Saturday, 14 February 2015

সোণৰ হৰিণ(আধা মিনিটৰ গল্প)

(অনুগল্প)

সোণৰ হৰিণ
ফুটপাথৰ কাষতে সাতবছৰীয়া কণমানি জীৱন দেউতাকৰ লগতে বহিছিল গোমধানৰ পোহাৰ মেলি । দেউতাকে কয়লা জ্বলাই তাতেই গোমধান পুৰি বিক্ৰী কৰে সদায় । তাৰেই সিহঁতৰ পৰিয়ালৰ জোৰা টাপলি মাৰে । গোমধানৰ পোহাৰ লৈ বহাৰ কিছু সময় হৈছিল, মাজে মাজে দুই এজন গ্ৰাহকে সিহঁতৰ গোমধান কিনি লৈ গৈছিল । সি দেউতাকক হাতে কামে লাগি দি মাজে মাজে কিছু সহায় কৰি দি আছিল । কাষৰ জকমকীয়া দোকানখনত জিলিকি থকা নানাধৰণৰ ৰংচঙীয়া পেকেটবোৰে তাৰ কোমলীয়া মনটোক প্ৰলোভিত কৰিবলৈ এৰা নাছিল । সি দেউতাকক পাঁচটকা খুজিলে । দেউতাকে চিন্তা কৰিলে, পাঁচটকা এটা ৰংচঙীয়া পেকেটৰ নামত খৰচ কৰিবলৈ পুতেকক কেনেকৈ দিব ! খৰছৰ বাটটো যে বৰ দীঘলীয়া । দেউতাকক বাৰে বাৰে কুটুৰি থাকিও টকা পাঁচটা নাপাই জীৱন তেনেকৈয়ে টোপনিয়ালে । কিছু সময় পাছত দেউতাকে দেখিলে জীৱন তেওঁৰ ওচৰত নাই । ওচৰে পাজৰে চাই তাক ক’তো নেদেখি তেওঁ আতঙ্কিত হ’ল । নিশা নামি আহিছিল ক্ৰমে ধৰালৈ । এপাকত তেওঁৰ চকু গ’ল তেওৰ কাষৰ খোলা ফুটপাথৰ অংশটোলৈ । তেওঁ শিহঁৰি উঠিল । তেওঁৰ গাতে গা লগাই থেনথেনাই থকা জীৱন কেতিয়ানো তাত পৰি গ’ল তেওঁ ততেই ধৰিব নোৱাৰিলে । তেওঁ তুলি আনিলে তাক ফুটপাথৰ ভিতৰৰ পৰা, তাৰ মূৰ ফাটি তেজ বৈছিল । সংজ্ঞাহীন হৈ পৰিছিল কণমানি জীৱন । কণমানি জীৱনক লৈ তেওঁ ওচৰৰ ফাৰ্মাচীলৈ ঢাপলি মেলিলে ।

মৰমৰ অত্যাচাৰ

আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা কোনো কোনো ক্ষণত মৰমৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয় । মই নিজেও কেইবাবাৰো এনে অত্যাচাৰৰ বলি হৈছোঁ । তেনেকুৱা পৰিস্থিতিৰ কথা মনত পৰিলে আজিও এক অজান পুলকত পুলকিত হৈ উঠে মন প্ৰাণ । মোৰ জীৱনত ঘটা তেনে দুটামান ঘটনা ব্যক্ত কৰিবলৈ ওলাইছোঁ ।
আমাৰ চুবুৰীতে এগৰাকী শিক্ষয়ত্ৰী অকলে বাস কৰিছিল । তেখেত এগৰাকী সহকাৰী শিক্ষয়ত্ৰী আছিল । মোৰ সৰুমাহী তেখেতৰ সহকৰ্মী হোৱা হেতুকে তেখেতৰ লগত আমাৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল । মানুহগৰাকীক আমি জেঠাই বুলি মাতিছিলো । জেঠাই কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল আৰু আমিও কেতিয়াবা তেখেতৰ ঘৰলৈ গৈছিলো । মহিলাগৰাকী যথেষ্ট পৰিপাটি আৰু নিয়মানুবৰ্ত্তী আছিল । তেখেতক তেখেতৰ স্কুলৰ ছাত্ৰীসকলে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল । তেখেত ঘৰৰ বাহিৰত থকা দেখিলে, সেই বাটেৰে তেখেতৰ ছাত্ৰী সততে ঘূৰি ফুৰিবলৈ ভয় কৰিছিল । ধকধকীয়া বগা মেখেলা চাদৰেৰে তেখেতৰ কোমল অথচ দৃঢ় মুখায়ব মোৰ আজিও মনত আছে । মই তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী । বিধবা জেঠাই দুজন পুত্ৰ যদিও জেঠাই অকলে থাকে । কেতিয়াবা অসুখ হলে, মই তেখেতৰ লগতে ৰাতি থাকি দিছিলোগৈ । তালৈকে কিতাপ পত্ৰও লৈ গৈ পঢ়িছিলো, তেখেতে মোৰ পঢ়াখিনিও মাজে মাজে চাই দিবলৈ এৰা নাছিল । মই এদিন সন্ধিয়া জেঠাইৰ তালৈ গ’লো খবৰ কৰিবলৈ ।জেঠাইৰ গা অসুখ বাবে এজনী দহ বাৰ বছৰীয়া ছোৱালী লগত ৰাখিছিল । মই গৈ দেখিলো তাই মাছ বাছি আছে, মাছটো ডাঙৰেই আছিল; বোধহয় ৰৌ মাছ, মই মাছ ভালকৈ চিনি নাপাওঁ, আজিও । মোক দেখি জেঠাইয়ে ক’লে-“তই আহিলি ভালেই হ’ল, পাৰ যদি তইয়েই ৰান্ধ আজি । কমলাক(সেই ছোৱালীজনীৰ নাম)মই পাগঘৰত কাম কৰিবলৈ এতিয়ালৈকে দিয়া নাই,তাই সৰু ছোৱালী । তাই তোক যোগাৰ বিলাক দিব তই ৰান্ধিলেই হ’ল’’। মই সৰুৰে পৰাই মাছ নেখাইছিলো, সেয়ে কোনোদিনে মাছ ৰান্ধি পোৱা নাছিলো, ৰান্ধি পোৱাটো দূৰৰে কথা, হাতেৰে নুচুইছিলোও । সঁচা কথা ক’বলৈ গ’লে আজিলৈকে ৰান্ধিও পোৱা নাই । জেঠাইৰ ঘৰত সেইদিনাই মাছ ৰন্ধা মোৰ জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা । কিন্তু মই জেঠাইক মাছ ৰান্ধিব নাজানো বুলি ক’ব নোৱাৰিলো । ইমান আন্তৰিকতাৰে মোক দায়িত্ব এটা দিলে মই বাৰু কেনেকৈ নোৱাৰোঁ বুলি কওঁ ! মাক মাছ ৰন্ধা দেখিছিলো, কি কি যোগাৰ লাগে জানিছিলো, গতিকে পাছ নুহুকিলোঁ । কিন্তু মাছখিনি ভাজিবলৈ লৈ দেখিলো মাছৰ ওপৰৰ ছালখন এৰাই গৈ বগা হৈ পৰিল, মই সাংঘাটিক ভয় খালো সেয়া কি হ’ল বুলি । ভজা মাছবোৰ চোন মই ৰঙচুৱাহে হোৱা দেখোঁ, এয়া যে বগা পৰিছে ! মই ওচৰতে থকা কমলাক সুধিলো, “মাছবোৰৰ চালবোৰ এৰাই গৈছে যে কিয় ?” তাই সহজভাৱেই ক'লে, “তেলত দিলে বাকলিখিনি এৰাই যায়েই ।" তাই জানিয়েই তেনেকৈ কৈছিল নে নজনাকৈয়ে তেনেকৈ কৈছিল মই নাজানিলো, তথাপি মোৰ সাধ্যানুসৰি ৰান্ধিলো । মই পেটে পেটে বৰ ভয় খাইছিলো, জেঠায়ে নিশ্চয় সোৱাদ নাপাই মোক বেয়া পাব, ৰান্ধিবও নাজানে বুলি । সিদিনা মই নিজে অৱশ্যে মাছ নাখালো, গতিকে কেনে হ’ল তাক মই গম নাপালো । কিন্তু মাছৰ আঞ্জা খাই সিদিনা জেঠাই বা কমলা কোনেও কোনো ধৰণৰ অসন্তুষ্টি নেদেখুৱালে । ময়ো ভয়তে নুসুধিলো, কেনে হ’ল খাবলৈ বুলি । আকৌ আন এদিনৰ কথা, মই দুপৰীয়া ঘৰতেই ভাত পানী খাই আজৰি হৈ চিধাই জেঠাইৰ ঘৰ ওলালোগৈ, খৱৰ কণ লৈ আহোঁ বুলি । মোৰেই ভাগ্য নে দুৰ্ভাগ্য ক’ব নোৱাৰোঁ; জেঠায়ে কাঁহী দুখন উলিয়াই কমলা আৰু নিজলৈ বুলি ভাত বাঢ়িবলৈ লৈছিলহে, হাজিৰ হলোগৈ নহয় মই । মোক দেখি জেঠাই উত্সাহিত হৈ উঠিল ক’লে, “অ’, সাৰদা তই আহিলি, ভালেই হ’ল দে । তয়ো বহ ভাত খাহি । মই কলো, “মই এইমাত্ৰ ভাত খায়েই আহিছোঁ, আপোনালোকে খাওঁক ।" নাই তেখেতে মোৰ কথা নুশুনেই, কাঁহী আৰু এখন আনি ভাত বাঢ়িবলৈ ল’লেই । আকৌ ৰান্ধিছে সিদিনাও মাছ ! মাছ নহ’লে ভাত হেনো ডিঙিৰে নসৰকেই ! মই মহা আপত্তি কৰিলো, এফালে পেট ফুল তাতে আকৌ মাছৰে খাব লাগিব । মই বাৰে বাৰে নাখাওঁ নাখাওঁ কৰাত তেখেতে কান্দিয়েই পেলালে, ক’লে – “তই মোক বেয়া পাৱ ! মোক ঘিণ কৰ !” “তেনেকৈ কিয়নো কয় আপুনি, মইনো বাৰু আপোনাক বেয়া পাম কিয়? আপোনাক বেয়া পালে আহোনে দৌৰি দৌৰি খৱৰ কৰিবলৈ ?” – মই ক’লো । তেখেতে কিন্তু নেৰিলে, ক’লে – “মই ৰন্ধা তেনেহলে তই কিয় নাখাৱ ? খা একো নহয়, অলপ খাব পাৰিবি ।" মই মহা বিমোৰত পৰিছিলো, মানুহজনীক ভাত খোৱা পৰতে আহি অযথা কষ্ট দিলো । উপাই নাপাই সিদিনা তেখেতৰ মৰমৰ অত্যাচাৰৰ ওচৰত হাৰ মানি, জীৱনত প্ৰথমবাৰৰ বাবে মাছেৰে ভাত খালোঁ । স্ফূৰ্তিত হাঁহিম নে খঙে দুখে কান্দিম ঠাৱৰ কৰিব পৰা নাছিলো সেই মুহূৰ্ত্তত । মোৰ অৱস্থা কি হৈছিল সিদিনা, মোৰ বাহিৰে কিজানি কোনেও উপলব্ধি কৰিব নোৱাৰিব । জেঠাই আজি নাই, কিন্তু আজি জেঠাইৰ মৰমৰ অত্যাচাৰ বোৰ মনত পৰিলে এক বুজাব নোৱাৰা আনন্দত মন ভৰি উঠে ।

আন এবাৰৰ ঘটনা । এইবাৰৰ ঘটনাৰ নায়ক কাহিলীপাৰাত থকা মোৰ মহা । মোৰ মহায়েও মানুহক খুৱাই বৰ ভাল পাইছিল । তেনেকৈ যে কেতিয়াবা মানুহক অত্যাচাৰো কৰা হয়, তাক তেখেতে কেতিয়াও ভাবি নাপাইছিল । এবাৰ মই গৈ ওলালো, ৰাতিপুৱা । মাহীৰ ঘৰলৈ গ’লে সাধাৰণতে তাতেই ভাত সাজ খোৱা হয় । মহাই সাধাৰণতে পাগঘৰত কাম নকৰে । সেইদিনা মহাই নিজেই নিজৰ খুচীৰে ৰান্ধিছে ডাঠা শাক, বিলাহী আৰু সৰিয়হৰে নিজৰ পছন্দ মতে । মই খোৱা বোৱাত সৰুৰে পৰা বেয়া, ভালেমান শাক পাচলি মোৰ খোৱা লিষ্টৰ বাহিৰত । মই ভাত খাবলৈ বহিলোহে, মহাই মহা আনন্দেৰে বিলাহী-সৰিয়হ দি ৰান্ধা ডাঠাশাক ভজা লৈ আহি মোৰ পাতত দি ক’লে, “খাই চোৱা আজি মই ৰান্ধিছোঁ।" শাকভজা যে সোৱাদেই হৈছে, তাক তাৰ চেহেৰাই কৈছিল । কিন্তু ডাঠা শাক বুলিলেই মই সাতজাপ মাৰো...মোৰ যেন ডিঙি বেজবেজাই উঠে । মাহঁতৰ গালি খাই কেতিয়াবা সামান্য মুখত দিওঁ যদিওঁ মোৰ ডিঙিৰে খুউব কষ্টেৰেহে সৰকিছিল । মহাই মহানন্দেৰে আগবঢ়াই দিয়া শাক ভজাখিনি দেখিয়েই মোৰ মূৰটো ঘূৰাই গ’ল ।মই কৰুণকাতৰ ভাবেৰে মহালৈ চাই ক’লো, “মই ডাঠাশাক নাখাওঁ, ভাল নালাগে”। মই কথাখিনি কৈ শেষ কৰিবই নোৱাৰিলো । মহাই ক’লে, ‘‘আৰে, এবাৰ খাই চোৱা । তাৰ পাছত কবা...হে হে হে...।’’ মহাৰ মুখত বিশ্বজয়ৰ হাঁহি । মহাৰ মৰমৰ অত্যাচৰক আওকাণ কৰাৰ সাহসো মোৰ নাছিল ।অগত্যা, খাবলৈ চেষ্টা কৰিলো । বিশ্বজয়ৰ হাঁহি মুখত ওলোমাইলৈ মহাই মোক সুধিলে, “কেনে হৈছে....?” মহাৰ প্ৰশ্নৰ উত্তৰত ভাল হৈছে বুলি ক’বলৈ মই বাধ্য । পেটে পেটে মোৰ মহাৰ ওপৰত খংটো উঠিছিলেই নিজৰ ওপৰতো খং উঠি আহিছিল, বান্দৰেনো কি বুজে নাৰিকলৰ মোল ! মহা এটা সময়ত আমাৰ কাষৰ পৰা উঠি গ’ল, সেই সুযোগৰ সদ্ ব্যৱহাৰ কৰি বাকী থকা শাকখিনি মোৰ ভনীজনীৰ পাতত দি দিলো, মনে মনে বৰ শান্তি পালো..... বাচিলো ! অলপ পাছতে মহা আকৌ ঘূৰি আহিল, দেখিলে মোৰ পাতৰ শাক শেষ ! মহা বোধহয় উৎসাহিত হ’ল, তাৰমানে শাক নোখোৱা ছোৱালীয়ে খাই তৃপ্তি পাইছে ! তাৰমানে তেখেতে ৰন্ধা শাক যথেষ্ট সোৱাদ হৈছে !! পলম নকৰি আকৌ আনি বাকি দিলে শাক অলপ মোৰ পাতত । সিদিনা মোৰ ব্যথা কেৱল মোৰ ভনীজনীয়েহে বুজিছিল, যদিও মনে মনে মোৰ অৱস্থালৈ চাই পৰম কৌতুক অনুভব কৰিছিল ।
আকৌ আন এদিনৰ ঘটনা । তেতিয়া মই চাকৰিত সোমোৱা বেছি দিন হোৱা নাই । মোৰ কামত মই ব্যস্ত হৈ আছিলো । এনেতে, মোৰ কাৰ্য্যালয়লৈ সোমাই আহিল মহা, মোৰ খৱৰ ল’বলৈ ।মহাৰ লগত তেখেতৰ বোৱাৰী মানে মোৰ বৌজনী আৰু মহাৰ কোলাত মোৰ অকণমাণি ভতিজী লীনা । মহাই জনালে,কিছু দিনৰ পৰা লীনাৰ জ্বৰ আৰু বমি হৈ আছে, সেয়ে তাইক ডক্তৰৰ ওচৰলৈ দেখুৱাবলৈ লৈ আহিছে । কুঁশল বাৰ্তা লৈ মহা যাবলৈ ওলাই মোক ক’লে – “ব’লা ৰেষ্টুৰণ্টলৈ, চাহ খাই আহিবা ।" মই টিফিন কৰা বেছি সময় হোৱা নাই । “মাত্ৰ খাই উঠিছোহে, আজি আৰু নাযাওঁ” – ক’লো, মই । কিন্তু মোৰ কথা মহাৰ একাণেদি সোমাই সিকাণেদি ওলাই গ’ল । ক’লে, “কিয়, বচলৈ ভয় কৰিছা নেকি ? ঠিক আছে মই পাৰ্মিচন লৈ দি আছোঁ । মোৰ ছোৱালী, মই চাহ খুৱাবলৈ অকণ সময় লৈ যাব নোৱাৰিম নেকি?” কৈয়েই মহা চিধাই বচৰ কেবিন পালেগৈ, তাতে তেখেতৰ লগত নিজে চা চিনাকি হ’ল, আৰু মোক অলপ সময়ৰ কাৰণে বাহিৰলৈ লৈ যোৱাৰ অনুমতি বিচাৰিলে । মোৰ হাতত কোনো উপাই নাছিল, মহা আৰু বৌক অনুসৰণ কৰিলোঁ । মহাই বৌ আৰু মোক মহাৰ চিনাকী ৰেষ্টুৰেণ্ট এখনলৈ লৈ গ’ল । প্ৰথমেই এখন পৰঠাৰ অৰ্ডাৰ দিলে । কোনো আপত্তি নকৰি খালো । পৰঠা শেষ হ’বই নাপালে, বিলনীয়া ল’ৰাটোক মাতিলে – “ইফালে মলাই চমচম আৰু ৰসমিঠাই দুটাকৈ দিয়া” আৰু আমালৈ চাই ক’লে, “ইয়াৰ মলাই চমচম আৰু ৰসগোল্লা বৰ সোৱাদ । আমি আপত্তি কৰিলো যদিও তেখেতে কোনো কেৰেপেই নকৰিলে । মিঠাই দুটা শেষ হ’ল কি নহ’ল এইবাৰ আকৌ বিলনীয়াটোক চিঞৰি ক’লে – “ঐ...ল’ৰা, ইফালে চিঙৰা দুটা দিবি ।" আমি দুয়োজনীয়ে একেলগে চিঞৰি উঠিলো, “নাই নাই নালাগে নালাগে” বুলি, কিন্তু মহা এইবাৰো নাচোৰবান্দা খুৱাই হে এৰিব । ক’লে, “তোমালোকো কি ছোৱালীহে ! এইখিনিকো খাব নোৱাৰা । পাৰিবা পাৰিবা, খোৱা একো নহয় । ইয়াৰ চিঙৰা আঃ কি যে সোৱাদৰ হয়.....।“ নিজে হ’লে একো নাখালে মাত্ৰ খা্দ্য বস্তু বোৰৰ প্ৰসংশা কৰি কৰি আমাক এটাৰ পিছত এটাকৈ খোৱাবলৈ লাগিল । বৌৱেও আপত্তি কৰিব নোৱাৰে, ময়ো বলে নোৱাৰো মহাক । অগত্যা চিঙৰাও চোৱাবলৈ ল’লো । তেখেতে চিঙৰা খাই থাকোতে আকৌ ল’ৰাটোক মাতি ক’লে – “ঐ...ল’ৰা, দৈ আছেনে ?” এইবাৰো আমি আপত্তি কৰিলো, “দৈ নাখাওঁ পেট ওফন্দি উঠিছে আৰু খাব নোৱাৰিম ।" তেখেতে ক’লে, “খোৱাৰ শেষত দৈ খাব লাগে, হজম হয় । দৈ খোৱা ভাল....খোৱা খোৱা, ভাল লাগিব ।" ইতিমধ্যে ল’ৰাই আনি দৈ দুবাতি দি গ’লেই । অগত্যা আমি নিৰ্বিবাদে দৈ গলাধকৰণ কৰাত লাগিলো । খাই খাই অৱস্থা মোৰ কাহিল হৈ গৈছিল । দৈ খাই শেষ কৰি উঠিবহে খুজিছিলো, মহাই আকৌ ক’লে – “বহাচোন বহা....ইমান কিহৰ খৰধৰ কৰিছা ?" এইবাৰ পুণৰ ল’ৰাটোক মাতিলে – “ইফালে দুটা কচৌৰী দি যাবি । মই বৌলৈ চালো, কৰুণভাবে ক’লো, “বৌ আৰু নোৱাৰোঁ । খোৱাবোৰ টেটু পাইছেহি । বৌৱেও ক’লে, “ময়ো আৰু নোৱাৰো.। ল’ৰাটোৱে কচৌৰী দুটা আনি আমাৰ আগত থলেহি । মহাই আমাক খাবলৈ কৈ এইবাৰ বিল দিবলৈ বুলি কাউন্টাৰলৈ উঠি গ’ল । আমি এই সুযোগৰ সদব্যৱহাৰ কৰি কচৌৰী দুটা বৌৱে লীনাৰ বাবে লগত অনা সৰু পলিথিনৰ বেগত ভৰাই দিলো । আমি লৰালৰিকৈ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলো । খৰখেদাতে বৌৰ হাতৰ পৰা টোপোলাটো সৰি পৰিল । য’তে বাঘৰ ভয়, ত'তে ৰাতি হয়....কথাষাৰ আমাৰ ক্ষেত্ৰত সিদিনা ভালকৈয়ে ফলিয়াইছিল । টোপোলাটো সৰি পৰাৰ লগে লগে কচৌৰী দুটাও বেগৰ পৰা ওলাই ল'ৰ মাৰিলে । টোপোলা সৰি পৰা দেখি মহাই ঘূৰি চাই কচৌৰী দুটা দেখিলে, বৌ আৰু মই দুয়ো দুয়োলৈ চালো, হাঁহিম নে কান্দিম অৱস্থা তেতিয়া আমাৰ দুয়োৰে । মহাই পিছে কচৌৰী দুটা দেখিও মুখেৰে একো নামাতি নেদেখা ভাও জুৰি আগুৱাই গ'ল । অহ্, বেয়া বাচিলো । বৌ আৰু মহাৰ পৰা বিদায় লৈ মই মোৰ কাৰ্মক্ষেত্ৰলৈ আহিলো । এই কথা মনত পৰিলে মই আজিও বেছ কৌতুক অনুভব কৰোঁ । ইমানকৈ খালো যদিও সিদিনা কিন্তু একো নহ'ল মোৰ । মৰমৰ অত্যাচাৰতেই কিজানি হজম হৈ গ’ল সকলো ।
ණসাৰদা শ্ৰেষ্ঠ

(কবিতা) ঘাঁ

(কবিতা)
 ঘাঁ
শুকাবলৈ লৈছে
মোৰ ঘাঁ টুকুৰা
টুকুৰিয়াই নিদিবা তাক ।
ই আকৌ বিয়পিব
মোৰ হৃদয়জুৰি ।
যাণ্ত্ৰনাই
আকৌ খেদিব মোক ।
যাণ্ত্ৰনাৰ হলাহল পি
পুণৰ মাতাল হ'ব নুখোজোঁ মই ।
নুখুজোঁ মই,
এবাৰ আকৌ হেৰুৱাব নিজক ।

(প্ৰৱন্ধ) সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

(প্ৰৱন্ধ)
                                                      সাম্প্ৰতিক ঘটনা আৰু আমাৰ ভৱিষ্যত

আজি কিছুদিন ধৰি কিছুমান অভাৱনীয় ঘটনা সমূহে গোটেই অসমৰ আকাশ বতাহ ভালকৈয়ে কঁপাই তুলিছে । প্ৰথমে বানপানীত উটি আহিল টকা এয়া এক ভাবিব নোৱাৰা আৰু অবিশ্বাস্য ঘটনা হলেও ইয়েই সত্য তাক অস্বীকাৰ কৰাৰ কোনো উপাই নাই । তাৰ পাছত ওঁঠ টিপিলেই গাখীৰ ওলোৱা ল'ৰা - ছোৱালীবোৰৰ এক অভিজাত হোটেলত মাজনিশা জুৱা আৰু মদৰ আড্ডা । শেহতীয়াকৈ জি এছ ৰোড কাণ্ড । যি  অধিক লজ্জাজনক আৰু দুখজনক ।এই কাণ্ডই কেৱল অসমকে নহয় সমগ্ৰ বিশ্বতেই তোলপাৰ লগাইছে । এই ঘটনা প্ৰবাহে আমাৰ বিশৃংখল সমাজৰেই পৰিচয় দিয়ে  ।
সাম্প্ৰতিক অসমৰ সমস্যা বহুত । এই সমস্যাবোৰৰ বিষয়ে আমি সকলো কম বেছি পৰিমানে অৱগত । কিন্তু এই সমস্যাবোৰলৈ চকু কাণ দিবলৈ যেন কাৰো আহৰি নাই । মদৰ দোকান (সভ্য ভাষাত আজি বাৰ হ'ল, বাৰ বুলি ক'লে মনটো  আধুনিকৰ পৰশত অলপ ফুলি উঠে, মদৰ দোকান বুলি ক'লে আমাৰ ইজ্জতত লাগে !) লৈ নিশা দুগৰাকী মহিলা মদ খাবলৈ গ'ল, তাতেই মদ খাই মাতলামি কৰিলে । এয়া আমাৰ সমাজৰ  ভাল লক্ষণ বুলি কোনোপধ্যেই ক'ব নোৱাৰি । এতিয়া প্ৰশ্ন উঠিব পাৰে, "নাৰীয়ে মদৰ দোকানলৈ গৈ মদ খাব নোৱাৰে নেকি ? নাৰীৰ নিজস্ব স্বাধীনতা নাইনে ?" নাৰীৰ স্বাধীনতাত মই হস্তক্ষেপ কৰিব নোখোজোঁ । মই নিজে এগৰাকী নাৰী, গতিকে মই নিজেও বিচাৰিম নাৰীৰ সম্পূৰ্ণ স্বাধীনতা । কিন্তু স্বাধীনতাৰ দোহাই দি আমি স্বাধীনতাৰ কিমানখিনি সুবিধা গ্ৰহণ কৰা উচিত ? যিখিনি স্বাধীনতাই আমাৰ সমাজক দূষিত কৰিব পাৰে, তেনে স্বাধীনতাৰ সুবিধা আমি নোলোৱাকৈ থাকিব নোৱাৰোনে । সমাজৰ শৃংখলা বজাই ৰাখিবলৈ হলে আমি সংযমী হোৱাটোও অতি জৰুৰী বুলিয়েই মই ভাবো । মদৰ দোকানলৈ নিশা মদ খাবলৈ গৈ মাতলামি কৰা নাৰীতো বাদেই পুৰুষকো সৌসিদিনালৈকে ভাল চকুৰে চোৱা হোৱা নাছিল । আজি আমি অতি আধুনিক হলো, এইবোৰ এতিয়া আমাৰ বাবে একেবাৰে সৰু কথা হৈ পৰিল ।
এগৰাকী নাৰীৰ ওপৰতেই ঘৰখনৰ সৰ্বাধিক দায়িত্ব আৰু কৰ্তব্য থাকে । সন্তানৰ শাৰীৰিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত পিতৃতকৈ মাতৃৰ ভূমিকাই সৰ্বাধিক । কাৰণ বেছিভাগ সন্তানেই মাকৰ বেছি ওচৰ সান্নিধ্য লাভ কৰে । সন্তানে গৰ্ভত স্থিতি লোৱাৰ পৰা ভুমিষ্ঠ হোৱালৈ আৰু ভুমিষ্ঠ হোৱাৰ পৰা নিজে নিজৰ কামখিনি কৰিব পৰা হোৱালৈকে প্ৰায় চৈধ্য পোন্ধৰ বয়সলৈকে সন্তান বহুখিনি মাকৰ ওপৰতেই নিৰ্ভৰশীল । গতিকে এগৰাকী মাকৰ ওপৰতেই এটি শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে বুলি কলেও বঢ়াই কোৱা নহ'ব ।এনেক্ষেত্ৰত ঘৰৰ নাৰীয়েই যদি নিশা মদ পান কৰিবলৈ মদৰ দোকানলৈ যায় তেন্তে তেনে ঘৰৰ অৱস্থা কি হ'ব পাৰে সি সহজে অনুমেয় । আমি পাহৰিলে নহ'ব যে এখন ঘৰৰ সুস্থ পৰিবেশে আমাৰ চুবুৰীৰ পৰিবেশ সুস্থ কৰি তুলিব পাৰে, ঠিক সেইদৰে এখন সুস্থ, নিকা চুবুৰীয়ে সুস্থ কৰি তুলিব পাৰে এখন সমাজ ।
এতিয়া মই শুনিবলৈ পোৱা মতে ৰাইজে দাবী তুলিছে যে নাৰীৰ নিৰাপত্তাৰ খাতিৰত নিশা মদৰ দোকান বিলাকৰ ওচৰে পাজৰে মহিলা আৰক্ষী নিয়োগ কৰিব লাগে । এয়া মোৰ বোধেৰে এক বাতুলামি মাত্ৰ । যি সময়ত "সত্যমেৱ জয়তে''ৰ জৰিয়তে অলপতে মদৰ অপকাৰীতা আৰু ইয়াৰ পৰা হ'ব পৰা বহুতো উপসৰ্গ সমূহৰ বিষয়ে সজাগতা আনিবলৈ বলিউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে প্ৰচেষ্টা হাতত লৈছে, সেই সময়ত ৰাইজৰ এনে দাবী এক অসুস্থ মানসিক চিন্তাৰেই প্ৰতিফলন বুলিব পাৰি । আচৰিত হৈছোঁ, ৰাইজে মদৰ দোকান উঠোৱাৰ কথা চিন্তা কৰাৰ বিপৰীতে মদাহীবোৰক সুৰক্ষা দিব বিচৰা কাৰ্য্যত । এনে হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম যে অচিৰেই ধংসৰ অতল গহ্বৰলৈ নিক্ষেপিত হ'ব সেয়া এশ শতাংশই খাটাং ।
মই মদ একেবাৰেই খাব নালাগে বুলিও ক'ব থোজা নাই । কিছুমান জাতি -  জনজাতিৰ মাজত মদ খোৱাটো এটা পৰম্পৰা ৰূপে অতি প্ৰাচীন কালৰে পৰা চলি আহিছে, গতিকে ইয়াক একেবাৰে বৰ্জন কৰাটো সহজ কথা নহয় । কিন্তু যিটো বস্তু যি খিনি পৰিমাণে গ্ৰহণ কৰিলে নিজৰো ক্ষতি নহয় আৰু আনেও তাৰ কুফল ভোগ কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মদ পান কৰিলে হয়তু কোনো অৰাজকতাৰ সৃষ্টি কেতিয়াও নহ'ব । কিন্তু এইটো কথাও ঠিক যে মদ ৰাগীয়াল বস্তু হোৱা হেতুকে ইয়াৰ প্ৰতি থকা দুৰ্বলতা মদাহীয়ে ক'ব নোৱাৰাকৈয়ে অনুভব কৰে ।

(আমি অসমীয়াত প্ৰকাশিত)

ভূতৰ অদ্ভুত কাহিনী

(অনুভব)
সৰুৰে পৰা ভূতৰ অলেখ কাহিনী শুনিছোঁ । সেইবোৰ শুনি এফালে ভয়ত যেনেকৈ পেঁপুৱা লাগিছিলো আনফালে তেনেকৈ ভূতৰ অস্তিত্ব সম্পৰ্কে কৌতূহলী হৈ উঠিছিলো । ভুত আছে নে নাই তাক খাটাংকৈ ক'ব নোৱাৰো, কাৰণ এই সম্পৰ্কে মই কোনো গৱেষণা কৰা নাই । কেতিয়াবা ভুতৰ বিপক্ষে ক'বলৈ ললেও ভূতৰ সপক্ষে যিবোৰ জোৰদাৰ মন্তব্য শুনো তেতিয়া মোৰ যুক্তি ক'ৰবাত উফৰি যায় ।মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, ''ঈশ্বৰৰ বাহিৰে আন কালৈকো ভয় নকৰিবা ।'' মই ঈশ্বৰক ভয় কৰাৰ বাদেও আন এবিধ প্ৰাণীকো ভয় কৰো,সেয়া হ'ল দুঠেঙীয়া মানে মানুহ । ঈশ্বৰতকৈও দুঠেঙীয়া প্ৰাণীলৈহে কেতিয়াবা মোৰ বেছি ভয় হয় । মই ভাবো মানুহতকৈ ভয়ানক হয়তো আন কোনো জীৱ নাই । মানুহে এহাতে যেনেকৈ ঐশ্বৰিক শক্তিৰে ঈশ্বৰত্ব লভিবলৈ সক্ষম হৈছে আনহাতে তেনেকৈ পৈশাচিক শক্তিৰে বলিয়ান হৈ ভয়ঙ্কৰতকৈও ভয়ঙ্কৰ হৈ উঠিবলৈকো কেতিয়াবা কুণ্ঠাবোধ নকৰে । বাৰু সেইবোৰ থওঁ, আচল কথালৈ আহোঁ । ভূতক লৈ মোৰ সাধাৰণ কিছু অভিজ্ঞতাৰ বিষয়েহে আপোনালোকক ক'বলৈ খুজিছোঁ ।
এবাৰ মই মামাহঁতৰ ঘৰলৈ থকাকৈ গৈছিলো সৰুতে । সৰু মানে ৬ - ৭ মান বয়সৰ কথা হ'ব বোধকৰোঁ । মামাহঁতৰ ঘৰ ৰজাদুৱাৰত । তেতিয়া সেইখন গাওঁৱেই বুলিব পৰা গৈছিল । ঘৰত কোনো নাছিল, কেৱল মামাৰ ল'ৰা, (মোৰ ভাই, মোতকৈ কেইমাহ মানে সৰু) আৰু মই । মাহী আৰু মামী দুয়ো অকণমানি ভনীজনীক (মামীৰ জী) লৈ গুৱাহাটীলৈ পাৰ হৈ আহিল সোনকালেই আহিম বুলি কৈ । ক্ৰমে সন্ধিয়া নামি আহিল । সন্ধিয়া হৈ অহাৰ লগে লগে আমাৰ মন এক অজান ভয়ত দুৰু দুৰু কঁপিবলৈ লৈছিল । অকলে তেনেকৈ কেতিয়াও থাকি পোৱা নাছিলো আগতে । ভয় ভাবে মনটোক আলোড়িত কৰা সময়তে ভাইটোৱে মোক ক'বলৈ ধৰিলে - ''আমাৰ ইয়াত দেৱতা আছে । সন্ধিয়া ওলায় ।" ভুত সম্পৰ্কে মই শুনিছিলো যদিও সিমান ভয় কৰিব লগা বুলি ভবা নাছিলো । কিন্তু তাৰ মুখত ভুতৰ কথা কাণ্ডবোৰ শুনি মোৰ পেটতে হাত ভৰি লুকুৱা অৱস্থা হ'ল । তেনেকুৱাতে আমাৰ দুৱাৰত কোনোৱাই টুকুৰিয়ালে । ভয়ে ভয়ে দুৱাৰ মেলি দি চাওঁ, কোনো নাই । ভয়ত আমি থৰহৰি কম্পমান । এইবাৰ আকৌ চপৰাবোৰ দলিওৱা শব্দ হ'ল দুৱাৰত । দুৱাৰৰ ফাঁকেৰে চাই দেখিলো সেইবোৰ মাটিৰ চপৰা । ভাইটোৱে কৈ উঠিল - ''দেৱতাই দলিয়াইছে জানঅ' । দেৱতাই শিল নদলিয়ায়, মাটিৰ চপৰাহে দলিয়ায় ।''আগতে কেতিয়াও এনে পৰিস্থিতিত পৰা নাই । কি কৰা যায় এতিয়া ! মামীহঁতৰো কোনো দেখা দেখি নাই । মই সুধিলো, তাক আমি কি কৰা উচিত । এইবাৰ সি বিজ্ঞৰ দৰে দিহা দিলে - "দেৱতাই লোহা দেখিলে নাহে আৰু জুইক দেৱতাই ভয় কৰে ।'' যেন কথা তেন কাম । মই হোলাৰ ভাই মোলা । সি যি কৈছে তাকেই কৰি গৈছো । হাতত চিপৰাং,কটাৰি য'ত যি পালো দুয়ো ললো, জুইৰ বাবে চাকি জ্বলাই ললো । নাই তাৰ পাছতো ভূতৰ উপদ্ৰৱ নকমিল, বৰং আগতকৈ বাঢ়িলহে । এইবাৰ সি, "তই যি কৰঅ ক'ৰ, মই হ'লে ইয়াত থকাত নাই,'' বুলি কৈ হাতত লৈ থকা চিপৰাং দলিয়াই ভিৰাই লৰ দিলে কাষতে থকা ডাঙৰ মামাৰ ঘৰলৈ বুলি । ময়ো তাৰ পাছে পাছে দৌৰিলো । আমাক দুয়োটাকে হেফাই ফেপাই উধাতু খাই লৰি অহা দেখি ডাঙৰ মামীয়ে সুধিলে, ''তহঁতৰ কি হ'ল অ,এনেকৈ উধাতু খাই লৰ ধৰিছ কিয় ।'' আমি আদ্যোপান্ত বিৱৰি ক'লো । মামীয়ে হাঁহিলে । ক'লে,'' যা কোনো দেৱতাই দলিওৱা নাই । সেয়া ৰামৰ (ডাঙৰ মামাৰ ল'ৰা,আমাৰ দাদা) কাম, তহঁত অকলে থকা বুলি জানি সিয়েই তহঁতক জোকাবলৈ এনে কৰিছে ।''
মই সৰু থকা কালৰে আন এটা ঘটনা । আমাৰ ঘৰৰ ওচৰতে এটা ঘৰত দুজন ভাই ককাই ভাড়া লৈ একেলগে বাস কৰিছিল । দুয়ো চাকৰি কৰিছিল । তেওঁলোকৰ ঘৰৰ চাবি এপাটেই থকা হেতুকে চাবিপাট আমাৰ ঘৰতে দি গৈছিল । যিজনেই প্ৰথমে আহিছিল, তেওঁৱেই চাবিপাট নিছিলহি । এদিন ৰাতি সম্ভৱত ৯ বাজি গৈছিল, মই পঢ়ি আছিলো । তেনেতে মায়ে মোক ক'লে, "যাচোন মামা আহিছে চাবিপাট দি আহগৈ ।" মাৰ আদেশ মানি লগে লগে পঢ়া এৰি চাবিপাট লৈ বাহিৰলৈ দৌৰি গ'লো । কিন্তু বাহিৰত কাকো নেদেখি তেওঁলোক থকা ঘৰলৈকে গ'লো, চাবি খুজি তালৈকে গ'ল বুলি ভাবি । নাই কোনো নাই । তেতিয়া, মানে আমি সৰু থকা কালত মানূহ সিমান নাছিল । ৯ বজা মানে ভালেখিনি ৰাতি । মই ঘূৰি আহি বাহিৰত যে কোনো নাই ক'লো, লগতে ইয়াকো ক'বলৈ নাপাহৰিলো যে মই তেওঁলোকৰ তালৈকেও তেওঁলোকক বিচাৰি গৈছিলো । মা দস্তুৰমত ভয় খালে, মই অৱশ্যে সিমান ভয় খোৱা নাছিলো । মায়ে মোক দবিয়ালে, - "তই সেইফালে কিয় গৈছিলি? নাছিল নাই ঘুৰি আহিব লাগে ।" তাৰ পাছত মায়ে আনৰ আগত কোৱা শুনিছিলো মাক হেনো সাইলাখ মামাজনে মতাৰ নিচিনাকৈ 'বাইদেউ', 'বাইদেউ' বুলি মতা শুনি মায়ে মোক পঠিয়াইছিল চাবি দিবলৈ বুলি । যিয়ে শুনিলে সিয়ে ইহ্ ইহ্ কৰিলে । মাক ওলোটাই ধৰিলে ৰাতি বিয়লি মোক তেনেকৈ পঠিয়াই ভাল কাম নকৰিলে বুলি ।মোৰ গ্ৰহ গতি ভাল আছিল বাবেহে হেনো মই বাছিলো । মই পিছত জানিব পাৰিলো সেয়া হেনো ভূতৰ কাম । ভূতে হেনো তিনিবাৰতকৈ বেছি নামাতে । যদি চাবিৰ গৰাকীয়েই হ'লহেতেন নিশ্চয় সিহঁত তেনেকৈ অন্তৰ্দ্ধান নহলহেঁতেন । সেয়া ভূতে মাতিছিল নে একান্তভাৱে কামত ব্যস্ত থকা বাবে মাৰ ভ্ৰম হৈছিল সেয়া আজিও মোৰ বাবে সাঁথৰ হৈ থাকিল ।
আন এটা ঘটনা, য'ত মই প্ৰত্যক্ষভাবে জড়িত নহয় । আমাৰ দাদা এদিন ঘৰলৈ আহি ক'বলৈ ধৰিলে - আজি অদ্ভূত ঘটনা এটা ঘটিল । আমি আটায়ে উত্সুকতাৰে তালৈ চোৱাত সি আকৌ কৈ গ'ল - "ৰূক্মিনীয়ে (সম্পৰ্কত মোৰ বাইদেউ) মোক দেখি আচৰিত কথা ক'লে ।" তাই ক'লে বুলি কৈ দাদাই ৰুক্মিনীৰ ভাষাৰেই ক'বলৈ ধৰিলে - "সিদিনা সন্ধিয়া তোমাৰ লগত কথা পাতি থকাৰ মাজতে কথা শেষ নকৰাকৈয়ে তোমাক বিদায় দিলো । সেইবাবে চাগৈ তুমি মোক বেয়াই পাইছা । আচলতে সিদিনা সেইসময়ত মই বেয়া বস্তু দেখিহে তোমাক সোনকালে বিদাই দি ঘৰমুৱা হৈছিলো ।দাদাই কি বেয়া বস্তু দেখিছিল বুলি সুধিলত তেওঁ হেনো ক'লে - "সিদিনা তোমাৰ লগত কথাপাতি থাকোতে মই সেই দূৰৈৰ কেঁকুৰীটোত কেইটিমান শিশু আহি থকা দেখিছিলো । কিন্তু সিহঁত আকৌ ঠাইতে অদৃশ্য হৈ গ'ল । সিহঁত আচলতে মানুহৰ পোৱালী নহয় । মই আগে পাছেও সেইখিনিত বেয়াবস্তু ওলোৱাৰ কথা শুনিছিলো । সেয়ে যথেষ্ট ভয় খালো যদিও তোমাক একো নকলো তুমি ভয় খাবা বুলি । ইচ্ চোৱাচোন কথাখিনি ভবাৰ লগে লগে কেনেকৈ গাৰ নোমবোৰ থিয় হৈছে ।" এইখিনি কৈ দাদাই আকৌ ক'লে -"মই সেইবাটেৰেই ঘৰলৈ আহিলো সিদিনা, কিন্তু একো গম নাপালো ।" কিন্তু দাদাও যে মনে মনে ভয় খাইছিল বাইদেউগৰাকীৰ কথা শুনি তাক বুজাত মোৰ ভুল নহ'ল । অৱশ্যে সিদিনা দাদাক মই একো নকলো যদিও আজি ভাবিছোঁ, সেয়া বাৰু বাইদেউৰ দৃষ্টিভ্ৰম আছিল নেকি ?
আমি থকা ঠাইডোখৰতো ভূত আছে বুলি বহুলোকে কোৱা শুনিছোঁ । ৰাতি হেনো বিভিন্ন ৰূপ লৈ ঘূৰি ফুৰে । মই কিন্তু আজিলৈ ভূত বা ভূতুনীক দেখা নাই । ৰাতি কেতিয়াবা প্ৰাকৃতিৰ আহ্বানত বাহিৰলৈ ওলাব লাগে । মই কেতিয়াও ভুতৰ ভয়ত ৰাতি বাহিৰলৈ নোলোৱাকৈ থকা নাই । অকলেই বাহিৰলৈ ওলাই যাওঁ । কোনো ভূতৰ সাহস হোৱা নাই মোক জোকাবলৈ । কাৰ্য্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহোতে সদায় সন্ধিয়া হয়, নিশা নামি আহে ধৰালৈ ।আমাৰ ঘৰলৈ অহাৰ বাটত এঠাইত অলপ আন্ধাৰ হয় । মানূহৰ ঘৰ আছে যদিও বাহিৰত লাইট জ্বলাই নোথোৱাৰ বাবে ঠাইখিনি আন্ধাৰ হৈ থাকে । এবাৰ মই সেইফালেদি আহোঁতে হঠাত্ দেখিলো আন্ধাৰত এজন মানুহে গায়ে মূৰে কাপোৰ লৈ বহি আছে । ওচৰে পাজৰে কোনো নাছিল । হঠাত্ মনলৈ আহিল আন্ধাৰত সেইটো ভূত নে মানুহ । মানুহেই যদি তাত এই আন্ধাৰত কৰিছে কি ? ভূতেই নেকি বাৰু ? কথাটো মনলৈ অহাৰ লগে লগে লাহেকৈ যেন কঁপি উঠিব খুজিলে মন । কিন্তু মোৰ ভিতৰত এটা জবৰদস্ত সাহসী মন এটাও থাকে । মোৰ দুৰ্বল মনটোক সাহসী মনটোৱে দবিয়াই উঠিল - ''এয়া ভূত কেনেকৈ হ'ব ! মিছাই ভয় খাৱ ! বল আগবাঢ় ।'' তাত কিছু সময় ৰৈ নিৰক্ষীণ কৰিবলৈ চেষ্টা কৰিলো, আচলতে বস্তুটোনো কি ! নাই একো ঠাৱৰ কৰিব নোৱাৰিলো । পিছদিনা সেই বাটেৰেই কাৰ্য্যালয়লৈ বুলি আহিলো । আগদিনাৰ কথা মনত পৰাত কৌতুহলী হৈ উঠিল মন । ঠাইখিনিত অলপ ৰৈ চাবলৈ চেষ্টা কৰিলো কালি দেথা ঠাইখিনিত প্ৰকৃততে কি আছে । ভালকৈ নিৰিক্ষণ কৰি যি দেখিলো, মোৰ মুখত হাঁহি বিৰিঙাবলৈ যথেষ্ট আছিল । মই দেখিলো, এটা গছৰ মূঢ়া প্ৰায় ২ ফুট ওখ হ'ব । তাৰ কাষতে এজোপা সৰু কলগছ, মানে মূঢ়াটোতকৈ এফূট মান ওখ, তাৰ পাত এটা আহি মূঢ়াটোৰ মূৰত চুইছেগৈ । ৰাতিৰ আন্ধাৰত তাৰ ছাঁ এনেভাবে পৰে যে দেখিলে ভাব হয় কোনোবাই মূৰ ঢাকিহে বহিছে । ৰাতি উভতি আহোঁতে আকৌ পৰীক্ষা কৰি চালো মোৰ অনুমান সঁচা হয়নে নহয় । মোৰ অনুমানেই সঁচা ।
ভূত নাই বুলি মই ডাঠি ক'ব নোৱাৰো । আগতেও কৈছোঁ, মোৰ হাতত এনে কোনো প্ৰামাণিক তথ্য নাই যে মই ডাঠি ক'ব পাৰো ভূত আছে নে নাই । ঈশ্বৰকো আমি নেদেথোঁ । তথাপি বিশ্বাস কৰোঁ, এই সুবিশাল বিশ্ব ব্ৰহ্মাণ্ড যি সুনিৰ্দিষ্ট নীতি নিয়মত চলিছে সেয়া একান্ত ভাব ঈশ্বৰৰ ইচ্ছাতে সম্ভৱ হৈছে । এই কথা সফল বিজ্ঞানী তথা মিছাইল মেন এ.পি.আব্দুল কালাম আজাদেও বিশ্বাস কৰে অন্তৰৰ সৰলতাৰে ।
মানুহ আওমৰণে মৰিলে হেনো ভূত হয়, লোকবিশ্বাস । সেই ভুতেই হেনো সময় সুবিধা পালে মানুহৰ অনিষ্ট কৰে, প্ৰতিশোধ লয় । কথাটোত কিবা সত্যতা আছে বুলি মই নাভাবোঁ । কাৰণ দিনৌ আমাৰ এই অসম মুলুকত কিমান মানুহক হত্যা কৰা হয়, কিমান মানুহ কিমান দুৰ্ঘটনাত পতিত হয়, ক'তা কেতিয়াওতো শুনা নাই হত্যাকৰীজনক কোনো মৃত আত্মাই আহি প্ৰতিশোধ লৈছে ! ধেমাজী কাণ্ড,গনেশগুৰিত কাণ্ডৰ পাছত অশৰীৰী আত্মাই হেনো ইনাই বিনাই কন্দা তাৰে বহু লোকে শুনিছিল । হ'ব পাৰে ! কিন্তু কোনোৱে জানো আজিলৈকে শুনিলে, যি সকল দুষ্কৃতিকাৰীয়ে তাত বোমা বিস্ফোৰণ ঘটাইছিল ভূতে তেওঁলোকক মাৰি প্ৰতিশোধ লৈছে ! তেনেকুৱা হ'লে হয়তু ভালেই হ'লহেঁতেন অন্তত নিৰপৰাধীক বিনাকাৰণত হত্যা কৰা কিজানি বন্ধ হ'লহেঁতেন ।
২৯.০৩.১২
(স্পন্দনত প্ৰকাশিত)

তাই যে সীতা...(কবিতা)

(কবিতা)
তাই যে সীতা...

নিজৰ ইচ্ছাবোৰক
চিতাত তুলি দি
তাই ভাবিলে
ইচ্ছাবোৰৰ লগতে
মৃত্যু হ’ল তাইৰ ।
তাই যে সীতা !
তাইৰ মৃত্যু কেনেকৈ হ’ব ?
ණসাৰদা শ্ৰেষ্ঠ

ওকে একটা লেংগুৰ দিলো না ভগবান

(কৌতুক)
টিংকু স্কুলত যোৱা দুবছৰমান হৈছে, কে, জি ২ ত পঢ়ে । মহা অঘাইটং । অঘাইটং মানে সাংঘাটিক অঘাইটং । তাৰ ককায়েক আৰু বায়েকো সেইখন স্কুলতে পঢ়ে, তাতকৈ ক্ৰমে  ৬ - ৩ বছৰে ডাঙৰ । কিন্তু সিহঁতক টিংকুৰ ককায়েক আৰু বায়েক বুলিহে সকলোৱে চিনি পায় । এবাৰ তাক তাৰ শ্ৰেণীৰ পাঠ দান ৰত এগৰাকী শিক্ষয়ত্ৰীয়ে তাক ইংলিচৰ Rhyme মাতিবলৈ দিলে । সি থিয় হ'ল ঠিকেই কিন্তু কৰিব কি তাৰ Rhyme যে মনত নাই ! তথাপি কিবা এটা গাব দিছে, গাবতো  লাগিবই... সিও কম শিয়ান নহয় । পটা পট গাই গ'ল - ''ছোড় ছাড় কে অপনী....ছলিম কে গলি....ডিল্কো চলি অনাৰকলি ।'' মেডামে প্ৰথমে তাক দবিয়ালে,কিন্তু পাছত হাঁহি সামৰিব নোৱাৰিলে । মেডাম গৰাকী বেংগলী সম্প্ৰদায়ৰ আছিল, ছুটিৰ পাছত মাকক লগ পাই মেডামে ক'লে - ''উস্...রাম উকে একটা লেংগুর দিল না ভগবান...." ।