Tuesday, 17 February 2015

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" - এটি আলোচনা

(এজন কনিষ্ঠ বন্ধু সমীৰণ বৰগোঁহায়ে ( Samiron Borgohain ) মোৰ বাৰ্তাবাকচত মোলৈ কেইটামান ফেচবুক সম্পৰ্কীয় প্ৰশ্ন কৰিছিল । প্ৰশ্ন উত্তৰৰ প্ৰয়োজনীয়তা অনুভব কৰি ইয়াত আপোনালোকলৈকো আগবঢ়ালো । ফেচবুকৰ নেতিবাচক দিশ কিছুমান থকাৰ দৰে ইতিবাচক দিশ কিছুমানো আছে । )

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" সম্পৰ্কে এটা সৰু অধ্যয়ন চলাইছো ৷
অনুগ্ৰহ কৰি তলৰ প্ৰশ্ন কেইটিৰ উত্তৰ প্ৰদান কৰি অধ্যয়নটি সফল কৰাত সহায় কৰে যেন ৷

১. আপুনি ফেচবুক কিয় ব্যবহাৰ কৰে ?
২. ফেচবুকে অসমৰ সামাজিক প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনে ? ফেচবুকৰ জৰিয়তে সমাজসেৱা সম্ভৱনে ?
৩. অসমৰ যুৱ প্ৰজন্মৰ সাহিত্য চৰ্চাত ফেচবুকে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনেকি ? যদি হৈছে কেনেদৰে ? অনুগ্ৰহ কৰি আপোনাৰ মতামত প্ৰদান কৰে যেন ৷
৪. ফেচবুকে অসমত যুৱ উশৃংখলতা সৃষ্টিত উদগনি যোগাইছে নেকি ?

৫. ফেচবুকে অসমৰ যুৱ প্ৰজন্মৰ ওপৰত সামগ্ৰিকভাৱে কেনেধৰণৰ (নেতিবাচক/ইতিবাচক) প্ৰভাৱ পেলাইছে বুলি আপুনি অনুভৱ কৰে ?

এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈ অধ্যয়ন কৰিছা । মই মোৰ অনুভবেৰে যি পাৰোঁ উত্তৰ দিবলৈ যত্ন কৰিম ।

ক্ৰম অনুযায়ী উত্তৰবোৰ দিলো -

১. ফেচবুকলৈ কিয় আহো ? এইলৈ মই এবছৰ আগতে এটা প্ৰবন্ধ লিখিছিলো । তথাপি আজি আকৌ চমুকৈ কওঁ । ফেচবুকলৈ আহি মই সতেজ অনুভব কৰোঁ । বিভিন্ন মনৰ বিভিন্ন স্বভাৱৰ মানুহক লগ পাওঁ । তেওঁলোকৰ জৰিয়তে মই নিজকো বিশ্লেষণ কৰাৰ সুবিধা পাওঁ । একেবাৰে সঁচা কথা হ’ল মই ফে’চবুকত মই এক সুখ বিচাৰি আহোঁ। এটা ভাল কবিতা, এটা ভাল লগা গল্প, এটা সুন্দৰ লেখা পঢ়িবলৈ, এটা মন প্ৰাণ জুৰ পেলাব পৰা ছবি চাবলৈ পালে মই বিচৰি পাওঁ মই বিচৰা সুখ। মোৰ অনুভব শব্দৰ ৰূপেৰে আনৰ আগত ব্যক্ত কৰিব পাৰিলে আৰু তাৰ প্ৰতি উচিত সঁহাৰি পালে মই বিচাৰি পাওঁ মই বিচাৰি অহা সুখ। মোৰ দৰে সকলোৱেই কিজানি সুখ বিচাৰিয়েই আহে ফে’চবুকলৈ। সেই সুখৰ সংজ্ঞাও কিজানি সকলোৰে বাবে একে নহয়। হয়তু একে হ’বও নোৱাৰে ।

২. দ্বিতীয় প্ৰশ্নৰ উত্তৰ হিচাপে কওঁ একে আষাৰে -ফেচবুকৰ জৰিয়তে সমাজ সেৱা কৰিব পাৰি । মই ফেচবুকৰ সহায় নামৰ গোট এটাৰ সৈতে জড়িত । এই গোটটোৱে প্ৰতি বছৰে মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে অলপ হলেও সকাহ দিবলৈ যত্ন কৰি আহিছে । ইয়াৰ বাবে প্ৰয়োজন হোৱা পুঁজিলৈ ফেচবুকৰে সদস্যসকলেই তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াই আহিছে । তদুপৰি ফেচবুকৰ পৰাই কেইজনমান হৃদয়বান লোকে সহায়ৰ সহযোগতেই অলপতে উৰিয়াম ঘাটত হোৱা সংঘৰ্ষত দিকহাৰা হোৱা লোকসকলৰ সহায়ৰ অৰ্থে দেহেকেহে খাটিছিল । ফোন-যোগে, ফেচবুকৰ জৰিয়তে হোৱা বাৰ্তালাপৰ জৰিয়তে এই কাম তীব্ৰ গতিত সকলোৰে সহযোগত কৰিব পৰা গৈছিল ।

আন এটা গোটো আছে যিয়ে আমাৰ সাহিত্যৰ উন্নতিৰ হকে কাম কৰি আহিছে । সেইটো হৈছে ৱিকিপিডিয়াৰ আৰু ইয়াৰ অন্তৰ্গত ৱিকিচ'ৰ্চ বা ৱিকিউৎস । ৱিকিপিডিয়া গোটৰ জৰিয়তে বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে । তেনেকৈ ৱিকিচ’ৰ্চ বা ৱিকিউৎসই অসমীয়া সাহিত্যক ইউনিকোডৰ জৰিয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় । নিস্বাৰ্থভাৱে কেইবাজনো সাহিত্যসেৱীয়ে এইক্ষেত্ৰত তেওঁলোকৰ সহযোগীতা আগবঢ়াই আহিছে ।

৩. আজিৰ যুগত সাহিত্য চৰ্চাত ফেচবুকৰ প্ৰভাৱক কেতিয়াও অৱহেলা কৰিব নোৱাৰি । সাহিত্য চৰ্চাৰ উদ্দেশ্যে ইয়াত বহুতো গোটৰ জন্ম হৈছে । বহুকেইটা গোটে নিজাকৈ প্ৰায় প্ৰতিমাহে একোটাকৈ সুস্থ আলোচনীৰ জন্ম দি আহিছে । নিজৰ ঘৰুৱা কৰ্তব্য, নিজৰ ব্যৱসায়, চাকৰি এইবোৰ হাজাৰটা কামৰ মাজতো ক্ষন্তেক সময় উলিয়াই আলোচনী এখন উলিয়াবলৈ কিমান কষ্ট স্বীকাৰ কৰিব লগীয়া হয় …তাক বুজাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । এইবোৰ কাম হেলাৰঙে, হাজাৰটা বাধাকো নেওচি আমাৰেই কেইজনমান সাহিত্য প্ৰেমী ফেচবুকীয়ান সকলে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে চলাই গৈছে । এই আলোচনীৰ লেখাবোৰৰ কোনোবাটো লেখাৰ মানদণ্ড হয়তো ছপা মাধ্যমৰ আলোচনীৰ সৈতে ফেৰ মাৰিব পৰা নহয় । তথাপি এইবোৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত এক কৰ্মশালাৰ দৰে কাম কৰিবলৈ সক্ষম হৈছে । বহুতে ইয়াত সাহিত্য চৰ্চা আৰম্ভ কৰি সাহিত্যৰ জগতত নিজৰ বলিষ্ঠ পদক্ষেপ আগবঢ়াবলৈ সক্ষম হৈছে ।
স্পন্দন শব্দৰ পৰা হৃদয়লৈ, আখৰুৱা, অসমীয়া কথা বতৰা, চিঠি গোট এইবোৰ সাহিত্য চৰ্চাৰ এক কঠিয়াতলী বুলিব পাৰি । তদুপৰি ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্চ বা ৱিকিউৎসৰ কথা ২ নং প্ৰশ্নৰ উত্তৰত উল্লেখ কৰিছোঁ ।

৪. এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ লৈ মোৰ মনে হাহাকাৰ কৰি উঠিছে । ভাল বেয়া সকলোতে আছে । গতিকে ফেচবুকৰো এইটো এটা বেয়া দিশ । ইয়াত ভাল কাম যেনেকৈ হয়, তেনেকৈ বেয়া কামো হয় । সমাজ এখনত যেনেকৈ ভাল বেয়া মানুহ আছে, তেনেকৈ ফেচবুক সমাজখনতো এই দুই শ্ৰেণীৰ মানুহ আছে । সকলোৱে ভাল উদ্দেশ্য লৈ ফেচবুকলৈ নাহে, সমস্যা তাতেই । ইয়াত বিভিন্ন মনৰ বিভিন্ন ৰুচিৰ মানুহ আহে । স্বভাৱ তথা বয়সৰ ফালৰ পৰা অপৰিপক্ক মানুহৰ পৰা পৰিপক্ক মানুহলৈ সকলো শ্ৰেণীৰ মানুহ যেতিয়াই মন যায় তেতিয়াই ফেচবুকলৈ আহি তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰত বিচৰণ কৰিবলৈ লয় । কেতিয়াবা সৰু সাধাৰণ ঘটনা এটাকো অযুক্তিকৰ যুক্তিৰে ভ্ৰমিত কৰিবলৈ চেষ্টা কৰা দেখোঁ । যিবোৰে ফেচবুক সমাজকে নহয় আমাৰ বাস্তৱৰ সমাজকো ভ্ৰমিত কৰাৰ সম্ভাৱনা দেখা পাওঁ । ফেচবুক প্ৰেম এটা এতিয়া এক বিতৰ্কিত বিষয় হৈ পৰিছে । খৱৰ কাগজত প্ৰায়েই এনে ব্যাভিচাৰী প্ৰেমৰ খৱৰ সকলোৱে পাই আহিছে । অচিন কাঠৰ থোৰা লগাবলৈ গৈ বহুতে বিপদত পৰা দেখা গৈছে । ইয়াৰ বাবে ফেচবুকক নিশ্চয় জগৰীয়া কৰিব নোৱাৰি । সেয়া নিৰ্ভৰ কৰে মানুহৰ নিজৰ মানসিকতাৰ ওপৰত । আমি নিজে সচেতন নহলে যিকোনো পৰিস্থিতিতেই জীয়াতু ভুগিব লগীয়া হয় ।

৫. মোৰ ওপৰৰ উত্তৰ কেইটাতেই ইয়াৰ উত্তৰো বিচাৰি পাব নিশ্চয় । ফেচবুকক আমি ইতিবাচক হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ইতিবাচক ফলাফলেই পাম তেনেকৈ নেতিবাচক উদ্দেশ্যেৰে ইয়াক ব্যৱহাৰ কৰিলে নেতিবাচকেই ফল পাম ..এয়া পৰিষ্কাৰ কথা । সদৌ শেষত মই মোৰ এজন ভাতৃপ্ৰতিমবন্ধু কবি লক্ষণ কুমাৰৰ মন্তব্য ইয়াত মই উল্লেখ কৰিব বিচাৰিম, কবি লক্ষণ কুমাৰে কৈছে - “ফে’চবুকক মই এখন মন্দিৰ বুলিয়েই ভাবো। এই মন্দিৰলৈ প্ৰতিদিনে অগণন ভক্ত আহে নিজৰ সুখ-দুখৰ কথা ক’বলৈ,আনৰ সুখ-দুখৰ সমভাগী হ’বলৈ। ময়ো আহোঁ ইয়ালৈ, আন একো কৰিব নোৱাৰিলেও টিলিঙাকে বজাই দিওঁ….অন্তৰৰ মলিনতা দূৰ হৈ যায় ।” লক্ষ্মণ কুমাৰৰ দৰেই আমি সকলোৱে মন্দিৰৰ দৰে পবিত্ৰস্থান বুলি ভাবিব নোৱাৰোঁনে ?

পৰম্পৰা

পৰম্পৰা

যেতিয়াই তেতিয়াই
উফৰি আহে
আটাইতকৈ জটিল প্ৰশ্ন
কি খৱৰ ?

ভালেই…
উত্তৰটো বৰ সহজ
এটি শব্দৰে সৈতে
মিচিকি হাঁহি এটা সৰি পৰে

অভিনয় নহয়
নিতৌ ভালে থকাৰ আখৰা কৰা
এয়া এটা প্ৰাচীন পৰম্পৰা

হাঁহিৰ চৌপাশে নিগৰি থকা
বিষাদবোৰে লুকাভাকু খেলে
হৃদয়ৰ ইপাৰে সিপাৰে
কোনেও নেদেখে ।

ණসাৰদা শ্ৰেষ্ঠ
২২/১১/১৪

বেবেৰিবাং (৩)

বেবেৰিবাং (৩)

এটা সপোনৰ সন্ধানত

ৰাতিপুৱা তন্দ্ৰাগ্ৰস্থ অৱস্থাতেই ভাবিলো, দেউতা গ’ল কলৈ, কিয় আজি এতিয়ালৈকে ঘূৰি অহা নাই ? সময়মতে সদায় ঘৰলৈ অহা দেউতাই আজিলৈকে কেতিয়াও এনেকুৱাতো কৰা নাই ? আমি দেউতাৰ কিনো জগৰ লগালো ? যিমানেই প্ৰ্শ্নবোৰে মূৰটোত খুন্দিয়াই থাকিল, সিমানে বুকুখনৰ ধৰফৰনি বাঢ়িল, লগে লগে অনুভব কৰিলো, মূৰটো যেন ক্ৰ্মে গধূৰ হৈ পৰিছে । আগে পিছে দেউতা ইমান দিন এনেকৈ ঘৰলৈ নহাকৈ কেতিয়াও থকা নাই । বৰং আমি কেতিয়াবা ঘৰ এৰি ক’ৰবাত থাকিলেও দেউতাই কাহানিও ঘৰ এৰি বা আমাক এৰি থকা নাই । আমাৰ বাবে কিমান যে পৰিশ্ৰম নকৰে তেখেতে !! কেতিয়াও কোনো ওজৰ আপত্তি নাই...নাই কোনো দুখ ভাগৰ, নীৰৱে সকলো কষ্ট মূৰ পাতি লোৱা মোৰ দেউতা তেনেই সৰল প্ৰকৃতিৰ । দেউতাৰ সৰলতাৰ কোনো দিনেই আমি সুযোগ লোৱা নাই, তেওঁৰ কষ্ট আমি ভালকৈয়ে অনুভব কৰোঁ । আমি কোনেওটো কেতিয়াও দেউতাই আঘাত পোৱা কাম কৰা নাই । তেনেহ’লে দেউতাৰ এই অভিমান কিয় ? কাৰ প্ৰতি এই অভিমান ? নাই,,,দেউতা নিশ্চয় আহিব । দেউতাই আমাক এনেকৈ এৰি থাকিব নোৱাৰে । আজি ইমান দিনে ক’ত কি কৰি আছেনো দেউতাই ? নাই ...এনেকৈ আহিব আহিব বুলি আৰু বাট চাই থাকিলে নহ’ব ... থানাত এজাহাৰ দিবই লাগিব । দুচকুত তেতিয়াও মোৰ টোপনি টোপনি ভাব...চকু দুটা মেল খাবই খোজা নাই...ইফালে মনত তীব্ৰ আলোড়ন । দেউতা কিয় নাহিল ? দেউতাই এনেকুৱা কিয় কৰিলে ? নিৰুদ্দিষ্ট দেউতাৰ কথাই ভাবি তন্দ্ৰাগ্ৰস্থ অৱস্থাতো মনটো বহুত সময় অভাবনীয় ভাবে ধৰফৰাই থাকিল । এটা সময়ত তন্দ্ৰা ভাগিল । জঠৰ হোৱা হাত ভৰি ভালকৈ পোন কৰি ল’লো । আকৌ ভাবিলো, দেউতাই এনেকুৱা কিয় কৰিলে ? তেতিয়াও মনটোৰ বিষ কমা নাই । কোনে কি কৰিলে দেউতাৰ ?? মনত অপাৰ প্ৰশ্ন...দুখ ব্যথা, বিস্ময় সকলোবোৰে একেলগে জুমুৰি দি ধৰিছে । হঠাৎ মনত পৰিল, হাৰে...মই কি ভাবি আছোঁ ? কিয় এনেকৈ ভাবি আছোঁ ? ধেইইত...দেউতা আহিবনো কেনেকৈ ? দেউতা ঢুকুৱাই দেখোন বহু বছৰ হ’ল ! মইনো কেলেই এনেকুৱা অদ্ভুত কথা ভাবি আছোঁ ? মোৰ মূৰৰ বিকৃতি ঘটিল নেকি ?এনেকুৱা ভাব মোৰ মনলৈ আহিলেই বা কিয় ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকোতেই মনত পৰিল...মই অলপ আগতে সপোন দেখি আছিলো...হয়, ঠিকেই মই সপোনেই দেখিছিলো । দেউতা কিবা কাৰণত ঘৰৰ পৰা ওলাই গৈছে, ওলাই যোৱাৰ কাৰণ স্পষ্ট নহয়...সপোনতেই আমি দিনৰ পাছত দিন দেউতা আহিব আহিব বুলি ৰৈ আছোঁ...। সপোন দেখি থকা সময়খিনিত এটা আশা আছিল, দেউতা আহিব...যেনেকৈ হ’লেও দেউতাক বিচাৰি আনিবই লাগিব ।এনেকৈ দেউতাক হেৰুৱাই থাকিব নোৱাৰি । পিছে, সাৰ পাই বাস্ত্ৱ জগতলৈ ঘূৰি আহি মনটো এক অদ্ভুত ধৰণে কেৰমেৰাই উঠিল । দেউতা সঁচাকৈয়ে নাই ! বাস্তৱলৈ ঘূৰি নহা হ’লেই ভাল আছিল । অন্তত এটা আশাতো আছিল, দেউতাক যেনেকৈ হ’লেও বিচাৰি আনিম, দেউতা আহিব । মোৰ মৰমৰ দেউতাক আকৌ ঘূৰাই পাম !! দেউতা ঘৰলৈ নহাৰ বেদনাত মনটো ধৰফৰাই থাকিলেও, মনৰ এটা চুকত আশা এটাও তিৰবিৰাই জ্বলি আছিল ...দেউতাক ঘূৰাই পাম । সাৰ পাই প্ৰকৃত সত্য উদ্ঘাটন হোৱাত মনটো আৰু অধিক গধূৰ হৈ পৰিল । গধূৰ মন এটা লৈ বিচনাৰ পৰা নামি আহিলো । ৰাতিপুৱাৰ কামবোৰত ধৰিলোগৈ । ৰুটিন মতে এটাৰ পাছত এটা কাম কৰি গৈছোঁ যদিও, সপোনটোৱে মোক পাছে পাছে খেদি ফুৰিবলৈ এৰা নাই । সপোনটোৱে যেতিয়াই জোকাই, তেতিয়াই মনে হাহাকাৰ কৰি কৈ উঠে – “দেউতাক বিচাৰি পোৱাৰ সপোন এটা মই আকৌ দেখিবলৈ পোৱা হ’লে” !!
বাস্তৱ জগতলৈ ঘূৰি আহি মোৰ কামবনত লাগিলো । সপোনটোৰ কথা বৌক কলো । বৌৱে সপোন বিশেজ্ঞাৰ দৰে উত্তৰ দিলে – “সপোনত মৃত মানুহ ঘৰলৈ ঘূৰি নহা দেখাতো ভাল । ইয়াৰ অৰ্থ হৈছে মৃতকৰ আত্মাই মুক্তি পাইছে” । মোৰ মনে বৌৰ কথা মানি ল’বলৈ টান পালে । তাৰমানে ইমানদিনে মোৰ দেউতাৰ আত্মাই মুক্তি পোৱা নাছিল ? কিয় ?? তেখেতৰ মৃত্যুৰ পিছত ৰীতিমতে সকলো সংস্কাৰেইতো আমি কৰিছিলো !! মোৰ দেউতাই ইমান দিনে মুক্তি নোপোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে । যি কেতিয়াও আনক কোনো কাৰণতেই কষ্ট দি পোৱা নাই সেইজনে কিহৰ অপৰাধত মুক্তি নোপোৱাকৈ থাকিব ? দেউতাক হেৰুৱাৰ দিনাও কিজানি মই আজিৰ দৰে ইমান ব্যথা অনুভব কৰা নাছিলো । সপোনতে দেউতাৰ অনুসন্ধান কৰাটোতো কিজানি অলপ সুখ আছিল ! সপোনটো আকৌ এবাৰ দেখাবলৈ পোৱা হলে !
দিনটো ব্যস্ততাৰ মাজত সপোনৰ কথা সন্ধিয়ালৈ কিছু পাহৰিছিলো । এজন বন্ধুক লগ পালো, সন্ধিয়া । কথা প্ৰসংগত বন্ধুজনে ক’লে – “আজি হূলস্থুল লাগিছে আমাৰ শ্ৰীমতীৰ মোমায়েকৰ ঘৰত । খুলশালীটোৱে মানে শ্ৰীমতীৰ মোমায়েকৰ ল’ৰাই অলপ আগতে ফোন কৰিছিল “দেউতা যোৱা কালিৰে পৰা এতিয়ালৈকে ঘৰত নাই অহা । সকলোতে খৱৰ কৰিও একো খৱৰ পোৱা নাই” । তেওঁ সাধাৰণতে যলৈ যায় সেইসকলো ঠাইতে ফোনেৰে সোধা পোছা হৈ গৈছে । ক’ত বা গৈছে ! আজি এতিয়া কিজানি থানালৈকেহে যাব লাগিব । কথা শুনি মই অবাক হ’লো, দেউতাক হেৰুৱা মোৰ সপোনটোৰ সৈতে এই ঘটনাৰ কিবা সংযোগ আছে নেকি ? মই বাৰু মোৰ দেউতাক হেৰুৱা সপোন দেখিলোৱেই । এতিয়া আন এজন দেউতা হেৰুৱা খৱৰটোনো মই কেলেই পাব লাগে ? বন্ধুক একো নক’লো, যদিও মনে মনে প্ৰাৰ্থনা কৰিলো, খুলশালীজনে যাতে তেওঁৰ জীৱিত দেউতাক একো হানি বিঘিনি নোহোৱাকৈ বিচাৰি পায় । দিন কালো দিনে দিনে ভয়ঙ্কৰ হৈ উঠিছে । আগলৈ আৰু ভাবিবলৈ মন নগ’ল মোৰ ।
বাস্তৱ আৰু সপোন দুয়োটা যেন দুটা মেৰুত থকা বেলেগ দুটা জগত ।বাস্তৱ যেনেকৈ সপোন হ’ব নোৱাৰে তেনেকৈ সপোনো কেতিয়াও বাস্তৱ হ’ব নোৱাৰে । এইটো সঁচা, বাস্তৱৰ আঙুলিত ধৰি সপোনে কেতিয়াবা বাট বুলে । দিঠকতো কেতিয়াবা আমি সপোন ৰচোঁ । সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰোঁ । সেই সপোনবোৰ সাময়িকভাৱে কিছু সাকাৰ হ’লেও আমাৰ জীৱন সাৰ্থক হোৱা বুলি আমি সন্তুষ্টি লাভ কৰোঁ । ভাল সপোনবোৰ সকলোৱে বাস্তৱ হোৱাটো বিচাৰে আৰু ময়ো ।
ණসাৰদা শ্ৰেষ্ঠ

বেবেৰিবাং (২)

বেবেৰিবাং (২)

বিহুৰ উৰুকা । চুবুৰীৰ কেইগৰাকীমানে লগে ভাগে পিঠাগুৰি খুন্দা, লাৰু-পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত । ব্যস্ততাৰ মাজতে নিজৰ ঘৰুৱা কথা-বতৰা, নিজৰ সাজ-পোছাক, চুবুৰীৰ নানা কাহিনী তথা হাঁহি স্ফুৰ্তিৰে বেছ জমি উঠিছে তেওঁলোকৰ আড্ডা । হঠাতে এজনীয়ে কথা প্ৰসংগত কলে, অহা সপ্তাহত তেওঁলোকৰ আত্মীয় এঘৰত সকাম পাতিছে তালৈ যাব । সেইঘৰ আত্মীয়ৰ ছোৱালীজনী দুবাৰকৈ কোনোমতে বাচিলে । তাই একাদশ শ্ৰেণীত পঢ়ে । বৰ সাহসী ছোৱালী । এবাৰ টিউচনৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে আন্ধাৰ হৈছিল । সেই আন্ধাৰৰ সুযোগ লৈ কেইটামান বদমাচে মুখত গামোচাৰে সোপা দি ধৰি নিবলৈ যত্ন কৰিছিল, তাই সেইবাৰ সেইকেইটাৰ সৈতে যুঁজি গামোচাৰ সোপা আঁতৰাই পলাই আহিল সেইকেইটা বদমাচৰ হাতৰ পৰা । তাই অৱশ্যে সিহঁতক ধৰিব পাৰিছিল । সিহঁতৰ ওচৰ পাজৰৰে ল’ৰা আছিল সেইকেইটা । ঘটনাটোৰ কেইদিনামান পাছত মাক-দেউতাকৰ সৈতে বজাৰলৈ আহোঁতে দুটাক চিনিব পাৰি মানুহবোৰৰ মাজতে দেউতাকক কৈ দিলে, এই দুটাও আছিল সিদিনাৰ ঘটনাটোত । তাই চিনাক্ত কৰাৰ লগে লগে দেউতাকে মানুহবোৰৰ সহযোগত দুটাকে কৰায়ক্ত কৰিলে । ৰাইেজে দুয়োটাকে উত্তম মাধ্যম সোধাই ভৱিষ্যতে তেনে জঘন্য কাম নকৰিবলৈ সকীয়াই এৰি দিলে । আকৌ এবাৰ স্কুলত হোৱা ফাংচনৰ পৰা ঘৰলৈ অহাৰ বাটত কেইটামানে তাইক আগভেটি ধৰিবলৈ যত্ন কৰিছিল । সেইবাৰো তাই সিহঁতৰ হাতৰ পৰা কোনোমতে পলাই আহিল । আটাইকেইজনীয়ে মালতীৰ কথা শুনি আচৰিত হ’ল । ইচ ইচচ...তাইৰ কপাল ভাল, তাই সাহস আছে বাবেই এনেকৈ বাচি আহিল…কি যে দিন কাল আহিল’…প্ৰত্যুত্তৰত কেইটামান বাক্য আড্ডাৰ মাজৰ পৰা এনেকৈয়ে উফৰি আহিল । জোনাকীয়ে ক’লে, “তাকেই…সিদিনা মোৰ সৰুভনীজনীয়ে ফোন কৰি জনালে যে তাই আমাৰ ঘৰলৈ আহিব দুপৰীয়া ভাত খোৱাকৈ । দুপৰীয়া আহিম বোলা ছোৱালীজনী সন্ধিয়ালৈকে নাহিল, মোৰ যে ইমান চিন্তা । উচপিচাই থাকিলো তাই নহালৈকে । মোৰ উচপিচনি দেখি এওঁ আকৌ মোকেই জোকাই…কেলেই ইমান চিন্তা কৰাহে, তাই আজিৰ ছোৱালী । একো নহয়..আহিব দিয়া । ইফালে তাই আৰামত বান্ধৱী এজনীৰ ঘৰত সোমাই তাইৰ তাতেই বহু সময় থাকি সন্ধিয়াৰ পাছতহে আহিল । আহি পোৱাৰ লগে লগে ধমক লগালো, অন্তত ফোন এটাটো কৰিব পাৰ” । তাইৰ সেইবোৰ একো চিন্তা ভাবনাই নাই, কয় – “ইমান চিন্তানো কেলেই কৰিব লাগে । মই কিবা সৰু ছোৱালী নেকি ? মোৰ নোটচ এটা প্ৰিয়াৰ ওচৰত আছিল বাবেই তাইৰ ঘৰত সোমালো, গ’লো যেতিয়া অলপ সময় থাকিব লগা হ’ল । তোক ফোন কৰিছিলো, নেটৱৰ্ক নাছিল কিজানি তোৰ ফোনৰ …ফোন নালাগিল” । আকৌ গীতিকাই ক’লে, “হয় দেই…ছোৱালীবোৰ সময়ত ঘৰ আহি নাপালে চিন্তা লাগেই….দিনবোৰেই এনেকুৱা হ’ল । সিদিনা আমাৰ বাইদেউৰ ঘৰৰ কাষৰে এজনী ১১ বছৰীয়া ছোৱালী এজনীক এঘৰত ফুৰিবলৈ গৈছিল । তাই ফুৰিবলৈ যোৱা ঘৰখনৰ ওচৰতে এটা কাৰখানা । কাৰখানাত কাম কৰা কেইটামান পাষণ্ডই তাইক ধৰি লৈ গৈ মুৰ্মুষ অৱস্থাত পেলাই থৈ গৈছিল । তাইক ততাতৈয়া কৈ হস্পিতালত ভৰ্তি কৰাই নিদিয়া হ’লে তাই বাচি নাথাকিলহেঁতেন” । তাকে শুনি এজনীয়ে ক’লে, “আজিকালি যিহে দিনকাল হ’ল...ছোৱালীবোৰক কাৰাটে, কংফু নাইবা বক্সিংৰ প্ৰশিক্ষণ দিব লাগে । অন্তত নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজে কৰিব পাৰে” । সুমিত্ৰাই তাইৰ দুবছৰীয়া একমাত্ৰ ছোৱালীজনীক কোলাত লৈ কথাৰ মহলা মৰাৰ লগতে তাইক নিচুকাই আছিল । কথাবোৰ শুনি তাই তাইৰ ছোৱালীজনীক তপক তপককৈ দুটামান চুমা খাই ক’বলৈ ধৰিলে – “মোৰ যে এইজনীক লৈ এতিয়াৰ পৰাই চিন্তা । আমাৰ দিনতেই এনেকুৱা নাৰকীয় ঘটনাবোৰ ঘটে । ইহঁতৰ দিনবোৰ বা আৰু কেনেকুৱা হয়গৈ !
ණসাৰদা শ্ৰেষ্ঠ
১৬.০১.১৫

Monday, 16 February 2015

বেবৰিবাং (১)


বেবৰিবাং
(১)

তিনিচকীয়া এখনত বহি যাত্ৰা কৰিছোঁ । লক্ষ্যস্থান কি...ভবা নাই । মোৰ সৈতে মোৰ সহযাত্ৰী দুজনো আছে লগত । গৈ থাকোতে হঠাতে মন কৰিলো, চালকৰ আসনখন শূন্য ! অথচ গাড়ী নিজৰ গতিত ঠিকেই গৈ আছে ! আচৰিত হ'লো ঠিকেই, ভয় কিন্তু নাখালো । মনত এবাৰো নেখেলালে, চালক নোহাৱাকৈ কেনেকৈ গাড়ীখন চলি থাকিব পাৰে ! গাড়ীখন কোনো ভূতে চলোৱা নাইতো ! নাই, তেনে কোনো ভাব মোৰ মনলৈ অহাই নাই ! মই হয়তো ভূতৰ অস্তিত্বক স্বীকাৰ নকৰোঁ, সেইবাবেই মোৰ তেনে ভাব মনলৈ নাহিব পাৰে । মাজতে মই ভাবিলো, গাড়ীখন সঠিক বাটেৰে চলিব পৰাকৈ মই গাড়ীৰ ষ্টিয়াৰিংটো ধৰি লওঁ । কেৱল ভাবিয়েই নাথাকিলো, হাত দুখন মোৰ আসনৰ পৰা উঠি ষ্টিয়াৰিং ধৰিবলৈ আগুৱাই দিলো । মই যে গাড়ী চলাব নাজানো ! মোৰ কাষত বহি থকা মোৰ অচিনাকী সহযাত্ৰী দুজনে কেনেকৈ জানিলে মই যে গাড়ী চলাব নাজানো ! মোৰ হাতদুখন ষ্টিয়াৰিংৰ পিনে আগবঢ়া দেখি কৈ উঠিল - "নালাগে, থাকক । গাড়ীখন চলিতো আছে....চলি থাকিব । আপুনি হাত দিব নালাগে !"  :P  ওখোৰা মোখোৰা ৰাস্তাৰে গাড়ীখন ঠিকেই ঢলং পলং কৈ আগবাঢ়ি গৈ আছে । এনেতে টাৰ্নিং পইন্ট এটা আহিল, মই ভাবিলো, গাড়ীখন ঠিকেই ঘূৰিবনে লুটি খাই পৰিব ? চাওঁতে চাওঁতে গাড়ীখনে ঠিকেই বাগৰি নপৰাকৈয়ে টাৰ্নিং সলালে । টাৰ্নিংটো কেনেবাকৈ সহজে পাৰ হৈ উশাহ সলালো ! উহ...ৰক্ষা, গাড়ীখন এতিয়ালৈকে ঠিকেই চলি আছে । গাড়ীখনৰ পৰা নামিব লগা নহ'ল :) সাৰ পালো :P ।

(কি যে বেবেৰিবাং সপোনবোৰ দেখি থাকো :) :) সঁচাই জীৱনটো চাগৈ এনেকুৱাই...এবচাৰ্ড ! )

(কবিতা) পাহাৰৰ সপোন

পাহাৰৰ সপোন

নিতৌ পাহাৰখনে প্ৰসৱ কৰে
এটি নতুন সূৰুজ
চিকুন পুৱা পাহাৰখনৰ বুকুত
লৰি ঢাপৰি ফুৰে
কেঁচুৱা সুৰুজটো ।
সূৰুজৰ শৈশৱৰ ধেমালিত
ৰঙীন হোৱা পাহাৰখন
সূৰুজৰ মমতাত মোহময় হৈ পৰে ।
সূৰুজৰ মিঠা কাকলিত
মুখৰ হৈ উঠে পাহাৰখনৰ প্ৰতিটো চুক ।

এসময়ত সূৰুজটো শিশুৰ পৰা কৈশোৰ হয়
ক্ৰমে সূৰুজটো ওখ হয়
সদ্য যৌৱন প্ৰাপ্ত সূৰুজটোৱে
পাহাৰখনৰ বোকোচা এৰি
ঢাপলি মেলে
এক কৰ্মময় জীৱনলৈ ।
পাহাৰখন কৰ্মব্যস্ত সূৰুজলৈ চাই
গৌৰৱত জিলিকি থাকে ।
যিমানে সূৰুজটো ওখ হয়
পাহাৰখন সিমানে জীপাল হয়
অমিয়া সুখ এটা
পাহাৰৰ বুকুত জুৰি হৈ বয় ।

টগবগাই টগবগাই পোহৰ বিলাই
এসময়ত আলৰ হোৱা সূৰুজটো
আকৌ ন সূৰুজ হোৱাৰ বাসনাৰে
সিটো মূৰৰ পাহাৰৰ শীতল বুকুত ঢলি পৰে ।
সূৰুজৰ মৃত্যুত
আকাশখনে শোকসভা পাতে ।
পাহাৰখনে ক’লা চাদৰ মেৰিয়াই নীৰৱে উচুপে,
মাজনিশা এটা সপোন দেখে
সোণালী পোহৰ এবুকু লৈ
পুঁৱতি নিশা ভুমিষ্ঠ হ’ব
আকৌ এটা নতুন সূৰুজ ।
ණসাৰদা শ্ৰেষ্ঠ ।

Sunday, 15 February 2015

(গল্প) বাৰ্তা বিভ্ৰাট

(গল্প)
বাৰ্তা বিভ্ৰাট
চন্দনা মোৰ ভনী । ভনী মানে তাই মোৰ তেজ সম্পৰ্কৰ ভনী নহয় । তাই মোৰ কনিষ্ঠ সহকৰ্মী, আমি দুয়ো একেটা ব্যক্তিগত খণ্ডত চাকৰি কৰিছিলো । সেই সূত্ৰেই তাইৰ সৈতে মোৰ চিনাকি । তেজৰ সম্পৰ্ক থাকিলেহে যে সম্পৰ্কবোৰ নিকপকপীয়া হয়, সেই কথা মই কাহানিও স্বীকাৰ নকৰোঁ । বৰং বহু সময়ত তেজৰ সম্পৰ্কই আহুকালৰহে সৃষ্টি কৰে । বঙহেই মঙহ খোৱাৰ উদাহৰণ আমাৰ সমাজত ঢেৰ । সাধাৰণ কথাতেই পুতেকে বাপেক মাকক, বাপেকে পুতেকক, ভায়ে ভাইক হত্যা কৰে । সমাজত নিজৰ কলংক ঢাকিবলৈ নিজৰ সদ্যজাত সন্তানক মৃত্যুৰ গহ্বৰলৈ নিক্ষেপ কৰিবলৈকো মাতৃ কুণ্ঠিত নহয় । এয়াতো বাৰু আজিৰ কথা, পুৰণি সমাজতো তেজৰ সম্পৰ্কত ঘূণে ধৰাৰ অলেখ কাহিনী আমাৰ পুৰাণ-উপপুৰাণ আদিবোৰেই দিয়ে । নিজৰ আত্মীয়ৰ তেজেৰে ৰঞ্জিত হৈছিল কুৰুক্ষেত্ৰৰ ৰণাংগণ । তেনেদৰে যদুবংশও ধ্বংস হৈছিল আত্মীয়ৰ তেজেৰেই । তেনেক্ষেত্ৰত তেজৰ সম্পৰ্কই সকলো বুলি ক’মনো কেনেকৈ ? কেতিয়াবা তেজৰ সম্পৰ্ক নথকা মানুহৰ মাজৰ সম্পৰ্ক তেজৰ সম্পৰ্কতকৈয়ো দৃঢ় হোৱা দেখিবলৈ পাওঁ । আচলতে মনৰ মিলেহে সম্পৰ্ক এটাৰ স্থায়ীত্ব নিৰ্ভৰ কৰে । চন্দনা, মোৰ তেজৰ সম্পৰ্ক থকা ভনী নহ’লেও মোৰ আত্মজ ভনীৰ দৰেই আদৰৰ । তায়ো মোক তাইৰ বায়েকৰ দৰেই আদৰ-সন্মান কৰে । তাইৰ মৰমৰ আব্দাৰেৰে মোক ডুবাই ৰাখে । তাইৰ ব্যক্তিগত সকলো ভাল বেয়া, ক’ব লগা নলগা সকলো কথাই মোৰ আগত অকপটে কৈ গৈছিল । তাই মোতকৈ কেইবাবছৰে সৰু হ’লেও বয়সৰ ব্যৱধানে আমাৰ মাজত কেতিয়াও কোনো ধৰণৰ আহুকালৰ সৃষ্টি কৰা নাছিল । বৰং মই তাইৰ সান্নিধ্যত নতুনত্ব বিচাৰি পাই আনন্দিত হৈছিলো । তেনেকৈ তায়ো মোৰ মাজত তাইৰ জ্যোষ্ঠ ভগ্নীৰ লগতে বান্ধৱী এগৰাকীক হয়তো বিচাৰি পাইছিল । কিবা কামত অ’লৈ ত’লৈ যাব লগা হ’লেও তাই মোৰ সহচৰী হৈছিল । এনেকৈ অ’লৈ ত’লৈ যাওঁতে প্ৰায়ে বাটে ঘাটে অ’ত ত’ত সোমাই যেতিয়াই যি মন যায় তাকে দুয়োজনীয়ে গোগ্ৰাসে গিলো । সঁচা অৰ্থত ক’বলৈ গ’লে ক্ৰমে নিৰস হ’বলৈ ধৰা মোৰ জীৱন তাইৰ চঞ্চল মুখৰ সান্নিধ্যই জীপাল কৰি তুলিছিল । জীৱনৰ বহু মিঠা স্মৃতি তাইৰ সৈতে পাৰ হৈছে মোৰ । তাই মোৰ চুবুৰীয়া নহ’লেও আমাৰ ঘৰো একেটা ঠাইতে হোৱা বাবে কাম সামৰি দুয়ো একেলগেই ঘৰলৈ বুলি বাট বুলিছিলো । মোৰ কাম শেষ হ’লেও মই তাইলৈ ৰখো আৰু তাইৰ শেষ হলেও তাই মোৰ কাম শেষ হোৱালৈকে ৰৈ দিয়ে । কেতিয়াবা দুয়ো বৰষুণত তিতি বুৰি ঘৰ গৈ পাওঁ । কেতিয়াবা বাট জাম হোৱা বাবে গাড়ীত ৰৈ ৰৈ আমনি লাগিলে দুয়ো খোজ কাঢ়ি কাঢ়িয়ে ঘৰলৈ বাট পোনাও, আমনি নালাগে বৰং কথাত মছগুল হৈ আমিনো কিমান দূৰ বাট আহোঁ খৱৰেই নাথাকে ।
এইটো ঠিক যে মই তাইক কেতিয়াও মোৰ কনিষ্ঠ সহকৰ্মী হিচাপে ব্যৱধান নাৰাখিছিলো, কামৰ সময়ত যেতিয়াই তাইৰ প্ৰয়োজন হয়, মই তাইৰ ওচৰত থিয় হ’বলৈ অকণো দ্বিধা বোধ কৰা নাছিলো । তাৰ ফলত কেৱল তাইয়েই যে মোৰ পৰা লাভাম্বিত হৈছিল এনে নহয়, তাইৰ পৰা ময়ো সমানে লাভাম্বিত হৈছিলো । তাই যেনেকৈ মোৰ পৰা তাই নজনা বহু কথাই আহৰণ কৰিবলৈ সক্ষম হৈছিল, তেনেকৈ মই কাহানিও নজনা কথা কিছুমান তাইৰ সহযোগত জানিবলৈ সক্ষম হৈছিলো । এনে নহয় যে আমাৰ মাজত কেতিয়াও কোনো মান অভিমান নহৈছিল । কেতিয়াবা তাইৰ কিছুমান কামে মোক ক্ষুণ্ণ নকৰাকৈয়ো থকা নাছিল । তাইৰ প্ৰতি খং উঠিলেও মই কঠোৰ হ’ব নোৱাৰি নিজে তাইৰ পৰা আঁতৰি ফুৰিছিলো । তাইৰ অনুভবী মনে সহজেই বুজিছিল, তাইৰ ভুল ক’ত হৈছে আৰু কেনেকৈ হৈছে । সেয়ে কোনো সংকোচ নকৰাকৈ তাই মোক তাইৰ ভুলৰ বাবে ক্ষমা খুজিছিল । তাইৰ তেনে ব্যৱহাৰে মোক তাইৰ প্ৰতি কোমল হ’বলৈ বাধ্য কৰিছিল । তাইৰ তেনে ব্যৱহাৰত মই আকৌ আগৰ দৰেই সহজ হৈ পৰিছিলো । আমাৰ সময়বোৰ এনেকৈয়ে ক’ব নোৱাৰাকৈয়ে বাগৰিছিল সুখ-দুখ বুকুত সাৱটি । সময় সদায় নিজৰ মতেই নিজৰ গতিতেই চলে, ই কাৰো সুবিধা-অসুবিধা, ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি নচলে ।
এদিন চিৰাচৰিত সামাজিক নিয়মমতে তাই জীয়ৰী জীৱনৰ অৱসান ঘটাই এঘৰৰ বোৱাৰী হ’ল । মাক দেউতাকে ঠিক কৰি দিয়া সম্ভ্ৰান্ত ঘৰৰ ল’ৰা এজনৰ সৈতে সামাজিক ৰীতিমতেই বিয়া হ’ল তাইৰ । আপত্তি কৰিব লগীয়া তাইৰ একো নাছিল । যিজনক হিয়া দিছিল, সেইজনৰ সৈতে এসময়ত মতৰ অমিল হোৱাত সেই সম্পৰ্কই কেতিয়াবাই ফাঁট মেলিছিল । বিয়া হৈ যোৱাৰ পাছত ঘৰৰ মানুহে তাইক চাকৰি কৰিবলৈ অনুমতি নিদিলে । শহুৰ-শাহু, দেওৰেক, ননদেৰে গিজগিজাই থকা এটা যৌথ সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী তাই । বিয়াৰ আগতে মনৰ দাপোনত যি কাৰেং সাজিছিল, সেই কাৰেংঘৰটো বিয়াৰ পিছতেই চপৰা চপৰে ক্ৰমে সহিবলৈ লৈছিল । মোক প্ৰায়ে ফোন কৰে, তাইৰ সমস্যাৰ বিষয়ে কৈ খেদ প্ৰকাশ কৰে । মই তাইক প্ৰবোধ দিওঁ, আৰম্ভণীতে সংসাৰিক জীৱনত আউল লাগেই । সৰুৰে পৰা এটা পৰিবেশত ডাঙৰ হৈ আন এঘৰত আন এক পৰিবেশত নিজকে খাপ খোৱাই ল’বলৈ যাওঁতে নানান সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় । তাই সকলো বুজি পায়, কিন্তু নকৈ অহা সমস্যাসমূহে তাইক জৰ্জৰিত কৰি তোলে, পাহৰি যায় তাইৰ শুভাকাংখীসকলে তাইক দিয়া ধৈৰ্যৰ সকলো পাঠ ।
তেনেকৈয়ে চলিছিল তাইৰ সংসাৰ । প্ৰায়েই হতাশা ভৰা কথাৰে মোৰ চৌপাশ গধুৰ কৰি তুলিছিল তাই । ময়ো কোনো ক্ৰুটি নৰখাকৈ তাইক বুজনি দিওঁ । বহুদিন তাইৰ পৰা কোনো ফোন পোৱা নাই । কৰ্মব্যস্তাতেই হওঁক বা মোৰ অমনোযোগীতাতেই হওঁক ময়ো তাইলৈ ফোন কৰা নাছিলো । কিমাননো আৰু তাইৰ পেনপেননি শুনি থাকিম ! মোৰ নিজৰো সমস্যা আছে ! নিজৰ সমস্যাবোৰৰ সৈতে যুঁজ দিমনে তাইৰ সমস্যাক লৈ মূৰটো ঘোলা কৰিম ! গতিকে তাইৰ চিন্তা লাহে লাহে মনলৈ আনিবলৈ বাদ দিছিলো । এদিন দুপৰীয়া মোৰ মোবাইলত মেচেজ টিউন এটা বাজিল, মোবাইলটো হাতত লৈ মেচেজটো খুলি চালো – চন্দনায়েই মোলৈ মেচেজ দিছে । মেচেজটো খুলি চালো – “ৰেল আহিছে…” মাত্ৰ দুটা শব্দৰ এই বাৰ্তাই মোৰ গোটেই মানুহজনীক মূৰৰ পৰা ভৰিলৈকে কঁপাই তুলিলে । এই পাগলীজনীয়ে এয়া কি লিখিছে ! কি হ’ল এইজনীৰ ? ৰেল আহিছে মানে ? একো অঘটন কৰিবলৈ লোৱা নাইতো ! মনত নানান দুচিন্তাই খলকনি তুলিলে । নাই, তাইক এটা ফোন কৰোঁ বুলি তাইলৈ ফোন লগালো । নেটবৰ্ক বিজি । সিটো মূৰৰ পৰা ধাতৱ উত্তৰ ভাঁহি আহে –“subscribe is busy, please deal sometime, আপনে জীচ নম্বৰ পে ডাইল কিয়া ৱহ ইচ সময় উপলব্ধ নহী হ্যায়” । যিমানবাৰেই লগাওঁ সিমানবাৰেই মোবাইলটোৱে সহযোগ নকৰিলে । এচিৰ বতাহজাকেও তেতিয়া মোৰ শৰীৰলৈ শীতলতা আনিবলৈ অসমৰ্থ হ’ল । অনামী অঘটনৰ কথা ভাবি ঘামিবলৈ ধৰিলো মই । বহু সময় চেষ্টা কৰাৰ মূৰত এবাৰ কেনেবাকৈ লাগিল । ফোন ৰিচিভ কৰাত স্বস্তিৰ নিস্বাশ এৰিলো । মেচেজৰ কথা সুধিলত সহজভাবেই উত্তৰ দিলে – এহ নক’ব বুজিছে বা, মাৰ্কেটলৈ আহিছিলো । ৰেলৱে ক্ৰচিঙত বহু দেৰি গাড়ীত বহি বহি আমনি লাগিল । সেয়ে মেচেজকে কৰিলো আপোনালৈ । মৃদু ধমকেৰে ক’লো – “সেইবাবেই এনেকৈ মেচেজ দিয়েনে ? হুমম…মেচেজ পেক ভৰাই লৈছাতো ! মেচেজ পেক যদি আছিলেই দুটা শব্দ আৰু বেচিকৈয়ো লিখিব পাৰিলাহেঁতেন…ৰেলৱে ক্ৰ্চিংত ৰৈ আছোঁ বুলি । এনেকৈ মানুহক ভয় খুৱাই দিয়েনে ?” তাইৰ মেচেজটোৱে মোৰ হৃদয়ত কেনে দুচিন্তাৰ সৃষ্টি কৰিছিল তাক তাইক বুজাই ক’লো । তাই মোৰ দুচিন্তাৰ কথা অমূলক বুলি কৈ সশব্দে হাঁহি উঠিল ।
তাৰ পাছতো তাইৰ পৰা প্ৰায়েই ফোন পাওঁ, মেচেজ পাওঁ । প্ৰায় প্ৰতিবাৰেই তাইৰ হতাশা আৰু দুচিন্তাৰ মুখামুখি হওঁ । প্ৰতিবাৰৰ দৰে সান্তনা দিওঁ সময়ত সকলো ঠিক হ’ব । দুখ যাতনাৰ হাত ধৰিয়েই সুখবোৰে বাট বুলে । মোৰ কথাত আস্বস্ত হয় তাই । বৰদিনৰ আগদিনাখন মোৰ মোবাইলত আকৌ তাইৰ মেচেজ এটা আহিল মোলৈ । “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” – বাৰ্তাটোত সিমান গুৰুত্ব দিব লগীয়া বুলি ভবা নাছিলো । মই মেচেজ পেক কেতিয়াও নভৰাওঁ । মেচেজ দিয়াতকৈ চিধাই কথা পাতি লোৱাই উচিত বুলিয়েই ভাবোঁ । নিতান্তই দৰকাৰ নহ’লে সেয়ে পৰাপক্ষত কথাই মই কথাই পাতোঁ । সিদিনাখনো তাইৰ শুভেচ্ছাৰ প্ৰত্যুত্তত ফোন কৰি কথাই পাতো বুলি ফোন লগালো । ফোন ৰিং হৈ হৈ বন্ধ হৈ গ’ল । আকৌ ফোন লগালো, এইবাৰ this scriber is currently switch off please try after sometime…ইচ সময় উপভোক্তা কি মোবাইল switch off হ্যেই অনুগ্ৰহ কৰকে থোড়ী দেৰ বাদ ফোন কৰে… ।
কেইবাবাৰো ফোন কৰিও সংযোগ নাপাই মোৰ চিন্তা লাগিল । মেচেজটো আকৌ এবাৰ খুলি লৈ পঢ়িলো - “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” । এইবাৰ মেচেজৰ অৰ্থৰ গভীৰতাৰ কথা ভাবি মনটো ধৰফৰাই উঠিল …হে হৰি ! এইজনীয়ে আকৌ একো এয়া কি বুজাব খুজিছে ! বাৰে বাৰে ফোন লগাও, সেই একেই মোবাইল চুইচ অফ । মোৰ দৈনিক ঘৰুৱা তথা অফিচৰ কামবোৰ যন্ত্ৰ্ৱৎ কৰি গৈছো…একোতে ভালকৈ মন বহাব পৰা নাই । তাইৰ বা কি হ’ল…তাইৰ অঘটনৰ চিন্তাই মনটোক ব্যাকুল কৰি তোলে, বাৰে বাৰে । তাইক যোগাযোগ কৰাৰ আন কোনো উপায়েই মোৰ হাতত নাছিল । সেয়ে কেৱল দুচিন্তাত মনটোক ভাৰাক্ৰান্ত কৰাৰ বাহিৰে আন একো গত্যান্তৰ নাছিল । তাইৰ মাকৰ ঘৰ এখন ভিতৰুৱা গাঁৱত । নতুন ঘৰখনো আমাৰ বাবে অচিনাকি । অফিচলৈ আহি সহকৰ্মী সকলক তাইৰ মেচেজৰ কথা ক’লো । মোৰ কথা শুনি সিহঁতেও ভয় খালে । সিহঁতেও পাৰে মানে ফোন লগালে নাই সেই একেই অৱস্থা – “আপুনি ডায়েল কৰা নম্বৰটো এতিয়া উপলব্ধ নহ’ব, কিছুসময়ৰ পাছত ফোন কৰক” । আমি উপাইহীন হৈ তাইৰ ভাগ্যৰ হাততে সকলো এৰি দুসহ বেদনা বুকুত সামৰি থলো । সকলো কথাৰে সীমা থাকে …আজিৰ কথাবোৰ কাইলৈ পুৰণি হয়, তেনেকৈ সতেজ ঘাঁবোৰো এদিন শুকায় । ব্যস্ততাময় জীৱনে যাতনাবোৰ কিছুপৰিমাণে শিথিল কৰি দিয়ে । নিতৌ নতুন নতুন যাতনাবোৰে পুৰণি যাতনাবোৰৰ ঠাই আহি পূৰণ কৰি দিয়েহি । ভোগালী বিহুৰ দুদিনমান আগৰ কথা, মোবাইল ফোনটোৱে তাৰ নিজস্ব ষ্টাইলত সুহুৰিয়াবলৈ ধৰিলে । মোবাইলটো হাতত লৈ স্কীনটোত জিলিকি থকা নামটো দেখি আচৰিত নহৈ নোৱাৰিলো । স্কীনটোত জিলিকি থকা নামটো আছিল চন্দনাৰ । বিস্ময়েৰেই মাত দিলো – “হেল্লো…” । “বা, ভালে আছেনে ? কি খৱৰ আপোনাৰ ? বিহুৰ শুভেচ্ছা থাকিল….” তাইৰ স্বাভাবিক মাত । তাইৰ মাত শুনি মোৰ যিমান ভাল লাগিল সিমান খং আৰু অভিমানো যাগিল । সাধাৰণ বাৰ্তা বিনিময়ৰ পাছত তাইক ক’লো – কোনোবা দিনা হাৰ্ট ফেইল কৰাই মাৰিবা মোক । “কি হ’লনো ? কিয় তেনেকৈ কয় ? কিনো কৰিলো মই ?” তাইৰ প্ৰ্শ্নৰ উত্তৰ দি মই তাইক তাইৰ নৱবৰ্ষৰ বাৰ্তা আৰু তাইক ভালেকেইদিন ফোন কৰিও তাইৰ ফোনৰ সংযোগ নাপাই মোৰ মনলৈ অহা দুচিন্তাৰ কথা তাইক বিবৰি ক’লো । মোৰ পৰা গোটেইখিনি শুনি তাই তাইৰ স্বাভাবসুলভেৰে আগৰ দৰেই হা হাকৈ হাঁহি উঠিল – “আপুনিও যে ! সৰু সৰু কথাতেই ইমান চিৰিয়াচ কেলেই হৈ যায়নো ? মই দেখোন আপোনাক কৈছিলোৱেই আগতে… মই আপোনাৰ ভনী, জীৱনত সহজে হাৰ মানি পলাই যোৱাৰ কথা নাভাবোঁ । আপুনিয়েই জানো মোক শিকোৱা নাই জীৱনত যুঁজিবলৈ ? মই মোৰ মানুহজনৰ সৈতে বৰদিনৰ আগদিনা দিল্লীলৈ গলো, যোৱাৰ আগে আগে আপোনাক মেচেজটো দিলো । হাতত সময় নাছিল, কথা পাতিবলৈ । মেচেজ দি উঠিয়েই মই যাবলৈ লৰালৰিকৈ ওলালো । এবাৰ ফোনটো চাওঁতে আপোনাৰ মিচ কল দেখিছিলো যদিও ফোন কৰা নহ’লগৈ, সেইখিনি সময়ত ফ্লাইট ধৰিবলৈ খৰখেদা লাগিছিল । আপুনি মোৰ মেচেজটো ইমান চিৰিয়াছলি ল’ব বুলি মই ভবাও নাছিলো । আনৰ কথাবোৰ ইমানকৈ চিন্তা নকৰিব বুজিছে ।” তাইৰ কথাখিনি শুনি নিজকে জগতৰ আটাইতকৈ মূৰ্খ যেন লাগিল । তাই পঠিওৱা সেই সামান্য বাৰ্তাকে লৈ অযথা মই ভালেমান দিন বুকুত কঢ়িয়াই ফুৰিলো এক বুজাব নোৱাৰা ব্যথা । সেইবোৰ যে তেনেই অৰ্থহীন আছিল ! ব্যথা কিছুমানে যিমানে পুৰণি হয় সিমানে এক সুখো দিয়ে ….এই অৰ্থহীন ব্যথায়ো আজি মোক সুখ দিয়ে….মহানগৰীৰ যান্ত্ৰিকতা আৰু কোলাহলত হেৰাই নোযোৱা হৃদয় এখনতো আছে মোৰ !
ණসাৰদা শ্ৰেষ্ঠ