Saturday 27 May 2017

মালৈ

মা 

আজি মই তোমাৰ স্মৃতিৰ 
বৰপেড়া খুলিম 
তোমাৰ সুবাসত
আকণ্ঠ ডুবিম । 

মা

আজি মই
তুমিময় হ'ম ।

এদিন তোমাৰ ছাঁ হৈ আহিছিলো

এই মায়াময় শ্যামলী ধৰণীলৈ
তোমাৰ বুকুৰ অমৃতেৰে 
জীপাল হৈ উঠিছিল মোৰ সত্তা ।

তোমাৰ আঁচলৰ উমেৰে

সমৃদ্ধ হ'ল মোৰ মনৰ জগত ।
জীৱনৰ ৰ'দ বৰষুণ, বতাহ ধুমুহাই
বিধ্বস্ত কৰিব নোৱাৰাকৈ 
তোমাৰ আলফুলীয়া ডেউকাৰে আৱৰি ৰাখি
শিকালা জীৱন জিনাৰ মন্ত্ৰ ।
তোমাৰ মৰমৰ নৈত সাঁতুৰি নাদুৰি 
শৈশৱ, কৈশোৰৰ চোতাল  গৰকি
জীৱনত লাভ কৰিলো পূৰ্ণতা ।

মা

মোক জীৱন দিয়াৰ প্ৰতিদানত 
তোমাক কিয়েই বা দিলো মই ?
মা
আজীৱন ধৰুৱা মই তোমাৰ ।

(মাৰ পূণ্য তিথিত শ্ৰদ্ধাৰে )


⏩সাৰদা শ্ৰেষ্ঠ ।

Monday 11 May 2015

হাজাৰ টকাৰ এটা সৰু কাহিনী

  হাজাৰ টকাৰ এটা সৰু কাহিনী

"এই হিতেশ...হাজাৰ টকাটোৰে কি কৰিলি ?" ৰাজীৱৰ প্ৰশ্নত হিতেশ আচৰিত হ’ল, ক’লে – "হাজাৰ টকাৰে কি কৰিলি মানে ?" "পাহৰিলি ? তই যে মোৰ পৰা হাজাৰ টকা এটা লৈ গৈছিলি" – ৰাজীৱে হিতেশক হাজাৰ টকীয়াৰ কথা সুঁৱৰাই দিবলৈ যত্ন কৰিলে । "ঐ... ঐ......কথা নকবি ! মই তোৰ পৰা লৈ যোৱা নাছিলো, তোৰ পৰা সাতশ টকা দি কিনি লৈছিলো, তোৰ নকলি হাজাৰ টকাটো । হুহ্.......তোৰ টকা ! কথা চেলাবলৈ আহিছ...."- হিতেশৰ মুৰটো গৰম হৈ আহিল । হিতেশৰ কিছুদিনৰ আগৰ কথা মনত পৰিল । কাৰ্য্যালয়ত চাহখোৱা মেলত ৰাজীৱে কৈছিল তাৰ হাজাৰ টকাৰ কাহিনী । সি দেৱালীৰ কিছুদিন আগতে আটাচবাজী-আলোকসজ্জাৰ খৰচৰ বাবে এ.টি.মৰ পৰা টকা অলপ উলিয়াইছিল । তাতেই টকাবোৰৰ মাজত হাজাৰ টকীয়া এটা নকল আহিল । টকাটো সি তাৰ লগৰ কেইটাক দেখুৱাইছিল । সকলোৰে মাজত কিছুসময় সৰস আলোচনা চলিল নকল টকাক লৈ । হিতেশে তাক টকাতো খুজিছিল যদিও ৰাজীৱে তাক টকাটো দিবলৈ অস্বীকাৰ কৰিছিল । অৱশেষত হিতেশে সাতশ টকা দি তাৰ পৰা নকল হাজাৰ টকাটো কিনি লৈছিল । নকল টকা ক'ত কেনেকৈ চলাব লাগে সি জানে ! ৰাজীৱে তাৰ মৌনতা ভাঙি পুণৰ সুধিলে – "তই একো নামাতিলি যে ! ক না কাৰ মূৰত কঁঠাল ভাঙিলি" -  ৰাজীৱ প্ৰায় অধৈৰ্য্য হৈ পৰিল তাৰ পৰা হাজাৰ টকীয়াৰ ৰসাল কাহিনী শুনিবলৈ । হিতেশে তাৰ মৌনতা ভাঙি ক’লে – "ইন্টেৰেচটিং বুজিছ । দেৱালীৰ দিনা মই ঝাণ্ডি মুণ্ডিত সোমালো নকলি হাজাৰ টকাটো লৈ...ভাগ্যক ধিয়াই....... ।"  তাৰ কথা শেষ নৌহওঁতেই ৰাজীৱে টপৰাই মাত দিলে – "তই হাৰিলি নে জিকিলি ?" "আৰে বাবা......কৈ আছোঁ, কৈ আছোঁ, ....কৈ আছোঁ । প্ৰথমদিনা জিকিলো তিনি হাজাৰ ছয়শ টকা । বিৰাট স্ফুৰ্তি লাগিল । পিছদিনা নেখেলোঁ বুলিয়েই ঠিক কৰি লৈছিলো । পিছে মনটোৱে নামানিলে । কিজানি আৰু জিকোৱেই ! সেই বুলি সিদিনাও গলো বেলেগ এঠাইত খেলিবলৈ ....ভেৰী বেড লাক ভাই । মই সিদিনা নোযোৱা হ’লেই ভাল আছিল । সিদিনা গাধ হাৰা দিলো ।জিকাখিনিটো হাৰিলোৱেই মোৰ নিজৰ পৰা আৰু পাঁচশমান টকা হাৰিলো" – দুখমনেৰে হিতেশে তাৰ হাজাৰ টকীয়া কাহিনী শেষ কৰিলে । তাৰ কথা শুনি ৰাজীৱৰো বেয়া লাগিল । ধেত্, হিতেশে পিছদিনা খেলিবলৈ নোযোৱা হ’লেই ভাল আছিল ! সি নিজেই অতিৰিক্ত পাঁচশ টকা হেৰুৱালে । সি উষ্মা মিহলি কণ্ঠেৰে ক’লে – "তইতো নিজে হাৰিলিয়েই...লগতে মোৰ টকা তিনিশও পানীত পেলালি ! কি দৰ্কাৰ আছিল আকৌ পিছদিনাও জুৱা খেলিবলৈ যাবলৈ । কাম বিচাৰি পোৱা নাছিলি হা ?" তাৰ কথা শুনি হিতেশ দস্তুৰমত আচৰিত হ’ল । "এই....এই...তই কি কলি ? তোৰ তিনিশ টকা মই পানীত পেলালো ! কি আবোল তাবোল বকিবলৈ লৈছ ? তোৰ মূৰটো ঠিকেই আছে নে ? মোৰ মূৰটো নাখাবি আৰু.......বুজিলি ?" –হিতেশৰ মূৰটো আকৌ গৰম হৈ আহিল । তাৰ খং দেখি ৰাজীৱে লাহেকৈ হাঁহিলে আৰু তাক বুজালে – "চা ভাই খং নকৰিবি । মই আচলতে তোক বুজাব খুজিছিলো যে...তই পিছদিনা খেলিবলৈ নগলে তই তিনি হাজাৰ ছয়শ টকা লাভত থাকিলি হেঁতেন । হয়নে নহয় ?" হিতেশে তাৰ কথা শুনি লাহেকৈ মূৰ দুপিয়ালে আৰু ক'লে – "ঠিক, কিন্তু তোৰ তিনিশ টকা মই কেনেকৈ পানীত পেলালো !! যা তা কথাবোৰ কিয় বকি থাক ?" দুষ্টামি ভৰা একোমোৰা হাঁহি লৈ সি ক'লে – "আৰে ....ভাই, তই কথাবোৰ একদম বুজি নাপাব ! তই ইমান টকা লাভত থকা হ'লে মোক তোৰ বন্ধু বুলি ভাবি মোৰ বাকী তিনিশ টকাও মোক নিদিলি হেঁতেন জানো ! মানে মোৰ নকলি হাজাৰ টকাৰ বিনিময়ত মই সাতশ টকাহে পাইছিলো, বাকী তিনিশ টকাও পালোহেঁতেন দেছোন তই ইমান টকা জিকা হ'লে ! ৰাজীৱৰ কথা শুনি হাঁহিবই নে কান্দিব হিতেশে ভাবি নাপালে, ক'লে – "ৱাহ ৰে দোস্ত ! মই পাঁচশ টকা হাৰিলো তাত একো নাই .....তাৰ নকলি তিনিশ টকা মইহে পানীত পেলালো ! তোৰ তিনিশটকাৰ কাৰণে ঘড়িয়ালৰ চকুপানী টুকিছ ? ৱাহ ৰে দুনীয়া ! দোস্ত হো তো এইচা !!"


Tuesday 17 February 2015

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" - এটি আলোচনা

(এজন কনিষ্ঠ বন্ধু সমীৰণ বৰগোঁহায়ে ( Samiron Borgohain ) মোৰ বাৰ্তাবাকচত মোলৈ কেইটামান ফেচবুক সম্পৰ্কীয় প্ৰশ্ন কৰিছিল । প্ৰশ্ন উত্তৰৰ প্ৰয়োজনীয়তা অনুভব কৰি ইয়াত আপোনালোকলৈকো আগবঢ়ালো । ফেচবুকৰ নেতিবাচক দিশ কিছুমান থকাৰ দৰে ইতিবাচক দিশ কিছুমানো আছে । )

"ফেচবুক আৰু অসমৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" সম্পৰ্কে এটা সৰু অধ্যয়ন চলাইছো ৷
অনুগ্ৰহ কৰি তলৰ প্ৰশ্ন কেইটিৰ উত্তৰ প্ৰদান কৰি অধ্যয়নটি সফল কৰাত সহায় কৰে যেন ৷

১. আপুনি ফেচবুক কিয় ব্যবহাৰ কৰে ?
২. ফেচবুকে অসমৰ সামাজিক প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনে ? ফেচবুকৰ জৰিয়তে সমাজসেৱা সম্ভৱনে ?
৩. অসমৰ যুৱ প্ৰজন্মৰ সাহিত্য চৰ্চাত ফেচবুকে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছেনেকি ? যদি হৈছে কেনেদৰে ? অনুগ্ৰহ কৰি আপোনাৰ মতামত প্ৰদান কৰে যেন ৷
৪. ফেচবুকে অসমত যুৱ উশৃংখলতা সৃষ্টিত উদগনি যোগাইছে নেকি ?

৫. ফেচবুকে অসমৰ যুৱ প্ৰজন্মৰ ওপৰত সামগ্ৰিকভাৱে কেনেধৰণৰ (নেতিবাচক/ইতিবাচক) প্ৰভাৱ পেলাইছে বুলি আপুনি অনুভৱ কৰে ?

এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈ অধ্যয়ন কৰিছা । মই মোৰ অনুভবেৰে যি পাৰোঁ উত্তৰ দিবলৈ যত্ন কৰিম ।

ক্ৰম অনুযায়ী উত্তৰবোৰ দিলো -

১. ফেচবুকলৈ কিয় আহো ? এইলৈ মই এবছৰ আগতে এটা প্ৰবন্ধ লিখিছিলো । তথাপি আজি আকৌ চমুকৈ কওঁ । ফেচবুকলৈ আহি মই সতেজ অনুভব কৰোঁ । বিভিন্ন মনৰ বিভিন্ন স্বভাৱৰ মানুহক লগ পাওঁ । তেওঁলোকৰ জৰিয়তে মই নিজকো বিশ্লেষণ কৰাৰ সুবিধা পাওঁ । একেবাৰে সঁচা কথা হ’ল মই ফে’চবুকত মই এক সুখ বিচাৰি আহোঁ। এটা ভাল কবিতা, এটা ভাল লগা গল্প, এটা সুন্দৰ লেখা পঢ়িবলৈ, এটা মন প্ৰাণ জুৰ পেলাব পৰা ছবি চাবলৈ পালে মই বিচৰি পাওঁ মই বিচৰা সুখ। মোৰ অনুভব শব্দৰ ৰূপেৰে আনৰ আগত ব্যক্ত কৰিব পাৰিলে আৰু তাৰ প্ৰতি উচিত সঁহাৰি পালে মই বিচাৰি পাওঁ মই বিচাৰি অহা সুখ। মোৰ দৰে সকলোৱেই কিজানি সুখ বিচাৰিয়েই আহে ফে’চবুকলৈ। সেই সুখৰ সংজ্ঞাও কিজানি সকলোৰে বাবে একে নহয়। হয়তু একে হ’বও নোৱাৰে ।

২. দ্বিতীয় প্ৰশ্নৰ উত্তৰ হিচাপে কওঁ একে আষাৰে -ফেচবুকৰ জৰিয়তে সমাজ সেৱা কৰিব পাৰি । মই ফেচবুকৰ সহায় নামৰ গোট এটাৰ সৈতে জড়িত । এই গোটটোৱে প্ৰতি বছৰে মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে অলপ হলেও সকাহ দিবলৈ যত্ন কৰি আহিছে । ইয়াৰ বাবে প্ৰয়োজন হোৱা পুঁজিলৈ ফেচবুকৰে সদস্যসকলেই তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াই আহিছে । তদুপৰি ফেচবুকৰ পৰাই কেইজনমান হৃদয়বান লোকে সহায়ৰ সহযোগতেই অলপতে উৰিয়াম ঘাটত হোৱা সংঘৰ্ষত দিকহাৰা হোৱা লোকসকলৰ সহায়ৰ অৰ্থে দেহেকেহে খাটিছিল । ফোন-যোগে, ফেচবুকৰ জৰিয়তে হোৱা বাৰ্তালাপৰ জৰিয়তে এই কাম তীব্ৰ গতিত সকলোৰে সহযোগত কৰিব পৰা গৈছিল ।

আন এটা গোটো আছে যিয়ে আমাৰ সাহিত্যৰ উন্নতিৰ হকে কাম কৰি আহিছে । সেইটো হৈছে ৱিকিপিডিয়াৰ আৰু ইয়াৰ অন্তৰ্গত ৱিকিচ'ৰ্চ বা ৱিকিউৎস । ৱিকিপিডিয়া গোটৰ জৰিয়তে বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে । তেনেকৈ ৱিকিচ’ৰ্চ বা ৱিকিউৎসই অসমীয়া সাহিত্যক ইউনিকোডৰ জৰিয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় । নিস্বাৰ্থভাৱে কেইবাজনো সাহিত্যসেৱীয়ে এইক্ষেত্ৰত তেওঁলোকৰ সহযোগীতা আগবঢ়াই আহিছে ।

৩. আজিৰ যুগত সাহিত্য চৰ্চাত ফেচবুকৰ প্ৰভাৱক কেতিয়াও অৱহেলা কৰিব নোৱাৰি । সাহিত্য চৰ্চাৰ উদ্দেশ্যে ইয়াত বহুতো গোটৰ জন্ম হৈছে । বহুকেইটা গোটে নিজাকৈ প্ৰায় প্ৰতিমাহে একোটাকৈ সুস্থ আলোচনীৰ জন্ম দি আহিছে । নিজৰ ঘৰুৱা কৰ্তব্য, নিজৰ ব্যৱসায়, চাকৰি এইবোৰ হাজাৰটা কামৰ মাজতো ক্ষন্তেক সময় উলিয়াই আলোচনী এখন উলিয়াবলৈ কিমান কষ্ট স্বীকাৰ কৰিব লগীয়া হয় …তাক বুজাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । এইবোৰ কাম হেলাৰঙে, হাজাৰটা বাধাকো নেওচি আমাৰেই কেইজনমান সাহিত্য প্ৰেমী ফেচবুকীয়ান সকলে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে চলাই গৈছে । এই আলোচনীৰ লেখাবোৰৰ কোনোবাটো লেখাৰ মানদণ্ড হয়তো ছপা মাধ্যমৰ আলোচনীৰ সৈতে ফেৰ মাৰিব পৰা নহয় । তথাপি এইবোৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত এক কৰ্মশালাৰ দৰে কাম কৰিবলৈ সক্ষম হৈছে । বহুতে ইয়াত সাহিত্য চৰ্চা আৰম্ভ কৰি সাহিত্যৰ জগতত নিজৰ বলিষ্ঠ পদক্ষেপ আগবঢ়াবলৈ সক্ষম হৈছে ।
স্পন্দন শব্দৰ পৰা হৃদয়লৈ, আখৰুৱা, অসমীয়া কথা বতৰা, চিঠি গোট এইবোৰ সাহিত্য চৰ্চাৰ এক কঠিয়াতলী বুলিব পাৰি । তদুপৰি ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্চ বা ৱিকিউৎসৰ কথা ২ নং প্ৰশ্নৰ উত্তৰত উল্লেখ কৰিছোঁ ।

৪. এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ লৈ মোৰ মনে হাহাকাৰ কৰি উঠিছে । ভাল বেয়া সকলোতে আছে । গতিকে ফেচবুকৰো এইটো এটা বেয়া দিশ । ইয়াত ভাল কাম যেনেকৈ হয়, তেনেকৈ বেয়া কামো হয় । সমাজ এখনত যেনেকৈ ভাল বেয়া মানুহ আছে, তেনেকৈ ফেচবুক সমাজখনতো এই দুই শ্ৰেণীৰ মানুহ আছে । সকলোৱে ভাল উদ্দেশ্য লৈ ফেচবুকলৈ নাহে, সমস্যা তাতেই । ইয়াত বিভিন্ন মনৰ বিভিন্ন ৰুচিৰ মানুহ আহে । স্বভাৱ তথা বয়সৰ ফালৰ পৰা অপৰিপক্ক মানুহৰ পৰা পৰিপক্ক মানুহলৈ সকলো শ্ৰেণীৰ মানুহ যেতিয়াই মন যায় তেতিয়াই ফেচবুকলৈ আহি তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰত বিচৰণ কৰিবলৈ লয় । কেতিয়াবা সৰু সাধাৰণ ঘটনা এটাকো অযুক্তিকৰ যুক্তিৰে ভ্ৰমিত কৰিবলৈ চেষ্টা কৰা দেখোঁ । যিবোৰে ফেচবুক সমাজকে নহয় আমাৰ বাস্তৱৰ সমাজকো ভ্ৰমিত কৰাৰ সম্ভাৱনা দেখা পাওঁ । ফেচবুক প্ৰেম এটা এতিয়া এক বিতৰ্কিত বিষয় হৈ পৰিছে । খৱৰ কাগজত প্ৰায়েই এনে ব্যাভিচাৰী প্ৰেমৰ খৱৰ সকলোৱে পাই আহিছে । অচিন কাঠৰ থোৰা লগাবলৈ গৈ বহুতে বিপদত পৰা দেখা গৈছে । ইয়াৰ বাবে ফেচবুকক নিশ্চয় জগৰীয়া কৰিব নোৱাৰি । সেয়া নিৰ্ভৰ কৰে মানুহৰ নিজৰ মানসিকতাৰ ওপৰত । আমি নিজে সচেতন নহলে যিকোনো পৰিস্থিতিতেই জীয়াতু ভুগিব লগীয়া হয় ।

৫. মোৰ ওপৰৰ উত্তৰ কেইটাতেই ইয়াৰ উত্তৰো বিচাৰি পাব নিশ্চয় । ফেচবুকক আমি ইতিবাচক হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ইতিবাচক ফলাফলেই পাম তেনেকৈ নেতিবাচক উদ্দেশ্যেৰে ইয়াক ব্যৱহাৰ কৰিলে নেতিবাচকেই ফল পাম ..এয়া পৰিষ্কাৰ কথা । সদৌ শেষত মই মোৰ এজন ভাতৃপ্ৰতিমবন্ধু কবি লক্ষণ কুমাৰৰ মন্তব্য ইয়াত মই উল্লেখ কৰিব বিচাৰিম, কবি লক্ষণ কুমাৰে কৈছে - “ফে’চবুকক মই এখন মন্দিৰ বুলিয়েই ভাবো। এই মন্দিৰলৈ প্ৰতিদিনে অগণন ভক্ত আহে নিজৰ সুখ-দুখৰ কথা ক’বলৈ,আনৰ সুখ-দুখৰ সমভাগী হ’বলৈ। ময়ো আহোঁ ইয়ালৈ, আন একো কৰিব নোৱাৰিলেও টিলিঙাকে বজাই দিওঁ….অন্তৰৰ মলিনতা দূৰ হৈ যায় ।” লক্ষ্মণ কুমাৰৰ দৰেই আমি সকলোৱে মন্দিৰৰ দৰে পবিত্ৰস্থান বুলি ভাবিব নোৱাৰোঁনে ?

পৰম্পৰা

পৰম্পৰা

যেতিয়াই তেতিয়াই
উফৰি আহে
আটাইতকৈ জটিল প্ৰশ্ন
কি খৱৰ ?

ভালেই…
উত্তৰটো বৰ সহজ
এটি শব্দৰে সৈতে
মিচিকি হাঁহি এটা সৰি পৰে

অভিনয় নহয়
নিতৌ ভালে থকাৰ আখৰা কৰা
এয়া এটা প্ৰাচীন পৰম্পৰা

হাঁহিৰ চৌপাশে নিগৰি থকা
বিষাদবোৰে লুকাভাকু খেলে
হৃদয়ৰ ইপাৰে সিপাৰে
কোনেও নেদেখে ।

ණসাৰদা শ্ৰেষ্ঠ
২২/১১/১৪

বেবেৰিবাং (৩)

বেবেৰিবাং (৩)

এটা সপোনৰ সন্ধানত

ৰাতিপুৱা তন্দ্ৰাগ্ৰস্থ অৱস্থাতেই ভাবিলো, দেউতা গ’ল কলৈ, কিয় আজি এতিয়ালৈকে ঘূৰি অহা নাই ? সময়মতে সদায় ঘৰলৈ অহা দেউতাই আজিলৈকে কেতিয়াও এনেকুৱাতো কৰা নাই ? আমি দেউতাৰ কিনো জগৰ লগালো ? যিমানেই প্ৰ্শ্নবোৰে মূৰটোত খুন্দিয়াই থাকিল, সিমানে বুকুখনৰ ধৰফৰনি বাঢ়িল, লগে লগে অনুভব কৰিলো, মূৰটো যেন ক্ৰ্মে গধূৰ হৈ পৰিছে । আগে পিছে দেউতা ইমান দিন এনেকৈ ঘৰলৈ নহাকৈ কেতিয়াও থকা নাই । বৰং আমি কেতিয়াবা ঘৰ এৰি ক’ৰবাত থাকিলেও দেউতাই কাহানিও ঘৰ এৰি বা আমাক এৰি থকা নাই । আমাৰ বাবে কিমান যে পৰিশ্ৰম নকৰে তেখেতে !! কেতিয়াও কোনো ওজৰ আপত্তি নাই...নাই কোনো দুখ ভাগৰ, নীৰৱে সকলো কষ্ট মূৰ পাতি লোৱা মোৰ দেউতা তেনেই সৰল প্ৰকৃতিৰ । দেউতাৰ সৰলতাৰ কোনো দিনেই আমি সুযোগ লোৱা নাই, তেওঁৰ কষ্ট আমি ভালকৈয়ে অনুভব কৰোঁ । আমি কোনেওটো কেতিয়াও দেউতাই আঘাত পোৱা কাম কৰা নাই । তেনেহ’লে দেউতাৰ এই অভিমান কিয় ? কাৰ প্ৰতি এই অভিমান ? নাই,,,দেউতা নিশ্চয় আহিব । দেউতাই আমাক এনেকৈ এৰি থাকিব নোৱাৰে । আজি ইমান দিনে ক’ত কি কৰি আছেনো দেউতাই ? নাই ...এনেকৈ আহিব আহিব বুলি আৰু বাট চাই থাকিলে নহ’ব ... থানাত এজাহাৰ দিবই লাগিব । দুচকুত তেতিয়াও মোৰ টোপনি টোপনি ভাব...চকু দুটা মেল খাবই খোজা নাই...ইফালে মনত তীব্ৰ আলোড়ন । দেউতা কিয় নাহিল ? দেউতাই এনেকুৱা কিয় কৰিলে ? নিৰুদ্দিষ্ট দেউতাৰ কথাই ভাবি তন্দ্ৰাগ্ৰস্থ অৱস্থাতো মনটো বহুত সময় অভাবনীয় ভাবে ধৰফৰাই থাকিল । এটা সময়ত তন্দ্ৰা ভাগিল । জঠৰ হোৱা হাত ভৰি ভালকৈ পোন কৰি ল’লো । আকৌ ভাবিলো, দেউতাই এনেকুৱা কিয় কৰিলে ? তেতিয়াও মনটোৰ বিষ কমা নাই । কোনে কি কৰিলে দেউতাৰ ?? মনত অপাৰ প্ৰশ্ন...দুখ ব্যথা, বিস্ময় সকলোবোৰে একেলগে জুমুৰি দি ধৰিছে । হঠাৎ মনত পৰিল, হাৰে...মই কি ভাবি আছোঁ ? কিয় এনেকৈ ভাবি আছোঁ ? ধেইইত...দেউতা আহিবনো কেনেকৈ ? দেউতা ঢুকুৱাই দেখোন বহু বছৰ হ’ল ! মইনো কেলেই এনেকুৱা অদ্ভুত কথা ভাবি আছোঁ ? মোৰ মূৰৰ বিকৃতি ঘটিল নেকি ?এনেকুৱা ভাব মোৰ মনলৈ আহিলেই বা কিয় ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকোতেই মনত পৰিল...মই অলপ আগতে সপোন দেখি আছিলো...হয়, ঠিকেই মই সপোনেই দেখিছিলো । দেউতা কিবা কাৰণত ঘৰৰ পৰা ওলাই গৈছে, ওলাই যোৱাৰ কাৰণ স্পষ্ট নহয়...সপোনতেই আমি দিনৰ পাছত দিন দেউতা আহিব আহিব বুলি ৰৈ আছোঁ...। সপোন দেখি থকা সময়খিনিত এটা আশা আছিল, দেউতা আহিব...যেনেকৈ হ’লেও দেউতাক বিচাৰি আনিবই লাগিব ।এনেকৈ দেউতাক হেৰুৱাই থাকিব নোৱাৰি । পিছে, সাৰ পাই বাস্ত্ৱ জগতলৈ ঘূৰি আহি মনটো এক অদ্ভুত ধৰণে কেৰমেৰাই উঠিল । দেউতা সঁচাকৈয়ে নাই ! বাস্তৱলৈ ঘূৰি নহা হ’লেই ভাল আছিল । অন্তত এটা আশাতো আছিল, দেউতাক যেনেকৈ হ’লেও বিচাৰি আনিম, দেউতা আহিব । মোৰ মৰমৰ দেউতাক আকৌ ঘূৰাই পাম !! দেউতা ঘৰলৈ নহাৰ বেদনাত মনটো ধৰফৰাই থাকিলেও, মনৰ এটা চুকত আশা এটাও তিৰবিৰাই জ্বলি আছিল ...দেউতাক ঘূৰাই পাম । সাৰ পাই প্ৰকৃত সত্য উদ্ঘাটন হোৱাত মনটো আৰু অধিক গধূৰ হৈ পৰিল । গধূৰ মন এটা লৈ বিচনাৰ পৰা নামি আহিলো । ৰাতিপুৱাৰ কামবোৰত ধৰিলোগৈ । ৰুটিন মতে এটাৰ পাছত এটা কাম কৰি গৈছোঁ যদিও, সপোনটোৱে মোক পাছে পাছে খেদি ফুৰিবলৈ এৰা নাই । সপোনটোৱে যেতিয়াই জোকাই, তেতিয়াই মনে হাহাকাৰ কৰি কৈ উঠে – “দেউতাক বিচাৰি পোৱাৰ সপোন এটা মই আকৌ দেখিবলৈ পোৱা হ’লে” !!
বাস্তৱ জগতলৈ ঘূৰি আহি মোৰ কামবনত লাগিলো । সপোনটোৰ কথা বৌক কলো । বৌৱে সপোন বিশেজ্ঞাৰ দৰে উত্তৰ দিলে – “সপোনত মৃত মানুহ ঘৰলৈ ঘূৰি নহা দেখাতো ভাল । ইয়াৰ অৰ্থ হৈছে মৃতকৰ আত্মাই মুক্তি পাইছে” । মোৰ মনে বৌৰ কথা মানি ল’বলৈ টান পালে । তাৰমানে ইমানদিনে মোৰ দেউতাৰ আত্মাই মুক্তি পোৱা নাছিল ? কিয় ?? তেখেতৰ মৃত্যুৰ পিছত ৰীতিমতে সকলো সংস্কাৰেইতো আমি কৰিছিলো !! মোৰ দেউতাই ইমান দিনে মুক্তি নোপোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে । যি কেতিয়াও আনক কোনো কাৰণতেই কষ্ট দি পোৱা নাই সেইজনে কিহৰ অপৰাধত মুক্তি নোপোৱাকৈ থাকিব ? দেউতাক হেৰুৱাৰ দিনাও কিজানি মই আজিৰ দৰে ইমান ব্যথা অনুভব কৰা নাছিলো । সপোনতে দেউতাৰ অনুসন্ধান কৰাটোতো কিজানি অলপ সুখ আছিল ! সপোনটো আকৌ এবাৰ দেখাবলৈ পোৱা হলে !
দিনটো ব্যস্ততাৰ মাজত সপোনৰ কথা সন্ধিয়ালৈ কিছু পাহৰিছিলো । এজন বন্ধুক লগ পালো, সন্ধিয়া । কথা প্ৰসংগত বন্ধুজনে ক’লে – “আজি হূলস্থুল লাগিছে আমাৰ শ্ৰীমতীৰ মোমায়েকৰ ঘৰত । খুলশালীটোৱে মানে শ্ৰীমতীৰ মোমায়েকৰ ল’ৰাই অলপ আগতে ফোন কৰিছিল “দেউতা যোৱা কালিৰে পৰা এতিয়ালৈকে ঘৰত নাই অহা । সকলোতে খৱৰ কৰিও একো খৱৰ পোৱা নাই” । তেওঁ সাধাৰণতে যলৈ যায় সেইসকলো ঠাইতে ফোনেৰে সোধা পোছা হৈ গৈছে । ক’ত বা গৈছে ! আজি এতিয়া কিজানি থানালৈকেহে যাব লাগিব । কথা শুনি মই অবাক হ’লো, দেউতাক হেৰুৱা মোৰ সপোনটোৰ সৈতে এই ঘটনাৰ কিবা সংযোগ আছে নেকি ? মই বাৰু মোৰ দেউতাক হেৰুৱা সপোন দেখিলোৱেই । এতিয়া আন এজন দেউতা হেৰুৱা খৱৰটোনো মই কেলেই পাব লাগে ? বন্ধুক একো নক’লো, যদিও মনে মনে প্ৰাৰ্থনা কৰিলো, খুলশালীজনে যাতে তেওঁৰ জীৱিত দেউতাক একো হানি বিঘিনি নোহোৱাকৈ বিচাৰি পায় । দিন কালো দিনে দিনে ভয়ঙ্কৰ হৈ উঠিছে । আগলৈ আৰু ভাবিবলৈ মন নগ’ল মোৰ ।
বাস্তৱ আৰু সপোন দুয়োটা যেন দুটা মেৰুত থকা বেলেগ দুটা জগত ।বাস্তৱ যেনেকৈ সপোন হ’ব নোৱাৰে তেনেকৈ সপোনো কেতিয়াও বাস্তৱ হ’ব নোৱাৰে । এইটো সঁচা, বাস্তৱৰ আঙুলিত ধৰি সপোনে কেতিয়াবা বাট বুলে । দিঠকতো কেতিয়াবা আমি সপোন ৰচোঁ । সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰোঁ । সেই সপোনবোৰ সাময়িকভাৱে কিছু সাকাৰ হ’লেও আমাৰ জীৱন সাৰ্থক হোৱা বুলি আমি সন্তুষ্টি লাভ কৰোঁ । ভাল সপোনবোৰ সকলোৱে বাস্তৱ হোৱাটো বিচাৰে আৰু ময়ো ।
ණসাৰদা শ্ৰেষ্ঠ

বেবেৰিবাং (২)

বেবেৰিবাং (২)

বিহুৰ উৰুকা । চুবুৰীৰ কেইগৰাকীমানে লগে ভাগে পিঠাগুৰি খুন্দা, লাৰু-পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত । ব্যস্ততাৰ মাজতে নিজৰ ঘৰুৱা কথা-বতৰা, নিজৰ সাজ-পোছাক, চুবুৰীৰ নানা কাহিনী তথা হাঁহি স্ফুৰ্তিৰে বেছ জমি উঠিছে তেওঁলোকৰ আড্ডা । হঠাতে এজনীয়ে কথা প্ৰসংগত কলে, অহা সপ্তাহত তেওঁলোকৰ আত্মীয় এঘৰত সকাম পাতিছে তালৈ যাব । সেইঘৰ আত্মীয়ৰ ছোৱালীজনী দুবাৰকৈ কোনোমতে বাচিলে । তাই একাদশ শ্ৰেণীত পঢ়ে । বৰ সাহসী ছোৱালী । এবাৰ টিউচনৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে আন্ধাৰ হৈছিল । সেই আন্ধাৰৰ সুযোগ লৈ কেইটামান বদমাচে মুখত গামোচাৰে সোপা দি ধৰি নিবলৈ যত্ন কৰিছিল, তাই সেইবাৰ সেইকেইটাৰ সৈতে যুঁজি গামোচাৰ সোপা আঁতৰাই পলাই আহিল সেইকেইটা বদমাচৰ হাতৰ পৰা । তাই অৱশ্যে সিহঁতক ধৰিব পাৰিছিল । সিহঁতৰ ওচৰ পাজৰৰে ল’ৰা আছিল সেইকেইটা । ঘটনাটোৰ কেইদিনামান পাছত মাক-দেউতাকৰ সৈতে বজাৰলৈ আহোঁতে দুটাক চিনিব পাৰি মানুহবোৰৰ মাজতে দেউতাকক কৈ দিলে, এই দুটাও আছিল সিদিনাৰ ঘটনাটোত । তাই চিনাক্ত কৰাৰ লগে লগে দেউতাকে মানুহবোৰৰ সহযোগত দুটাকে কৰায়ক্ত কৰিলে । ৰাইেজে দুয়োটাকে উত্তম মাধ্যম সোধাই ভৱিষ্যতে তেনে জঘন্য কাম নকৰিবলৈ সকীয়াই এৰি দিলে । আকৌ এবাৰ স্কুলত হোৱা ফাংচনৰ পৰা ঘৰলৈ অহাৰ বাটত কেইটামানে তাইক আগভেটি ধৰিবলৈ যত্ন কৰিছিল । সেইবাৰো তাই সিহঁতৰ হাতৰ পৰা কোনোমতে পলাই আহিল । আটাইকেইজনীয়ে মালতীৰ কথা শুনি আচৰিত হ’ল । ইচ ইচচ...তাইৰ কপাল ভাল, তাই সাহস আছে বাবেই এনেকৈ বাচি আহিল…কি যে দিন কাল আহিল’…প্ৰত্যুত্তৰত কেইটামান বাক্য আড্ডাৰ মাজৰ পৰা এনেকৈয়ে উফৰি আহিল । জোনাকীয়ে ক’লে, “তাকেই…সিদিনা মোৰ সৰুভনীজনীয়ে ফোন কৰি জনালে যে তাই আমাৰ ঘৰলৈ আহিব দুপৰীয়া ভাত খোৱাকৈ । দুপৰীয়া আহিম বোলা ছোৱালীজনী সন্ধিয়ালৈকে নাহিল, মোৰ যে ইমান চিন্তা । উচপিচাই থাকিলো তাই নহালৈকে । মোৰ উচপিচনি দেখি এওঁ আকৌ মোকেই জোকাই…কেলেই ইমান চিন্তা কৰাহে, তাই আজিৰ ছোৱালী । একো নহয়..আহিব দিয়া । ইফালে তাই আৰামত বান্ধৱী এজনীৰ ঘৰত সোমাই তাইৰ তাতেই বহু সময় থাকি সন্ধিয়াৰ পাছতহে আহিল । আহি পোৱাৰ লগে লগে ধমক লগালো, অন্তত ফোন এটাটো কৰিব পাৰ” । তাইৰ সেইবোৰ একো চিন্তা ভাবনাই নাই, কয় – “ইমান চিন্তানো কেলেই কৰিব লাগে । মই কিবা সৰু ছোৱালী নেকি ? মোৰ নোটচ এটা প্ৰিয়াৰ ওচৰত আছিল বাবেই তাইৰ ঘৰত সোমালো, গ’লো যেতিয়া অলপ সময় থাকিব লগা হ’ল । তোক ফোন কৰিছিলো, নেটৱৰ্ক নাছিল কিজানি তোৰ ফোনৰ …ফোন নালাগিল” । আকৌ গীতিকাই ক’লে, “হয় দেই…ছোৱালীবোৰ সময়ত ঘৰ আহি নাপালে চিন্তা লাগেই….দিনবোৰেই এনেকুৱা হ’ল । সিদিনা আমাৰ বাইদেউৰ ঘৰৰ কাষৰে এজনী ১১ বছৰীয়া ছোৱালী এজনীক এঘৰত ফুৰিবলৈ গৈছিল । তাই ফুৰিবলৈ যোৱা ঘৰখনৰ ওচৰতে এটা কাৰখানা । কাৰখানাত কাম কৰা কেইটামান পাষণ্ডই তাইক ধৰি লৈ গৈ মুৰ্মুষ অৱস্থাত পেলাই থৈ গৈছিল । তাইক ততাতৈয়া কৈ হস্পিতালত ভৰ্তি কৰাই নিদিয়া হ’লে তাই বাচি নাথাকিলহেঁতেন” । তাকে শুনি এজনীয়ে ক’লে, “আজিকালি যিহে দিনকাল হ’ল...ছোৱালীবোৰক কাৰাটে, কংফু নাইবা বক্সিংৰ প্ৰশিক্ষণ দিব লাগে । অন্তত নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজে কৰিব পাৰে” । সুমিত্ৰাই তাইৰ দুবছৰীয়া একমাত্ৰ ছোৱালীজনীক কোলাত লৈ কথাৰ মহলা মৰাৰ লগতে তাইক নিচুকাই আছিল । কথাবোৰ শুনি তাই তাইৰ ছোৱালীজনীক তপক তপককৈ দুটামান চুমা খাই ক’বলৈ ধৰিলে – “মোৰ যে এইজনীক লৈ এতিয়াৰ পৰাই চিন্তা । আমাৰ দিনতেই এনেকুৱা নাৰকীয় ঘটনাবোৰ ঘটে । ইহঁতৰ দিনবোৰ বা আৰু কেনেকুৱা হয়গৈ !
ණসাৰদা শ্ৰেষ্ঠ
১৬.০১.১৫

Monday 16 February 2015

বেবৰিবাং (১)


বেবৰিবাং
(১)

তিনিচকীয়া এখনত বহি যাত্ৰা কৰিছোঁ । লক্ষ্যস্থান কি...ভবা নাই । মোৰ সৈতে মোৰ সহযাত্ৰী দুজনো আছে লগত । গৈ থাকোতে হঠাতে মন কৰিলো, চালকৰ আসনখন শূন্য ! অথচ গাড়ী নিজৰ গতিত ঠিকেই গৈ আছে ! আচৰিত হ'লো ঠিকেই, ভয় কিন্তু নাখালো । মনত এবাৰো নেখেলালে, চালক নোহাৱাকৈ কেনেকৈ গাড়ীখন চলি থাকিব পাৰে ! গাড়ীখন কোনো ভূতে চলোৱা নাইতো ! নাই, তেনে কোনো ভাব মোৰ মনলৈ অহাই নাই ! মই হয়তো ভূতৰ অস্তিত্বক স্বীকাৰ নকৰোঁ, সেইবাবেই মোৰ তেনে ভাব মনলৈ নাহিব পাৰে । মাজতে মই ভাবিলো, গাড়ীখন সঠিক বাটেৰে চলিব পৰাকৈ মই গাড়ীৰ ষ্টিয়াৰিংটো ধৰি লওঁ । কেৱল ভাবিয়েই নাথাকিলো, হাত দুখন মোৰ আসনৰ পৰা উঠি ষ্টিয়াৰিং ধৰিবলৈ আগুৱাই দিলো । মই যে গাড়ী চলাব নাজানো ! মোৰ কাষত বহি থকা মোৰ অচিনাকী সহযাত্ৰী দুজনে কেনেকৈ জানিলে মই যে গাড়ী চলাব নাজানো ! মোৰ হাতদুখন ষ্টিয়াৰিংৰ পিনে আগবঢ়া দেখি কৈ উঠিল - "নালাগে, থাকক । গাড়ীখন চলিতো আছে....চলি থাকিব । আপুনি হাত দিব নালাগে !"  :P  ওখোৰা মোখোৰা ৰাস্তাৰে গাড়ীখন ঠিকেই ঢলং পলং কৈ আগবাঢ়ি গৈ আছে । এনেতে টাৰ্নিং পইন্ট এটা আহিল, মই ভাবিলো, গাড়ীখন ঠিকেই ঘূৰিবনে লুটি খাই পৰিব ? চাওঁতে চাওঁতে গাড়ীখনে ঠিকেই বাগৰি নপৰাকৈয়ে টাৰ্নিং সলালে । টাৰ্নিংটো কেনেবাকৈ সহজে পাৰ হৈ উশাহ সলালো ! উহ...ৰক্ষা, গাড়ীখন এতিয়ালৈকে ঠিকেই চলি আছে । গাড়ীখনৰ পৰা নামিব লগা নহ'ল :) সাৰ পালো :P ।

(কি যে বেবেৰিবাং সপোনবোৰ দেখি থাকো :) :) সঁচাই জীৱনটো চাগৈ এনেকুৱাই...এবচাৰ্ড ! )