Saturday, 27 April 2013

দুখন পাঁচটকীয়া নোট আৰু কিছু মিঠা অনুভূতি

 পাঁচটকীয়া নোট এখনত থাকিব পাৰে অনুভুতিৰ সঁফুৰা ।
তেনেধৰণৰ দুটা অভিজ্ঞতা আপোনালোকৰ সৈতে ভগাই ল'ব বিচাৰিছোঁ । এবাৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলাই আমাৰ কাৰ্য্যালয়ৰ সকলোকে চকচকীয়া পাঁচটকীয়া নোট একোখন আগবঢাই দিলে । চকু মুখত অপাৰ বিস্ময় লৈ মানুহগৰাকীলৈ চাই নোটখন ল’বলৈ অস্বীকাৰ কৰিলো । মানুহ গৰাকীয়ে ক’লে – "ये आपको ऐसे नहीं दिया । इसको भहवान का आशीर्वाद समझकर अपना पास ही रखिएगा । ये सिर्फ रुपिया ही नहीं है, बल्की समझ लिजिए की यह भगवान का प्रसाद है । लेकिन इसको खर्च मत किजिएगा (য়ে আপকো এইচে নেহী দিয়া । ইচকো ৰখিয়ে, ভগৱান কা আশীৰ্বাদ সমঝ কৰ অপনা পাচ ৰখিয়েগা । য়ে সিৰ্ফ ৰুপীয়া হী নহী হ্যে, ৱল্কি সমঝ লিজিয়ে কী য়হ ভগৱান কা প্ৰসাদ হ্যে । লেকিন ইচকো খৰ্চ মত কীজিয়েগা ।)" মানুহগৰাকীৰ কথা শুনি আচৰিতেই হ’লো । ইমানদিনে কেৱল ঈশ্বৰৰ পূজা পাৰ্বন বুলি টকা অনুদান বা চান্দা হিচাপেহে দি আহিছোঁ, প্ৰসাদ হিচাপে নানাবিধ খাদ্যহে খাই আহিছোঁ ! আজি প্ৰসাদৰ নামত পাঁচটকা ! প্ৰসাদ বুলি কোৱাত আৰু আপত্তি কৰিব নোৱাৰিলো । মানুহগৰাকীৰ অনুভূতিক আঘাত দিবলৈ মন নগ’ল । টকাটো ৰাখি থলো । আজিও মোৰ পাৰ্চটোত সযতনে ৰাখিছোঁ, টকাটো । এই টকাটোত আছে মানুহগৰাকীৰ ভক্তিভৰা আবেগ অনুভূতি আৰু গভীৰ বিশ্বাস । কি বা মানসেৰে ঈশ্বৰলৈ আগবঢ়াইছিল মানুহগৰাকীয়ে এই পাঁচটকীয়া নোটকেইটা !

কেতিয়াবা কিছুমান নোট মই পাওঁ, যিবোৰত নিজৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে নিজৰ নাম, ঠিকনা বা কিছুমান সাংকেতিক শব্দ আকৌ কেতিয়াবা কিছুমান সংখ্যা আৰু সাধাৰণ হিচাপ লিখা থাকে

। সেইবোৰ দেখি প্ৰায়েই মোৰ খং উঠে । মনে মনে ভোৰভোৰাই উঠোঁ, ইহ্ কৰিবলৈ আৰু কাম বিচাৰি নাপালে । এনেকৈ নোটখন নষ্ট কৰি কি পায় মানুহবোৰে । প্ৰমাণ কৰিব খোজে নেকি পৃথিবীখন যে ঘূৰণীয়া ! নে নিজকে এনেকৈ জীয়াই ৰখাৰ এয়া এক নিষ্ফল প্ৰয়াস ? আজি কিছুদিন আগতে এটি কৰ্মব্যস্ত পুৱা, এখন ধুনীয়া পাঁচ টকীয়া নোট এখন মোৰ হাতত পৰিল । নোটখন হাতত পৰাত হঠাত্ মন কৰিলো, নোটখনৰ বগা অংশটিত কেইটিমান সুন্দৰ হাতৰ আখৰ । স্বাভাৱিকতে কৌতুহলী হৈ উঠিলো মই । নোটখন খুলি মেলি চালো, মোৰ ওঁঠযুৰি দ্বিতীয়াৰ কাঁচিজোনৰ লেখীয়াকৈ বহল হৈ গ’ল । এক মিঠা অনুভুতিয়ে মোৰ হৃদয়ত ক’ব নোৱাৰাকৈয়ে ঢৌ তুলিলে । তাত সুন্দৰ গোট গোট হাতৰ আখৰেৰে লিখা আছে, "my dear (sister) sabita, happy new year 2006. I love your." চিষ্টাৰ শব্দটি মইহে ব্ৰেকেটট লিখিছোঁ । লিখোঁতাজনে চিষ্টাৰ শব্দটি লিখি আকৌ লাহেকৈ কাটি থৈছে ! লিখোঁতাজনৰ নাম পকোৱাকৈ লিখা বাবে নামটো উদ্ধাৰ কৰিব নোৱাৰিলো । মই নোটখন লৈ কিছুসময় ভাবত ডু’ব গলো । নোটখনত নৱবৰ্ষৰ শুভেচ্ছা বাণী ৰুপে মাত্ৰ এষাৰি বাক্যই লিখা আছে, কিন্তু সেই বাক্যটিৰ গভীৰতাই মোক ভবাই তুলিলে । মৰমৰ সবিতাই বাৰু সম্ভেদ পালেনে এজনৰ বুকুৰ এবুকু কোমল অনুভূতি । নে এনেকৈয়ে এই অনুভূতিয়ে ইখন হাতৰ পৰা সিখন হাতলৈ বাগৰি গৈ আছে, তাক কোনে জানে ? টকাটো চকচকীয়া, দেখিলে অনুমান হয়, ই এতিয়াও বৰ বেছি বাগৰি ফুৰা নাই । নোটখন চলাই দিওঁ, নে কাৰোবাৰ কোমল অনুভূতিৰ স্মৃতি হিচাপে সাঁচি ৰাখোঁ মোৰ ওচৰত, মই ভাবি পোৱা নাই । কেতিয়াবা ভাবো নোটখন চলাই দিওঁ নেকি....সবিতাৰ হাতত কিজানিবা পৰেগৈ ! সবিতাই যদি গম পোৱা নাই, গম পাওঁক এখন কোমল হৃদয়ৰ আহ্বান । কিন্তু কেতিয়াবা আকৌ ভাবো, নাই...... আজি ছয় বছৰৰ এই কোমল অনুভূতিয়ে সবিতাৰ জীৱনটো আকৌ ওলট পালট কৰি নিদিয়েতো ! কোনে জানে, পৰিস্থিতিয়ে কাৰ লগত কেতিয়া কি খেল খেলে ?

Thursday, 25 April 2013

শূণ্য

পৃথিৱীৰ মায়া এৰি
এদিন মই সুদা হাতেই যাম
মোৰ স্থায়ী ঠিকনা বিচাৰি ।
একোৱে নিয়া নহ'ব মোৰ
আনিছিলোনো কি
এই ধৰালৈ আহোতে ?
একোৱেইতো নাছিল মোৰ ।
কি আছিল মোৰ পৰিচয় ?
জীৱনত কি পালো
কি হেৰুৱালো
তাৰ হিচাপ ৰাখি
কি লাভ মোৰ ?
যি পালো
এই জীৱনতে পালো
আৰু
যি হেৰুৱালো
তাকো এই জীৱনতে হেৰুৱালো ।
জীৱনৰ জটিল অংকৰ
উত্তৰ মাথো এটাই
শূণ্য ।
কি আনিছিলো মই
কি আছে মোৰ
তেনেহলে কি বিচাৰি
খাওঁ ইমান হাবাথুৰি !

Friday, 8 February 2013

নবীনৰ প্ৰতিভা
 
নবীনৰ উপস্থিত বুদ্ধি আৰু অভিনয় প্ৰতিভা দেখি মই একেবাৰে আচৰিত হোৱাই নহয় অভিভূতও হৈ পৰিলো । আপোনালোকেও তাৰ দক্ষতাৰ কথা শুনিলে তাৰ প্ৰতিভাক ১০০% ই স্বীকৃতি দিব বুলিয়েই মোৰ বিশ্বাস । কি হ'ল কওঁ শুনক । সিদিনা দেখিলো, নবীন এখন ফাৰ্মাচীলৈ ঢাপলি মেলিছে । ময়ো সেই ফাৰ্মাচীখনলৈকে গৈ আছিলো, কাফ চিৰাপ ল'বলৈ বুলি । নবীনক ফাৰ্মাচীত বহি থকা মানুহজনে প্ৰশ্নবোধক চিহ্ন এটা চকু মুখত ওলোমাই লৈ সুধিলে - "কি লাগে ?" নবীনে মুখেৰে একো নামাতি মুৰটো খজুৱাবলৈ লাগিল । মই মনে মনে তাৰ কাণ্ড কাৰখানা চাই আছিলো । সি অকণো পলম নকৰাকৈ "উ উ....আ আ" শব্দ উচ্চাৰণ কৰি কিবা দোকানীজনক বুজাব খুজিলে । দোকানীজনে পুণৰ প্ৰশ্নবোধক চিহ্নটো আগতকৈও তীব্ৰভাৱে লৈ নবীনলৈ চোৱাত নবীনে এপাকত নিজৰ সোঁহাতৰ তৰ্জনী আঙুলিটো বাওঁহাতৰ আঙুলি এটাৰে দেখুৱালে আৰু নাকৰ এটা ফুটা বাওঁহাতৰ আঙুলিৰে টিপা মাৰি সোঁহাতৰ তৰ্জনী আঙুলিটো আনটো নাকৰ ফুটাৰ ওচৰলৈ নি দীঘল দীঘলকৈ শুঙিবলৈ ধৰিলে । এইবাৰ দোকানীয়ে যেন কিবা এটা বুজিলে, ক'লে -"অ', ইন্হেলাৰ লাগে ?" একদম পাকৈত বেঙা এটাৰ নিচিনাকৈ মুখত একোমোৰা হাঁহি লৈ নবীনে মুৰ জোকাৰি হয়ভৰ দিলে । দোকানীয়ে ইন্হেলাৰটো উলিয়াই দি দামটো ইঙ্গিতেৰে দেখুৱাই দিলে । নবীনে দাম দি ফাৰ্মাচীৰ পৰা ওলাই আহিবলৈ ধৰাত মই মাত দিলো । সি মোক সৰু দেখি দেখাই পোৱা নাছিল, মই যে তাৰ কাষতে ফাৰ্মাচীখনত ৰৈ তাৰ ৰেহৰূপ চাই আছিলো । মই তাক মাত দিয়াত সি অলপ অপ্ৰস্তুত হ'ল যদিও সোনকালেই সহজ হৈ হাঁহিলে । মই সুধিলো - "এইবোৰ কি কাৰবাৰহে ?''  ''কাৰবাৰ মানে ?'' নবীনে মোকেই ঘূৰাই প্ৰশ্ন কৰিলে । মই ক'লো - "অ',...মাত ফুটিছে দেখোন ! ফাৰ্মাচীখনত পাকৈত বোবাৰ একটিং কিয় কৰিলাহে ? আজিকালি ক'ৰবাত অভিনয়ৰ ট্ৰেইনিং লৈ আছা নেকি ? বাহিৰতো ভাল প্ৰেক্টিছ আৰম্ভ কৰিছা কিন্তু । অভিনেতা হ'ব পাৰিবা, কোনো সন্দেহ নাই ।" এইবাৰ নবীনে অলপ জোৰকৈয়ে হাঁহিলে, ক'লে - "নহয়হে আচলতে আজি মোৰ পেহীয়ে মোক ইন্হেলাৰ আনিবলৈ পাচিলে । ফাৰ্মাচীখনত উপস্থিত হৈ মই ইয়াৰ নামটোকে পাহৰি থাকিলো । সেয়ে অলপ বুদ্ধি খটাই আনিলো আৰু । কেনে পালে মোৰ বুদ্ধি ?"  আমালৈ অবাক হৈ আমাৰ কথা শুনি থকা দোকানী, মই আৰু নবীন তিনিও একেলগে প্ৰাণখুলি হাঁহিলো ।