Monday, 16 February 2015

(কবিতা) পাহাৰৰ সপোন

পাহাৰৰ সপোন

নিতৌ পাহাৰখনে প্ৰসৱ কৰে
এটি নতুন সূৰুজ
চিকুন পুৱা পাহাৰখনৰ বুকুত
লৰি ঢাপৰি ফুৰে
কেঁচুৱা সুৰুজটো ।
সূৰুজৰ শৈশৱৰ ধেমালিত
ৰঙীন হোৱা পাহাৰখন
সূৰুজৰ মমতাত মোহময় হৈ পৰে ।
সূৰুজৰ মিঠা কাকলিত
মুখৰ হৈ উঠে পাহাৰখনৰ প্ৰতিটো চুক ।

এসময়ত সূৰুজটো শিশুৰ পৰা কৈশোৰ হয়
ক্ৰমে সূৰুজটো ওখ হয়
সদ্য যৌৱন প্ৰাপ্ত সূৰুজটোৱে
পাহাৰখনৰ বোকোচা এৰি
ঢাপলি মেলে
এক কৰ্মময় জীৱনলৈ ।
পাহাৰখন কৰ্মব্যস্ত সূৰুজলৈ চাই
গৌৰৱত জিলিকি থাকে ।
যিমানে সূৰুজটো ওখ হয়
পাহাৰখন সিমানে জীপাল হয়
অমিয়া সুখ এটা
পাহাৰৰ বুকুত জুৰি হৈ বয় ।

টগবগাই টগবগাই পোহৰ বিলাই
এসময়ত আলৰ হোৱা সূৰুজটো
আকৌ ন সূৰুজ হোৱাৰ বাসনাৰে
সিটো মূৰৰ পাহাৰৰ শীতল বুকুত ঢলি পৰে ।
সূৰুজৰ মৃত্যুত
আকাশখনে শোকসভা পাতে ।
পাহাৰখনে ক’লা চাদৰ মেৰিয়াই নীৰৱে উচুপে,
মাজনিশা এটা সপোন দেখে
সোণালী পোহৰ এবুকু লৈ
পুঁৱতি নিশা ভুমিষ্ঠ হ’ব
আকৌ এটা নতুন সূৰুজ ।
ණসাৰদা শ্ৰেষ্ঠ ।

Sunday, 15 February 2015

(গল্প) বাৰ্তা বিভ্ৰাট

(গল্প)
বাৰ্তা বিভ্ৰাট
চন্দনা মোৰ ভনী । ভনী মানে তাই মোৰ তেজ সম্পৰ্কৰ ভনী নহয় । তাই মোৰ কনিষ্ঠ সহকৰ্মী, আমি দুয়ো একেটা ব্যক্তিগত খণ্ডত চাকৰি কৰিছিলো । সেই সূত্ৰেই তাইৰ সৈতে মোৰ চিনাকি । তেজৰ সম্পৰ্ক থাকিলেহে যে সম্পৰ্কবোৰ নিকপকপীয়া হয়, সেই কথা মই কাহানিও স্বীকাৰ নকৰোঁ । বৰং বহু সময়ত তেজৰ সম্পৰ্কই আহুকালৰহে সৃষ্টি কৰে । বঙহেই মঙহ খোৱাৰ উদাহৰণ আমাৰ সমাজত ঢেৰ । সাধাৰণ কথাতেই পুতেকে বাপেক মাকক, বাপেকে পুতেকক, ভায়ে ভাইক হত্যা কৰে । সমাজত নিজৰ কলংক ঢাকিবলৈ নিজৰ সদ্যজাত সন্তানক মৃত্যুৰ গহ্বৰলৈ নিক্ষেপ কৰিবলৈকো মাতৃ কুণ্ঠিত নহয় । এয়াতো বাৰু আজিৰ কথা, পুৰণি সমাজতো তেজৰ সম্পৰ্কত ঘূণে ধৰাৰ অলেখ কাহিনী আমাৰ পুৰাণ-উপপুৰাণ আদিবোৰেই দিয়ে । নিজৰ আত্মীয়ৰ তেজেৰে ৰঞ্জিত হৈছিল কুৰুক্ষেত্ৰৰ ৰণাংগণ । তেনেদৰে যদুবংশও ধ্বংস হৈছিল আত্মীয়ৰ তেজেৰেই । তেনেক্ষেত্ৰত তেজৰ সম্পৰ্কই সকলো বুলি ক’মনো কেনেকৈ ? কেতিয়াবা তেজৰ সম্পৰ্ক নথকা মানুহৰ মাজৰ সম্পৰ্ক তেজৰ সম্পৰ্কতকৈয়ো দৃঢ় হোৱা দেখিবলৈ পাওঁ । আচলতে মনৰ মিলেহে সম্পৰ্ক এটাৰ স্থায়ীত্ব নিৰ্ভৰ কৰে । চন্দনা, মোৰ তেজৰ সম্পৰ্ক থকা ভনী নহ’লেও মোৰ আত্মজ ভনীৰ দৰেই আদৰৰ । তায়ো মোক তাইৰ বায়েকৰ দৰেই আদৰ-সন্মান কৰে । তাইৰ মৰমৰ আব্দাৰেৰে মোক ডুবাই ৰাখে । তাইৰ ব্যক্তিগত সকলো ভাল বেয়া, ক’ব লগা নলগা সকলো কথাই মোৰ আগত অকপটে কৈ গৈছিল । তাই মোতকৈ কেইবাবছৰে সৰু হ’লেও বয়সৰ ব্যৱধানে আমাৰ মাজত কেতিয়াও কোনো ধৰণৰ আহুকালৰ সৃষ্টি কৰা নাছিল । বৰং মই তাইৰ সান্নিধ্যত নতুনত্ব বিচাৰি পাই আনন্দিত হৈছিলো । তেনেকৈ তায়ো মোৰ মাজত তাইৰ জ্যোষ্ঠ ভগ্নীৰ লগতে বান্ধৱী এগৰাকীক হয়তো বিচাৰি পাইছিল । কিবা কামত অ’লৈ ত’লৈ যাব লগা হ’লেও তাই মোৰ সহচৰী হৈছিল । এনেকৈ অ’লৈ ত’লৈ যাওঁতে প্ৰায়ে বাটে ঘাটে অ’ত ত’ত সোমাই যেতিয়াই যি মন যায় তাকে দুয়োজনীয়ে গোগ্ৰাসে গিলো । সঁচা অৰ্থত ক’বলৈ গ’লে ক্ৰমে নিৰস হ’বলৈ ধৰা মোৰ জীৱন তাইৰ চঞ্চল মুখৰ সান্নিধ্যই জীপাল কৰি তুলিছিল । জীৱনৰ বহু মিঠা স্মৃতি তাইৰ সৈতে পাৰ হৈছে মোৰ । তাই মোৰ চুবুৰীয়া নহ’লেও আমাৰ ঘৰো একেটা ঠাইতে হোৱা বাবে কাম সামৰি দুয়ো একেলগেই ঘৰলৈ বুলি বাট বুলিছিলো । মোৰ কাম শেষ হ’লেও মই তাইলৈ ৰখো আৰু তাইৰ শেষ হলেও তাই মোৰ কাম শেষ হোৱালৈকে ৰৈ দিয়ে । কেতিয়াবা দুয়ো বৰষুণত তিতি বুৰি ঘৰ গৈ পাওঁ । কেতিয়াবা বাট জাম হোৱা বাবে গাড়ীত ৰৈ ৰৈ আমনি লাগিলে দুয়ো খোজ কাঢ়ি কাঢ়িয়ে ঘৰলৈ বাট পোনাও, আমনি নালাগে বৰং কথাত মছগুল হৈ আমিনো কিমান দূৰ বাট আহোঁ খৱৰেই নাথাকে ।
এইটো ঠিক যে মই তাইক কেতিয়াও মোৰ কনিষ্ঠ সহকৰ্মী হিচাপে ব্যৱধান নাৰাখিছিলো, কামৰ সময়ত যেতিয়াই তাইৰ প্ৰয়োজন হয়, মই তাইৰ ওচৰত থিয় হ’বলৈ অকণো দ্বিধা বোধ কৰা নাছিলো । তাৰ ফলত কেৱল তাইয়েই যে মোৰ পৰা লাভাম্বিত হৈছিল এনে নহয়, তাইৰ পৰা ময়ো সমানে লাভাম্বিত হৈছিলো । তাই যেনেকৈ মোৰ পৰা তাই নজনা বহু কথাই আহৰণ কৰিবলৈ সক্ষম হৈছিল, তেনেকৈ মই কাহানিও নজনা কথা কিছুমান তাইৰ সহযোগত জানিবলৈ সক্ষম হৈছিলো । এনে নহয় যে আমাৰ মাজত কেতিয়াও কোনো মান অভিমান নহৈছিল । কেতিয়াবা তাইৰ কিছুমান কামে মোক ক্ষুণ্ণ নকৰাকৈয়ো থকা নাছিল । তাইৰ প্ৰতি খং উঠিলেও মই কঠোৰ হ’ব নোৱাৰি নিজে তাইৰ পৰা আঁতৰি ফুৰিছিলো । তাইৰ অনুভবী মনে সহজেই বুজিছিল, তাইৰ ভুল ক’ত হৈছে আৰু কেনেকৈ হৈছে । সেয়ে কোনো সংকোচ নকৰাকৈ তাই মোক তাইৰ ভুলৰ বাবে ক্ষমা খুজিছিল । তাইৰ তেনে ব্যৱহাৰে মোক তাইৰ প্ৰতি কোমল হ’বলৈ বাধ্য কৰিছিল । তাইৰ তেনে ব্যৱহাৰত মই আকৌ আগৰ দৰেই সহজ হৈ পৰিছিলো । আমাৰ সময়বোৰ এনেকৈয়ে ক’ব নোৱাৰাকৈয়ে বাগৰিছিল সুখ-দুখ বুকুত সাৱটি । সময় সদায় নিজৰ মতেই নিজৰ গতিতেই চলে, ই কাৰো সুবিধা-অসুবিধা, ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি নচলে ।
এদিন চিৰাচৰিত সামাজিক নিয়মমতে তাই জীয়ৰী জীৱনৰ অৱসান ঘটাই এঘৰৰ বোৱাৰী হ’ল । মাক দেউতাকে ঠিক কৰি দিয়া সম্ভ্ৰান্ত ঘৰৰ ল’ৰা এজনৰ সৈতে সামাজিক ৰীতিমতেই বিয়া হ’ল তাইৰ । আপত্তি কৰিব লগীয়া তাইৰ একো নাছিল । যিজনক হিয়া দিছিল, সেইজনৰ সৈতে এসময়ত মতৰ অমিল হোৱাত সেই সম্পৰ্কই কেতিয়াবাই ফাঁট মেলিছিল । বিয়া হৈ যোৱাৰ পাছত ঘৰৰ মানুহে তাইক চাকৰি কৰিবলৈ অনুমতি নিদিলে । শহুৰ-শাহু, দেওৰেক, ননদেৰে গিজগিজাই থকা এটা যৌথ সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী তাই । বিয়াৰ আগতে মনৰ দাপোনত যি কাৰেং সাজিছিল, সেই কাৰেংঘৰটো বিয়াৰ পিছতেই চপৰা চপৰে ক্ৰমে সহিবলৈ লৈছিল । মোক প্ৰায়ে ফোন কৰে, তাইৰ সমস্যাৰ বিষয়ে কৈ খেদ প্ৰকাশ কৰে । মই তাইক প্ৰবোধ দিওঁ, আৰম্ভণীতে সংসাৰিক জীৱনত আউল লাগেই । সৰুৰে পৰা এটা পৰিবেশত ডাঙৰ হৈ আন এঘৰত আন এক পৰিবেশত নিজকে খাপ খোৱাই ল’বলৈ যাওঁতে নানান সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় । তাই সকলো বুজি পায়, কিন্তু নকৈ অহা সমস্যাসমূহে তাইক জৰ্জৰিত কৰি তোলে, পাহৰি যায় তাইৰ শুভাকাংখীসকলে তাইক দিয়া ধৈৰ্যৰ সকলো পাঠ ।
তেনেকৈয়ে চলিছিল তাইৰ সংসাৰ । প্ৰায়েই হতাশা ভৰা কথাৰে মোৰ চৌপাশ গধুৰ কৰি তুলিছিল তাই । ময়ো কোনো ক্ৰুটি নৰখাকৈ তাইক বুজনি দিওঁ । বহুদিন তাইৰ পৰা কোনো ফোন পোৱা নাই । কৰ্মব্যস্তাতেই হওঁক বা মোৰ অমনোযোগীতাতেই হওঁক ময়ো তাইলৈ ফোন কৰা নাছিলো । কিমাননো আৰু তাইৰ পেনপেননি শুনি থাকিম ! মোৰ নিজৰো সমস্যা আছে ! নিজৰ সমস্যাবোৰৰ সৈতে যুঁজ দিমনে তাইৰ সমস্যাক লৈ মূৰটো ঘোলা কৰিম ! গতিকে তাইৰ চিন্তা লাহে লাহে মনলৈ আনিবলৈ বাদ দিছিলো । এদিন দুপৰীয়া মোৰ মোবাইলত মেচেজ টিউন এটা বাজিল, মোবাইলটো হাতত লৈ মেচেজটো খুলি চালো – চন্দনায়েই মোলৈ মেচেজ দিছে । মেচেজটো খুলি চালো – “ৰেল আহিছে…” মাত্ৰ দুটা শব্দৰ এই বাৰ্তাই মোৰ গোটেই মানুহজনীক মূৰৰ পৰা ভৰিলৈকে কঁপাই তুলিলে । এই পাগলীজনীয়ে এয়া কি লিখিছে ! কি হ’ল এইজনীৰ ? ৰেল আহিছে মানে ? একো অঘটন কৰিবলৈ লোৱা নাইতো ! মনত নানান দুচিন্তাই খলকনি তুলিলে । নাই, তাইক এটা ফোন কৰোঁ বুলি তাইলৈ ফোন লগালো । নেটবৰ্ক বিজি । সিটো মূৰৰ পৰা ধাতৱ উত্তৰ ভাঁহি আহে –“subscribe is busy, please deal sometime, আপনে জীচ নম্বৰ পে ডাইল কিয়া ৱহ ইচ সময় উপলব্ধ নহী হ্যায়” । যিমানবাৰেই লগাওঁ সিমানবাৰেই মোবাইলটোৱে সহযোগ নকৰিলে । এচিৰ বতাহজাকেও তেতিয়া মোৰ শৰীৰলৈ শীতলতা আনিবলৈ অসমৰ্থ হ’ল । অনামী অঘটনৰ কথা ভাবি ঘামিবলৈ ধৰিলো মই । বহু সময় চেষ্টা কৰাৰ মূৰত এবাৰ কেনেবাকৈ লাগিল । ফোন ৰিচিভ কৰাত স্বস্তিৰ নিস্বাশ এৰিলো । মেচেজৰ কথা সুধিলত সহজভাবেই উত্তৰ দিলে – এহ নক’ব বুজিছে বা, মাৰ্কেটলৈ আহিছিলো । ৰেলৱে ক্ৰচিঙত বহু দেৰি গাড়ীত বহি বহি আমনি লাগিল । সেয়ে মেচেজকে কৰিলো আপোনালৈ । মৃদু ধমকেৰে ক’লো – “সেইবাবেই এনেকৈ মেচেজ দিয়েনে ? হুমম…মেচেজ পেক ভৰাই লৈছাতো ! মেচেজ পেক যদি আছিলেই দুটা শব্দ আৰু বেচিকৈয়ো লিখিব পাৰিলাহেঁতেন…ৰেলৱে ক্ৰ্চিংত ৰৈ আছোঁ বুলি । এনেকৈ মানুহক ভয় খুৱাই দিয়েনে ?” তাইৰ মেচেজটোৱে মোৰ হৃদয়ত কেনে দুচিন্তাৰ সৃষ্টি কৰিছিল তাক তাইক বুজাই ক’লো । তাই মোৰ দুচিন্তাৰ কথা অমূলক বুলি কৈ সশব্দে হাঁহি উঠিল ।
তাৰ পাছতো তাইৰ পৰা প্ৰায়েই ফোন পাওঁ, মেচেজ পাওঁ । প্ৰায় প্ৰতিবাৰেই তাইৰ হতাশা আৰু দুচিন্তাৰ মুখামুখি হওঁ । প্ৰতিবাৰৰ দৰে সান্তনা দিওঁ সময়ত সকলো ঠিক হ’ব । দুখ যাতনাৰ হাত ধৰিয়েই সুখবোৰে বাট বুলে । মোৰ কথাত আস্বস্ত হয় তাই । বৰদিনৰ আগদিনাখন মোৰ মোবাইলত আকৌ তাইৰ মেচেজ এটা আহিল মোলৈ । “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” – বাৰ্তাটোত সিমান গুৰুত্ব দিব লগীয়া বুলি ভবা নাছিলো । মই মেচেজ পেক কেতিয়াও নভৰাওঁ । মেচেজ দিয়াতকৈ চিধাই কথা পাতি লোৱাই উচিত বুলিয়েই ভাবোঁ । নিতান্তই দৰকাৰ নহ’লে সেয়ে পৰাপক্ষত কথাই মই কথাই পাতোঁ । সিদিনাখনো তাইৰ শুভেচ্ছাৰ প্ৰত্যুত্তত ফোন কৰি কথাই পাতো বুলি ফোন লগালো । ফোন ৰিং হৈ হৈ বন্ধ হৈ গ’ল । আকৌ ফোন লগালো, এইবাৰ this scriber is currently switch off please try after sometime…ইচ সময় উপভোক্তা কি মোবাইল switch off হ্যেই অনুগ্ৰহ কৰকে থোড়ী দেৰ বাদ ফোন কৰে… ।
কেইবাবাৰো ফোন কৰিও সংযোগ নাপাই মোৰ চিন্তা লাগিল । মেচেজটো আকৌ এবাৰ খুলি লৈ পঢ়িলো - “বৰদিনৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো, সুখী হওক আপুনি । মই গৈ আছো…বাই” । এইবাৰ মেচেজৰ অৰ্থৰ গভীৰতাৰ কথা ভাবি মনটো ধৰফৰাই উঠিল …হে হৰি ! এইজনীয়ে আকৌ একো এয়া কি বুজাব খুজিছে ! বাৰে বাৰে ফোন লগাও, সেই একেই মোবাইল চুইচ অফ । মোৰ দৈনিক ঘৰুৱা তথা অফিচৰ কামবোৰ যন্ত্ৰ্ৱৎ কৰি গৈছো…একোতে ভালকৈ মন বহাব পৰা নাই । তাইৰ বা কি হ’ল…তাইৰ অঘটনৰ চিন্তাই মনটোক ব্যাকুল কৰি তোলে, বাৰে বাৰে । তাইক যোগাযোগ কৰাৰ আন কোনো উপায়েই মোৰ হাতত নাছিল । সেয়ে কেৱল দুচিন্তাত মনটোক ভাৰাক্ৰান্ত কৰাৰ বাহিৰে আন একো গত্যান্তৰ নাছিল । তাইৰ মাকৰ ঘৰ এখন ভিতৰুৱা গাঁৱত । নতুন ঘৰখনো আমাৰ বাবে অচিনাকি । অফিচলৈ আহি সহকৰ্মী সকলক তাইৰ মেচেজৰ কথা ক’লো । মোৰ কথা শুনি সিহঁতেও ভয় খালে । সিহঁতেও পাৰে মানে ফোন লগালে নাই সেই একেই অৱস্থা – “আপুনি ডায়েল কৰা নম্বৰটো এতিয়া উপলব্ধ নহ’ব, কিছুসময়ৰ পাছত ফোন কৰক” । আমি উপাইহীন হৈ তাইৰ ভাগ্যৰ হাততে সকলো এৰি দুসহ বেদনা বুকুত সামৰি থলো । সকলো কথাৰে সীমা থাকে …আজিৰ কথাবোৰ কাইলৈ পুৰণি হয়, তেনেকৈ সতেজ ঘাঁবোৰো এদিন শুকায় । ব্যস্ততাময় জীৱনে যাতনাবোৰ কিছুপৰিমাণে শিথিল কৰি দিয়ে । নিতৌ নতুন নতুন যাতনাবোৰে পুৰণি যাতনাবোৰৰ ঠাই আহি পূৰণ কৰি দিয়েহি । ভোগালী বিহুৰ দুদিনমান আগৰ কথা, মোবাইল ফোনটোৱে তাৰ নিজস্ব ষ্টাইলত সুহুৰিয়াবলৈ ধৰিলে । মোবাইলটো হাতত লৈ স্কীনটোত জিলিকি থকা নামটো দেখি আচৰিত নহৈ নোৱাৰিলো । স্কীনটোত জিলিকি থকা নামটো আছিল চন্দনাৰ । বিস্ময়েৰেই মাত দিলো – “হেল্লো…” । “বা, ভালে আছেনে ? কি খৱৰ আপোনাৰ ? বিহুৰ শুভেচ্ছা থাকিল….” তাইৰ স্বাভাবিক মাত । তাইৰ মাত শুনি মোৰ যিমান ভাল লাগিল সিমান খং আৰু অভিমানো যাগিল । সাধাৰণ বাৰ্তা বিনিময়ৰ পাছত তাইক ক’লো – কোনোবা দিনা হাৰ্ট ফেইল কৰাই মাৰিবা মোক । “কি হ’লনো ? কিয় তেনেকৈ কয় ? কিনো কৰিলো মই ?” তাইৰ প্ৰ্শ্নৰ উত্তৰ দি মই তাইক তাইৰ নৱবৰ্ষৰ বাৰ্তা আৰু তাইক ভালেকেইদিন ফোন কৰিও তাইৰ ফোনৰ সংযোগ নাপাই মোৰ মনলৈ অহা দুচিন্তাৰ কথা তাইক বিবৰি ক’লো । মোৰ পৰা গোটেইখিনি শুনি তাই তাইৰ স্বাভাবসুলভেৰে আগৰ দৰেই হা হাকৈ হাঁহি উঠিল – “আপুনিও যে ! সৰু সৰু কথাতেই ইমান চিৰিয়াচ কেলেই হৈ যায়নো ? মই দেখোন আপোনাক কৈছিলোৱেই আগতে… মই আপোনাৰ ভনী, জীৱনত সহজে হাৰ মানি পলাই যোৱাৰ কথা নাভাবোঁ । আপুনিয়েই জানো মোক শিকোৱা নাই জীৱনত যুঁজিবলৈ ? মই মোৰ মানুহজনৰ সৈতে বৰদিনৰ আগদিনা দিল্লীলৈ গলো, যোৱাৰ আগে আগে আপোনাক মেচেজটো দিলো । হাতত সময় নাছিল, কথা পাতিবলৈ । মেচেজ দি উঠিয়েই মই যাবলৈ লৰালৰিকৈ ওলালো । এবাৰ ফোনটো চাওঁতে আপোনাৰ মিচ কল দেখিছিলো যদিও ফোন কৰা নহ’লগৈ, সেইখিনি সময়ত ফ্লাইট ধৰিবলৈ খৰখেদা লাগিছিল । আপুনি মোৰ মেচেজটো ইমান চিৰিয়াছলি ল’ব বুলি মই ভবাও নাছিলো । আনৰ কথাবোৰ ইমানকৈ চিন্তা নকৰিব বুজিছে ।” তাইৰ কথাখিনি শুনি নিজকে জগতৰ আটাইতকৈ মূৰ্খ যেন লাগিল । তাই পঠিওৱা সেই সামান্য বাৰ্তাকে লৈ অযথা মই ভালেমান দিন বুকুত কঢ়িয়াই ফুৰিলো এক বুজাব নোৱাৰা ব্যথা । সেইবোৰ যে তেনেই অৰ্থহীন আছিল ! ব্যথা কিছুমানে যিমানে পুৰণি হয় সিমানে এক সুখো দিয়ে ….এই অৰ্থহীন ব্যথায়ো আজি মোক সুখ দিয়ে….মহানগৰীৰ যান্ত্ৰিকতা আৰু কোলাহলত হেৰাই নোযোৱা হৃদয় এখনতো আছে মোৰ !
ණসাৰদা শ্ৰেষ্ঠ

কাবৌ কৰিছোঁ...জোনাক নিসিঁচিবি তই

(কবিতা)
কাবৌ কৰিছোঁ...জোনাক নিসিঁচিবি তই

জোন ঐ...
কাবৌ কৰিছোঁ
পূৰ্ণিমাৰ ৰাতি
মুঠিয়ে মুঠিয়ে
জোনাক নিসিঁচিবি তই

অলেখ তৰাই গুণগুণাই
মোৰ বুকুত তুলিব
... সুৰৰ ৰাগিনী

পূৰ্ণিমাৰ ৰাতি
জোনাক নিসিঁচিবি তই
মোৰ বুকুজুৰি বিয়পিব
ভেটফুলৰ শুকুলা হাঁহি

জোনাকত গা ধুই
বাট হেৰুৱা উদঙীয়া সপোনবোৰ
মোৰ দুচকুলৈ ঢপলিয়াই আহিব
আশাবোৰ আকৌ এবাৰ
সেউজীয়া হ'ব

নালাগে জোন...
কাবৌ কৰিছো তোক
পূৰ্ণিমাৰ ৰাতি
জোনাক নিসিঁচিবি তই
মোৰে শপত
জোনাক নিঁচিসিবি তই...

ණসাৰদা শ্ৰেষ্ঠ

Saturday, 14 February 2015

সোণৰ হৰিণ(আধা মিনিটৰ গল্প)

(অনুগল্প)

সোণৰ হৰিণ
ফুটপাথৰ কাষতে সাতবছৰীয়া কণমানি জীৱন দেউতাকৰ লগতে বহিছিল গোমধানৰ পোহাৰ মেলি । দেউতাকে কয়লা জ্বলাই তাতেই গোমধান পুৰি বিক্ৰী কৰে সদায় । তাৰেই সিহঁতৰ পৰিয়ালৰ জোৰা টাপলি মাৰে । গোমধানৰ পোহাৰ লৈ বহাৰ কিছু সময় হৈছিল, মাজে মাজে দুই এজন গ্ৰাহকে সিহঁতৰ গোমধান কিনি লৈ গৈছিল । সি দেউতাকক হাতে কামে লাগি দি মাজে মাজে কিছু সহায় কৰি দি আছিল । কাষৰ জকমকীয়া দোকানখনত জিলিকি থকা নানাধৰণৰ ৰংচঙীয়া পেকেটবোৰে তাৰ কোমলীয়া মনটোক প্ৰলোভিত কৰিবলৈ এৰা নাছিল । সি দেউতাকক পাঁচটকা খুজিলে । দেউতাকে চিন্তা কৰিলে, পাঁচটকা এটা ৰংচঙীয়া পেকেটৰ নামত খৰচ কৰিবলৈ পুতেকক কেনেকৈ দিব ! খৰছৰ বাটটো যে বৰ দীঘলীয়া । দেউতাকক বাৰে বাৰে কুটুৰি থাকিও টকা পাঁচটা নাপাই জীৱন তেনেকৈয়ে টোপনিয়ালে । কিছু সময় পাছত দেউতাকে দেখিলে জীৱন তেওঁৰ ওচৰত নাই । ওচৰে পাজৰে চাই তাক ক’তো নেদেখি তেওঁ আতঙ্কিত হ’ল । নিশা নামি আহিছিল ক্ৰমে ধৰালৈ । এপাকত তেওঁৰ চকু গ’ল তেওৰ কাষৰ খোলা ফুটপাথৰ অংশটোলৈ । তেওঁ শিহঁৰি উঠিল । তেওঁৰ গাতে গা লগাই থেনথেনাই থকা জীৱন কেতিয়ানো তাত পৰি গ’ল তেওঁ ততেই ধৰিব নোৱাৰিলে । তেওঁ তুলি আনিলে তাক ফুটপাথৰ ভিতৰৰ পৰা, তাৰ মূৰ ফাটি তেজ বৈছিল । সংজ্ঞাহীন হৈ পৰিছিল কণমানি জীৱন । কণমানি জীৱনক লৈ তেওঁ ওচৰৰ ফাৰ্মাচীলৈ ঢাপলি মেলিলে ।

মৰমৰ অত্যাচাৰ

আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা কোনো কোনো ক্ষণত মৰমৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয় । মই নিজেও কেইবাবাৰো এনে অত্যাচাৰৰ বলি হৈছোঁ । তেনেকুৱা পৰিস্থিতিৰ কথা মনত পৰিলে আজিও এক অজান পুলকত পুলকিত হৈ উঠে মন প্ৰাণ । মোৰ জীৱনত ঘটা তেনে দুটামান ঘটনা ব্যক্ত কৰিবলৈ ওলাইছোঁ ।
আমাৰ চুবুৰীতে এগৰাকী শিক্ষয়ত্ৰী অকলে বাস কৰিছিল । তেখেত এগৰাকী সহকাৰী শিক্ষয়ত্ৰী আছিল । মোৰ সৰুমাহী তেখেতৰ সহকৰ্মী হোৱা হেতুকে তেখেতৰ লগত আমাৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল । মানুহগৰাকীক আমি জেঠাই বুলি মাতিছিলো । জেঠাই কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল আৰু আমিও কেতিয়াবা তেখেতৰ ঘৰলৈ গৈছিলো । মহিলাগৰাকী যথেষ্ট পৰিপাটি আৰু নিয়মানুবৰ্ত্তী আছিল । তেখেতক তেখেতৰ স্কুলৰ ছাত্ৰীসকলে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল । তেখেত ঘৰৰ বাহিৰত থকা দেখিলে, সেই বাটেৰে তেখেতৰ ছাত্ৰী সততে ঘূৰি ফুৰিবলৈ ভয় কৰিছিল । ধকধকীয়া বগা মেখেলা চাদৰেৰে তেখেতৰ কোমল অথচ দৃঢ় মুখায়ব মোৰ আজিও মনত আছে । মই তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী । বিধবা জেঠাই দুজন পুত্ৰ যদিও জেঠাই অকলে থাকে । কেতিয়াবা অসুখ হলে, মই তেখেতৰ লগতে ৰাতি থাকি দিছিলোগৈ । তালৈকে কিতাপ পত্ৰও লৈ গৈ পঢ়িছিলো, তেখেতে মোৰ পঢ়াখিনিও মাজে মাজে চাই দিবলৈ এৰা নাছিল । মই এদিন সন্ধিয়া জেঠাইৰ তালৈ গ’লো খবৰ কৰিবলৈ ।জেঠাইৰ গা অসুখ বাবে এজনী দহ বাৰ বছৰীয়া ছোৱালী লগত ৰাখিছিল । মই গৈ দেখিলো তাই মাছ বাছি আছে, মাছটো ডাঙৰেই আছিল; বোধহয় ৰৌ মাছ, মই মাছ ভালকৈ চিনি নাপাওঁ, আজিও । মোক দেখি জেঠাইয়ে ক’লে-“তই আহিলি ভালেই হ’ল, পাৰ যদি তইয়েই ৰান্ধ আজি । কমলাক(সেই ছোৱালীজনীৰ নাম)মই পাগঘৰত কাম কৰিবলৈ এতিয়ালৈকে দিয়া নাই,তাই সৰু ছোৱালী । তাই তোক যোগাৰ বিলাক দিব তই ৰান্ধিলেই হ’ল’’। মই সৰুৰে পৰাই মাছ নেখাইছিলো, সেয়ে কোনোদিনে মাছ ৰান্ধি পোৱা নাছিলো, ৰান্ধি পোৱাটো দূৰৰে কথা, হাতেৰে নুচুইছিলোও । সঁচা কথা ক’বলৈ গ’লে আজিলৈকে ৰান্ধিও পোৱা নাই । জেঠাইৰ ঘৰত সেইদিনাই মাছ ৰন্ধা মোৰ জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা । কিন্তু মই জেঠাইক মাছ ৰান্ধিব নাজানো বুলি ক’ব নোৱাৰিলো । ইমান আন্তৰিকতাৰে মোক দায়িত্ব এটা দিলে মই বাৰু কেনেকৈ নোৱাৰোঁ বুলি কওঁ ! মাক মাছ ৰন্ধা দেখিছিলো, কি কি যোগাৰ লাগে জানিছিলো, গতিকে পাছ নুহুকিলোঁ । কিন্তু মাছখিনি ভাজিবলৈ লৈ দেখিলো মাছৰ ওপৰৰ ছালখন এৰাই গৈ বগা হৈ পৰিল, মই সাংঘাটিক ভয় খালো সেয়া কি হ’ল বুলি । ভজা মাছবোৰ চোন মই ৰঙচুৱাহে হোৱা দেখোঁ, এয়া যে বগা পৰিছে ! মই ওচৰতে থকা কমলাক সুধিলো, “মাছবোৰৰ চালবোৰ এৰাই গৈছে যে কিয় ?” তাই সহজভাৱেই ক'লে, “তেলত দিলে বাকলিখিনি এৰাই যায়েই ।" তাই জানিয়েই তেনেকৈ কৈছিল নে নজনাকৈয়ে তেনেকৈ কৈছিল মই নাজানিলো, তথাপি মোৰ সাধ্যানুসৰি ৰান্ধিলো । মই পেটে পেটে বৰ ভয় খাইছিলো, জেঠায়ে নিশ্চয় সোৱাদ নাপাই মোক বেয়া পাব, ৰান্ধিবও নাজানে বুলি । সিদিনা মই নিজে অৱশ্যে মাছ নাখালো, গতিকে কেনে হ’ল তাক মই গম নাপালো । কিন্তু মাছৰ আঞ্জা খাই সিদিনা জেঠাই বা কমলা কোনেও কোনো ধৰণৰ অসন্তুষ্টি নেদেখুৱালে । ময়ো ভয়তে নুসুধিলো, কেনে হ’ল খাবলৈ বুলি । আকৌ আন এদিনৰ কথা, মই দুপৰীয়া ঘৰতেই ভাত পানী খাই আজৰি হৈ চিধাই জেঠাইৰ ঘৰ ওলালোগৈ, খৱৰ কণ লৈ আহোঁ বুলি । মোৰেই ভাগ্য নে দুৰ্ভাগ্য ক’ব নোৱাৰোঁ; জেঠায়ে কাঁহী দুখন উলিয়াই কমলা আৰু নিজলৈ বুলি ভাত বাঢ়িবলৈ লৈছিলহে, হাজিৰ হলোগৈ নহয় মই । মোক দেখি জেঠাই উত্সাহিত হৈ উঠিল ক’লে, “অ’, সাৰদা তই আহিলি, ভালেই হ’ল দে । তয়ো বহ ভাত খাহি । মই কলো, “মই এইমাত্ৰ ভাত খায়েই আহিছোঁ, আপোনালোকে খাওঁক ।" নাই তেখেতে মোৰ কথা নুশুনেই, কাঁহী আৰু এখন আনি ভাত বাঢ়িবলৈ ল’লেই । আকৌ ৰান্ধিছে সিদিনাও মাছ ! মাছ নহ’লে ভাত হেনো ডিঙিৰে নসৰকেই ! মই মহা আপত্তি কৰিলো, এফালে পেট ফুল তাতে আকৌ মাছৰে খাব লাগিব । মই বাৰে বাৰে নাখাওঁ নাখাওঁ কৰাত তেখেতে কান্দিয়েই পেলালে, ক’লে – “তই মোক বেয়া পাৱ ! মোক ঘিণ কৰ !” “তেনেকৈ কিয়নো কয় আপুনি, মইনো বাৰু আপোনাক বেয়া পাম কিয়? আপোনাক বেয়া পালে আহোনে দৌৰি দৌৰি খৱৰ কৰিবলৈ ?” – মই ক’লো । তেখেতে কিন্তু নেৰিলে, ক’লে – “মই ৰন্ধা তেনেহলে তই কিয় নাখাৱ ? খা একো নহয়, অলপ খাব পাৰিবি ।" মই মহা বিমোৰত পৰিছিলো, মানুহজনীক ভাত খোৱা পৰতে আহি অযথা কষ্ট দিলো । উপাই নাপাই সিদিনা তেখেতৰ মৰমৰ অত্যাচাৰৰ ওচৰত হাৰ মানি, জীৱনত প্ৰথমবাৰৰ বাবে মাছেৰে ভাত খালোঁ । স্ফূৰ্তিত হাঁহিম নে খঙে দুখে কান্দিম ঠাৱৰ কৰিব পৰা নাছিলো সেই মুহূৰ্ত্তত । মোৰ অৱস্থা কি হৈছিল সিদিনা, মোৰ বাহিৰে কিজানি কোনেও উপলব্ধি কৰিব নোৱাৰিব । জেঠাই আজি নাই, কিন্তু আজি জেঠাইৰ মৰমৰ অত্যাচাৰ বোৰ মনত পৰিলে এক বুজাব নোৱাৰা আনন্দত মন ভৰি উঠে ।

আন এবাৰৰ ঘটনা । এইবাৰৰ ঘটনাৰ নায়ক কাহিলীপাৰাত থকা মোৰ মহা । মোৰ মহায়েও মানুহক খুৱাই বৰ ভাল পাইছিল । তেনেকৈ যে কেতিয়াবা মানুহক অত্যাচাৰো কৰা হয়, তাক তেখেতে কেতিয়াও ভাবি নাপাইছিল । এবাৰ মই গৈ ওলালো, ৰাতিপুৱা । মাহীৰ ঘৰলৈ গ’লে সাধাৰণতে তাতেই ভাত সাজ খোৱা হয় । মহাই সাধাৰণতে পাগঘৰত কাম নকৰে । সেইদিনা মহাই নিজেই নিজৰ খুচীৰে ৰান্ধিছে ডাঠা শাক, বিলাহী আৰু সৰিয়হৰে নিজৰ পছন্দ মতে । মই খোৱা বোৱাত সৰুৰে পৰা বেয়া, ভালেমান শাক পাচলি মোৰ খোৱা লিষ্টৰ বাহিৰত । মই ভাত খাবলৈ বহিলোহে, মহাই মহা আনন্দেৰে বিলাহী-সৰিয়হ দি ৰান্ধা ডাঠাশাক ভজা লৈ আহি মোৰ পাতত দি ক’লে, “খাই চোৱা আজি মই ৰান্ধিছোঁ।" শাকভজা যে সোৱাদেই হৈছে, তাক তাৰ চেহেৰাই কৈছিল । কিন্তু ডাঠা শাক বুলিলেই মই সাতজাপ মাৰো...মোৰ যেন ডিঙি বেজবেজাই উঠে । মাহঁতৰ গালি খাই কেতিয়াবা সামান্য মুখত দিওঁ যদিওঁ মোৰ ডিঙিৰে খুউব কষ্টেৰেহে সৰকিছিল । মহাই মহানন্দেৰে আগবঢ়াই দিয়া শাক ভজাখিনি দেখিয়েই মোৰ মূৰটো ঘূৰাই গ’ল ।মই কৰুণকাতৰ ভাবেৰে মহালৈ চাই ক’লো, “মই ডাঠাশাক নাখাওঁ, ভাল নালাগে”। মই কথাখিনি কৈ শেষ কৰিবই নোৱাৰিলো । মহাই ক’লে, ‘‘আৰে, এবাৰ খাই চোৱা । তাৰ পাছত কবা...হে হে হে...।’’ মহাৰ মুখত বিশ্বজয়ৰ হাঁহি । মহাৰ মৰমৰ অত্যাচৰক আওকাণ কৰাৰ সাহসো মোৰ নাছিল ।অগত্যা, খাবলৈ চেষ্টা কৰিলো । বিশ্বজয়ৰ হাঁহি মুখত ওলোমাইলৈ মহাই মোক সুধিলে, “কেনে হৈছে....?” মহাৰ প্ৰশ্নৰ উত্তৰত ভাল হৈছে বুলি ক’বলৈ মই বাধ্য । পেটে পেটে মোৰ মহাৰ ওপৰত খংটো উঠিছিলেই নিজৰ ওপৰতো খং উঠি আহিছিল, বান্দৰেনো কি বুজে নাৰিকলৰ মোল ! মহা এটা সময়ত আমাৰ কাষৰ পৰা উঠি গ’ল, সেই সুযোগৰ সদ্ ব্যৱহাৰ কৰি বাকী থকা শাকখিনি মোৰ ভনীজনীৰ পাতত দি দিলো, মনে মনে বৰ শান্তি পালো..... বাচিলো ! অলপ পাছতে মহা আকৌ ঘূৰি আহিল, দেখিলে মোৰ পাতৰ শাক শেষ ! মহা বোধহয় উৎসাহিত হ’ল, তাৰমানে শাক নোখোৱা ছোৱালীয়ে খাই তৃপ্তি পাইছে ! তাৰমানে তেখেতে ৰন্ধা শাক যথেষ্ট সোৱাদ হৈছে !! পলম নকৰি আকৌ আনি বাকি দিলে শাক অলপ মোৰ পাতত । সিদিনা মোৰ ব্যথা কেৱল মোৰ ভনীজনীয়েহে বুজিছিল, যদিও মনে মনে মোৰ অৱস্থালৈ চাই পৰম কৌতুক অনুভব কৰিছিল ।
আকৌ আন এদিনৰ ঘটনা । তেতিয়া মই চাকৰিত সোমোৱা বেছি দিন হোৱা নাই । মোৰ কামত মই ব্যস্ত হৈ আছিলো । এনেতে, মোৰ কাৰ্য্যালয়লৈ সোমাই আহিল মহা, মোৰ খৱৰ ল’বলৈ ।মহাৰ লগত তেখেতৰ বোৱাৰী মানে মোৰ বৌজনী আৰু মহাৰ কোলাত মোৰ অকণমাণি ভতিজী লীনা । মহাই জনালে,কিছু দিনৰ পৰা লীনাৰ জ্বৰ আৰু বমি হৈ আছে, সেয়ে তাইক ডক্তৰৰ ওচৰলৈ দেখুৱাবলৈ লৈ আহিছে । কুঁশল বাৰ্তা লৈ মহা যাবলৈ ওলাই মোক ক’লে – “ব’লা ৰেষ্টুৰণ্টলৈ, চাহ খাই আহিবা ।" মই টিফিন কৰা বেছি সময় হোৱা নাই । “মাত্ৰ খাই উঠিছোহে, আজি আৰু নাযাওঁ” – ক’লো, মই । কিন্তু মোৰ কথা মহাৰ একাণেদি সোমাই সিকাণেদি ওলাই গ’ল । ক’লে, “কিয়, বচলৈ ভয় কৰিছা নেকি ? ঠিক আছে মই পাৰ্মিচন লৈ দি আছোঁ । মোৰ ছোৱালী, মই চাহ খুৱাবলৈ অকণ সময় লৈ যাব নোৱাৰিম নেকি?” কৈয়েই মহা চিধাই বচৰ কেবিন পালেগৈ, তাতে তেখেতৰ লগত নিজে চা চিনাকি হ’ল, আৰু মোক অলপ সময়ৰ কাৰণে বাহিৰলৈ লৈ যোৱাৰ অনুমতি বিচাৰিলে । মোৰ হাতত কোনো উপাই নাছিল, মহা আৰু বৌক অনুসৰণ কৰিলোঁ । মহাই বৌ আৰু মোক মহাৰ চিনাকী ৰেষ্টুৰেণ্ট এখনলৈ লৈ গ’ল । প্ৰথমেই এখন পৰঠাৰ অৰ্ডাৰ দিলে । কোনো আপত্তি নকৰি খালো । পৰঠা শেষ হ’বই নাপালে, বিলনীয়া ল’ৰাটোক মাতিলে – “ইফালে মলাই চমচম আৰু ৰসমিঠাই দুটাকৈ দিয়া” আৰু আমালৈ চাই ক’লে, “ইয়াৰ মলাই চমচম আৰু ৰসগোল্লা বৰ সোৱাদ । আমি আপত্তি কৰিলো যদিও তেখেতে কোনো কেৰেপেই নকৰিলে । মিঠাই দুটা শেষ হ’ল কি নহ’ল এইবাৰ আকৌ বিলনীয়াটোক চিঞৰি ক’লে – “ঐ...ল’ৰা, ইফালে চিঙৰা দুটা দিবি ।" আমি দুয়োজনীয়ে একেলগে চিঞৰি উঠিলো, “নাই নাই নালাগে নালাগে” বুলি, কিন্তু মহা এইবাৰো নাচোৰবান্দা খুৱাই হে এৰিব । ক’লে, “তোমালোকো কি ছোৱালীহে ! এইখিনিকো খাব নোৱাৰা । পাৰিবা পাৰিবা, খোৱা একো নহয় । ইয়াৰ চিঙৰা আঃ কি যে সোৱাদৰ হয়.....।“ নিজে হ’লে একো নাখালে মাত্ৰ খা্দ্য বস্তু বোৰৰ প্ৰসংশা কৰি কৰি আমাক এটাৰ পিছত এটাকৈ খোৱাবলৈ লাগিল । বৌৱেও আপত্তি কৰিব নোৱাৰে, ময়ো বলে নোৱাৰো মহাক । অগত্যা চিঙৰাও চোৱাবলৈ ল’লো । তেখেতে চিঙৰা খাই থাকোতে আকৌ ল’ৰাটোক মাতি ক’লে – “ঐ...ল’ৰা, দৈ আছেনে ?” এইবাৰো আমি আপত্তি কৰিলো, “দৈ নাখাওঁ পেট ওফন্দি উঠিছে আৰু খাব নোৱাৰিম ।" তেখেতে ক’লে, “খোৱাৰ শেষত দৈ খাব লাগে, হজম হয় । দৈ খোৱা ভাল....খোৱা খোৱা, ভাল লাগিব ।" ইতিমধ্যে ল’ৰাই আনি দৈ দুবাতি দি গ’লেই । অগত্যা আমি নিৰ্বিবাদে দৈ গলাধকৰণ কৰাত লাগিলো । খাই খাই অৱস্থা মোৰ কাহিল হৈ গৈছিল । দৈ খাই শেষ কৰি উঠিবহে খুজিছিলো, মহাই আকৌ ক’লে – “বহাচোন বহা....ইমান কিহৰ খৰধৰ কৰিছা ?" এইবাৰ পুণৰ ল’ৰাটোক মাতিলে – “ইফালে দুটা কচৌৰী দি যাবি । মই বৌলৈ চালো, কৰুণভাবে ক’লো, “বৌ আৰু নোৱাৰোঁ । খোৱাবোৰ টেটু পাইছেহি । বৌৱেও ক’লে, “ময়ো আৰু নোৱাৰো.। ল’ৰাটোৱে কচৌৰী দুটা আনি আমাৰ আগত থলেহি । মহাই আমাক খাবলৈ কৈ এইবাৰ বিল দিবলৈ বুলি কাউন্টাৰলৈ উঠি গ’ল । আমি এই সুযোগৰ সদব্যৱহাৰ কৰি কচৌৰী দুটা বৌৱে লীনাৰ বাবে লগত অনা সৰু পলিথিনৰ বেগত ভৰাই দিলো । আমি লৰালৰিকৈ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলো । খৰখেদাতে বৌৰ হাতৰ পৰা টোপোলাটো সৰি পৰিল । য’তে বাঘৰ ভয়, ত'তে ৰাতি হয়....কথাষাৰ আমাৰ ক্ষেত্ৰত সিদিনা ভালকৈয়ে ফলিয়াইছিল । টোপোলাটো সৰি পৰাৰ লগে লগে কচৌৰী দুটাও বেগৰ পৰা ওলাই ল'ৰ মাৰিলে । টোপোলা সৰি পৰা দেখি মহাই ঘূৰি চাই কচৌৰী দুটা দেখিলে, বৌ আৰু মই দুয়ো দুয়োলৈ চালো, হাঁহিম নে কান্দিম অৱস্থা তেতিয়া আমাৰ দুয়োৰে । মহাই পিছে কচৌৰী দুটা দেখিও মুখেৰে একো নামাতি নেদেখা ভাও জুৰি আগুৱাই গ'ল । অহ্, বেয়া বাচিলো । বৌ আৰু মহাৰ পৰা বিদায় লৈ মই মোৰ কাৰ্মক্ষেত্ৰলৈ আহিলো । এই কথা মনত পৰিলে মই আজিও বেছ কৌতুক অনুভব কৰোঁ । ইমানকৈ খালো যদিও সিদিনা কিন্তু একো নহ'ল মোৰ । মৰমৰ অত্যাচাৰতেই কিজানি হজম হৈ গ’ল সকলো ।
ණসাৰদা শ্ৰেষ্ঠ

(কবিতা) ঘাঁ

(কবিতা)
 ঘাঁ
শুকাবলৈ লৈছে
মোৰ ঘাঁ টুকুৰা
টুকুৰিয়াই নিদিবা তাক ।
ই আকৌ বিয়পিব
মোৰ হৃদয়জুৰি ।
যাণ্ত্ৰনাই
আকৌ খেদিব মোক ।
যাণ্ত্ৰনাৰ হলাহল পি
পুণৰ মাতাল হ'ব নুখোজোঁ মই ।
নুখুজোঁ মই,
এবাৰ আকৌ হেৰুৱাব নিজক ।

(প্ৰৱন্ধ) সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

(প্ৰৱন্ধ)
                                                      সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

আজি কিছুদিন ধৰি কিছুমান অভাৱনীয় ঘটনা সমূহে গোটেই অসমৰ আকাশ বতাহ ভালকৈয়ে কঁপাই তুলিছে । প্ৰথমে বানপানীত উটি আহিল টকা এয়া এক ভাবিব নোৱাৰা আৰু অবিশ্বাস্য ঘটনা হলেও ইয়েই সত্য তাক অস্বীকাৰ কৰাৰ কোনো উপাই নাই । তাৰ পাছত ওঁঠ টিপিলেই গাখীৰ ওলোৱা ল'ৰা - ছোৱালীবোৰৰ এক অভিজাত হোটেলত মাজনিশা জুৱা আৰু মদৰ আড্ডা । শেহতীয়াকৈ জি এছ ৰোড কাণ্ড । যি  অধিক লজ্জাজনক আৰু দুখজনক ।এই কাণ্ডই কেৱল অসমকে নহয় সমগ্ৰ বিশ্বতেই তোলপাৰ লগাইছে । এই ঘটনা প্ৰবাহে আমাৰ বিশৃংখল সমাজৰেই পৰিচয় দিয়ে  ।
সাম্প্ৰতিক অসমৰ সমস্যা বহুত । এই সমস্যাবোৰৰ বিষয়ে আমি সকলো কম বেছি পৰিমানে অৱগত । কিন্তু এই সমস্যাবোৰলৈ চকু কাণ দিবলৈ যেন কাৰো আহৰি নাই । মদৰ দোকান (সভ্য ভাষাত আজি বাৰ হ'ল, বাৰ বুলি ক'লে মনটো  আধুনিকৰ পৰশত অলপ ফুলি উঠে, মদৰ দোকান বুলি ক'লে আমাৰ ইজ্জতত লাগে !) লৈ নিশা দুগৰাকী মহিলা মদ খাবলৈ গ'ল, তাতেই মদ খাই মাতলামি কৰিলে । এয়া আমাৰ সমাজৰ  ভাল লক্ষণ বুলি কোনোপধ্যেই ক'ব নোৱাৰি । এতিয়া প্ৰশ্ন উঠিব পাৰে, "নাৰীয়ে মদৰ দোকানলৈ গৈ মদ খাব নোৱাৰে নেকি ? নাৰীৰ নিজস্ব স্বাধীনতা নাইনে ?" নাৰীৰ স্বাধীনতাত মই হস্তক্ষেপ কৰিব নোখোজোঁ । মই নিজে এগৰাকী নাৰী, গতিকে মই নিজেও বিচাৰিম নাৰীৰ সম্পূৰ্ণ স্বাধীনতা । কিন্তু স্বাধীনতাৰ দোহাই দি আমি স্বাধীনতাৰ কিমানখিনি সুবিধা গ্ৰহণ কৰা উচিত ? যিখিনি স্বাধীনতাই আমাৰ সমাজক দূষিত কৰিব পাৰে, তেনে স্বাধীনতাৰ সুবিধা আমি নোলোৱাকৈ থাকিব নোৱাৰোনে । সমাজৰ শৃংখলা বজাই ৰাখিবলৈ হলে আমি সংযমী হোৱাটোও অতি জৰুৰী বুলিয়েই মই ভাবো । মদৰ দোকানলৈ নিশা মদ খাবলৈ গৈ মাতলামি কৰা নাৰীতো বাদেই পুৰুষকো সৌসিদিনালৈকে ভাল চকুৰে চোৱা হোৱা নাছিল । আজি আমি অতি আধুনিক হলো, এইবোৰ এতিয়া আমাৰ বাবে একেবাৰে সৰু কথা হৈ পৰিল ।
এগৰাকী নাৰীৰ ওপৰতেই ঘৰখনৰ সৰ্বাধিক দায়িত্ব আৰু কৰ্তব্য থাকে । সন্তানৰ শাৰীৰিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত পিতৃতকৈ মাতৃৰ ভূমিকাই সৰ্বাধিক । কাৰণ বেছিভাগ সন্তানেই মাকৰ বেছি ওচৰ সান্নিধ্য লাভ কৰে । সন্তানে গৰ্ভত স্থিতি লোৱাৰ পৰা ভুমিষ্ঠ হোৱালৈ আৰু ভুমিষ্ঠ হোৱাৰ পৰা নিজে নিজৰ কামখিনি কৰিব পৰা হোৱালৈকে প্ৰায় চৈধ্য পোন্ধৰ বয়সলৈকে সন্তান বহুখিনি মাকৰ ওপৰতেই নিৰ্ভৰশীল । গতিকে এগৰাকী মাকৰ ওপৰতেই এটি শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে বুলি কলেও বঢ়াই কোৱা নহ'ব ।এনেক্ষেত্ৰত ঘৰৰ নাৰীয়েই যদি নিশা মদ পান কৰিবলৈ মদৰ দোকানলৈ যায় তেন্তে তেনে ঘৰৰ অৱস্থা কি হ'ব পাৰে সি সহজে অনুমেয় । আমি পাহৰিলে নহ'ব যে এখন ঘৰৰ সুস্থ পৰিবেশে আমাৰ চুবুৰীৰ পৰিবেশ সুস্থ কৰি তুলিব পাৰে, ঠিক সেইদৰে এখন সুস্থ, নিকা চুবুৰীয়ে সুস্থ কৰি তুলিব পাৰে এখন সমাজ ।
এতিয়া মই শুনিবলৈ পোৱা মতে ৰাইজে দাবী তুলিছে যে নাৰীৰ নিৰাপত্তাৰ খাতিৰত নিশা মদৰ দোকান বিলাকৰ ওচৰে পাজৰে মহিলা আৰক্ষী নিয়োগ কৰিব লাগে । এয়া মোৰ বোধেৰে এক বাতুলামি মাত্ৰ । যি সময়ত "সত্যমেৱ জয়তে''ৰ জৰিয়তে অলপতে মদৰ অপকাৰীতা আৰু ইয়াৰ পৰা হ'ব পৰা বহুতো উপসৰ্গ সমূহৰ বিষয়ে সজাগতা আনিবলৈ বলিউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে প্ৰচেষ্টা হাতত লৈছে, সেই সময়ত ৰাইজৰ এনে দাবী এক অসুস্থ মানসিক চিন্তাৰেই প্ৰতিফলন বুলিব পাৰি । আচৰিত হৈছোঁ, ৰাইজে মদৰ দোকান উঠোৱাৰ কথা চিন্তা কৰাৰ বিপৰীতে মদাহীবোৰক সুৰক্ষা দিব বিচৰা কাৰ্য্যত । এনে হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম যে অচিৰেই ধংসৰ অতল গহ্বৰলৈ নিক্ষেপিত হ'ব সেয়া এশ শতাংশই খাটাং ।
মই মদ একেবাৰেই খাব নালাগে বুলিও ক'ব থোজা নাই । কিছুমান জাতি -  জনজাতিৰ মাজত মদ খোৱাটো এটা পৰম্পৰা ৰূপে অতি প্ৰাচীন কালৰে পৰা চলি আহিছে, গতিকে ইয়াক একেবাৰে বৰ্জন কৰাটো সহজ কথা নহয় । কিন্তু যিটো বস্তু যি খিনি পৰিমাণে গ্ৰহণ কৰিলে নিজৰো ক্ষতি নহয় আৰু আনেও তাৰ কুফল ভোগ কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মদ পান কৰিলে হয়তু কোনো অৰাজকতাৰ সৃষ্টি কেতিয়াও নহ'ব । কিন্তু এইটো কথাও ঠিক যে মদ ৰাগীয়াল বস্তু হোৱা হেতুকে ইয়াৰ প্ৰতি থকা দুৰ্বলতা মদাহীয়ে ক'ব নোৱাৰাকৈয়ে অনুভব কৰে ।

(আমি অসমীয়াত প্ৰকাশিত)