবে – “অন্তঃত এটা ফোনতো কৰিব পাৰে ! আনদিনা পলম হ’লেতো কৈ দিয়ে” । কেইবাবাৰো ফোন কৰিও  সিফালৰ পৰা তাই কোনো সঁহাৰি পোৱা নাছিল । কিবা এটা ৰিঙা ৰিঙা, উদাস উদাস ভাব এটাই আজি দুপৰীয়াৰে পৰা তাইক যেন খেদি ফুৰিছে । অইন কোনো দিনেই তাইৰ এনে ভাব মনলৈ নাহে । তাই কথাটোত সিমান গুৰুত্ব দিয়া নাছিল । যিমানে সুৰেশৰ পলম হৈছে সিমানেই তাইৰ মনত শংকাই জুমুৰি দি ধৰিছে । মানুহটোৰ একো বিপদ হোৱা নাইতো ! সাবিত্ৰীয়েও যোৱা নিশা সুৰেশৰ দুৰ্ঘটনা হোৱা সপোন দেখিছিল । ভয়াবহ সপোনটো দেখি সাৰ পাই উঠিছিল, তেওঁ । ভয় লগা সপোনটোৰ কথা কাকো ক’বও পৰা নাছিল । তেওঁ শুনিছিল, নিজৰ কিবা হোৱা দেখিলে আনৰহে জীৱনত ঘটে ! সেয়ে সপোনটোৰ কথা পাহৰিবলৈ যত্ন কৰিছিল । নিশা অধিক হৈ অহাৰ লগে লগে সাবিত্ৰীৰ মনতো শংকা জাগিছে । মনতে ভাবিছে  ল’ৰাকণ ভালে ভালে ঘৰ আহি পালেই হয় । উজাগৰী নিশা কটাইছিল মমতা আৰু সাবিত্ৰীয়েমনত এটাই আশা ….সুৰেশ আহিব….এই আহিবএই আহিব  অহা নাছিল সুৰেশহয়, ফোনকল এটা আহিছিললগত আহিছিল এটা হৃদয় বিদাৰক খৱৰসুৰেশ হস্পিতালতগুৰুতৰ ভাবে আহত, যিমান পাৰে সোনকালে হস্পিতাললৈ আহিব লাগে । ঘৰখনত হুলস্থূল লাগিছিল নিমিষতে ।হস্পিতালত উপস্থিত হৈ মমতাহঁতে গম পালে সুৰেশ এই সংসাৰত আৰু নাই । পোষ্টমৰ্টেমৰ অন্তত মৃতদেহ চমজি লোৱাৰ বাহিৰে কৰিবলগীয়া তাত একোৱেই বাকী থকা নাছিল । মাক আৰু মমতাৰ হিয়া ভগা কান্দোন, পুত্ৰ-কন্যাৰ কৰুণ বিননি, দেউতাকৰ উচুপনি একোৱেই উভতাই আনিব নোৱাৰিলে সুৰেশক । গ’ল যে গ’লেই ।         

সুৰেশৰ
মৃতদেহ ঘৰলৈ আহি পোৱাৰ আত্মীয়-কুটুমে,ওচৰ-চুবুৰীয়াৰে সুৰেশহঁতৰ ঘৰৰ চোতাল ভৰি পৰিল । তুলসীজোপাৰ তলত সুৰেশৰ মৃতদেহ ৰখা হ’ল । ঘৰৰ উপাৰ্জনক্ষম, কৰ্মঠ পুৰুষজনৰ মৃত্যুত পৰিয়ালটিলৈ নামি অহা অমানিশাৰ কলীয়া আন্ধাৰে মৃতকৰ ঘৰত উপস্থিত হোৱা সকলোকে মৰ্মাহত কৰিলে হিয়া ঢাকুৰি কান্দি থকা মমতা, বাৰে বাৰে ভ্ৰম বকিবলৈ লোৱা মাক, ফেকুৰি ফেকুৰি কান্দি থকা কনক আৰু পূৰবী তথা বোবা বেদনাত মুক হৈ পৰা দেউতাকক বহুতে বহুত ধৰণেৰে সান্ত্বনা দিবলৈ চেষ্টা কৰিলে সকলোৱে জানে, মৃত্যুক ৰুধিব পৰা শক্তি কাৰোৱেই নাই যাৰ যেতিয়া সময় হয়, তেতিয়া এই ধৰাৰ মায়া মমতা সকলো এৰি এদিন যাবই লাগে তথাপি ভুক্তভুগীয়েহে জানে, সেইসময়ত তেওঁলোকৰ মনৰ অস্থিৰতাৰ কথা বুজনি দিয়া সহজ, বহু সময়ত তাক স্বীকাৰ কৰাহে টান হৈ পৰে কন্দা-কটা, হুৱা-দুৱাৰ অন্ত পেলাই এচাম লোক মৃতকৰ সৎকাৰৰ বাবে তৎপৰ আত্মাহীন শৰীৰ অলাগতিয়াল আবৰ্জনাৰ দৰেই হাজাৰ মায়ায়ো কাকো বান্ধি ৰাখিব নোৱাৰে । সকলোৰে তৎপৰতাত চাওঁতে চাওঁতেই মৃতকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই আহি পালে । নিমিষতেই চাঙি সজা হৈ গ’ল । পৰম্পৰা অনুযায়ী শৱদেহক গঙ্গাজলেৰে স্নান কৰোৱাই চাঙিত তুলিলে আৰু বগা কাপোৰেৰে মৃতকক দেহ ঢাকিলে তাৰপাছত ধূপ-ধুনা, চাকি জ্বলাই মৃতকক শেষ শ্ৰদ্ধা জনালে শোকাহত সকলোৱে অশ্ৰুপূৰ্ণ অন্তৰেৰে ফুল-পাত,তুলসী আদিৰে মৃতকক সকলোৱে শ্ৰদ্ধা জনালে ঘৰুৱা ৰীতি-নীতিৰ অন্তত এটা সময়ত মৃতকক লৈ আত্মীয়সকলে সুৰেশৰ দেউতাক,কিশোৰ পুত্ৰক লগত লৈ শৱ-সৎকাৰৰ বাবে শ্মশানলৈ যাত্ৰা কৰিলে


শ্মশানত উপস্থিত হৈ সকলো ভাগে ভাগে কামত লাগিল । এটা সময়ত চিতা সজা শেষ ল । চিতাত মৃতকক তুলিবলৈ লওঁতেই আচম্বিতে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন মৃতকক দাহ কৰিবলৈ অহা লোকসকল তেওঁলোকে দেখিলে এগৰাকী মহিলাই এটি পাঁচবছৰীয়া পুত্ৰক লগত লৈ শ্মশানলৈ বাউলি হৈ ঢপলিয়াই আহিছে মূৰৰ ঘন দীঘল চুলি আউলি বাউলি, অবিন্যস্ত কাপোৰ কানি, দুয়োহাতত দুজাপ খাৰু, শিৰত সেন্দুৰ আৰু কপালত ৰঙচুৱা মজলীয়া বেলি মানুহজনী কাৰোবাৰ বিবাহিতা তাক বুজিবলৈ কাৰো বাকী নাথাকিল । মানুহকেইজনে উদভ্ৰান্ত হৈ ঢপলিয়াই অহা মহিলাগৰাকীলৈ হতবাক হৈ  চাই থাকোঁতেই মানুহজনী শবদেহটোৰ ওপৰতে উবুৰি খাই পৰিলহি আৰু হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে মহিলাগৰাকীৰ এনে আচম্বিত আগমন  আৰু আশ্চৰ্যকৰ কাৰ্য-কলাপত শ্মশানত উপস্থিত মানুহখিনি বিস্ময়ত হতবাক হ’ল । মানুহগৰাকীক শৱদেহৰ পৰা আঁতৰাবলৈ গৈয়ো মানুহগৰাকীৰ হিয়াভগা কান্দোনৰ আগত নতশিৰ হবলৈ বাধ্য হ’ল । এহাতে পৰম বিস্ময় তথা কৌতূহল আৰু আনহাতে বেদনাহত হৈ তেওঁলোক ৰৈ গ’ল । তেওঁৰ হিয়াভগা কান্দোনত সকলো কিছুসময় মূক হৈ পৰিল যেন সময়ো স্তব্ধ হৈ পৰিল কিছুসময় মাকক কন্দা দেখি অকণমানি শিশুটিয়ো চিঞৰি চিঞৰি কান্দি তাৰ অকণি হাত দুখনেৰে মাকক শটোৰ পৰা তুলিবলৈ চেষ্টা কৰিলে মানুহ কেইজনে কিছু সময় বিমূঢ় হৈ চাই থাকিল, সেই হৃদয়বিদাৰক নিকৰুণ দৃশ্য এটা সময়ত সকলোৱে গুণা গঁথা কৰি মানুহজনীৰ পৰা শটোক মুকলি কৰিলে ইতিমধ্যে বেলি লহিয়াবলৈ লৈছিল । যথাসময়ত শটোক চিতাত তুলি অগ্নি সংযোগ কৰা শটো ক্ৰমে আধাপোৰা হৈছিল । ইমানপৰে গছৰ পাত সৰুৱাই কান্দি থকা মানুহজনী হঠাতে থিয় আৰু  নিজৰ হাতত থকা কাঁচৰ খাৰু কেইপাত ওচৰতে থকা শিলত আঁচাৰ মাৰি ভাঙি পেলালে ৰাউচি জুৰি কন্দাৰ লগে লগে মানুহজনীয়ে নিজৰ কপালত জিলিকি থকা সূৰুজটোক নিজ হাতেৰে মোহাৰি পেলালে  কিছুসময় তেনেদৰে কান্দি থকাৰ অন্তত প্ৰকৃতিস্থ হৈ ৰৈ ৰৈ কান্দি থকা নিজৰ কণমানিটোৰ চকু মুক মোহাৰি আঁকোৱলি ল’লে । ল সোণ...আজিৰ পৰা তই সঁচাকৈয়ে পিতৃহাৰা হলি”-এইবুলি কৈ মানুহজনীয়ে উচুপি উচুপিয়েই অকণিটোক কোলাত তুলি অহাবাটেই গুছি গ’ল । তেতিয়ালৈ পশ্চিমাকাশত বেলিটোও ডুব গৈছিল সন্তৰ্পনে । শৱ-সৎকাৰৰ বাবে শ্মশানলৈ অহা মানুহখিনি ঠাইতেই শিল পৰা কপৌৰ দৰে থৰ লাগিল  
সাৰদা শ্ৰেষ্ঠ



মহ পুৰাণ


                                        মহ পুৰাণ
 "এক মচ্চৰ আদমী কো হিজৰা বনা দেতী হ্যেয়" (Ek machchar Admi ko hijda bana deti hai) নানা পাটেকাৰৰ য়শৱন্ত নামৰ বোলছবিখনৰ এয়া এক বিখ্যাত উক্তি । এই বিখ্যাত উক্তিটো নানাৰ অভিনয়ৰ সোৱাদ লোৱা প্ৰতিজন দৰ্শকৰে নিশ্চয় মনত আছে । তেখেতৰ এই উক্তিটোৰ মৰ্মাৰ্থ মহৰ কামোৰত ব্যতিব্যস্ত সকলো ভুক্তভোগীয়েই ভালদৰেই অনুধাৱন কৰিব পাৰিব । এটা সাধাৰণ মহে বীৰৰো বীৰক কিদৰে জোলোকা জোলোকে পানী খুৱাব পাৰে তাক মহৰ কামোৰখোৱা ব্যক্তি মাত্ৰেই জানে । আজিকালি মহ খেদিবৰ বাবে নানা সামগ্ৰী বজাৰত উভৈনদী । T.V.ত বিধে বিধে মহ মৰাৰ বা খেদাৰ মনোৰঞ্জক বিজ্ঞাপনৰ পয়োভৰ । তাত ভোল গৈ পিছে লাভ নাই । সকলো ফুটুকাৰ ফেন । সিহঁতে যেন পৰিস্থিতি সাপেক্ষে যুঁজাৰ অনন্ত শক্তিত বলীয়ান । ৰক্তবীজৰ দৰে মহৰ সংখ্যা কমাতো দূৰ বৰং বাঢেহে ! মই হাজাৰ কষ্ট স্বীকাৰ কৰিব পাৰো, কিন্তু টোপনিৰ সময়ত মহৰ কামোৰ ! না...নাই....কেতিয়াও সহ্য কৰিব নোৱাৰো । মই হিংসুক নহয় । সময়ত পৰুৱা এটাকো মাৰিব লগা হলে মনে কান্দে । কিন্তু মহটোক মাৰিবলৈ ললে কিয় জানো মোৰ মনত অলপো দয়া মমতা নাজাগে । বৰং মহটো মাৰি উঠি এক অজান তৃপ্তিহে পাওঁ । মনলৈ ভাব আহে - পা মজাটো ! তেজ খাবলৈ আহিছিলি নহয় !! নহয়নো কি ? তাৰ লোভটো জানো কম ? কেতিয়াবা দেখিব তেজ খাই পুৰা ফিটিং, উৰিবলৈ ক্ষমতাও নাথাকে । তথাপি কি চাবা তাৰ লোভৰ কোব ! গেৰেলা পেটটো লৈ তেজ শুহিবলৈ আহে ! খং নুঠিব নেকি ! দিনটোৰ পৰিশ্ৰমৰ অন্তত নিশা বিশ্ৰামৰ বাবে শোৱাপাটীত দীঘল দিবলৈ লোৱাৰ আগতে মহৰ পৰা পৰিত্ৰাণৰ বাবে আঠুৱাৰ ভিতৰত সোমোৱাব লগা হয় । তাতো জানো উপায় আছে ! ভালকৈ গাটো গামোচাৰে জাৰি জোকাৰি আঠুৱাৰ ভিতৰত নোসোমালে গাতে আঠা লগা দি লাগি সোমাই আহি আপোনাৰ লগত থৈয়ানথৈয়া ৰণ লাগিব । আৰু আঠুৱাটো কেনেবাকৈ যদি আপুনি নেদেখাকৈ ক'ৰবাত ফুটা হৈ থাকিল, তেতিয়া হলে হ'ল আৰু আপোনাৰ নিশাৰ টোপনিৰ মজাকণ ! যশৱন্তৰ নানাৰ গতিয়ে আপোনাৰ গতি হ'ব । কেতিয়াবা আকৌ নিদ্ৰা দেৱীৰ শীতল কোলাত শান্তিৰে দীঘল দি নিদ্ৰাদেৱীৰ আহ্বানত তেওঁৰ সৈতে সপোনৰ মায়াময় জগতলৈ যাত্ৰা আৰম্ভ কৰিবলৈ লওঁহে আহি পাবহি নহয় কাণৰ কাষতে বেসুৰা সংগীত গাবলৈ তেজশোহা প্ৰাণীটো ! কি যে যাতনা !! কেতিয়াবা সপোনৰ মায়াময় ৰঙীন জগতত নিজকে উটুৱাই দিবলৈ পাওঁ কি নাপাওঁ, মহটোৱে চোঁচৰাই আনি শোৱাপাটীতে ঠেকেচা মাৰি দিবহি । এক মধুৰ আমেজৰ পৰা বঞ্চিত হোৱাৰ বেদনা কিমান তাক ভুক্তভুগীয়েহে বুজিব । কিয় খং নুঠিব কওঁকচোন বাৰু ! শীত কালত মহৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অৱশ্যে সহজ । মই কি কৰো জানে ? কম্বলখনেৰে গোটেই গাটো ভালকৈ ঢাকি লওঁ, কোনো ফালে সুৰুঙা নৰখাকৈ, যাতে মহটো কোনো ফালেৰে আহি মোৰ গাত পৰিবহি নোৱাৰে । মুখখন খোলা ৰাখি থওঁ । কিছুমানে গায়ে মুৰে কাপোৰ লৈ মহা শান্তিত শুই থাকে । মই তেনেকৈ গা মূৰ ঢাকি শুব নোৱাৰোঁ, উশাহ নোপোৱা হওঁ । মুখখন উলিয়াই থোৱাৰ উদ্দেশ্যও অৱশ্যে আছে । মুখখন খোলা পাই মহ বপুৰাই তেজ শুহিবলৈ আহি মুখতে বহি লয়হি । মহটোৱে মোৰ মুখখনত তেজ শুহিব পৰাকৈ তাৰ শুংডাল ভালকৈ সুমুৱাই দিয়ালৈকে মই ধৈৰ্য্য ধৰি ৰওঁ । কাৰণ সিও বৰ চালাক । অলপ লটংপটং হ'লেই সি চিধাই উৰি গুচি যায় আৰু আকৌ তাৰ বেসুৰা গীতেৰে ব্যতিব্যস্ত কৰি তোলে । তেতিয়া তাক আকৌ বিচাৰি উলিওৱাটো কঠিন হৈ পৰে । সেয়া আৰু অসহ্য ! সি যেতিয়াই মোৰ মুখত ব্ৰহ্ম কামোৰ মাৰি নিচিন্তে তেজ শুহাত ব্যস্ত হয়, তেতিয়াই তাক মই নিৰ্মম ভাবে হত্যা কৰোঁ আৰু এক নামহীন আমেজ পাওঁ । কেতিয়াবা আকৌ সি জিকে, মই পৰাজিত সৈনিকৰ দৰে তাৰ ওচৰত নিৰ্লজ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হওঁ । সি মোৰ তেজ মহা আৰামেৰে শুহি পলায়ুৰ্ধং হয় । মই কেৱল সি কামোৰা ঠাইখিনিৰ পোৰণিত তত্ হেৰুৱাই ইচাটি বিচাটিকৈ টোপনি ক্ষতিৰ বেদনা সহি নীৰৱে পুৱালৈ বাট চাওঁ । ৰাতিপুৱা সুৰুজে তাৰ হেঙুলীয়া কিৰণেৰে পৃথিৱীখন ধুৱাই দিয়াৰ লগে লগে মহৰ কামোৰৰ কথা পাহৰি দিনটোৰ যুঁজলৈ সাজু হওঁ । কাৰণ, জীৱনৰ আন এটা নামেই সংগ্ৰাম.............
আমাৰ সহকৰ্মী এজনৰ চুবুৰীয়া এজন হেনো ইঞ্জীনিয়াৰ । তেখেত মোৰ সহকৰ্মীজনৰ দেউতাকৰ বন্ধু । তেখেতে আকৌ মহৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এক অদ্ভূত পন্থা অৱলম্বন কৰে ।এদিন নিশা মহে কামোৰাত সাৰ পাই তেখেতে আঠুৱাৰ ভিতৰত মহ সোমোৱাৰ উত্স বিচাৰি দেখিলে যে আঠুৱাটোৰ এফালে সৰু ফুটা এটা হৈছে । তেখেতে তেখেতৰ ইঞ্জীনিয়াৰিং বুদ্ধি খটুৱাই আঁঠুৱাটোত আন এটা ফুটা কৰিলে । তাৰপাছত ইটো ফুটাৰে পাইপ এডাল সুমুৱাই সিটো ফালেৰে উলিয়াই দিলে । ৰাতিপুৱা সকলোকে তেওঁৰ নৱ আৱিস্কাৰ দেখুৱালে । সকলো দেখি অবাক । তেখেতক পাইপ লগোৱাৰ কাৰণটো সুধিলত তেখেতে হেনো ক'লে - "এফালে এটা সৰু ফুটা দেখি, তাৰ কাষেৰে আন এটা ফুটা কৰি পাইপটো সুমুৱাই দিলো । এতিয়া মহ যদি ইটো ফুটাৰে কেনেবাকৈ সুমাই তেনেহ'লে ই আনটো ফুটাৰে সহজে বাহিৰ ওলাই আহিব । কেনে পালে মোৰ বুদ্ধি ?" আপোনালোকেও নিশ্চয় তেখেতৰ বুদ্ধিৰ শলাগ নলৈ নোৱাৰে ।

23/04/2012

বিচ্ছেদ ....মোৰ এক অনুভব

কিছুমান কথা কেতিয়াও পাহৰিব নোৱাৰি । কালৰ সোঁতত সেইবোৰ কেতিয়াবা মনৰ অতল তলীত সুপ্ত হৈ থাকিলেও কেতিয়াবা সময় পালেই হঠাৎ সাৰ পাই উঠে । মধুৰ স্মৃতিয়ে ওঁঠলৈ বোৱাই আনে এটা মিঠা মিচিকিয়া হাঁহি, হৃদয়লৈ বোৱায় আনে সুখৰ নিজৰা আৰু দুখময় স্মৃতিয়ে বুকুত তুলে হুমনিয়াৰ কলীয়া ডাৱৰৰ ঢৌ । এটা তেনেকুৱাই দুখদায়ক স্মৃতিয়ে মাজে মাজে মোক জোকাই যায়, দি যায় এমুঠি বেদনা যি মোৰ হৃদয়জুৰি তোলে কৰুণ সুৰৰ ৰাগিনী । তেতিয়া মই তৃতীয় শ্ৰেণীত পঢ়ো । নিচেই সৰু আছিলো যদিও কথাবোৰ কিছু বুজিব পৰা হৈছিলো । আমাৰ পঢ়াশালিত আমাৰ লগতে পঢ়া লগৰ সমনীয়া আছিল দুগৰাকী ভাই ভনী, বিশ্বজিত আৰু বিনীতা । বিনীতা আছিল আমাৰ কাণ সমনীয়া আৰু বিশ্ব আমাতকৈ বয়সত ডাঙৰ আছিল । সিহঁতৰ ঘৰো আছিল স্কুলখনৰ নিচেই কাষতে । সেয়ে প্ৰায় সদায়েই সিহঁত পঢ়াশালিলৈ আহিছিল । এবাৰ সিহঁত একেৰাহে কেইবাদিনো পঢ়াশালিলৈ অহা নাছিল । আমি সমনীয়াবোৰে সিহঁতৰ কাষতে থকা সমনীয়া কিছুমানক সিহঁত দুটা কেলেই স্কুললৈ অহা নাই সুধিলো । সিহঁতৰ কথা শুনি আমি আটায়ে হতবাক । সিহঁতে ক'লে যে সিহঁতৰ মাক দেউতাকৰ বিচ্ছেদ হৈছে । সেইটো বয়সত বিচ্ছেদ সম্পৰ্কে আমাৰ তেনে কোনো ধাৰণা হোৱা নাছিল । সেয়া আমাৰ বাবে আছিল সপোনৰো অগোচৰ, এক অপাৰ বিস্ময় । জীৱনত প্ৰথমবাৰ এক বিস্ময়কৰ অভিজ্ঞতা হৈছিল ।
বিচ্ছেদ হোৱা বাবে মাক - দেউতাক একেলগে নাথাকে । সিহঁত দেউতাকৰ লগত থাকে দেউতাকৰ পৰিয়ালৰ লগত । মাকে চাকৰী কৰে, বেলেগে থাকে । সিদিনা শনিবাৰে স্কুল ছুটিৰ পিছত মাক সিহঁতলৈ ৰৈ আছিল হেনো । সিহঁতলৈ পুতলা, চকলেট, বিস্কুট, নতুন কাপোৰ আনি সিহঁতক দিছিল মৰমতে । দেউতাকে সিহঁতৰ হাতত উপহাৰবোৰ দেখি কোনে দিলে, ক'ত পালে সুধিলে । সিহঁতৰ মাকে সেইবোৰ দিয়া বুলি জানিব পাৰি দেউতাক সিহঁতৰ ওপৰত খড়্গহস্ত হৈ উঠিল আৰু উধাই মুধাই সিহঁতক পিটিলে । সেয়াই নহয় সিহঁতক স্কুললৈকো আহিবলৈ নিদিয়ে হেনো । কিন্তু সিহঁত অৱশ্যে পিছলৈ স্কুললৈ আহিছিল । এই কথাখিনি কেতিয়াবা মোৰ মনত পৰে, যেতিয়াই মনত পৰে বুকুখন যেন কৰবাত এক অজান বিষত বিষাই উঠে ।তেতিয়া হয়তু কথাবোৰ বৰ ভালকৈ বুজা নাছিলো । মাথো বুজিছিলো দেউতাকে তেনেকৈ সিহঁতহালক মাৰি ভাল কাম কৰা নাই । মাকজনীতো আহিবই সিহঁতক চাবলৈ বা সিহঁতেওতো বিচাৰিব নিজৰ মাকক । কেৱল সিমানেই বুজিছিলো । আজি বহুত কথাই বুজিব পৰা হৈছোঁ । বুজিব পৰা হৈছোঁ এটা পৰিয়ালৰ গুৰুত্ব । মাক দেউতাকৰ বাবে সন্তান যিমান মৰমৰ, সন্তানৰ বাবেও মাক দেউতাৰ অতিশয় মৰমৰ । মাক - দেউতাক কোনো এজনকে বাদ দি কোনো সন্তানে পৰিয়ালৰ কথা চিন্তা কৰিব নোৱাৰে । মাৰ - দেউতাকৰ মৰমৰ উমত জীপাল হয় সিহঁতৰ কোমল মনবোৰ । মই আজি অনুভব কৰিব পাৰিছোঁ সন্তানে কেৱল মাককহে নিবিচাৰে, দেউতাককো সমানে বিচাৰে । সিহঁতৰ বাবে মাকৰ মৰমৰ গুৰুত্ব যিমান, দেউতাকৰ মৰমৰ গুৰুত্ব তাৰ তুলনাত কোনো গুণে কম নহয় । কোনো মাক বা দেউতাকৰ যদি মৃত্যু হয় তেন্তে কথা সুকীয়া । পিতৃ-মাতৃৰ বিয়োগৰ শোক কিমান বেদনাদায়ক সেই কথা বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই বোধকৰোঁ । তথাপি থাকিও নাথাকাতো যে কিমান বেদনাদায়ক ! মই ভাবো, পতি-পত্নীয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, সিহঁতৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে এজনে আনজনৰ প্ৰতি কিছু সহনশীল হ'ব পাৰে । এটা পৰিয়ালত নানান সমস্যা আহিব পাৰে, সেই সমস্যাবোৰ দুয়ো বুজা পৰাৰ মাজেৰে সমাধানৰ পথ উলিয়াব পাৰে । এই ক্ষেত্ৰত কোনো হিতৈষী বন্ধু-বান্ধৱ, তথা বয়োজ্যোষ্ঠজনৰ সহায়ে সমস্যাৰ সমাধানত অৰিহণা যোগাব পাৰে ।বিচ্ছেদে সমস্যাৰ সমাধান নকৰে, বৰং দুগুণ বঢ়াইহে । কিন্তু শিশুৰ ভৱিষ্যত বিকলাংগ কৰি তোলে ই ধুৰূপ ।
সাৰদা শ্ৰেষ্ঠ
১৪.০২.১২
(নীলা চৰাইত প্ৰকাশিত)

কবিতা : আমি হেৰুৱালো শব্দৰ এখন নৈ

আমি হেৰুৱালো শব্দৰ এখন নৈ

শীৰ্ণকায় মানুহজন
কিন্তু
তেওঁৰ বুকুত
এখন দুকূল উপচা নৈ
শব্দবোৰে তাত
নিৰ্ভয়ে আপোনমনে সাঁতোৰিছিল...
কবিতাৰ ৰামধেনুবুলীয়া
সাজ পিন্ধি
হালি জালি উলাহতে নাচিছিল
সিহঁতৰ নাচোনৰ তালে তালে
নাচি উঠিছিল
অসমৰ আকাশ বতাহ
মানুহজন আজি আৰু নাই
গ'লগৈ তেওঁ
মৃত্যুক নিৰ্লোভ ভাস্কৰ্য্যৰ ৰূপ দিবলৈ
এটা অজুহাত পালেই
গুচি যাম বুলি কৈছিল তেওঁ
সঁচাকৈয়ে
এটা সামান্য অজুহাত দেখুৱাই
আঁতৰি গ'ল তেওঁ
আকৌ অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকৈ...
আমি হেৰুৱালো এখন শব্দৰ নৈ...
(হীৰুদাৰ সজল স্মৃতিত...)
শ্ৰদ্ধাৰে...সাৰদা শ্ৰেষ্ঠ০৬.০১.১৩

Saturday, 16 August 2014

বোধোদয়(অণুগল্প)

বোধোদয়(অণুগল্প)

কালী মূৰ্তি দেখিলেই সৰুতে উচপ খাই উঠিছিল পূৰ্ণিমা । এক সংকোচ, ভয়, আতঙ্কই তাইৰ কোমলীয়া মনক চেপি ধৰিছিল । কালীমূৰ্তিজনা দেখি আজি পূৰ্ণিমা সৰু কালৰ দৰে ভয় নাখালে । তাইৰ আগৰ দৰে মূৰ্তিটো চাবলৈ সঙ্কোচো নহ'ল । জীৱনৰ খলা বমাবোৰ পাৰ কৰি আজি তাই সম্পূৰ্ণ নাৰী । তাই আজি বুজে কালী গোঁসানী কিয় ইমান ক’লা ? তেওঁ কিয় ইমান ভয়ঙ্কৰ ? কিয় ধাৰণ কৰে নৰমুণ্ডৰ মালা ? তেওঁ কিয় বিবসনা ? আজি প্ৰথমবাৰৰ বাবে তাই গোঁসানীক শ্ৰদ্ধাৰে প্ৰণাম কৰিলে ।
 
 
 
-  সাৰদা শ্ৰেষ্ঠ
দূৰভাষ - ৯৪৩৫৮ ২৭৩৭৪

Monday, 7 October 2013

শিল্পী : শৰৎ

শিল্পী : শৰৎ
নীলা আকাশত
কপাহ কোমল
শুকুলা ডাৱৰেৰে
পলকতে মনোমোহা চিত্ৰ আঁকে কোনে
জানানে ?

দূৰৈৰ পাথাৰত
কঁহুৱা বনত
শুকুলা ৰং
সানে কোনে জানানে ?

জানানে
শ্যামলী পথাৰত
কাৰ নিৰ্দেশনাত
শুকুলা কঁহুৱাবোৰে
লয়লাসে নাচে
বতাহৰ ছন্দে ছন্দে ?

জানানে
কাৰ অমৃত পৰশত
হাঁহে শেৱালিপাহে
কোনে মিঠা সুবাস সানে
শেৱালিৰ কোমল শুভ্ৰ পাপৰিত ?

কোনে আঁকে চোতালত
দূৱৰিৰ সেউজীয়া সুকোমল দলিচা ?

পুঁৱতি নিশা
কোনে পিন্ধাই আজলী দূৱৰিক
নিয়ৰৰ শুকুলা মুকুতা ?

জানানে ?
জোনাক সনা আকাশত
তৰাৰ বাখৰ খটাই
কোনে বাৰু বুটা বাছে নিজান নিশা ?

শৰতে…
শৰতে...
শৰতেই চতিয়াই
নৃত্যৰতা প্ৰকৃতিৰ বুকুত পূৰ্ণতাৰ ৰং ।
শৰতেই আঁকে
প্ৰকৃতিৰ চকুত সপোনৰ সোণোৱালী ৰং ।
শৰৎ যে
প্ৰেমিক শিল্পী প্ৰকৃতিৰ ।

ණসাৰদা শ্ৰেষ্ঠ

Monday, 17 June 2013

মিছা কথাৰ ঠেং

মিছা কথাৰ ঠেং(১)
আপুনি মিছা কথা কয়নে ? আপুনি কেতিয়াও মিছা কোৱা নাই বুলি বুকুত হাত দি নিশ্চয় আপুনি ক'ব নোৱাৰে । ধৰ্মৰাজ বুলি প্ৰসিদ্ধ যুধিষ্ঠিৰেও মিছাৰ কাষ চাপিবলৈ বাধ্য হৈছিল । অশ্বস্থমা হত ইতি গজ । আমিনো কোন কুটা ? মিছা কথাৰ হেনো ঠেং চুটি । আপোনালোকেও কিজানি কথাটো শুনিছে । মই সৰুতেই শুনিছিলো । মিছা কথাৰ যে ঠেং আছে তেতিয়া মই বিশ্বাস কৰা নাছিলো । কিন্তু আজি অনুভব কৰোঁ মিছা কথাৰ ঠেং সঁচাকৈয়ে আছে । তাৰ প্ৰমাণ মই পাই থৈছোঁ ।
মই মিছা কথা সাধাৰণতে নকওঁ । প্ৰায়েই ধৰা পৰোঁ । অৱশ্যে একেবাৰে সত্যবাদীও নহওঁ । কেতিয়াবা নকলে নোহোৱা মিছা কথা কওঁ, সেইবোৰে কাৰো একো অপকাৰ নকৰে । তেনেবোৰ মিছা কথা কৈয়ো কিজানি অন্য এক মজা আছে । এবাৰ কি হ'ল জানেনে ? এজন আদহীয়া ব্যক্তি আমাৰ কাৰ্য্যালয়লৈ আহিল । কথা প্ৰসংগত তেখেতে প্ৰথমে মোৰ নাম সুধিলে । মই ভদ্ৰতাৰ খাতিৰত ভদ্ৰভাবেই উত্তৰ দিলো । তাৰ পাছত আকৌ মই ক'ত থাকো সুধিলে । সিদিনা মোৰ মুৰটো অলপ গৰমেই হৈ আছিল, মানুহজনৰ এই অলাগতিয়াল (মোৰ বাবে সেইসময়ত সেইটো অলাগতিয়াল কথাই আছিল) কথা শুনি টিঙিছকৈ খং উঠি আহিল । কি দৰকাৰ মই ক'ত থাকো ? কিয়ই বা লাগে ? কাম নাই আৰু !! বিৰক্তি ভাব মুখলৈ আহিবলৈ নিদিলোঁ । যিহওঁক মোতকৈ বয়সত ডাঙৰ.....গতিকে ভদ্ৰভাবেই উত্তৰ দিলো - ''কুমাৰপাৰাত'' । মানুহজন মোৰ উত্তৰ শুনি অলপ উৎসাহিত হল, ক'লে - ''কুমাৰপাৰাৰ কোনখিনিত ?'' কথাশুনি মোৰ আৰু খং উঠিল, পেটে পেটে ভাবিলো, কাম নাই আৰু কত থাকো তাকো লাগে....হুহ । খং ভাব মুখলৈ আহিবলৈ নিদি গহীনাই ক'লো - "কুমাৰ পাৰাৰ পাঁচআলিটোৰ ওচৰতে ।" মানুহজন এইবাৰ দুগুণ উৎসাহিত হ'ল, আকৌ পেঘেনিয়াবলৈ লাগিল - "হয় নেকি ? কোৱাচোন ঠিক কোনখিনিত । ময়ো কুমাৰপাৰাৰ বুঢ়াগোঁসাই থানৰ ওচৰতে থাকোঁ । তোমাক দেখোন দেখা মনত নপৰে !" হে হৰি ! এখেতো আকৌ তাতেই থাকিবলৈ পায়নে.....ভিতৰি ভিতৰি মই ভোৰ ভোৰাই উঠিলো...মহা মস্কিল, ফাঁকিতো কামত নাহিল । সামান্য ঘাম কপালত বিৰিঙি উঠিল মোৰ । এতিয়া কি কৰা যায়....মানুহজনৰ পৰা কেনেকৈ হাত সৰা যায় ! আৰু বা কি কি সোধে ? মিছাৰ মালা গঁঠাৰ অভ্যাস নাই । মানুহজনৰ মুখামুখি হোৱাৰ সাহস মোৰ তেতিয়া নাছিল...আন কিবা কামৰ অজুহাত দেখুৱাই মই পলাই পত্ৰং দিলো সেই ঠাইৰ পৰা ।
গ'ল কথা গুছিল, ঘটনাটো মই পাহৰিছিলোৱেই । কিছুদিন মান পাছত এটা কাম লৈ মই গ'লো মোৰ মাহীহঁতৰ ঘৰলৈ । মাহী থাকে কাহিলীপাৰাত । মাহীৰ ঘৰত কিছুসময় হাঁহি স্ফুৰ্তি কৰি কটাবলৈ পালো কি নাই সোমাই আহিল এজন আগন্তুক । দেখিয়েই মোৰ ধাতু ওলাই বাজ হোৱাৰ অৱস্থা হ'ল । সেইজন স্বয়ং সিদিনা মই ৰাম ফাঁকি দিয়া মানুহজন ! মোৰ অৱস্থা ফাট দিয়া বসুমতী পাতালে লুকাওঁ । মহাই হাঁহি হাঁহি আগবাঢ়ি আহি মানুহজনক আদৰি আনিলে ভিতৰলৈ । গম পালো মানুহজন মহাৰ বন্ধু । মোৰ লগত চিনাকি কৰি দিবলৈ নাপাহৰিলে । মোৰ চিনাকি দি তেখেতে ক'লে - ''এয়া মোৰ ভতিজী ছোৱালী ।'' মই মানুহজনক প্ৰতি নমস্কাৰ দিলো । মানুহজনে ক'লে - "অ...এওঁক মই সিদিনা লগ পাইছিলো....।" মই সেমেনা সেমেনিকৈ হাঁহিলো । তাত আৰু তেখেত সকলৰ লগত থকাৰ সাহস মোৰ ন'হল......আৰু বা কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হয়  । খৰধৰকৈ মই মহাহঁতৰ পৰা বিদায় লৈ ভিতৰ পালোগৈ । সিদিনাৰ পৰা মই কেতিয়াও মোৰ ঠিকনা কাকো ভুলকৈ নকওঁ । দুনাই আকৌ লাজত পৰিব পাৰি নেকি বাৰু ???

মিছা কথাৰ ঠেং (২)
কিছুমান মিছা কথাই সম্পৰ্কবোৰৰ মাজত সৃষ্টি কৰিব পাৰে, বহু দূৰত্বৰ ।
আন এটা কলেজীয়া দিনৰে ঘটনা । এটা বিষয়ৰ প্ৰসংগ পুথি বিচাৰি আমি হায়ৰাণ ।পানবজাৰৰ কেইবাখনো কিতাপৰ দোকান, লাইব্ৰেৰীবোৰত বিচাৰি চলাথ কৰিলো । নাইযে নাইয়েই, সেইবিষয়ৰ কোনো কিতাপেই নাই, ইফালে পৰীক্ষালৈ মাত্ৰ দুমাহমানহে বাকী । এনে দুৰ্য্যোগৰ সময়তেই বন্ধু এজনে কৰবাৰ পৰা হাতে লিখা নোট এখন আনি দিলেহি । দিওঁতে কলে - এইখন কিন্তু কাকো নিদিবা আৰু পোৱা বুলিও আন কাকো নকবা । সেইখন কেৱল সি মোক বুলিহে দিছে...। মই হোলাৰ ভাই মোলা । তাক কথা দিলো, কাকো নিদিওঁ আৰু নকওঁ ।
 সাধাৰণতে নাৰীজাতিৰ এটা দুৰ্নাম আছে - পেটত একো কথা নাথাকে । দুয়োখন কাণেৰে কথাবোৰ শুনে আৰু মুখেৰে সকলো উলিয়াই দিয়ে । মই সেই দুৰ্নাম যিমান পাৰোঁ খণ্ডন কৰিবলৈ চেষ্টা কৰোঁ । কিয় কথা ৰাখিব কেৱল পুৰুষেহে পাৰে নেকি ? আমিও পাৰোঁ, সেয়ে কথা দিলে কথা ৰাখিবলৈ চেষ্টা কৰোঁ । মোৰ আন এটা দুৰ্বলতাও আছে, মোৰ ওচৰত থকা বস্তু কোনোবাই বিচাৰিলে সাধাৰণতে মই নাই বুলি কব নোৱাৰোঁ । বহুতে মোৰ এই দুৰ্বলতাৰ সদব্যৱহাৰ কৰে । অৱশ্যে তাৰ বাবে মই বহুতৰ পৰা মই বিচৰাখিনিও পাইছোঁ । কিছু দিব লাগে কিছু লব লাগে - কথাষাৰ মই বিশ্বাস কৰোঁ । এবাৰ মোৰ লগৰ ছোৱালী এজনীয়ে মোক আমি হাবাথুৰি খাই বিচাৰি থকা নোটৰ কথা সুধিলে । মনত তীব্ৰ দুখ থাকিলেও মই মিছা মাতিলো, উপাই নাই বন্ধুজনক কথা দি থৈছোঁ । তাই মোক আচৰিত হৈ সুধিলে - তোমাক মঞ্জুৱে দিয়া নাই ? মই মঞ্জুৱে যে মোক একো নোট দিয়া নাই তাইক কলো । তাই নোটখন পাইছে । তাই উৎসাহেৰে কৈ গল - মঞ্জুৱে মোক নোটখন দিছিল, তুমি নাই পোৱা যদি লৈ যোৱা । মোক আকৌ ঘূৰাই দিবা । মঞ্জুক হেনো দীপকে দিছিল । তাই নোটখন আনি মোৰ হাতত দিলে । নোটখন দেখি মই বিৰ্চূতি খালো । সেইখন মোক কিছুদিন আগতে দীপকে দিয়াখনেই । বিস্ময়ত,খঙত,দুখত মই ম্ৰিয়মান হৈ পৰিলো । কি দৰকাৰ আছিল মোক এনেকৈ হেয় প্ৰতিপন্ন কৰাৰ ! মোৰ সৰলমনা বান্ধৱীজনীয়েতো নাজানে সেইখন মই কেতিয়াবাই পাইছিলো, দীপকৰেই কথা ৰাখি মই তাইক মিছা কৈছিলো । এজনৰ অপ্ৰিয় বিশ্বাস ৰাখিবলৈ গৈ মোৰ প্ৰতি থকা তাইৰ যি সহজ সৰল বিশ্বাস তাক জানো মই আঘাত নিদিলো । আন দুখত কৈ সেই দুখে মোক খুলি খুলি খাবলৈ ধৰিলে । মই তাইৰ পৰা নোটখন ললো । সেইখন লৈ চিধাই মোৰ ভণ্ড বন্ধুজনৰ ওচৰলৈ আহিলো । তীব্ৰ খঙত কঁপিছিলো মই । তাৰ ওচৰত তাৰ নোটখন দলিয়াই দি সুধিলো - "এইবোৰ ধেমালি কিয় ? মোক কেলৈ কৈছিলা মই আন কাকো এইখন পোৱা বুলি ক'ব নালাগে ?" সিদিনা সি সেমেকা নিৰ্লজ হাঁহিৰে নিৰুত্তৰ হৈয়ে ৰ'ল মোৰ ওচৰত । খঙে দুখে অপমানে মই জলন্ত অগ্নিকুণ্ড হৈ তাৰ পৰা বিদায় লৈছিলো । সি লাজ পালে নে নাপালে নাজানিলো, মই কিন্তু তীব্ৰ লাজ পালো মোৰ সেই বান্ধৱীজনীৰ আগত । সিদিনা সেই ভণ্ড বন্ধুজনে মোৰ ওচৰত হেৰুৱাইছিল বন্ধুত্বৰ মূল্য । সেইখন লৈ মই পুণৰ মোৰ ঘৰলৈ ঘূৰি আহিলো । কাৰণ মই সেইখন লিখি মোৰ বান্ধৱীজনীৰ হাতত গতাবলৈ আছে !   
(৩)

নিশা ৯টা মান বাজিছে । মই ৰান্ধনীশালত ৰন্ধাত ব্যস্ত । তেনেতে মোৰ মোবাইলটো বাজি উঠিল সশব্দে । মোবাইলটো তুলি লৈ সঁহাৰি জনালোঁ । মোৰ সঁহাৰি পাই সি ফালৰ পৰা নাৰী কণ্ঠই সুধিলে - "তুমি সাৰদাই কৈছা নেকি" ? মই হয় বুলি উত্তৰ দিলো । সিফালৰ পৰা আকৌ ক'লে - "মই অজন্তাৰ মায়ে কৈছোঁ....তুমি আজি ভঙাগড়লৈ আহিছিলা নেকি" ? মই ভয়ঙ্কৰ ভাৱে আচৰিত হ'লো । দিনটো অফিচত ব্যস্ত, অফিচৰ পৰা ওলায়েই কেতিয়া ঘৰ গৈ পাওঁ তাৰে ধান্দাত থাকোঁ । ভঙাগড়লৈ যাবলৈ মোক কিবা পগলা কুকুৰে কামুৰিছে নেকি ? পৰম বিস্ময়েৰে উত্তৰ দিলো - "নাইতো মই ভঙাগড়লৈ আজিয়েই কিয়...বহুদিন হ'ল যোৱা নাই ! কিয় সুধিলে জানিব পাৰোনে" ? অজন্তাৰ মাকে পুণৰ ক'লে - "নহয় মই ভঙাগড়লৈ গৈছিলো, বজাৰ অলপ কৰিবলৈ । তাত তোমাক দেখা যেন পালো । তোমাৰ নিচিনা কাৰোবাক দেখিলো কিজানি তেনেহ'লে। সোধা বাবে বেয়া নাপাবা দেই"। মই বেয়া নাই পোৱা বুলি কোৱাত তেখেতে ''আজিলৈ ৰাখোঁ'' বুলি ফোনৰ কানেকচন কাটি দিলে । তেখেতে ফোনৰ লাইন কাটি দিলে হয়...পিছে মোৰহে মগজুৰ তাঁৰবোৰ লাহে লাহ গৰম হ'বলৈ ধৰিলে । কোনো দিনা অজন্তাৰ মাকে কিয় দৰকাৰ নপৰিলে অজন্তায়ো মোক ফোন নকৰে । অজন্তা মোৰ সহকৰ্মী । এই ৰাতিখন মাকে সেইটোকে সুধিবলৈ মোক ফোন কৰিলেনে ? কথাটোত মই কিবা ৰহস্যৰ গোন্ধ পালো । যিমানে কথাটো ভাবিলো, সিমানে মূৰটো বেছিকৈহে গৰম হৈ আহিল । নাই ইয়াৰ শুংসূত্ৰ নাপালে মোৰ মূৰটো ফাটিব । মই লগে লগে আমাৰে সহকৰ্মী শৰ্মালৈ ফোন কৰিলো । অজন্তাহঁতৰ ঘৰৰ লগত তেখেতৰ ভাল পৰিচয় আছে । অজন্তায়ো বহুসময়ত তেখেতৰ সৈতেহে কথাবোৰ শ্বেয়াৰ কৰে । শৰ্মাৰ কথাৰ পৰা বুজিলো অজন্তাই মোৰ কান্ধত বন্দুক থৈ গুলীয়াবলৈ চেষ্টা কৰিছিল, পিছে ব্যৰ্থ হ'ল । তাই অফিচৰ পৰা ডেটিংলৈ গৈছিল । ঘৰ গৈ পাওঁতে বহু পলম হ'ল । মাকৰ জেৰাৰ কোবত জীয়া ফাঁকি এটা দিলে, মোৰ লগত ৰুবীৰ মাকৰ খবৰ ল'বলৈ ভঙাগড়লৈ গৈছিল । তাতেই বেমাৰীৰ লগত লাগি থাকিব লগীয়া হোৱাত পলম হ'ল । ৰুবীৰ মাক বহুদিনৰ পৰা ভঙাগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন । ৰুবীও আমাৰ লগৰে সহকৰ্মী । মাকৰ সন্দেহ হোৱাত মোক ফোন কৰি সুধিলে । শৰ্মাকো হেনো মাকে ফোন কৰি তাইৰ বিৰুদ্ধে বিষোদগাৰ কৰিছিল । মই শৰ্মাৰ পৰা আদ্যোপান্ত জানি কিছু আস্বস্ত্ব হলো যদিও অজন্তাজনীৰ কথা ভাবি পুণৰ ধৰফৰাই উঠিলো । মোৰ পৰা বিতং জনাৰ পাছত মাকে তাইক কিমান যে ধুলে তাৰ ঠিক নাই ।