Saturday, 27 May 2017

মালৈ

মা 

আজি মই তোমাৰ স্মৃতিৰ 
বৰপেড়া খুলিম 
তোমাৰ সুবাসত
আকণ্ঠ ডুবিম । 

মা

আজি মই
তুমিময় হ'ম ।

এদিন তোমাৰ ছাঁ হৈ আহিছিলো

এই মায়াময় শ্যামলী ধৰণীলৈ
তোমাৰ বুকুৰ অমৃতেৰে 
জীপাল হৈ উঠিছিল মোৰ সত্তা ।

তোমাৰ আঁচলৰ উমেৰে

সমৃদ্ধ হ'ল মোৰ মনৰ জগত ।
জীৱনৰ ৰ'দ বৰষুণ, বতাহ ধুমুহাই
বিধ্বস্ত কৰিব নোৱাৰাকৈ 
তোমাৰ আলফুলীয়া ডেউকাৰে আৱৰি ৰাখি
শিকালা জীৱন জিনাৰ মন্ত্ৰ ।
তোমাৰ মৰমৰ নৈত সাঁতুৰি নাদুৰি 
শৈশৱ, কৈশোৰৰ চোতাল  গৰকি
জীৱনত লাভ কৰিলো পূৰ্ণতা ।

মা

মোক জীৱন দিয়াৰ প্ৰতিদানত 
তোমাক কিয়েই বা দিলো মই ?
মা
আজীৱন ধৰুৱা মই তোমাৰ ।

(মাৰ পূণ্য তিথিত শ্ৰদ্ধাৰে )


⏩সাৰদা শ্ৰেষ্ঠ ।

No comments:

Post a Comment